ETV Bharat / health

ফাকুৱাৰ সময়ছোৱাত ৰুক্ষতা, মৰি যোৱা ছাল আদিৰ পৰা কেনেকৈ আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখিব, জানো আহক...

হোলীৰ ৰঙৰ পৰা কেনেদৰে আপোনাৰ ছালখন বচাই ৰাখিব, এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ।

HOLI 2026
ফাকুৱাৰ সময়ছোৱাত কিদৰে আপোনাৰ ছালখনৰ যতন ল'ব ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 3:57 PM IST

3 Min Read
Choose ETV Bharat

মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰঙৰ উৎসৱ ফাকুৱা । ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে । হিন্দু ধর্মৰ এটা অতি পবিত্ৰ উৎসৱ ফাকুৱা । এই ফাকুৱাৰ দিনত প্ৰথমে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ফাকুৱা দিয়াৰ পাছত ইজনে-সিজনক প্ৰেম আৰু ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাৰ উদ্দেশ্যেৰে ফাকুৱা খেলা হয় ।

অৱশ্যে এই ফাকুৱাৰ ৰং বহুতে ভয় কৰা দেখা যায় । কিন্তু এই উৎসৱৰ আমাৰ ছাল-চুলিৰ সুন্দৰ্যৰ লগত এক বিশেষ সম্পৰ্ক আছে ।

ফাকুৱাৰ সময়ছোৱাত কিদৰে আপোনাৰ ছালখনৰ যতন ল'ব ? (ETV Bharat Assam)

যিহেতু এয়া ফাগুনৰ সময় । এই সময়ছোৱাত বতাহৰ বাবে ছালখন শুকান হৈ যায়, আনকি ছালত মৃতকোষৰ সৃষ্টি হয় । ফাকুৱা সময়ত আবিৰৰ ৰং গালত লগোৱাৰ ফলত এই সমূহ সমস্যা দূৰ হয় ।

আজিকালি বজাৰত উপলব্ধ অধিকাংশ আবিৰৰ গুৰিত বহু কেমিকেল মিহলি কৰা হয় ৷ কিন্তু পূৰ্বে কেমিকেলৰ সলনি আবিৰৰ গছ বা ফুলৰ গুৰি, শাকৰৰ গুৰিৰে ফাকুৱা আবিৰ প্ৰস্তুত কৰি এই উৎসৱ পালন কৰা হৈছিল । যিবোৰ মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় কিছুমান বনৌষধিযুক্ত আছিল ।

ফাকুৱাৰ সময়ছোৱাত কিদৰে আপোনাৰ ছালখনৰ যতন ল'ব ?

বৰ্তমান সময়ত যিহেতু বজাৰত ভিন্ন ধৰণৰ আবিৰৰ ৰং উপলব্ধ । ফাকু পাউদাৰৰ উপৰিও ভিন্ন ধৰণৰ জুলীয়া ৰঙো বজাৰত উপলব্ধ হৈছে । এই ফাকু ৰঙৰ পৰা ছালৰ বহুত ৰোগ হোৱা পৰিলক্ষিত হয়, সেয়ে এইসময়ছোৱাত ছালৰ যতন লোৱাটো অতি আৱশ্যক ।

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই উল্লেখ কৰা মতে, বৰ্তমান বজাৰত হাৰ্বেল ফাকুগুৰিও উপলব্ধ, সেয়ে কেমিকেলযুক্ত ফাকুগুৰিৰ সলনি হাৰ্বেল ফাকুগুৰি ব্যৱহাৰ কৰিব পৰা যায় । ইয়াৰোপৰি ঘৰুৱাভাৱেও ফাকুগুৰি প্ৰস্তুত কৰি ল’ব পৰা যায় ৷ হালধীয়া ৰঙৰ বাবে হালধি গুৰি, ৰঙা ৰঙৰ বাবে গোলাপ ফুলৰ পাহি শুকুৱাই গুৰি কৰি ল’ব পৰা যায় বুলিও তেওঁ কয় ।

ফাকুৱাৰ ৰঙৰ পৰা ছালখন বচাবলৈ কি কৰিব ?

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই কয়, ‘‘এপাহি সুগন্ধি গোলাপ ফুল, কেঁচা গাখীৰ, কাঠ বাদাম আৰু এলোভেৰা জেল ল’ব । প্ৰথমে গোলাপ ফুলটো ভালদৰে ধুই পাহিখিনি আঁতৰাই কেঁচা গাখীৰত তিয়াই থ’ব ৷ লগতে কেইটামান কাঠ বাদামো একেলগে তিয়াই থ’ব । এই সামগ্ৰীখিনিৰে এটা মিশ্ৰণ প্ৰস্তুত কৰি অকমান অলিভ অইল মিহলাই ফ্ৰীজিং কৰি থ’ব ৷ ফাকু খেলি ঘূৰি অহাৰ পাছত ভালদৰে মুখখন পানীৰে ধুই ২০ মিনিটৰ বাবে এই মিশ্ৰণটো মুখত লগাই থৈ দিব । ২০ মিনিটৰ পাছত ভালদৰে মুখখন ধুই মশ্বেইৰাইজাৰ লগাব ।’’

এনে কৰিলে মুখৰ ৰুক্ষতা নাইকিয়া হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ৷ লগতে ছালৰ সমস্যাও নাইকিয়া হয় ৷ উল্লেখিত মিশ্ৰণ লগালে ছালৰ বহু সমস্যাই নাইকিয়া হয় বুলি ই টিভি ভাৰতৰ আগত উল্লেখ কৰে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

গোলাপ ফুল, কেঁচা গাখীৰ, কাঠ বাদাম আৰু এলোভেৰা জেলৰ উপৰিও কেৱল তিঁয়হ আৰু এলোভেৰাৰ এটা মিশ্ৰণো লগাব পৰা যায় বুলিও কয় সৌন্দৰ্য বিশেষজ্ঞাগৰাকীয়ে ৷

তেওঁ কয়, ‘‘প্ৰথমে এটা কুমলীয়া তিঁয়হ ভালদৰে ধুই তাৰ ৰসখিনি উলিয়াই ল’ব লাগিব । তাৰ লগত এলোভেৰা জেলী মিহলি কৰি ফ্ৰিজিং কৰি থ’ব । ফাকুৱাৰ দিন কেইটাত ভালদৰেই মুখখন ধুই এই মিশ্ৰণটো ২০ মিনিট ছালত লগাই ৰাখিব । ২০ মিনিটৰ পাছত ভালদৰে মুখখন ধুই মশ্বেইৰাইজাৰ লগাব ।’’ এনে কৰিলেও ছালখন সুস্থ থাকে বুলি মন্তব্য কৰে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

লগতে পঢ়ক : অশান্ত ফাগুনৰ ধূলিয়ৰি বাটত কেনেদৰে যতনাই ৰাখিব আপোনাৰ চুলি আৰু ছাল ?