ETV Bharat / health

শীতকালত অনবৰতে ভৰি ঠাণ্ডা হৈ থাকে নেকি ? এয়া কোনো ৰোগৰ লক্ষণ নেকি ?

যদিও ভৰি ঠাণ্ডা সদায় ডায়েবেটিছৰ লক্ষণ নহয়, তথাপিও যদি বাৰে বাৰে এই সমস্যাই দেখা দিয়ে বা আন শাৰীৰিক পৰিৱৰ্তনৰ লগত থাকে তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ-

Is Persistent Cold Feet in Winter a Sign of Diabetes? Expert Insights on Causes and Warning Symptoms
শীতকালত অনবৰতে ভৰি ঠাণ্ডা হৈ থাকে নেকি ? এয়া কোনো ৰোগৰ লক্ষণ নেকি ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : January 5, 2026 at 5:14 PM IST

3 Min Read
Choose ETV Bharat

বহুতে শীতকালত ভৰি ঠাণ্ডা অনুভৱ কৰে ৷ ডাঠ মোজা পিন্ধিলে বা ভৰি দুখন কম্বলেৰে ঢাকি থোৱাৰ পিছতো ঠাণ্ডা কমি নাযায় ৷ ইয়াক বতৰৰ প্ৰভাৱ বুলি প্ৰায়ে উলাই কৰা হয় যদিও কেতিয়াবা প্ৰশ্ন উত্থাপন হয় যে ই আন কোনো ৰোগৰ লক্ষণ হ’ব পাৰে নেকি ? বিশেষকৈ ডায়েবেটিছক লৈ মানুহ চিন্তিত ৷

যদিও ভৰি ঠাণ্ডা সদায় ডায়েবেটিছৰ লক্ষণ নহয়, তথাপিও যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে, বাৰে বাৰে দেখা দিয়ে বা আন শাৰীৰিক পৰিৱৰ্তনৰ লগত থাকে তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ ৷ এই বিষয়ে অধিক জানো আহক-

শীতকালত ভৰি ঠাণ্ডা হোৱাটো ডায়েবেটিছৰ লক্ষণ নেকি ?

ডায়েবেটোল'জিষ্ট ডাঃ আলোক চোপ্ৰাই কয় যে, ডায়েবেটিছত দীৰ্ঘদিন ধৰি তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে স্নায়ু আৰু ৰক্তবাহী নলীৰ ক্ষতি হ’ব পাৰে ৷ ভৰিৰ জঠৰ হৈ পৰা, টিংটিং, জ্বলা-পোৰা বা ঠাণ্ডা অনুভৱ হোৱাটো ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে ৷ বহুতে গৰম আৰু ঠাণ্ডাৰ মাজত পাৰ্থক্য কৰিবলৈ অসুবিধা পায় ৷ তদুপৰি সঘনাই ভৰিৰ বিষ, ছাল শুকান হোৱা, ঘা লাহে লাহে ভাল হোৱা বা অস্পষ্টভাৱে ভাগৰুৱা হোৱা আদিও ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে ৷

শীতকালত এই লক্ষণবোৰ বেছি বেয়া হ’ব পাৰে, কাৰণ ঠাণ্ডা তেজৰ সোঁত লেহেমীয়া হয় ৷ যদিও কেৱল ঠাণ্ডা ভৰিৰে ডায়েবেটিছ নিশ্চিত নহয়, তথাপিও যদি ইয়াৰ লগত পিয়াহ বৃদ্ধি, সঘনাই প্ৰস্ৰাৱ কৰা, বা হঠাতে ওজন সলনি হোৱাৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ ৷

তেজ চলাচল বেয়া হ’লেও ভৰি ঠাণ্ডা হ’ব পাৰে ?

ভৰি ঠাণ্ডা হোৱাটো কেৱল ডায়েবেটিছৰ লক্ষণ নহয়, তেজৰ চলাচল বেয়া হোৱাৰো লক্ষণ হ’ব পাৰে ৷ ভৰিৰ পৰ্যাপ্ত পৰিমাণৰ তেজৰ যোগান অপৰ্যাপ্ত হ’লে ঠাণ্ডা অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷ দীৰ্ঘদিন বহি থকা, শাৰীৰিক ক্ৰিয়া-কলাপ নকৰা, ধূমপান বা বয়স বৃদ্ধিৰ বাবেও এই সমস্যা হ’ব পাৰে ৷

শীতকালত সিৰাবোৰ সংকুচিত হৈ পৰে, যাৰ ফলত তেজৰ সোঁত আৰু অধিক কমি যায় ৷ ইয়াৰ ফলত ভৰিৰ ছাল ঠাণ্ডা, শেঁতা বা নীলা দেখা যায় ৷ কেতিয়াবা, মৃদু বিষ বা ক্ৰেম্পও অনুভৱ কৰিব পাৰে ৷ যদি ঠাণ্ডাৰ লগত ভৰিৰ গধুৰতা বা খোজ কঢ়াত অসুবিধা হয়, তেন্তে ইয়াক আওকাণ নকৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷

কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

  • ভৰি দুখন সদায় ঢাকি ৰাখিব আৰু গৰম মোজা পিন্ধিব ৷
  • দৈনিক লঘু ব্যায়াম বা খোজ কঢ়া ৷
  • এটা ঠাইত বেছি সময় বহি থকাৰ পৰা বিৰত থাকিব লাগে ৷
  • নিয়মিতভাৱে তেজৰ চুগাৰ পৰীক্ষা কৰাব লাগে ৷
  • ধূমপানৰ পৰা আঁতৰি থাকক ৷
  • ভৰিৰ পৰিষ্কাৰ-পৰিচন্নতাৰ আৰু যত্ন ল’ব লাগে ৷

লগতে পঢ়ক

  1. ভৰি ফুলিছে নেকি ? তেন্তে সাৱধান, হ'ব পাৰে এইকেইটা ৰোগৰ লক্ষণ
  2. প্ৰকৃততে শীতকালত গা ধোৱাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী ?
  3. আমি দিনত শোৱাটো উচিত নে অনুচিত ? ইয়াৰ ফলত কোনো ৰোগ হোৱাৰ আশংকা থাকে নেকি