ETV Bharat / health

এচিডিটিৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ ? এইকেইটা বিষয়ত দিয়ক গুৰুত্ব

এচিডিটিৰ মুখ্য কাৰণ হ'ল পাকস্থলীত এচিডৰ ক্ষৰণ ।

How to get relief from acidity?
এচিডিটিৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ ? এইকেইটা বিষয়ত দিয়ক গুৰুত্ব (Getty Images)
author img

By ETV Bharat Assamese Team

Published : August 31, 2026 at 6:59 PM IST

2 Min Read
Choose ETV Bharat

আজিকালি প্ৰায়ভাগ লোকেই এচিডিটিৰ সমস্য়াত আক্ৰান্ত হয় । এচিডিটি হ'ল এনে এক সমস্যা য'ত পাকস্থলীত অতিৰিক্ত এচিড ক্ষৰণ হয় । এই অতিৰিক্ত এচিড খাদ্যনলীৰে ওপৰলৈ আহিলেই সমস্য়াৰ সৃষ্টি হয় ।

পাকস্থলী আৰু খাদ্যনলীৰ সংযোগস্থলত থকা মাংসপেশীৰ যিটো অংশই খাদ্যনলীৰ তলৰ অংশটো আগুৰি ৰাখে সেই মাংসপেশীখিনি দুর্বল অথবা ঢিলা হ'লে পাকস্থলীৰ ৰস খাদ্যনলীৰ ভিতৰত প্ৰৱেশ কৰে । ইয়াকে 'গেষ্ট্ৰো ইছোফেজিয়েল ৰিফ্লেক্সে ডিজিজ'বুলি কোৱা হয় ।

পাকস্থলীৰ বাহিৰত অথবা ভিতৰত অতিৰিক্ত চাপ পৰিলে এনে ৰস খাদ্যনলীত প্রবেশ কৰাৰ প্রৱণতা বৃদ্ধি পায় । এচিডিটিৰ মুখ্য কাৰণ হ'ল পাকস্থলীত এচিডৰ ক্ষৰণ বেছি হোৱা ।

এচিডিটিৰ লক্ষণসমূহ

  • বদহজম
  • পেটটো ভৰি থকা
  • বুকু জলা-পোৰা কৰা
  • শৌচ স্বাভাৱিক পৰিমাণে নোহোৱা
  • সঘনাই মুখলৈ টেঙাপানী ওলাই অহা
  • পেটৰ বিষ হোৱা
  • মুখৰ পৰা দুৰ্গন্ধ ওলোৱা

কেনেধৰণৰ সাৱধনতা গ্ৰহণ কৰিব ?

  • খাদ্য় গ্ৰহণৰ ক্ষেত্ৰত সদায় সাৱধান হোৱা উচিত । ফাষ্টফুড,জাংকফুড আদি নোখোৱাটোৱেই মংগলজনক ।
  • অতিৰিক্ত তেল-মছলাযুক্ত খাদ্য় কমকৈ খাব লাগে ।
  • খাদ্য় সদায় নিৰ্দিষ্ট সময়ত খালেও উপশম লাভ কৰিব পাৰি ।
  • ধূমপান কৰিলে এচিডিটি বৃদ্ধি পায় । সেয়েহে এচিডিটিৰ পৰা হাত সাৰিবলৈ ধূমপান বন্ধ কৰিবই লাগিব।
  • এচিডিটিৰ বাবে বেছিকৈ বুকু জলা-পোৰা কৰা, বমি হোৱা বা বমিৰ ভাব হোৱাৰ প্রবণতা বৃদ্ধি পালে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ অবিহনে এণ্টাচিড খোৱাৰ অভ্য়াস ত্য়াগ কৰিব লাগে ।
  • নিশা খাদ্য় খোৱাৰ পিচতেই বিচনালৈ যোৱাৰ অভ্য়াস ত্য়াগ কৰক । ঘৰৰ ভিতৰতেই অলপ খোজ কাঢ়ি শুলে খাদ্য় হজমত সহায় হয় ।
  • খালী পেটত টেঙা আদি বেছিকৈ খাব নালাগে ।
  • শকত মানুহৰ এচিডিটিৰ প্ৰৱণতা বেছি বুলি কোৱা হয়। অৱশ্যে মেদবহুল লোকৰ যিকোনো সমস্যাই বেছি হোৱাটো পৰিলক্ষিত হয় । কাৰণ এনে লোকৰ পেটৰ চাপৰ হেতুকে পাকস্থলীৰ ওপৰত চাপ পৰে। সেইবাবে শৰীৰৰ ওজন স্বাভাৱিক কৰি ৰাখিব লাগে ।

কিছুমানৰ শৰীৰৰ উত্তাপো সামান্য পৰিমাণে বৃদ্ধি পায়। যিসকলে অধিক কার্বোহাইড্রেটযুক্ত আহাৰ গ্ৰহণ কৰে তেওঁলোকৰ এচিটিডি বৃদ্ধিৰ আশংকা বেছি ।

লগতে পঢ়ক: নিৰামিষভোজীৰ নিশা ১৪ ঘণ্টীয়া উপবাসে শৰ্কৰা নিয়ন্ত্ৰণ কৰেনে ?

শৰীৰৰচৰ্চাৰ বাবে পৰ্যাপ্ত টোপনি-জিৰণিৰ কিমান প্ৰয়োজন ?

প্ৰ'টিনৰ উৎকৃষ্ট উৎস : নিতৌ সিজোৱা কণী কেনেদৰে খাব ?