হার্ট এটেক আৰু হার্ট ফেইলিউৰ একেই নেকি ?
হার্ট এটেক আৰু হার্ট ফেইলিউৰ দুয়োটাৰ মাজত পার্থক্য কি, হার্ট ফেইলিউৰৰ কাৰণসমূহ কি ? এই সন্দৰ্ভত জনালে হৃদ শল্য বিশেষজ্ঞ ডাঃ জ্যোতি প্ৰসাদ কলিতা-

Published : November 12, 2025 at 5:25 PM IST
'হার্ট এটেক' আৰু 'হার্ট ফেইলিউৰৰ অর্থ পৃথক যদিও প্রায়ভাগ লোকেই দুয়োটাকে একে অর্থতে ব্যৱহাৰ কৰে ৷ফলত বহুক্ষেত্রত সাধাৰণ মানুহৰ মাজত কিছুমান সমস্যাই গা কৰি উঠে ৷ আনকি শিক্ষিত লোকসকলৰো প্রায়ভাগেই দুয়োটাকে একে অৰ্থত ব্যৱহাৰ কৰাৰ ফলত সময়ে সময়ে বিপদো ঘনীভূত হোৱা দেখা যায় ৷ দৰাচলতে দুয়োটাৰে মাজত থকা পার্থক্য নজনা বাবেই কেতিয়াবা বিভ্রান্তিৰ মাজত সোমাই পৰে আক্রান্ত লোকৰ পৰিয়ালৰ সদস্যসকল ৷
দৰাচলতে 'হার্ট এটেক' আৰু 'হার্ট ফেইলিউৰ' দুটা পৃথক বিষয় ৷ দুয়োটাৰ মাজত পার্থক্য জানিবলৈ হ'লে প্রথমতে হৃদযন্ত্রই পাম্প কৰি শৰীৰৰ বিভিন্ন অংশলৈকে তেজৰ সৰবৰাহ কৰাৰ বিষয়ে ভালদৰে জানিব লাগিব ৷ এই সৰবাৰহ বা সঞ্চালন স্বাভাৱিক হৈ থাকিলে শৰীৰৰ কাম-কাজ সুচাৰুৰূপে সম্পাদন হৈ থাকিলে শৰীৰৰ কাম-কাজ সঠিকভাৱে চলি থাকে ৷ বিপদ তেতিয়া হয় যেতিয়া এই প্রক্রিয়াত ব্যাঘাত জন্মে ৷ হৃদযন্ত্রই যেতিয়া ইয়াৰ স্বাভাৱিক কার্য অর্থাৎ পাম্প কৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ যোগান ধৰা প্রক্রিয়াটোত ব্যাঘাত জন্মে তেতিয়া 'হার্ট ফেইলিউৰ ' বুলি কোৱা হয় ৷ অর্থাৎ শৰীৰৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰা বা উপযুক্তভাৱে যোগান ধৰাত হৃদযন্ত্র অক্ষম হোৱা অবস্থাটোকে 'হার্ট ফেইলিউৰ' বুলি কয় ৷

আনহাতে, হৃদযন্ত্রৰ গাতে লাগি থকা কৰ'নাৰী আৰ্টাৰী নামৰ এডাল সৰু ধমনীয়ে হৃদযন্ত্রক পুষ্টিৰ যোগান ধৰে ৷ যেতিয়া কোনো কাৰণত এই আর্টাৰীত বাধাৰ সৃষ্টি হয় তেতিয়া আৰ্টাৰীয়ে পুষ্টিৰ যোগান ধৰাত অসমর্থ হোৱাত হৃদযন্ত্রৰ নির্দিষ্ট অংশই কার্য সম্পাদনত ব্যর্থ হয় ৷ কৰ'নাৰী আৰ্টাৰীয়ে তেজ আৰু অক্সিজেন সঠিকভাৱে উপযুক্ত সময়ত প্রেৰণ কৰিব নোৱৰাৰ ফলত সমস্যাৰ সৃষ্টি হয় ৷ ৰক্ত প্রবাহ বন্ধ হোৱাৰ ফলত হৃদযন্ত্রই অক্সিজেন লাভ নকৰিলে সেই ঠাইৰ কোষসমূহ ধ্বংস বা মৰি যাবলৈ ধৰে ৷ ফলত হার্ট এটেকৰ আশংকা ঘনীভূত হয় ৷ হার্ট ফেইলিউৰ হ'লে হৃদযন্ত্ৰৰ পাম্পিং ক্ষমতা হ্রাস পায় ৷ পাম্পিং ক্ষমতা হ্রাসৰ ফলত শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগলৈ সীমিত ৰক্ত প্রবাহ বা সৰবৰাহৰ ফলত অক্সিজেনৰ অভাৱে দেখা দিয়ে ৷ ফলত শ্বাস কষ্টৰ সমস্যাই গা কৰি উঠে ৷ হৃযন্ত্রৰ মাজত তেজ জমা হয় ৷ তদুপৰি শৰীৰৰ অংগ-প্রত্যংগলৈ পর্যাপ্ত তেজ নোযোৱাৰ ফলত বুকু, হাত, ভৰি আদি পানী জমা হোৱাৰ আশংকাই দেখা দিয়ে ৷ তদুপৰি শ্বাস কষ্টৰ সমস্যায়ো গা কৰি উঠে ৷ হার্ট ফেইলিউৰৰ অন্যতম লক্ষণ হ'ল শ্বাস-প্রশ্বাসত কষ্ট পোৱা ৷ তদুপৰি আক্রান্তজনৰ হাত-ভৰি ফুলি উঠাবো আশংকা নুই কৰিব নোৱাৰি ৷ সাধাৰণতে হৃদযন্ত্রৰ পাম্পিং জোখা
হার্ট ফেউলিউৰ হ'লে সাধাৰণতে আক্রান্ত ব্যক্তিজনৰ শ্বাস-প্রশ্বাসৰ সমস্যাই গা কৰি উঠে ৷ শ্বাস-প্রশ্বাসৰ সমস্যাই গা কৰি উঠে ৷ শ্বাস চুটি হয় ৷ এনে ব্যক্তিৰ মুৰ ঘুৰোৱা বা আচন্দ্রোৱাৰ দৰে হ'ব পাৰে ৷ শৰীৰৰ ওজন লাহে লাহে বৃদ্ধি পাবলৈ ধৰে ৷ হাত, ভৰি, পেট আদি ফুলি উঠে ৷ কফ আদিৰ সমস্যায়ো গা কৰি উঠে ৷ হার্ট ফেইলিউৰৰ অন্তিম পর্যায়ত হহৃদযন্ত্রৰ পেশী ধ্বংস হোৱাৰ লগতে বেছি সময় তেজ সময় তেজ পাম্পিং কৰিব নোৱাৰে ৷ ক্রণিক কফৰ সমস্যা দেখা দিয়ে ৷ এনে লোকৰ ভোক কমাৰ লগতে বমি ভাব হ'ব পাৰে ৷ হৃদস্পন্দনৰ গতি দ্রুত হয় ৷ তদুপৰি চিন্তা-ভাবনাত ব্যাঘাত জন্মাৰ লগতে মনঃসংযোগত ব্যাঘাত জন্মে ৷
হার্ট ফেইলিউৰৰ বিভিন্ন কাৰণ আছে ৷ যিবোৰ অৱস্থাই হৃদযন্ত্রৰ পেশীসমূহ নিয়ন্ত্ৰণ কৰে সেইবোৰৰ ভিতৰত অন্যতম হ'ল- কৰ'নাৰী এথেৰস্কলেৰোচিছ, হার্ট এটেক, কার্ডিঅ' মায়োপেথী, জন্মৰ সময়ত হৃদযন্ত্রৰ বিসংগতি, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কিডনী বা বৃক্কৰ ৰোগ, মেদবহুলতা ইত্যাদি ৷
যিকোনো বয়সতে এনে ধৰণৰ সমস্যাই গা কৰি উঠাৰ আশংকা থাকে ৷ সাধাৰণতে বয়স্ক লোকৰ হার্ট ফেইলিউৰ হোৱাৰ আশংকা তুলনামূলকভাৱে বেছি যদিও কম বয়সৰ লোকবে হ'ব পাৰে ৷ সেইবাবে যদিহে কোনো ধবণৰ লক্ষণ ফুটি উঠা বুলি জ্ঞাত হয় অথবা যিকোনো লক্ষণে দেখা দিলেই হৃদৰোগ বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত ৷ সময়ৰ পৰিৱর্তনৰ লগে লগে জীবন-যাপন পদ্ধতিবো সলনি হৈছে ৷ এনে জীবনশৈলীজনিত কাৰণত বিভিন্ন পৰিবর্তনে স্বাভাবিক জীৱন-যাত্রাত প্রভাব পেলাইছে ৷ উচ্চ ৰক্তচাপৰপৰা আৰম্ভ কৰি ডায়েবেটিছ আদি ৰোগে গা কৰি উঠিছে ৷ ইয়াৰ প্রত্যক্ষ অথবা পৰোক্ষ প্রভাৱৰ বাবে হার্ট ফেইলিউউব কম বয়সতে হ'বলৈ ধৰিছে ৷
এইখিনিতে হার্ট এটেকৰ বিষয়ে উল্লেখ কৰিলেহে বিষয়টো স্পষ্ট হৈ পৰিব ৷ হৃদযন্ত্র মূলতঃ এটি ভাস্কুলাৰ পাম্প ৷ কৰ'নাৰী ধমনীসমূহে হৃদযন্ত্রৰ মাছল বা পেশীলৈ তেজ সৰবৰাহ কৰে ৷ এই পেশীসমূহে জন্মৰ পৰা মৃত্যু পর্যন্ত এনে ধৰণৰ কার্য সম্পাদন কৰে ৷ পাঠকসকলে এটা কথা স্পষ্টভাৱে জানি থোবা ভাল যে শৰীৰৰ আন পেশী কেতিয়াবা ক্লান্ত হ'লেও হৃদযন্ত্ৰৰ পেশী কেতিয়াও ক্লান্ত নহয় ৷
যেতিয়া পেশী ক্লান্ত হৈ পৰে তেতিয়া সেই অংশত বিষ আৰম্ভ হয় ৷ যেতিয়া পেশীৰ ভিতৰত অক্সিজেনৰ অভাৱ ঘটে তেতিয়া তাৰ মেটাবলিজমৰ পৰিবর্তন হ'বলৈ ধৰে ৷ এনে হ'লে বহুতো বর্জ্য পদার্থ জমা হৈ থাকিলে দৰাচলতে বিষ আৰম্ভ হৈ থাকে ৷ এইবোৰক 'পি ফেক্টর' বুলি আখ্যা দিয়া হয় ৷ হৃদযন্ত্রৰ পেশীসমূহৰ ৰক্তসঞ্চালন ক্ষমতা বেছি বাবে ই সহজতে দুর্বল নহয় ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে হৃদযন্ত্রই এনে এবিধ 'ফ্লুইড' বা জুলীয়া দ্রব্য ব্যৱহাৰ কৰে পেশীসমূহৰ ৰক্তসঞ্চালন ক্ষমতা বেছি বাবে ই সহজতে দুর্বল নহয় ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে হহৃদযন্ত্রই এনে এবিধ 'ফ্রইড' বা জুলীয়া দ্রব্য ব্যৱহাৰ কৰে বিবিধ আন পেশীয়ে ব্যবহাৰ নকৰে ৷ আন পেশীসমূহে সাধাৰণতে গ্লোক'জ ব্যৱহাৰ কৰে ৷ ইয়াৰ বিপৰীতে হৃদযন্ত্রৰ পেশীসমূহে ফেটী এচিডহে ব্যৱহাৰ কৰে ৷ ফেটা এচিডে বহু বেছি শক্তিৰ যোগান ধৰাৰ ফলত অক্সিজেনৰ চাহিদাও বেছি হয় ৷ হৃদযন্ত্রৰ পেশীত হঠাতে ৰক্ত সঞ্চালন বন্ধ হোৱাৰ ফলত হার্ট এটেক হয় ৷
হৃদযন্ত্রৰ পেশীলৈকে ৰক্ত সঞ্চালন যেতিয়া ব্যাহত হয় অথবা যিমান প্রয়োজন সেই পৰিমাণৰ তেজ নাপালে আৰম্ভ হয় 'ইস্কিমিক হার্ট ডিজিজ' ৷ ইস্কিমিক হার্ট ডিজিজৰ প্রথম পর্যায়ৰ স্টেবল এঞ্জাইনা থাকিব পাৰে ৷ যেতিয়া 'ব্লক' আংশিক হয় তেতিয়া আক্রান্ত লোকজনে সামান্য চলা-ফুৰা কৰিলে, অলপ সময় কাম কৰিলেই বুকুত বিষ অনুভৱ কৰিবলৈ ধৰে ৷ উত্তেজনা বা টেনচন হ'লেও বিষ অনুভব হয় ৷ জিবণি লোৱাৰ লগে লগে বিষৰ পৰা উপশম লাভ কৰে ৷ এনে অৱস্থাত চৰম পৰিণতি হ'ল হার্ট এটেক ৷ এনে হ'লে আক্রান্তজনৰ বুকুৰ বিষ সহ্য হ'বলৈ ধৰে ৷ বাস্তৱ ক্ষেত্রত দেখা যায় বহুতো লোকে এনে ধৰণৰ লক্ষণ ফুটি উঠাৰ পাছতো চিকিৎসকৰ ওচৰলৈ নাযায় ৷ প্রথম অবস্থাত অবহেলা কৰে বা সময় যোৱাৰ লগে লগে আক্রান্তজনৰ অবস্থাই জটিল ৰুপ ধাৰণ কৰে ৷ আনহাতে, প্রায়ভাগ লোকে মাজে-সময়ে বুকুৰ বিষ হৈ থাকিলেও চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব নোখোজে ৷ অথচ এনে ব্যক্তিয়ে যদি উপযুক্ত সময়ত হৃদৰোগ বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰে তেতিয়া হ'লে কেবল হার্ট এটেকৰ পৰাই নহয় আন বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰে ৷
লগতে পঢ়ক

