নিৰামিষভোজীৰ নিশা ১৪ ঘণ্টীয়া উপবাসে শৰ্কৰা নিয়ন্ত্ৰণ কৰেনে ?
অধ্য়য়নৰ সময়ত মহিলাসকলে কেৱল ১৪ ঘণ্টা উপবাসে থকা নাই, খোৱা বস্তুবোৰো সলনি কৰিছিল ।

Published : August 30, 2026 at 6:59 PM IST
নিশা ১৪ ঘণ্টা ধৰি খাদ্য খোৱা বন্ধ কৰিলে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত যথেষ্ট উন্নত কৰিব পাৰি নেকি ? এনে প্ৰশ্নৰ হয়তো সহজে দিয়াতো কঠিন বুলিয়েই ক'ব লাগিব । এই সন্দৰ্ভত টাইপ ২ ডায়েবেটিছত আক্ৰান্ত ভাৰতীয় মহিলাক অন্তৰ্ভুক্ত কৰি চলোৱা এক নতুন যাদৃচ্ছিক নিয়ন্ত্ৰিত পৰীক্ষাত আকৰ্ষণীয় ফলাফল গৱেষকসকলে লাভ কৰিছে ।
এই গৱেষকৰ দলটোৱে এই অধ্যয়নত ২৫ ৰ পৰা ৬০ বছৰ বয়সৰ ৯৬ গৰাকী মহিলাক ২৪ সপ্তাহ ধৰি অনুসৰণ কৰা হৈছিল । এটা গোটে ডায়েবেটিছৰ সাধাৰণ চিকিৎসা অব্যাহত ৰাখে । আনহাতে আনটো গোটে ১৪ ঘণ্টাৰ নিৰ্দিষ্ট সময়ৰ খাদ্যাভ্যাস (উপবাস)ৰ সৈতে এক সুনিৰ্দিষ্ট দুগ্ধ-নিৰামিষ আহাৰৰ সময় মানি চলিছিল ।
- ফলাফল কি আছিল ?
এই অধ্যয়নত হস্তক্ষেপকাৰী গোটটোৰ তেজত শৰ্কৰাৰ নিয়ন্ত্ৰণ সমন্বিত গড় ৬.৫৩% আছিল । ইয়াৰ বিপৰীতে সাধাৰণ যত্ন লোৱা গোটত ৭.৬৫% আছিল । তদুপৰি শৰীৰৰ ওজন, বিএমআই, উপবাস আৰু খাদ্য খোৱাৰ পাছত তেজৰ গ্লুক’জ, ইনছুলিন প্ৰতিৰোধ ক্ষমতা আৰু কেইবাটাও কাৰ্ডিঅ’ভাস্কুলাৰ ৰিস্ক মাৰ্কাৰৰ উন্নতি পৰিলক্ষিত হৈছে ।
কিন্তু আমি নিশাৰ সাঁজৰ সলনি এগিলাচ কুহুমীয়া গৰম পানী খাই ডায়েবেটিছক পৰাস্ত কৰিলো বুলি ঘোষণা কৰাৰ আগতে, এটা গুৰুত্বপূৰ্ণ কথা জানিবলগীয়া আছে । মহিলাসকলে কেৱল ১৪ ঘণ্টা উপবাসে থকা নাই, খোৱা বস্তুবোৰো সলনি কৰিছিল ।
- লেক্টো-নিৰামিষ খাদ্য কি ?
“লেক্ট’-নিৰামিষভোজী”ৰ অৰ্থ হ’ল দুগ্ধজাত সামগ্ৰী অন্তৰ্ভুক্ত যদিও মাংস, মাছ, হাঁহ-কুকুৰা আৰু কণী বাদ দিয়া নিৰামিষ খাদ্য । এটা সাধাৰণ ভাৰতীয় লেক্ট’ নিৰামিষভোজী আৰ্হিত দাইল, ৰাজমাহ, বুট, মুগৰ দাইল, শাক-পাচলি, ফল-মূল, গোটা শস্য, বাজৰা, ওটছ, দৈ, মাখন, গাখীৰ আৰু পানীৰ আদি খাদ্য অন্তৰ্ভুক্ত হ’ব পাৰে । অৱশ্যে, কেৱল মাংস বৰ্জন কৰাই নহয়, বৰঞ্চ সামগ্ৰিকভাৱে খাদ্যৰ মান উন্নত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ।
এই অধ্যয়নটোৰ হস্তক্ষেপত গোটা শস্য আৰু উচ্চ আঁহযুক্ত খাদ্য, শাক-পাচলি, ফল-মূল, দাইল আৰু দুগ্ধজাত সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । অংশগ্ৰহণকাৰীসকলে ব্যক্তিগতকৃত খাদ্য পৰিকল্পনা, পুষ্টিৰ পৰামৰ্শ, অনুসৰণ আৰু আচৰণৰ সমৰ্থনো লাভ কৰে ।
এগৰাকী চিকিৎসকে হাতত তুলি দিয়া এটা খাদ্য তালিকা এক সুকীয়া । অৱেশ্য়ে আন কোনোবাই আপোনাৰ ওপৰত চকু ৰাখি, সময় সাপেক্ষে তাৰ সালসলনি কৰি আৰু আপোনাক সেইটো প্ৰকৃততে মানি চলিবলৈ সহায় কৰা খাদ্য় তালিকা এখনৰ গুৰুত্ব বা অৰ্থই সুকীয়া ।
- ১৪ ঘণ্টীয়া উপবাস
এই উপবাসৰ অংশ তুলনামূলকভাৱে মধ্যমীয়া আছিল । অংশগ্ৰহণকাৰীসকলে ১০ ঘণ্টাৰ সময়সীমাৰ ভিতৰত আহাৰ গ্ৰহণ কৰিছিল আৰু আনসকলে ১৪ ঘণ্টা উপবাসে আছিল ।
ইয়াৰ অৰ্থ হ’ব পাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ বা পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোৱা । ইয়াৰ অৰ্থ এইটোও নহয় যে কোনোবাই নিজৰ খাদ্য তালিকাৰ পৰা কাৰ্বোহাইড্ৰেট একেবাৰেই বাদ দিয়া নাই । বৰঞ্চ খাদ্য অবিহনে নিশাটোৰ বাবে এক সামঞ্জস্যপূৰ্ণ সময় সৃষ্টি কৰাটোৱেই মূল ধাৰণা । নিশা ৮ বজাত আহাৰ আৰু পুৱা ৮ বজাত ব্ৰেকফাষ্ট খোৱাত অভ্যস্ত কোনোবা এজনৰ বাবে পৰিৱৰ্তনটো হয়তো বিশাল যেন নালাগিব । ৰাতি ১১:৩০ বজাত নিশাৰ জলপান, বিস্কুট, মিঠাই আৰু আৰু এটা কিবা খোৱা বস্তু এৰাই চলাটোহে হয়তো আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ'ব ।
- ইনছুলিন প্ৰতিৰোধ ক্ষমতাৰ কি হ’ল ?
এই গৱেষমাত অধিক আকৰ্ষণীয় তথ্যৰ ভিতৰত আছিল ইনছুলিন প্ৰতিৰোধ ক্ষমতা । গৱেষকসকলে ইনছুলিন প্ৰতিৰোধ ক্ষমতা অনুমান কৰিবলৈ সাধাৰণতে ব্যৱহাৰ কৰা HOMA-IR নামৰ মাপকাঠী ব্যৱহাৰ কৰিছিল । ২৪ সপ্তাহৰ পিছত হস্তক্ষেপকাৰী গোটত ইনছুলিন প্ৰতিৰোধ ক্ষমতা যথেষ্ট কম হৈছিল । ইনছুলিন প্ৰতিৰোধ ক্ষমতা টাইপ ২ ডায়েবেটিছৰ এক প্ৰধান অংশ ।
শৰীৰৰ কোষবোৰ ইনছুলিনৰ প্ৰতি কম সংবেদনশীল হয় । গতিকে তেজৰ পৰা শৰ্কৰা ওলাই কোষত প্ৰৱেশ কৰাটো অধিক কঠিন হৈ পৰে । ইনছুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰাটো সেয়েহে বিপাকীয় স্বাস্থ্যৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব পাৰে ।
এই হস্তক্ষেপৰ সৈতে শৰীৰৰ ওজন, বিএমআই, উপবাস আৰু খাদ্যৰ পাছত গ্লুক’জ আৰু লিপিড প্ৰ'ফাইল উন্নতিও জড়িত আছিল ৷ অংশগ্ৰহণকাৰীসকলে বেছিভাগেই মৃদু আৰু সাময়িক বিৰূপ প্ৰভাৱৰ লগতে শক্তি, মেজাজ, ওজন আৰু সামগ্ৰিক স্বাস্থ্যৰ অনুভূত উন্নতিৰ কথাও জনাইছে । উন্নত খাদ্যৰ মান, অধিক আঁহ, অংশ নিয়ন্ত্ৰণ, শক্তি গ্ৰহণ হ্ৰাস, উপবাসৰ সময় আৰু অতিৰিক্ত সমৰ্থনৰ সংমিশ্ৰণৰ ফলত এই উন্নতি হ’ব পাৰিলেহেঁতেন ।
- নিশাৰ আহাৰ কি হ’ব ?
বহু ভাৰতীয়ৰ বাবে নিশাৰ আহাৰ গ্ৰহণৰ পাছত দ্বিতীয়বাৰৰ বাবে ৰাতিৰ আহাৰ গ্ৰহণ কৰে । আহাৰৰ পাছত চাহ, তাৰ পাছত কিবা এটা মিঠা, তাৰ পাছত টেলিভিছন চাই অলপ নিমখীয়া আৰু হঠাৎ ১৪ ঘণ্টীয়া উপবাসৰ সময় ১৪ মিনিটলৈ হ্ৰাস কৰা হৈছে ! সেয়েহে ৰাতিটোৰ বাবে খাদ্য খোৱাৰ সময়ত ধাৰাবাহিকভাৱে বিৰতি সৃষ্টি কৰিলে কেৱল খাদ্যৰ সময় সলনি কৰাই নহয়, গভীৰ নিশা খোৱাৰ সুযোগো হ্ৰাস কৰিও সহায়ক হ’ব পাৰে ।
অৱশ্যে এই পৰীক্ষাত ভাৰতৰ ২৫ৰ পৰা ৬০ বছৰ বয়সৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইনছুলিন ব্যৱহাৰ কৰা লোকসকলক বাদ দিয়া হৈছিল ।
(অস্বীকাৰ: ইয়াত দিয়া সকলো তথ্য আৰু পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ বাবেহে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন আৰু চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। এই পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।)
লগতে পঢ়ক :বেছি চৰ্বি-শৰ্কৰা-নিমখযুক্ত খাদ্য় বিক্ৰী কৰা কোম্পানীয়ে লিখিব লাগিব সতৰ্কবাণী
প্লাষ্টিক খাদ্য় : বাণিজ্য়িকভাৱে উপলব্ধ শিশুৰ খাদ্যত শীতল পানীয়ৰ সমানেই থাকে শৰ্কৰা !

