ETV Bharat / health

ফ্ৰীজত বেছি সময় ৰখা খাদ্য়সম্ভাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

ফ্ৰীজত ৰাখিলেই সকলো খাদ্য় ভালে থাকে নে ?

How beneficial is keeping food in the freezer for a long time for health?
ফ্ৰীজত বেছি সময় ৰখা খাদ্য়সম্ভাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? (Getty Images)
author img

By ETV Bharat Assamese Team

Published : May 23, 2026 at 3:32 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: আজিকলি প্ৰায়ভাগ মানুহৰ ফ্ৰীজত ৰখা খাদ্য় খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে । বৰ্তমান প্ৰতিটো পৰিয়ালৰ বাবে ফ্ৰীজ এটা অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে । বিশেষকৈ গৰমৰ দিনত সোনকালে খাদ্য়বস্তু নষ্ট নহ'বৰ বাবে ফ্ৰীজক ৰখাৰ প্ৰৱণতাই গা কৰি উঠিছে । পিছে ফ্ৰীজত ৰখা এইবোৰ খাদ্য় শৰীৰৰ বাবে সমানেই উপকাৰী নে ?

আমি সেউজীয়া শাক-পাচলিৰ পৰা আৰম্ভ কৰি খাবৰ বাবে প্ৰস্তুত কৰা খাদ্য় ফ্ৰীজত থৈ দিও । কিছুমানে আনকি এবাৰতে ৰান্ধি তিনি-চাৰি দিনলৈকে ফ্ৰীজত ৰাখি খায় । কেতিয়াবা আকৌ ফ্ৰীজৰ পৰা উলিয়াই আনি সেইখিনি খাদ্য়কে পুনৰ উতলাই খায় । অৱশিষ্টখিনি পুনৰ ফ্ৰীজত ভৰাই থয় । এনেদৰে খাদ্য় গ্ৰহণ কৰিলে খাদ্য়ৰ পুষ্টিমূল্য় একেদৰে থাকে নে ? এই খাদ্য় শৰীৰৰ বাবে কিমান উপকাৰী ? এই সকলোবোৰ বিষয় ইটিভি ভাৰতৰ আগত ব্য়াখ্য়া কৰিলে জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে

ফ্ৰীজত ৰখা খাদ্য় সন্দৰ্ভত মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে কি কয় ? (ETV Bharat Assam)

জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞগৰাকীয়ে কয়, "ফ্ৰীজ সাধাৰণতে ব্যৱহাৰ কৰা হয় তাপমান নিয়ন্ত্ৰণৰ বাবে । আমি ফ্ৰীজত যদি কিবা খাদ্য ৰাখো তেন্তে জনা উচিত যে সেই খাদ্যবিধ কিমান সময়ৰ বাবে ৰাখি খাব পাৰো । আনহাতে কিছুমান এনেধৰণৰ খাদ্য আছে যিসমূহ আমি বেছি দিন ফ্ৰীজত ৰাখি সেইখিনিকেই আকৌ পিচত গ্ৰহণ কৰো তেতিয়া ই আমাৰ শৰীৰত বিভিন্ন ধৰণে ক্ষতি সাধন কৰিব পাৰে ।"

ফ্ৰীজত ৰখা খাদ্য় সন্দৰ্ভত মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে কি কয় ? (ETV Bharat Assam)

কিমান দিনলৈ ৰাখিব পাৰি ?

এই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক নায়কে কয়,"বহু এনে লোক আছে যিয়ে এবাৰ খাদ্য প্ৰস্তুত কৰি দুই-তিনিলৈ ফ্ৰীজত থৈ সেইসমূহ সময়ে সময়ে উলিয়াই গৰম কৰি খাই থাকে। আচলতে তেনেদৰে খাদ্য গ্ৰহণ কৰাটো উচিত নহয় । ফ্ৰীজত খাদ্যবিধ ৰখাৰ পাছত দিনটোত কিমান বাৰ বিদ্যুৎ অহা-যোৱা কৰে সেয়া আমি গম নাপাও । ফলত দীৰ্ঘসময় ধৰি ৰখা খাদ্যসমূহত বেক্টেৰিয়া বা ভেঁকুৰ পৰ্যন্ত জমা হ'ব পাৰে, যি আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।"

কেতিয়া খালে ভাল ?

ডাঃ নায়কে পুনৰ কয়," ফ্ৰীজত সমগ্রী ৰাখিলেই নহ'ব । সময়ে সময়ে ফ্ৰীজটো পৰিস্কাৰ কৰাটোও প্ৰয়োজন । সমান্তৰালভাৱে সময়ৰ অভাৱ বা ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে এদিন খাদ্য প্ৰস্তুত কৰি বহুতে এসপ্তাহ পৰ্যন্ত গৰম কৰি কৰি খায়, এনেদৰে খাদ্য গ্ৰহণ কৰাটো একেবাৰে উচিত কথা নহয় । কাৰণ সকলো বস্তুৰে এটা সময়সীমা থাকে । খাদ্য সময় সাপেক্ষে ২৪-৪৮ ঘণ্টা পৰ্যন্ত ফ্ৰীজত ৰাখি খাব পাৰে ।"

শিশুসকলক ফ্ৰীজত ৰখা খাদ্য় সদায় খাবলৈ দিয়া উচিত নহয় বুলি উল্লেখ কৰি ডাঃ নায়কে কয়, "শিশুসকলৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰিব লাগে । এইটো ভাবিব নালাগে যে ফ্ৰীজত থৈছো মানে সকলো ঠিকেই থাকিব । আনহাতে গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য় যেনে পায়স আদি বেছি দিনলৈ ফ্ৰীজত ৰাখি খাব নালাগে ।"

How beneficial is keeping food in the freezer for a long time for health?
ফ্ৰীজত বেছি সময় ৰখা খাদ্য়সম্ভাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ? (ETV Bharat Assam)

কোনসমূহ খাদ্য ৰাখিব নালাগে ?

ফ্ৰীজত কোনবোৰ খাদ্য় থব নালাগে সেই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসাকগৰাকীয়ে কয়," আলু, বিলাহী, পিয়াজ, নহৰু, আচাৰ এই সমূহ ৰাখিব নালাগে । তদুপৰি ফল-মূলৰ ভিতৰত কল , আপেল আদি ৰাখিব নালাগে । বেছিদিনলৈ দৈ ৰাখিব নালাগে ।" অৱশ্যে কণী, মাছ-মাংস আদি ফ্ৰীজত ৰাখিলে বিশেষ ক্ষতি হোৱাৰ আশংকা নাই বুলি চিকিৎসাকগৰাকীয়ে কয় ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:ভিটামিন 'চি' কিয় বেছিকৈ খাব নালাগে ?

শৈশৱৰ মাইঅ’পিয়াই ধাৰণ কৰিছে জটিল ৰূপ: জীৱনশৈলীৰ পৰিৱৰ্তনৰ আহ্বান বিশেষজ্ঞৰ

ৰোগ প্ৰতিৰোধত তুলনাবিহীন গ্ৰীণ টি, উপকাৰিতাবোৰ কি?