আজিয়েই বিশেষজ্ঞৰ পৰা জানি লওক হৃদৰোগৰ পৰা নিজক কিদৰে বচাই ৰাখিব পাৰে
বিগত সময়ছোৱাত হৃদৰোগৰ ফলত বহুলোকেই নিজৰ প্ৰাণ হেৰুওৱাইছে সেয়ে সময় থাকোতে বিশেষজ্ঞৰ পৰাই জানি লওক ইয়াৰ পৰা বাচি থকাৰ উপায়-

Published : November 8, 2025 at 5:24 PM IST
হৃদৰোগৰ সমস্যা সাম্প্ৰতিক সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ৷ কম বয়সীয়া লোকৰ ক্ষেত্ৰতো এতিয়া দেখা গৈছে হৃদৰোগৰ আশংকা ৷ শোকাৱহভাৱে বহু যুৱক-যুৱতী হাৰ্ট এটেক আৰু ষ্ট্ৰ’কত মৃত্যুমুখত পৰিছে ৷ বহুসময়ত হৃদযন্ত্ৰৰ অৱস্থাৰ বিষয়ে অজ্ঞাত হৈ থকাৰ বাবে সময়মতে চিকিৎসাৰ অভাৱত বহুলোকে অকালতে জীৱন হেৰুৱাবলগীয়া হয় ৷ হৃদৰোগৰ সমস্যা বৃদ্ধিৰ ক্ষেত্ৰত অস্বাস্থ্যকৰ জীৱনশৈলীয়ে আটাইতকৈ প্ৰধান ভূমিকা লয় ৷ অস্বাস্থ্যকৰ খাদ্যাভ্যাস, বেয়া টোপনি আৰু অত্যধিক মানসিক চাপৰ দৰে কাৰকেও হৃদযন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলায় ৷
খাদ্যৰ পৰা আৰম্ভ কৰি ব্যায়ামলৈকে দৈনন্দিন জীৱনত কিছু সৰু সৰু পৰিৱৰ্তন সাধন কৰিলে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে ৷ আধুনিক জীৱনশৈলীত খাদ্য, মানসিক চাপ নিয়ন্ত্ৰণ, সুস্থ টোপনিৰ ধৰণ বজাই ৰখা আদি বিষয়বোৰ প্ৰায়ে উপেক্ষা কৰা হয় ৷ কিন্তু আপুনি সুস্থ হৈ থকাৰ বাবে খাদ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজলৈকে সৰু সৰু কথাবোৰত মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ ৷
প্ৰ’টিন আৰু ফাইবাৰ গ্ৰহণ
নতুন দিল্লীস্থিত এইমছৰ চিকিৎসক ডাঃ নম্ৰতা শৰ্মাই কয় যে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কম চৰ্বি থকা প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷ এনে খাদ্যই স্বাস্থ্যসন্মত ওজন বজাই ৰখাত সহায় কৰে ৷ স্বাস্থ্যসন্মত ওজন হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয় ৷ সেয়ে খাদ্যত কণী, পনীৰ, দাইল, বীন, কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, মাছ আদি অন্তৰ্ভুক্ত কৰিব লাগে ৷
ইয়াৰ লগতে ফাইবাৰৰ বাবে সেউজীয়া শাক-পাচলি, বিভিন্ন ধৰণৰ ফাইবাৰযুক্ত ফল যেনে আপেল, নাচপতি, জামু, এভোকেডো, কল, মধুৰী, অমিতা আদি খাব লাগে ৷ এনে খাদ্যসমূহে দেহৰ বাবে প্ৰয়োজনীয়া আন আন পুষ্টিকৰ পদাৰ্থও সঠিক পৰিমাণে যোগান ধৰিব ৷
অধিক চৰ্বিযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক
বিশেষজ্ঞসকলে কয় যে, হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ হ’লে অধিক চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে ৷ এনে খাদ্যসমূহে মেদবহুলতাত অৰিহণা যোগায় ৷ শৰীৰৰ অত্যধিক ওজনৰ ফলত ইনচুলিনৰ ভাৰসাম্যহীনতা হ’ব পাৰে, যাৰ ফলত ডায়েবেটিছ হ’ব পাৰে ৷ এই সমস্যা আপোনাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক ৷
সঠিক ব্যায়াম
বিশেষজ্ঞসকলে কয় যে, যেতিয়া হৃদযন্ত্ৰৰ উপকাৰৰ বাবে আমি অতি সহজ ব্যায়ামৰ অভ্যাস কৰা উচিত ৷ অনুলোম বিলোম প্ৰাণায়াম আৰু কপালভাটি হৈছে এনে শ্বাস-প্ৰশ্বাসৰ ব্যায়াম, যি শৰীৰৰ অভ্যন্তৰীণ অংগসমূহলৈ অক্সিজেনৰ প্ৰবাহ উন্নত কৰে আৰু লগতে আপোনাৰ মানসিক স্বাস্থ্যৰ উপকাৰ কৰে ৷
ডাঃ নম্ৰতা শৰ্মা কয় যে, পুৱাৰ সৰু সৰু ব্যায়ামসমূহ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিলে আৰু কম চৰ্বিযুক্ত খাদ্য, চৰ্বিহীন প্ৰটিন, ফাইবাৰযুক্ত শাক-পাচলি, মাহজাতীয় শস্য, দাইল আদি অন্তৰ্ভুক্ত কৰিলে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে ৷
এই কথাবোৰো অতি গুৰুত্বপূৰ্ণ
মানসিক চাপে কেৱল মানসিক স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, শাৰীৰিক স্বাস্থ্যৰো ক্ষতি কৰে ৷ গতিকে মানসিক স্বাস্থ্য পৰিচালনা কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে দৈনিক ধ্যান-ধাৰণা কৰিব লাগে, প্ৰকৃতিৰ মাজত সময় কটাব লাগে, পুষ্টিকৰ খাদ্য খাব লাগে আৰু ভাল লগা কামবোৰ, যেনে- শিল্প, সংগীত, আত্ম-যত্ন, বাগিচা আদিৰ সৈতে জড়িত হ’ব লাগে ৷
দৈনন্দিন জীৱনত প্ৰতিদিনে ৩০ মিনিট খোজ কঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিব পাৰে ৷ ই আপোনাৰ ওজন বজাই ৰখাত সহায় কৰে আৰু হৃদযন্ত্ৰ, হাওঁফাওঁ, পাচনতন্ত্ৰকে ধৰি বহু অংগক উপকৃত কৰে ৷ সুস্থ হৃদযন্ত্ৰ বজাই ৰাখিবলৈ টোপনিৰ মান উন্নত কৰা উচিত ৷ ইয়াৰ দ্বাৰা আপোনাৰ মানসিক চাপ নিয়ন্ত্ৰণতো সহায়ক হ’ব ৷ প্ৰতি নিশা সঠিক সময়ত শুবলৈ আৰু প্ৰতিদিনে পুৱা সঠিক সময়ত সাৰ পোৱাটো অভ্যাস কৰক ৷
লগতে পঢ়ক

