ইব’লাই ভয়াবহ ৰূপ ধাৰণ কৰা কংগোলৈ ভাৰতে প্ৰেৰণ কৰিছে চিকিৎসা সাহাৰ্য
কংগোৰ কৰ্তৃপক্ষই সদৰী কৰা মতে ৭০০ৰো অধিক সন্দেহযুক্ত ইব’লাত আক্ৰান্ত ।

Published : May 25, 2026 at 5:46 PM IST
আফ্ৰিকাৰ কংগোৰ লগতে উগাণ্ডা আৰু দক্ষিণ ছুডানত ইব'লাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী । এই ৰোগত মৃত্য়ু হোৱা লোকৰ সংখ্য়া বৃদ্ধি হোৱাৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাই এই পৰিস্থিতিটোক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (পিএইচইআই) হিচাপে ঘোষণা কৰে ।
কংগোৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, দেশখনৰ পূব অংশত ইব’লা (বুণ্ডিবুগ্য’ ষ্ট্ৰেইন)ৰ সন্দেহযুক্ত লোকৰ সংখ্যা ৯০০ অতিক্ৰম কৰিছে । দেশখনৰ যোগাযোগ মন্ত্ৰালয়ে দেওবাৰে এটা পোষ্টত উল্লেখ কৰে যে ৯০৪ জন সন্দেহযুক্ত ৰোগী আৰু ১১৯ জনৰ মৃত্যু হৈছে । ইয়াৰ পূৰ্বে কৰ্তৃপক্ষই ৭০০ৰো অধিক সন্দেহযুক্ত ইব’লাত আক্ৰান্ত আৰু ১৭০ জনতকৈ অধিক সন্দেহযুক্তৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল । এই আক্ৰান্তসকলৰ বেছিভাগেই দেশখনৰ ইটুৰি প্ৰদেশৰ । ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰাদুৰ্ভাৱে এতিয়া কংগোৰ বাবে অধিক বিপদৰ সৃষ্টি কৰিছে যদিও বিশ্বজুৰি বিয়পি পৰাৰ আশংকা কম ।
ভাৰতে প্ৰেৰণ কৰিছে চিকিৎসা সাহাৰ্য :
ইফালে, ইব’লা আক্ৰান্ত দেশ ডিআৰচি আৰু উগাণ্ডালৈ ভাৰতে সহায়ৰ হাত আগবঢ়াইছে । কংগো গণতান্ত্ৰিক ৰিপাব্লিক আৰু উগাণ্ডাত ইব’লা ভাইৰাছৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ মাজতে ভাৰতে মানৱীয় আৰু চিকিৎসা সাহায্য প্ৰদান কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে নিশ্চিত কৰিছে যে ভাৰতে জৰুৰীভাৱে আফ্ৰিকা চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (আফ্ৰিকা চিডিচি)লৈ চিকিৎসাৰ প্ৰথমটো সামগ্ৰী আৰু সুৰক্ষা কিট প্ৰেৰণ কৰিছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে চিকিৎসা সামগ্ৰী, ছেফটি কিট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী সন্নিবিষ্ট কৰা হৈছে।
ভাৰতীয় নাগৰিকৰ বাবে পৰামৰ্শ :
সাহাৰ্য প্ৰেৰণৰ উপৰি ভাৰত চৰকাৰে নিজৰ নাগৰিকসকলৰ বাবে ডিআৰচি, উগাণ্ডা, আৰু দক্ষিণ ছুডানলৈ অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে । ইয়াৰ উপৰি ইব’লা আক্ৰান্ত অঞ্চলৰ পৰা অহা যাত্ৰীসকলৰ বিমানবন্দৰত কঠোৰ পৰীক্ষণ আৰম্ভ কৰা হৈছে ।
ইপিনে,ভাৰত চৰকাৰৰ এই পৰামৰ্শৰ পিছত সমগ্ৰ দেশৰ সকলো ৰাজ্য চৰকাৰো হাই এলাৰ্টত নামি পৰিছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে দেশজোৰা সতৰ্কবাণী জাৰি কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে সতৰ্কতা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে । উল্লেখ্য় যে ভাৰতত এতিয়ালৈকে ইব’লাৰ কোনো ৰোগী ধৰা পৰা নাই; কিন্তু সুৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (বিশেষকৈ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ) আৰু সাগৰীয় বন্দৰত কঠোৰ নজৰ ৰখা হৈছে ।
কংগো, উগাণ্ডা, আৰু দক্ষিণ ছুডানৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে থাৰ্মেল স্ক্ৰীণিং আৰু বিশদ চিকিৎসা পৰীক্ষা বাধ্যতামূলক কৰা হৈছে (যিবোৰক উচ্চ বিপদজনক দেশ বুলি গণ্য কৰা হয়)। ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকৰ দৰে কেইবাখনো ৰাজ্য চৰকাৰে নিজৰ স্বাস্থ্য বিভাগ প্ৰস্তুত কৰিছে আৰু যিকোনো সন্দেহযুক্ত ৰোগীক চম্ভালিব পৰাকৈ আইছ’লেশ্যন ৱাৰ্ড আৰু চিকিৎসালয় (যেনে জয়পুৰৰ আৰ ইউএইছ এছ হাস্পতাল)সাজু হৈছে । স্বাস্থ্য সেৱা সঞ্চালকালয়ে ৰাজ্যসমূহক মানক পৰিচালনা পদ্ধতি (এছ অ’পি) জাৰি কৰি ভ্ৰমণকাৰীসকলক ইব’লাৰ কোনো লক্ষণ দেখা দিলে ২১ দিনৰ বাবে স্ব-নিৰীক্ষণ কৰিবলৈ পৰামৰ্শ দিছে ।
লগতে পঢ়ক:ইব’লাৰ প্ৰাদুৰ্ভাৱ: প্ৰয়োজন নহ’লে কংগো-উগাণ্ডা-দক্ষিণ ছুডান ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ ভাৰতীয়ক
আফ্ৰিকাত ইব'লাৰ প্ৰাদুৰ্ভাৱ; আন্তৰ্জাতিক স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

