থাইৰয়ডৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব ? জানি লওক উপায়
ওজন হ্রাস, টোপনিত ব্যাঘাত জন্মা, পেশী দুৰ্বল হ'লেই পৰামৰ্শ লওক চিকিৎসকৰ ।

Published : April 20, 2026 at 4:49 PM IST
গুৱাহাটী : আজিকালি থাইৰয়ডৰ সমস্য়াত প্ৰায়ভাগ লোকেই আক্ৰান্ত বুলি ক'লেও বঢ়াই কোৱা নহ'ব । থাইৰয়ড গ্রন্থিয়ে নিঃসৰণ কৰা হৰম'ন নিয়ন্ত্রণত নথাকিলেই বিপদ । এই ৰোগত আক্ৰান্ত হোৱাৰ বিষয়ে আপুনি কেনেদৰে জানিব পাৰিব ? ৰোগবিধ প্ৰতিৰোধৰ বাবে কেনেধৰণৰ সতৰ্কতা অৱলম্বণ কৰিব লাগে সেই বিষয়ে ব্য়াখ্য়া কৰিলে মেডিচিন বিশেষজ্ঞ ডা:মানৱেন্দ্ৰ নায়কে ।
কেনেকৈ জানিব এই ৰোগ হোৱা বুলি ?
বিশিষ্ট চিকিৎসকগৰাকীয়ে কয় যে বহুতেই এই ৰোগত আক্ৰান্ত হোৱাৰ পিছত লক্ষণে দেখা দিয়া সত্বেও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব নোখোজে । ডা: নায়কে কয় যে এনে ৰোগীৰ ক্লান্তিবোধ হোৱাৰ লগতে কোনো কাৰণ নোহোৱাকৈ কেইবাদিন ধৰি ঠাণ্ডা অনুভৱ কৰে । তদুপৰি শৰীৰৰ ওজন হ্রাস, টোপনিত ব্যাঘাত জন্মা, পেশী দুৰ্বল হোৱা, হঠাতে শৰীৰৰ ওজন বৃদ্ধি পোৱা, চুলি বেছিকৈ সৰিবলৈ ধৰে । চিকিৎসকগৰাকীয়ে কয় যে চুলি সাৰাতো আজিকালি তেনেই সাধাৰণ কথা বুলি ভাৱে বাবে চিকিৎসকৰ ওচৰলৈ আহিব নোখোজে ।
এইবোৰ লক্ষণৰ উপৰি ছালখন শুস্ক হোৱা, খজুৱতি হয় । হতাশাই গা কৰি উঠাৰ লগতে পাহৰণিৰ সমস্যা, হৃদস্পন্দন বৃদ্ধি, মহিলাসকলৰ ঋতুস্রাব অনিয়মীয়া হয় । শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম ওলোৱা, উত্তেজনাও বৃদ্ধি পোৱা, বুকুখন ধৰফৰ কৰা, বমি অথবা ওকালি হয় বুলি কয় ডা: নায়কে ।
কেনেদৰে হাত সাৰিব পাৰি ?
এনে সমস্যাৰ পৰা হাত সাৰিবলৈ অথবা নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে খাদ্য় গ্ৰহণৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ পৰিৱৰ্তনলৈকে সকলো ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰিব লাগিব বুলি ডা: নায়কে কয় ।
শৰীৰৰ স্বাভাৱিক বিকাশ, মস্তিষ্কৰ গঠনৰ বাবে আয়'ডিন অতিকৈ প্ৰয়োজন । ইয়াৰ অভাৱ হ'লেই শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মে । সেইবাবে সকলোৱে নিয়মীয়াকৈ আয়োডিনযুক্ত নিমখ খোৱা উচিত ।
- আপুনি জানেনে ধূমপানৰ ফলত শৰীৰৰ কিমান ক্ষতিসাধন হ'ব পাৰে ? হৃদৰোগৰ পৰা আৰম্ভ কৰি থাইৰয়ড নিয়ন্ত্ৰণলৈকে সকলো ক্ষেত্ৰতে ধূমপান নিয়ন্ত্ৰণ কৰিবই লাগিব ।
- আজিকালি সংসাধিত খাদ্য খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে । সেয়েহে সংসাধিত খাদ্য নিয়ন্ত্ৰণ কৰিবই লাগিব । কাৰণ এনে খাদ্য়ই থাইৰয়ড হৰম'ন নিয়ন্ত্রণত ব্যাঘাত জন্মোৱাৰ আশংকা থাকে ।
- জিংকযুক্ত খাদ্য গ্রহণ কৰিব লাগিব । থাইৰয়ড গ্রন্থি সুস্থ আৰু সক্রিয় হৈ থাকিবলৈ এইবিধ উপাদানৰ খুবেই প্ৰয়োজন ।
- ছেলেনিয়ামযুক্ত খাদ্য বিশেষকৈ কণী, ভিটামিন 'ডি'যুক্ত খাদ্য, 'বি' ভিটামিনযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে ।
- হাইপ'থাইৰডেয় হ'লে ব্রক'লি, বন্ধাকবি, পাউৰুটী, পাষ্টা, চর্বিযুক্ত খাদ্য বিশেষকৈ বাটাৰ বা মাখন, মাংস, চকলেট, কেক আদি খাব নালাগে ।
লগতে পঢ়ক:দাঁতৰ আলুৰ বেক্টেৰিয়াই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে নেকি ? কি কয় বিশেষজ্ঞই
এফএছএছএআয়ে নিষিদ্ধ কৰিলে ফল-মূল পকাবলৈ ব্য়ৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড
(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

