ETV Bharat / health

কণীৰ পৰাও হ'ব পাৰে টাইফয়েড : জনালে বিশিষ্ট চিকিৎসকে

সংক্ৰামক ৰোগ টাইফয়েড, কেনেকৈ আক্ৰান্ত হয় লোক ? ইয়াৰ প্ৰতিকাৰ কি ?

Infectious disease typhoid, how it is contracted and what the treatment is
টাইফয়েড কেনেকৈ হয়, প্ৰতিকাৰ কি ? জনালে জ্যেষ্ঠ চিকিৎসকে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 7:04 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: খাদ্য-প্ৰণালী, দৈনন্দিন জীৱন-শৈলী আদিৰ ফলত বৃদ্ধি পাইছে ৰোগৰ সংখ্যা । আন আন ৰোগৰ দৰে মানৱ শৰীৰত দেখা দিয়া এক ভয়ংকৰ ৰোগ হ'ল টাইফয়েড । সালমোলেনা বেক্টেৰিয়াই আমাৰ শৰীৰক আক্রান্ত কৰাৰ ফলত আমাৰ দেহত টাইফয়েডে (Typhoid) দেখা দিয়ে । টাইফয়েড এটা সংক্ৰামক বেমাৰ । যি সাধাৰণতে দূষিত পানী আৰু খাদ্যৰ জৰিয়তে সংক্ৰমিত হয় ।

টাইফয়েডৰ লক্ষণসমূহ কি কি ? ইয়াৰ পৰা বাছি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই ।

টাইফয়েড কেনেকৈ হয়, প্ৰতিকাৰ কি ? জনালে ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই (ETV Bharat Assam)

ইয়াৰ লক্ষণসমূহ কি কি:

  1. জ্বৰ হৈছে টাইফয়েডৰ অন্যতম লক্ষণ ৷
  2. শৰীৰত বিষ অনুভৱ হোৱাৰ লগতে গাঁঠিৰ বিষ হ'ব পাৰে ৷
  3. টাইফয়েড হলে পেটৰ বিষ হ'ব পাৰে ৷
  4. কিছুমান লোকৰ ক্ষেত্ৰত টাইফয়েডৰ ফলত পেটত আলচাৰ হোৱাও দেখা যায় ৷
  5. দুৰ্বল বা ভাগৰ অনুভৱ কৰা এই ৰোগৰ আন এটা কাৰণ ৷

ইয়াৰ পৰা বাছি থাকিবলৈ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে:

সাধাৰণ আমি জানো যে পানী আৰু খাদ্যৰ বীজাণুৰ ফলত আমাৰ দেহত এই ৰোগৰ সৃষ্টি হ'ব পাৰে । পানী আৰু খাদ্যৰ বাহিৰেও কণীত এই ৰোগ সৃষ্টিৰ বেক্টেৰিয়া থাকে । সেয়ে কেঁচা কণী কেতিয়াও খাব নালাগে । আনহাতে সদায় পৰিষ্কাৰ হৈ থাকিব লাগে । খাদ্যগ্ৰহণৰ পূৰ্বে সদায় ভালদৰে হাত ধুব লাগে । লগতে বজাৰৰ পৰা যেতিয়া শাক-পাচলি ক্ৰয় কৰি আনে সেয়া ভালদৰে পৰিষ্কাৰ পানীত ধুই ল'ব লাগে । চালাদ আদি খাওঁতে সাৱধান হব লাগে, বিশেষকৈ ৰাজহুৱা ঠাইসমূহত । পানী সদায় ফিল্টাৰ কৰি খাব লাগে ।

টাইফয়েড হ'লে কোনো ভয়ৰ কাৰণ নাথাকে:

টাইফয়েড আক্ৰান্ত হোৱা বুলি গম পালে বহুতে ভয় খোৱা দেখা যায় । এই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে কয়, "টাইফয়েড হ'লে কোনো ভয়ৰ কাৰণ নাই । সাধাৰণ তেজ পৰীক্ষা এটাত এই বীজাণুবিধ ধৰা পৰে । এণ্টিবায়'টিক আৰু চিকিৎসকৰ উচিত পৰামৰ্শৰ দ্বাৰা এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি ।"

এণ্টিবায়'টিক এবাৰ গ্ৰহণ কৰাৰ পাছত টাইফয়েড আকৌ ঘূৰি আহিব পাৰে নেকি ?

যদিহে আপোনাৰ টাইফয়েড হৈছে আৰু আপুনি এণ্টিবায়'টিক গ্ৰহণ কৰিছে, কিন্তু আপুনি সাৱধানতা অৱলম্বন নকৰে তেন্তে আপোনাৰ দেহত আকৌ টাইফয়েডৰ সংক্ৰমণ হ'ব পাৰে । এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, "এণ্টিবায়'টিকে শৰীৰত থকা বীজাণুখিনি শেষ কৰি দিয়ে । পাছত যদি পুনৰ আপোনাৰ শৰীৰত সেই বীজাণু প্ৰৱেশ কৰে তেন্তে পুনৰ সেই ৰোগ হোৱাৰ সম্ভাৱনা থাকে ।"

লগতে পঢ়ক: মূৰৰ ওকণিয়ে প্ৰাণ কাঢ়িলে ১২ বছৰীয়া শিশুৰ : জানি লওক ওকণি কেনেদৰে প্ৰাণনাশক হ'ব পাৰে

কিয় মানৱ শৰীৰত দেখা দিয়ে বৃক্কৰ ৰোগে, প্ৰতিকাৰ কি ?