শীতকালত আমি এদিনত কিমান পানী খাব লাগে ? জানক বিশেষজ্ঞৰ পৰাই
শীতকালত আমি এদিনত কিমান পানী খাব লাগে ? শীতকালত এদিনত কিমান পানীৰ প্ৰয়োজন হয়? কমকৈ পানী খালে কি হয় এই বিষয়ে জানো আহক-

Published : January 9, 2026 at 5:14 PM IST
পিয়াহ কম হোৱাৰ বাবে শীতকালত পানী কমকৈ খোৱাটো উচিত নে ? এইটো এটা ডাঙৰ প্ৰশ্ন, কাৰণ সাধাৰণতে মানুহে গৰমৰ তুলনাত শীতকালত কম পানী খায় ৷ শীতকালত আমাৰ ঘাম নোলোাই, গতিকে আমি সঘনাই পিয়াহ অনুভৱ নকৰো ৷ তথাপিও শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো গুৰুত্বপূৰ্ণ ৷ শীতকালত আমি এদিনত কিমান পানী খাব লাগে ? এই কথা জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ৷ এই পৰিমাণ গ্ৰীষ্মকালৰ দৰেই নেকি বা তাতকৈ কম ? এই বিষয়ে এপ’ল’ হাস্পতালৰ চিকিসকৰ পৰাই জানি লওক-
এপ’ল’ হাস্পতালৰ চিকিৎসক ডাঃ বিমী বিন্দ্ৰাই কয় যে, শীতকালতো পৰ্যাপ্ত পানীৰ প্ৰয়োজন ৷ শীতকালত পানী কম খোৱাটো বাধ্যতামূলক নহয় ৷ এইটো সঁচা যে গ্ৰীষ্মকালত পিয়াহ কম হয়, গতিকে আমি ইমান পানী নাখাওঁ, কিন্তু শৰীৰৰ প্ৰয়োজনীয়তা গ্ৰীষ্মকালৰ দৰেই প্ৰায় একে ৷ এনে নহয় যে ঠাণ্ডাৰ দিনত কম পানী খালেই যথেষ্ট ৷ বৃক্ককে ধৰি অন্যান্য অংগসমূহৰ সঠিক কাম-কাজৰ বাবে পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেচন অতি প্ৰয়োজনীয় ৷ কিন্তু শীতকালত পানীৰ বাহিৰেও আন আন খাদ্য খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰে যিয়ে শৰীৰক হাইড্ৰেট কৰে ৷
শীতকালত দিনটোত কিমান পানী খাব লাগে ?
শীতকালত পুৰুষৰ বাবে প্ৰতিদিনে প্ৰায় ৮-১০ গিলাচ পানী খোৱাটো গুৰুত্বপূৰ্ণ আৰু মহিলাৰ বাবে ৬-৮ গিলাচ পানী খোৱাটো গুৰুত্বপূৰ্ণ ৷ সাধাৰণ লোকে প্ৰতিদিনে ২ লিটাৰ বা তাতকৈ অধিক পানী খোৱাৰ লক্ষ্য ৰাখিব লাগে ৷ যদি আপুনি এজন খেলুৱৈ বা দৈনিক ব্যায়াম কৰে তেন্তে ইয়াৰ পৰিমাণ বেছি হ’ব লাগে ৷ সক্ৰিয় পুৰুষক ১০-১৪ গিলাচ পানীৰ প্ৰয়োজন হ’ব পাৰে ৷ আনহাতে মহিলাক ৮ৰ পৰা ১০ গিলাচ পানীৰ প্ৰয়োজন হ’ব পাৰে ৷
গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাসকলে পানীৰ পৰিমাণ ৭-১০ গিলাচ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰিব লাগে ৷ এইটো নহয় যে সকলোৱে ২ লিটাৰ সাধাৰণ পানীয়ে খাব লাগিব ৷ পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ সেৱন কৰাটো অতি প্ৰয়োজনীয় ৷ পানীৰ উপৰিও শীতকালত এইবোৰ খাব পাৰি ৷
এইবোৰ বস্তুৰে শীতকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰাখক
শীতকালত যদি আপুনি বেছি পানী খাব নোৱাৰে তেন্তে বনৌষধি চাহ আৰু চূপ খাই থাকিব যাতে পিয়াহ অনুভৱ নকৰাৰ সময়তো শৰীৰটো হাইড্ৰেটেড হৈ থাকে ৷ লগতে মনত ৰাখিব যে ঠাণ্ডাত পিয়াহ কম হয়, গতিকে পিয়াহ অনুভৱ হোৱালৈকে অপেক্ষা কৰাৰ পৰিৱৰ্তে গোটেই দিনটো পানীৰ চুমুক দি থাকিব ৷ প্ৰতিবাৰ আহাৰ খোৱাৰ লগে লগে, বাথৰুমলৈ যোৱাৰ পিছত বা কম্পিউটাৰৰ পৰা বিৰতি লোৱাৰ সময়ত এগিলাচ পানী খাব লাগে ৷
লগতে পঢ়ক

