সাতটা লক্ষণক ভাগৰ আৰু গেছ বুলি আওকাণ নকৰিব, বিপদ মাতিব পাৰে
হঠাতে ভাগৰ অনুভৱ কৰা, দুৰ্বলতা বা দৈনন্দিন কাম-কাজত অসুবিধাৰ সৃষ্টি হোৱা ইত্যাদি হ’ব পাৰে ষ্ট্ৰোকৰ প্ৰাৰম্ভিক লক্ষণ ৷

Published : February 24, 2026 at 2:56 PM IST
বৰ্তমান সময়ত এক অতি গুৰুতৰ সমস্যাত পৰিণত হৈছে ষ্ট্ৰোক ৷ ষ্ট্ৰোকৰ বাবে প্ৰতিদিনে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে । এসময়ত কেৱল বৃদ্ধসকলৰ মাজত সাধাৰণ ৰোগ হিচাপে দেখা দিয়া ষ্ট্ৰোকৰ দ্বাৰা বৰ্তমান সময়ত সকলো স্তৰৰ লোক আক্ৰান্ত হোৱা দেখা গৈছে ৷
কিন্তু এই সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে প্ৰায়ে শৰীৰত দেখা দিয়ে প্ৰাৰম্ভিক লক্ষণ ৷ ষ্ট্ৰোকৰ লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ, তেহে আপোনাৰ জীৱন ৰক্ষা পৰিব পাৰে । এই লক্ষণসমূহ চিনাক্ত কৰাৰ লগতে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটোও প্ৰয়োজনীয় ৷
পুৰুষ আৰু মহিলাৰ ষ্ট্ৰোকৰ লক্ষণসমূহ
পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ লক্ষণসমূহ বেলেগ বেলেগ ৷ এই লক্ষণসমূহ চকুত পৰিলে যিমান সম্ভৱ সোনকালে চিকিৎসকৰ কাষ চপা উচিত ৷ হঠাতে অচেতন হৈ পৰা, কথা কোৱাত সমস্যাই দেখা দিয়া, প্ৰচণ্ড মূৰৰ বিষ আদি পুৰুষৰ ক্ষেত্ৰত হোৱা ষ্ট্ৰোকৰ লক্ষণ ৷
আনহাতে, মহিলাসকলৰ ক্ষেত্ৰত প্ৰায়ে মৃদু আৰু স্বাভাৱিক লক্ষণে দেখা দিয়ে । এই লক্ষণবোৰক মানসিক চাপ, ক্লান্তি বা বদহজম বুলি আওকাণ কৰিলে বিপদজনক প্ৰতিপন্ন হোৱাৰ লগতে জীৱনলৈও ভাবুকি কঢ়িয়াই আনিব পাৰে ।
মহিলাৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ লক্ষণসমূহৰ বিষয়ে জনাটো দৰকাৰ ৷ সেইসমূহ হৈছে ক্ৰমে -
অত্যধিক ভাগৰ অনুভৱ হোৱা : মহিলাসকলৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ পূৰ্বে বা ষ্ট্ৰোক হোৱাৰ সময়ত অত্যন্ত ক্লান্তি বা দুৰ্বলতা অনুভৱ কৰাৰ সম্ভাৱনা অধিক । এয়া কোনো সাধাৰণভাৱে অনুভৱ কৰা ভাগৰ নহয়, ইয়ে তীব্ৰ ক্লান্তি অনুভৱ কৰোৱায় যাৰ বাবে সাধাৰণ কামবোৰো কৰাটো অসম্ভৱ যেন লাগে । মহিলাসকলৰ দৈনন্দিন জীৱনত যিহেতু ক্লান্তি এটা সাধাৰণ কথা, গতিকে অধিকাংশ মহিলাই ইয়াক মানসিক চাপ, কামৰ বোজা বা পৰিয়ালৰ দায়িত্ব বুলিয়েই আওকাণ কৰে ৷
বিপৰীতে পুৰুষসকলে ক্লান্তিৰ পৰিৱৰ্তে পেশীৰ দুৰ্বলতাৰ দৰে শাৰীৰিক লক্ষণসমূহ অধিক পৰিমাণে অনুভৱ কৰে ৷
বিনা কাৰণত হোৱা বমি বা বমিৰ ভাৱ : বমি হোৱাৰ বহু কাৰণ থাকিব পাৰে ৷ কেতিয়াবা খাদ্যত হোৱা বিষক্ৰিয়াৰ ফলতো বমি হ’ব পাৰে ৷ কিন্তু ই মহিলাৰ ক্ষেত্ৰত হোৱা ষ্ট্ৰোকৰ এটা মূল লক্ষণ । ষ্ট্ৰোক হোৱা মহিলাসকলে হঠাতে বমিৰ ভাৱ অহা, বমি হোৱা, মূৰ ঘূৰোৱা আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ বিশেষকৈ যেতিয়া ষ্ট্ৰোকে মগজুৰ পিছফালৰ অংশত প্ৰভাৱ পেলায় আৰু ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰিত হয় । এই লক্ষণক খাদ্যৰ বিষক্ৰিয়া, ফ্লু বা উদ্বেগজনিত সমস্যা বুলি ভুল কৰা হয় ৷
কিন্তু পুৰুষৰ ক্ষেত্ৰত বমিৰ ভাবক ষ্ট্ৰোকৰ মূল লক্ষণ হিচাপে চিনি পোৱাৰ সম্ভাৱনা কম থাকে । বৰং তেওঁলোকে প্ৰায়ে পেশী দুৰ্বল হোৱা বা শৰীৰ ক্ষীণাই যোৱাৰ দৰে সমস্যাত ভোগা দেখা যায় ৷
সাধাৰণ দুৰ্বলতা (কেৱল এফালে নহয়)
শৰীৰৰ এফালে দেখা দিয়া দুৰ্বলতা কোনো সাধাৰণ লক্ষণ নহয় ৷ মহিলাসকলে প্ৰায়ে দুৰ্বলতা বা গধুৰতা অনুভৱ কৰে । যাৰ বাবে ষ্ট্ৰোকৰ লক্ষণ হিচাপে দুৰ্বলতাক চিনি পোৱাটো কিছু কঠিন কাম হ’ব পাৰে । যদি অনুভৱ কৰে যে শৰীৰে সঠিকভাৱে কাম কৰা নাই, তেন্তে ইয়াক আওকাণ নকৰিব ।
বুকুৰ বিষ বা উশাহ লোৱাত কষ্ট পোৱা
বুকুৰ বিষ কেৱল হৃদৰোগৰ সতৰ্কবাণী নহয় ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ই ষ্ট্ৰোকৰ লক্ষণো হ’ব পাৰে । বহু মহিলাই বুকুত বেলেগ ধৰণৰ কঠিনতা বা অস্বস্তি অনুভৱ কৰে, যাৰ বাবে উশাহ লোৱাটো কষ্ট হয় । এই লক্ষণসমূহক উদ্বেগ বা হৃদযন্ত্ৰৰ সমস্যা বুলি সহজেই ভুল কৰা হয়, যাৰ ফলত মহিলাসকলে ভুল চিকিৎসাৰ বলি হয় ৷
কিন্তু ষ্ট্ৰোকৰ সময়ত পুৰুষে কম পৰিমাণে বুকুত অস্বস্তি অনুভৱ কৰে ৷ যাৰ ফলত মহিলাসকলে এই লক্ষণক প্ৰায়ে উপেক্ষা কৰা দেখা যায় ৷
হঠাতে হিকটি আহিবলৈ ধৰা
অধিকাংশ মহিলাৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ এটা আচৰিত লক্ষণ হ’ল ধাৰাবাহিকভাৱে হিকটি অহা । হিকটি সাধাৰণতে নিৰাপদ যদিও কেতিয়াবা মগজুত প্ৰভাৱ পেলাব পৰা ষ্ট্ৰোকৰ স্নায়ুজনিত প্ৰতিক্ৰিয়া হ’ব পাৰে । মহিলাসকলৰ ক্ষেত্ৰত এই লক্ষণে দেখা দিয়াৰ সম্ভাৱনা বেছি ৷ যাৰ ফলত তেওঁলোকে প্ৰায়ে বুকুত অস্বস্তি, বমিৰ ভাৱ বা ডিঙিত অদ্ভুত অনুভূতি অনুভৱ কৰিব পাৰে ৷ অৱশ্যে মহিলাসকলে প্ৰায়ে এনে লক্ষণক আওকাণ কৰাহে দেখা যায় ৷ অৱশ্যে পুৰুষৰ ক্ষেত্ৰত এনে লক্ষণ কাচিৎহে পৰিলক্ষিত হয় ৷
প্ৰচণ্ড আৰু অদ্ভুত মূৰৰ বিষ
হঠাতে হোৱা প্ৰচণ্ড মূৰৰ বিষ ষ্ট্ৰোকৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ ভিতৰত অন্যতম ৷ কিন্তু মহিলাৰ ক্ষেত্ৰত ই প্ৰায়ে বেলেগ ধৰণে দেখা দিয়ে । মহিলাসকলৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ প্ৰৱণতা বেছি, অৰ্থাৎ ষ্ট্ৰোকৰ সৈতে জড়িত মূৰৰ বিষক মাইগ্ৰেইন বুলিয়েই উপেক্ষা কৰা হয় ৷ কিন্তু ই সাধাৰণ মাইগ্ৰেইনৰ দৰে সমস্যা নহয় ৷ ষ্ট্ৰোকৰ বাবে অনুভৱ হোৱা মূৰৰ বিষ হঠাতে হৈ অতি গুৰুতৰ ৰূপ ধাৰণ কৰে ৷ জিৰণি ল’লে বা ঔষধ সেৱন কৰাৰ পিছতো ইয়াৰ সুফল পোৱা নাযায় ৷
পুৰুষৰ ক্ষেত্ৰত এই সমস্যা অধিক পৰিমাণে দেখা যায় ৷ কিন্তু তেওঁলোকে ইয়াৰ বিষয়ে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰে ৷ পুৰুষসকলে এনেক্ষেত্ৰত প্ৰথমে অন্যান্য স্নায়ুজনিত লক্ষণ অনুভৱ কৰাৰ সম্ভাৱনাই অধিক ৷
এটা বা দুয়োটা চকুৰ দৃষ্টিশক্তি আকস্মিকভাৱে হেৰুৱাই পেলোৱা
সাধাৰণতে ষ্ট্ৰোকৰ পিছত দৃষ্টিশক্তিৰ সমস্যাই দেখা দিয়ে ৷ কাৰণ মগজুৱে আমি দেখা বস্তুবোৰ ‘‘দৃষ্টিশক্তিৰ পথ’’ নামৰ এক পৰ্যায়ৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰে । যেতিয়া ষ্ট্ৰোকে এই পৰ্যায়ৰ যিকোনো অংশ বা দৃষ্টিশক্তিৰ তথ্য প্ৰক্ৰিয়াকৰণত ব্যৱহৃত মগজুৰ অংশটোত প্ৰভাৱ পেলাই, তেতিয়া দৃষ্টিশক্তি প্ৰভাৱান্বিত হয় ৷ ষ্ট্ৰোকৰ পিছত চকুৰ সাধাৰণ সমস্যাসমূহৰ ভিতৰত দৃষ্টিশক্তি হ্ৰাস পোৱা, চকুৰ গতিবিধিৰ সমস্যাৰ লগতে আমি দেখি থকা আখৰবোৰ চিনি পোৱাত হোৱা অসুবিধা আদিয়ে দেখা দিব পাৰে ৷
এই সমস্যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস পোৱা বা দুগুণ দেখা, পঢ়াৰ ক্ষেত্ৰত হোৱা অসুবিধা, পোহৰৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি আদি লক্ষণে দেখা দিব পাৰে । একাংশ মানুহৰ গভীৰতা অনুভৱ কৰাত, মুখ বা অন্যান্য বস্তু চিনি পোৱাতো সমস্যা হ’ব পাৰে বা ভ্ৰম হ’ব পাৰে ।
ষ্ট্ৰোক প্ৰতিৰোধৰ ব্যৱস্থা
জীৱনশৈলীৰ কেইটামান পৰিৱৰ্তনে ষ্ট্ৰোক প্ৰতিৰোধত বহু পৰিমাণে সহায় কৰিব পাৰে । কেনেকৈ এই বিপদৰ মাত্ৰা হ্ৰাস কৰিব পাৰি...
ৰক্তচাপ নিৰীক্ষণ কৰক: উচ্চ ৰক্তচাপত ভোগা লোকসকলে নিয়মীয়া পৰীক্ষাৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰক ৷
সক্ৰিয় হৈ থাকক: প্ৰতিদিনে শৰীৰটো লৰচৰ কৰিব পৰা কাম কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে । নিয়মীয়াকৈ ৩০ মিনিট খোজকাঢ়িলেও পাৰ্থক্য পৰিলক্ষিত হয় ৷
স্মাৰ্টভাৱে খাদ্য গ্ৰহণ কৰক: গোটা শস্য, ফল-মূল আৰু শাক-পাচলি নিয়মীয়াকৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ৷ ইয়াৰ সলনি প্ৰচেছড ফুড আৰু খাদ্যত অতিৰিক্ত নিমখৰ পৰিমাণ হ্ৰাস কৰক । ধমনীবোৰৰ বাবে ই অতি প্ৰয়োজনীয় ৷
নিজৰ হৰম’নসমূহ জানি লওক: জন্ম নিয়ন্ত্ৰণৰ বড়ি, গৰ্ভাৱস্থা, ৰজোনিবৃত্তি আদিয়ে মহিলাৰ ক্ষেত্ৰত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । এই পৰিৱৰ্তনসমূহ কেনেকৈ নিৰাপদে পৰিচালনা কৰিব পাৰি, সেই বিষয়ে আলোচনাৰ মাধ্যমৰে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷
ধূমপানৰ অভ্যাস পৰিত্যাগ কৰক: যদি আপুনি ধূমপান কৰে, তেন্তে এতিয়াই ধূমপান বন্ধ কৰাৰ উত্তম সময় । ধূমপানে ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে ৷ যাৰ বাবে ধূমপান ত্যাগ কৰিলে তাৎক্ষণিকভাৱে লাভৱান হ’ব পাৰে ।
শৰীৰৰ তাগিদা মন কৰক: শৰীৰত কোনো বিসংগতি অনুভৱ কৰিলে তৎক্ষণাত চিকিৎসকৰ কাষ চাপক ৷ যিমানে সোনকালে শৰীৰৰ কথা মন কৰিব, সিমানে সোনকালে আৰোগ্য লাভ কৰিব ৷
(অস্বীকাৰ: ইয়াত উল্লেখ কৰা স্বাস্থ্য সম্পৰ্কীয় প্ৰতিটো তথ্য আৰু পৰামৰ্শ কেৱল ৰোগৰ লক্ষণসমূহ চিনাক্তকৰণৰ বাবেহে দিয়া হৈছে ৷ বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে এই তথ্য । এই নিৰ্দেশনাসমূহ পালন কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম ।)
লগতে পঢ়ক: কণীৰ পৰাও হ'ব পাৰে টাইফয়েড : জনালে বিশিষ্ট চিকিৎসকে

