ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি; 'চিকিৎসক দিৱস'ত মানৱদৰদী চিকিৎসকলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ
প্ৰতি বছৰে ১ জুলাইত দেশজুৰি পালন কৰা হয় 'ৰাষ্ট্ৰীয় চিকিৎসক দিৱস' ।

Published : July 1, 2026 at 10:38 AM IST
|Updated : July 1, 2026 at 10:55 AM IST
গুৱাহাটী : আজি 'ৰাষ্ট্ৰীয় চিকিৎসক দিৱস'। প্ৰতি বছৰে ১ জুলাইত দেশজুৰি পালন কৰি অহা হৈছে এই দিৱস ।
মহান চিকিৎসক তথা পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীত প্ৰতিগৰাকী মানৱদৰদী চিকিৎসকক সন্মান জনোৱাৰ উদ্দেশ্য়ে এই দিৱস পালন কৰা হয় ।
এই দিৱসতেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চিকিৎসক বন্ধুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।
On National Doctor's Day, as we pay tributes to Dr B.C Roy, I also express my deepest gratitude to the doctor community. Even at the toughest circumstances, doctors have exemplified extreme resilience and selflessness.
— Himanta Biswa Sarma (@himantabiswa) July 1, 2026
We are committed to deliver the best possible infra,… pic.twitter.com/6RohT5uwar
আজি সামাজি মাধ্য়মত প্ৰতিগৰাকী মানৱদৰদী চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জনসেৱাৰ স্বাৰ্থত চিকিৎসকসকলক চৰকাৰে প্ৰতিটো ক্ষণতে সমৰ্থন আৰু সহযোগ কৰিব বুলি উল্লেখ কৰি এয়া চৰকাৰখনৰ নৈতিক দায়িত্ব বুলিও কয় ।
ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় যে এখন সুস্থ দেশ কিম্বা এটা সবল জাতিৰ মূল আধাৰ হৈছে চিকিৎসকসকল ।
সামাজিক মাধ্য়মত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এটা পোষ্টত কয়, "ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । চিকিৎসক দিৱসৰ এই বিশেষ দিনটোত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আমাৰ জীৱন ৰক্ষা কৰা প্ৰতিগৰাকী মানৱদৰদী চিকিৎসক বন্ধুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । এখন সুস্থ দেশ কিম্বা এটা সবল জাতিৰ মূল আধাৰ হৈছে চিকিৎসকসকল । সেয়েহে জনসেৱাৰ স্বাৰ্থত আমাৰ চিকিৎসকসকলক সমৰ্থন আৰু সহযোগ কৰাটো আমাৰ নৈতিক দায়িত্ব ।"
ৰাষ্ট্ৰীয় স্বাস্থ্য় মিছনে অসমেও এই বিশেষ দিনটোত সামাজিক মাধ্য়মযোগে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসত শুভেচ্ছা জনায়৷
Happy National Doctors' Day to the pillars of our healthcare system! Your unwavering resilience, expertise, and compassion keep our communities moving forward. We salute your dedication. 🙏💙 #NationalDoctorsDay2026#ThankYouDoctors #HealthcareHeroes pic.twitter.com/FIjunLPGVq
— NHM_Assam (@nhm_assam) July 1, 2026
উল্লেখ্য় যে ১৯৯১ চনত ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনে এই দিৱসৰ আৰম্ভ কৰিছিল । ডাঃ বিধান চন্দ্ৰ ৰয় এগৰাকী মহান চিকিৎসক, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল । চিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ ডাঃ ৰয়ক ১৯৬১ চনত 'ভাৰত ৰত্ন' প্ৰদান কৰা হৈছিল ।
লগতে পঢ়ক:চৰকাৰী ব্যৱস্থাত কৰিব নোৱৰা কঠিন চিকিৎসাহে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কৰিব লাগে: স্বাস্থ্যমন্ত্ৰী
অসমত স্থাপন হ’ব জনজাতীয় সংগ্ৰহালয়, ৰাজ্য চৰকাৰে কেন্দ্ৰক দিছে প্ৰস্তাৱ

