ETV Bharat / health

তেজত শৰ্কৰা বৃদ্ধিয়ে কেনে জটিলতাৰ সৃষ্টি কৰে ?

ডায়েবেটিছত আক্ৰান্তৰ অৰ্ধেক লোকেই বাস কৰে ভাৰতত ।

How does increase sugar in the blood cause complications
তেজত শৰ্কৰা বৃদ্ধিয়ে কেনে জটিলতাৰ সৃষ্টি কৰে ? (Getty Images)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 4:50 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : বিশ্বত ডায়েবেটিছত আক্ৰান্তৰ অৰ্ধেক লোকেই ভাৰতত বাস কৰে । সেইবাবে ভাৰতক ডায়েবেটিছৰ ৰাজধানী বুলি কোৱা হয় ।

কেইবছৰমান আগলৈকে এই ৰোগত বয়স্ক লোকসকল বেছিকৈ আক্ৰান্ত হয় বুলি ভবা হৈছিল যদিও আজিকালি কয় বয়সতো এই ৰোগে গা কৰি উঠিছে । এই ৰোগ সন্দৰ্ভত মেডিচিন বিভাগৰ ডায়েবেটিছ ৰোগ বিশেষজ্ঞ ডাঃ অমৰ্ত্য় ভূঞাই আগবঢ়াইছে ব্য়াখ্য়া ।

তেজত শৰ্কৰা বৃদ্ধিয়ে কেনে জটিলতাৰ সৃষ্টি কৰে ? (ETV Bharat Assam)

এই ৰোগৰ লক্ষণ :

ডায়েবেটিছক নীৰৱ ঘাতক বুলিও কোৱা হয় । এই ৰোগ হোৱাৰ লগে লগে কিছুমান বিশেষ লক্ষণ ফুটি উঠে । অৱশ্য়ে ইয়াৰ প্ৰথম অৱস্থাত কোনো লক্ষণ নাথাকিব পাৰে; কিন্তু শৰ্কৰা বহুত বেছি বৃদ্ধি পালে লক্ষণে দেখা দিয়ে । সেইসমূহ হৈছে-

  • আক্ৰান্তজনৰ সঘনাই পানীৰ পিয়াহ লাগে ।
  • এনে ৰোগীৰ বেছি ভোক লাগে ।
  • ঘনকৈ প্ৰস্ৰাৱ হোৱাটো আন এক লক্ষণ ।
  • আক্ৰান্তৰ শৰীৰৰ ওজন বৃদ্ধি বা হ্ৰাস পাব পাৰে ।
  • সঘনাই প্ৰস্ৰাৱত সংক্ৰমণ হয় ।

ডায়েবেটিছে কেনে জটিলতাৰ সৃষ্টি কৰে ?

ডায়েবেটছ ৰোগে মূলতঃ ৰোগীগৰাকীৰ বৃক্ক,হৃদযন্ত্ৰ,স্নায়ুসমূহৰ লগতে চকুত প্ৰভাৱ পেলাব পাৰে । স্নায়ুত প্ৰভাৱ পৰা মানে পেৰিফেৰেল নিউৰোপেথী হোৱাৰ আশংকা থাকে । তদুপৰি ডিমেনছিয়া, এলঝেইমাৰৰ ৰোগ হোৱা দেখা যায় । চকুত প্ৰভাৱ পৰাৰ ফলত ৰোগীগৰাকীৰ সোনকালে ছানি পৰা ৰোগ হোৱাৰ আশংকা থাকে । গ্লুক'মা হ'ব পাৰে । সাধাৰণতে দীৰ্ঘদিন ধৰি যদি তেজত শৰ্কৰা নিয়ন্ত্ৰণ নহয় তেতিয়াহ'লে চকুক প্ৰভাৱ পৰিব পাৰে ।এনে হ'লে কোৱা হয় 'ৰেটিনোপেথী'।

শৰ্কৰাৰ মাত্ৰা কিমান থাকিব লাগে ?

সাধাৰণতে ডায়েবেটিছ ৰোগীৰ শৰ্কৰাৰ মাত্ৰা খাদ্য গ্ৰহণ কৰাৰ পাছত ১৪০ পি পি থাকিব লাগে ।

ডায়েবেটিছ ৰোগীৰ খাদ্য :

ডায়েবেটিছত আক্রান্তসকলে সদায় এটা দোমোজাত থাকে যে তেওঁলোকে কি খাদ্য খাব । এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়,"ডায়েবেটিছ ৰোগীয়ে ফল-মূল খোৱাৰ সম্পর্কত প্ৰায়ে প্ৰশ্ন কৰে । তেওঁলোকে ফল-মূল নিশ্চয় খাব পাৰে; কিন্তু যিবোৰ ফলত গ্লাইচেমিক ইনডেক্স বেছি থাকে যেনে আনাৰস, আম, কল বা যিবোৰ মিঠা ফল-মূল সেইবোৰ পৰাপক্ষত গ্ৰহণ নকৰা ভাল । খালেও একেবাৰে কম পৰিমাণে খাব লাগে; কিন্তু দৈনিক গ্ৰহণ কৰিব নালাগে । লগতে একেবাৰে পকা ফল ডায়েবেটিছ ৰোগীয়ে খাব নালাগে । আনহাতে তেওঁলোকে বাকলিৰ সৈতে আপেল, মধুৰীআম, ডালিম, কম পৰিমাণে অমিতা খাব পাৰে । "

চিকিৎসকগৰাকীয়ে পুনৰ কয়," শাক-পাচলিৰ ক্ষেত্ৰত কোনো বাধা নাই । সকলোধৰণৰ শাক-পাচলি খাব লাগে। লগতে দৈনিক চালাড খাব লাগে । ড্ৰাই ফ্ৰুইটৰ ক্ষেত্ৰত আলমন্ড, পিষ্টা, বাদাম আদি পৰিমাণ অনুসৰি খাব পাৰে ।"

লগতে পঢ়ক:কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ?

ডায়েবেটিছ সম্পৰ্কে ইটিভি ভাৰতৰ ৰাষ্ট্ৰীয় সজাগতামূলক অভিযান

নীৰৱ ঘাতক ! মানসিক চিন্তা আৰু ডায়েবেটিছৰ আছে নে সম্পৰ্ক ?