ডায়েবেটিছত আক্ৰান্তৰ চেলুলাইটিছ কিমান বিপদজনক ?
ছালৰ তলে তলে সংক্রমণ বিয়পিলে কেনে জটিলতাৰ সৃষ্টি হয় সেয়া জানিবলৈ পঢ়ক...

Published : June 6, 2026 at 5:07 PM IST
গুৱাহাটী : ডায়েবেটিছত আক্ৰান্তৰ আন ৰোগৰ লগতে চেলুলাইটিছ হোৱাৰ আশংকা বেছি । এনেধৰণৰ সংক্রমণ ভৰি বা হাতত বেছিকৈ হয় যদিও শৰীৰৰ যিকোনো ঠাইত হ'ব পাৰে । এই সংক্রমণ আনকি ইনছুলিন লোৱা স্থানতো হোৱাৰ আশংকা থাকে । যদিহে সময়মতে উপযুক্ত চিকিৎসা কৰা নহয়,তেতিয়া কেনেধৰণৰ জটিলতাৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে ব্য়াখ্য়া কৰিছে জ্য়েষ্ঠ ডায়েবেটোল'জিষ্ট ডাঃ সুধীৰ জৈনে ।
চেলুলাইটিছ প্রকৃততে কি ?
ডায়েবেটোল'জিষ্ট ডাঃ জৈনে কয় যে চেলুলাইটিছ হৈছে ছাল আৰু ছালৰ তলৰ কলাত হোৱা বেক্টেৰিয়াৰ সংক্ৰমণ । যিকোনো ব্যক্তিৰ চেলুলাইটিছ হ’ব পাৰে; কিন্তু যদি আপোনাৰ শৰীৰত বেক্টেৰিয়া সহজে প্ৰৱেশ কৰিব পৰাকৈ ছালৰ ঘা থাকে বা ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেন্তে ইয়াৰ আশংকা বেছি । ছালৰ তলত থকা কলাত স্ট্রেপ্টোকাক্কছ বা ষ্টেফায়লোকাক্কছ বীজাণুৰ পৰা হোৱা সংক্ৰমণক চেলুলাইটিছ বুলি কোৱা হয় ।
ছালৰ তলে তলে বিয়পে সংক্রমণ :
ডায়েবেটোল'জিষ্টগৰাকীয়ে পুনৰ কয় যে যেতিয়া ছাল ফাটি বা ফুটি যায়, তেতিয়া বীজাণুসমূহ সেই তৰপত প্ৰৱেশ কৰি সংক্ৰমণ বিস্তাৰিত কৰে । মধুমেহ ৰোগত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত প্রায়ে দেখা যায় যে তেওঁলোকৰ ছালসমূহ প্রায়ে ফাটি- ছিঙি যায় । তদুপৰি আঙুলিবোৰৰ ফাকত ভেকুঁৰৰ দ্বাৰা সংক্রামিত হৈ ঘাৰ সৃষ্টি হয় । গজাল, আইনা, বেজি আদিয়ে বিন্ধাৰ ফলত আঘাত পায় । দেখাত সৰু হ'লেই এই স্থানবোৰৰে বীজাণু প্রবেশ কৰে আৰু চেলুলাইটিছ আৰম্ভ হয় । এই সংক্রমণ ছালৰ তলে তলে বিয়পি পৰে। চেলুলাইটিছ ৰোগত পূঁজ জাতীয় তৰল পদাৰ্থ সৃষ্টি নহয়; কিন্তু পিছলৈ এই চেলুলাইটিছেই পুঁজলৈ পৰিৱৰ্তন হয় ।
লক্ষণ কি কি ?
এই ৰোগ হোৱাৰ লগে লগে কিছুমান লক্ষণে দেখা দিয়ে )
- ৰোগীৰ ভৰি-হাত ফুলিবলৈ আৰম্ভ কৰে তথা বিষ অনুভৱ হয়
- আক্ৰান্ত অংশখিনি কিছু গৰম হৈ পৰে
- এই বিষ অতি তীব্র গতিত বিয়পি পৰিব পাৰে
- জ্বৰ হোৱাৰ লগতে কঁপনি উঠিব পাৰে
- অস্বস্তিৰ ভাৱ হ'ব পাৰে
- তদুপৰি ছাল ৰঙা হ'ব পাৰে
- সৃষ্টি হ'ব পাৰে সৰু সৰু পানীজোলাৰ
- চেলুলাইটিছৰ লগে লগে লিংফাজাইটিছো হয়
- লিংফাজাইটিছৰ ক্ষেত্ৰত লসিকাবোৰ ৰঙা হৈ ছালৰ ওপৰৰ পৰা দৃষ্টিগোচৰ হয়
- ইয়াৰ বাবে ভৰি বা হাতৰ ওপৰ অংশত (উৰু বা কাষলতি) কিছুমান গুটি সদৃশ টেমুনা (লিম্ফ নডচ)ওলায় আৰু সেইবোৰৰ পৰা বিষ অনুভৱ হ'ব পাৰে
পৰীক্ষা-নিৰীক্ষা :
এই ৰোগ নিৰ্ণয় কৰিবলৈ কেনেধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন হয়,সেই সন্দৰ্ভত ব্যাখ্য়া কৰি ডায়েবেটোল'জিষ্টগৰাকীয়ে কয় যে এই ৰোগ হ'লে সাধাৰণতে চিকিৎসা ইয়াৰ লক্ষণবোৰৰ ওপৰ নিৰ্ভৰ কৰি কৰা হয় । এই ৰোগত আক্রান্ত ৰোগীসকলৰ তেজ পৰীক্ষা কৰাৰো প্রয়োজন । এইসকল ৰোগীৰ তেজ পৰীক্ষা কৰিলে শ্বেত ৰক্তকণিকা আৰু ইএছআৰৰ পৰিমাণ বৃদ্ধি হোৱা দেখা যায়। ৰোগ নিৰ্ণয়ৰ বাবে বা উপযুক্ত চিকিৎসা প্রদান আগবঢ়োৱাৰ বাবে কেতিয়া এইসকল ৰোগীৰ আল্ট্রাছাউণ্ড, চিটিস্কেন বা এমআৰআই স্কেনৰো প্ৰয়োগ কৰা হয় ।
এই ৰোগৰ চিকিৎসা:
এই ৰোগত আক্রান্ত ৰোগীসকলক বিশ্রামৰ খুবেই প্রয়োজন । বিশেষকৈ ডায়েবেটিছ ৰোগত আক্রান্ত যিসকল ৰোগীৰ এই ৰোগ হয়, তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰাৰো প্রয়োজন হৈ পৰে । এইক্ষেত্ৰত ৰোগীৰ হাত আৰু ভৰি কিছুসময় ওপৰমুৱাকৈ ৰখা উচিত । এনে কৰিলে হাত-ভৰি ফুলি উঠা বা বিষ অনুভৱ হোৱাৰ পৰা সকাহ পাব পাৰি । গৰম সেক দিয়া বা মালিচ কৰিব নালাগে ।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপযুক্ত এন্টিবায়টিক খোৱা উচিত । ফুলি উঠা কম কৰিবলৈয়ো ঔষধ খাব পাৰে । ছালৰ আচোৰ বা ঘাঁত যথোপযুক্ত মলম প্ৰয়োগ কৰিব লাগে । এই ৰোগৰ ক্ষেত্রত দেখা যায় যে সু-চিকিৎসায়ৰ দ্বাৰা বেছিভাগ ৰোগীকে নিৰোগী কৰি তুলিব পাৰি ।
চেলুলাইটিছ ৰোগত আক্রান্ত প্রায়ভাগ ৰোগীৰ ক্ষেত্ৰত শৈল চিকিৎসা প্রদান কৰা নহয় । এই ৰোগত আক্রান্ত ৰোগীয়ে মধুমেহ নিয়ন্ত্ৰণত ৰখাটো খুবেই প্রয়োজন । যদি চিকিৎসা আৰম্ভ হোৱাৰ দুই এদিনৰ পিছতে ৰোগীগৰাকীৰ অৱস্থাৰ কোনো উন্নতি নহয়, তেন্তে চেলুলাইটিছে জটিল ৰূপ ধাৰণ কৰিব পাৰে,যেনে পূঁজ সৃষ্টি হোৱা বা অতি গভীৰতালৈ সংক্রমণ বিয়পি পৰে । সংক্রমণ অতি গভীৰতালৈ বিয়পি পৰা অৱস্থাটোক নেক্রোটাইজিং ফাচাইটিছ বুলি কোৱা হয় । কেতিয়াবা কেতিয়াবা চেলুলাইটিছৰ বীজাণু তেজত প্ৰবেশ কৰি শৰীৰ অন্যান্য অংগসমূহৰ ওপৰত কুপ্ৰভাৱ পেলাব পাৰে তথা চেপ্টিকৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব পৰে ।
লগতে পঢ়ক: চৰণ মন্দিৰ-চৰণ স্পৰ্শ: ডায়েবেটিছৰ বিৰুদ্ধে এগৰাকী চিকিৎসকৰ নীৰৱ অভিযান

