ETV Bharat / health

মূৰৰ ওকণিয়ে প্ৰাণ কাঢ়িলে ১২ বছৰীয়া শিশুৰ : জানি লওক ওকণি কেনেদৰে প্ৰাণনাশক হ'ব পাৰে

ওড়িশাত সংঘটিত এক দুখজনক ঘটনাই সকলোকে আশ্চৰ্যচকিত কৰিছে । মূৰত ওকণি হোৱাৰ বাবেই ১২ বছৰীয়া এটি শিশুৱে মৃত্যুক আঁকোৱালি ল'বলগা হয় ।

GIRL DEATH DUE TO LICE
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)
author img

By ETV Bharat Assamese Team

Published : February 13, 2026 at 2:05 PM IST

5 Min Read
Choose ETV Bharat

শিশুৰ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত মূৰত ওকণি হোৱাটো এটা সাধাৰণ ঘটনা । বেছিভাগ ক্ষেত্ৰতে সৰুতে ভালদৰে মূৰ পৰিষ্কাৰ নকৰাৰ বাবে ওকণি হয় । আনহাতে, শিশুসকলে যেতিয়া একেলগে খেলা-ধূলা বা উঠা-বহা কৰে তেতিয়া ওকণিয়ে মূৰ বাগৰে । মূৰত ওকণিৰ অন্যতম লক্ষণ হৈছে খজুৱতি । অৱশ্যে মূৰৰ ওকণিৰ পৰা পৰিত্ৰাণ পোৱাটো কোনো সহজ কথা নহয় । তথাপিও মানুহে ইয়াৰ পৰা ৰক্ষা পৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰে আৰু এইটো কৰাটো জৰুৰীও । কিয়নো শেহতীয়াভাৱে ওকণি সম্পৰ্কীয় এক ঘটনাই সকলোকে আচৰিত কৰি তুলিছে । আনহাতে, আমি বহুতেই নাজানো যে এটা সৰু কীট কিমান ভয়ংকৰ হ'ব পাৰে । আনকি ই প্ৰাণনাশকো হ'ব পাৰে ।

সংক্ৰমণৰ পৰা হ'ব পাৰে গুৰুতৰ সমস্যা

ওকণি হৈছে মূৰৰ পেৰাচাইট, যিয়ে দিনটোত কেইবাবাৰো মানুহ তেজ শুহি খায় । অৱশ্যে ওকণিয়ে সাধাৰণতে ৰোগ নিবিয়পায় । কিন্তু অধিকসংখ্যক ওকণি হ'লে আৰু দীৰ্ঘ সময় ধৰি কোনো চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে হ'ব পৰা সংক্ৰমণে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । ওকণিয়ে কেৱল মূৰৰ ছালত খজুৱতি আৰু বিৰক্তিৰ সৃষ্টি কৰাই নহয়, ইয়াৰ তেজ শোহাৰ ধৰণে এনিমিয়াৰো সৃষ্টি কৰিব পাৰে আৰু এই পৰিস্থিতি গুৰুতৰ হ'লে মৃত্যুও হ'ব পাৰে ।

এই ঘটনাই স্তম্ভিত কৰিছে সকলোকে

ওড়িশাৰ পুৰী জিলাৰ এক দুখজনক ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে । এজনী ১২ বছৰীয়া ছোৱালীৰ মূৰত ওকণিৰ বাবে হোৱা সংক্ৰমণৰ ফলত মৃত্যু হয় । মাহৰ পিছত মাহ ধৰি ছোৱালীজনীয়ে ওকণিৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছিল । ইয়াৰ ফলত তেওঁৰ মূৰ আৰু ছালত গুৰুতৰ সংক্ৰমণ হৈছিল । এনে এক সময়ো আহে যে এই সংক্ৰমণৰ ফলত মূৰৰ পৰা ওলোৱা দুৰ্গন্ধৰ বাবে তেওঁ ঘৰৰ পৰা ওলোৱাটোৱে বন্ধ কৰি দিছিল । আনহাতে, সময়মতে চিকিৎসা তথা ঔষধ প্ৰয়োগ নকৰাৰ বাবে সমস্যা অধিক গুৰুতৰ হৈ পৰে । এটা সময়ত সংক্ৰমণ এনে অৱস্থাত উপনীত হয় যে সংক্ৰমণৰ বাবে ছোৱালীজনী মৃত্যুমুখত পৰে ।

মূৰত ওকণি কিয় হয়

ওকণি হৈছে ক্ষুদ্ৰ পেৰাচাইট । ই মূৰৰ ছাল বা লাওখোলা সঠিকভাৱে পৰিষ্কাৰ নকৰাৰ ফলত বা মূৰৰ ছাল বহুত বেছি শুকান বা তৈলাক্ত হোৱাৰ বাবে মূৰত জমা হোৱা লেতেৰা বা মলিয়ন হোৱা বাবে চুলিত ওকণিয়ে বাহ লয় । ই চুলিৰ মাজত থাকে আৰু লাওখোলাৰ পৰা তেজ শোষণ কৰে । ইয়াৰ ফলত নিৰন্তৰ খজুৱতি সৃষ্টি হয় । ই সৰু ছোৱালী আৰু কিশোৰীৰ ক্ষেত্ৰত সাধাৰণ কথা । কাৰণ তেওঁলোকে নিজে নিজৰ মূৰ ভালদৰে পৰিষ্কাৰ কৰিব নোৱাৰে । অৱশ্যে এইটোও নহয় যে এই সমস্যা ডাঙৰৰ নহয় । ওকণি দীঘল চুলিৰ পুৰুষ-মহিলা বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বেছি হয় । স্কুললৈ যোৱা শিশু বা একেলগে খেলা শিশুৰ ক্ষেত্ৰত ইজনৰ মূৰৰ পৰা সিজনৰ মূৰলৈ বিয়পে । ই ব্যক্তিগত ঘনিষ্ঠতা আৰু ফণী বা গাৰুৰ দৰে সামগ্ৰী ইজনে সিজনৰ মাজত ব্যৱহাৰ কৰাৰ ফলতো বিয়পিব পাৰে ।

এটা ওকণিয়ে প্ৰতিদিনে ছটাকৈ কণী দিয়ে । এই কণী এসপ্তাহৰ ভিতৰতে ওকণিলৈ ৰূপান্তৰ হয় । এটা ডাঙৰ ওকণি মূৰত ৩০ দিনলৈকে জীয়াই থাকিব পাৰে । অৱশ্যে চি ডি চিৰ এক অধ্যয়ন অনুসৰি, যদি ই মূৰৰ পৰা বাহিৰলৈ আহে তেতিয়া দুদিনতকৈ অধিক জীয়াই থাকিব নোৱাৰে ।

ইয়াৰ লক্ষণ কি

আৰম্ভণিতে ইয়াৰ কোনো লক্ষণ দেখা নাযায় । কিন্তু এন আই এছৰ এক অধ্যয়ন অনুসৰি, যিমানেই সংক্ৰমণ বৃদ্ধি পায়, সিমানেই পৰিৱৰ্তন আহে ।

ইয়াৰ উপৰি

  • মূৰত পিৰপিৰাই থকাৰ দৰে অনুভৱ
  • অত্যধিক খজুৱতি
  • খজুৱতিৰ ফলত হোৱা ঘা আৰু বেক্টেৰিয়াজনিত সংক্ৰমণ
  • টোপনি নহা আৰু খিংখিঙীয়া স্বভাৱ
  • এনিমিয়া আৰু মৃত্যু

যদিও ওকণিয়ে মাত্ৰ কিছু পৰিমাণেহে তেজ শোহে, কিন্তু ইয়াৰ সংখ্যা হাজাৰৰ ভিতৰত হ'লে শিশুৰ শৰীৰৰ পৰা বৃহৎ মাত্ৰাত ৰক্তহানিৰ কাৰণ হৈ পৰে । এটা পৈণত ওকণিয়ে ০.০০০১৫৭৯ মিলিমিটাৰ তেজ শোষণ কৰে । যদিও এই পৰিমাণ নিচেই কম যেন লাগে, কিন্তু এক অধ্যয়ন অনুসৰি দীৰ্ঘ সময় ধৰি ওকণিৰ সংস্পৰ্শত থকা আৰু হাজাৰ ওকণিৰ সংখ্যাই গুৰুতৰ আয়ৰণৰ অভাৱৰ বাবে হ'ব পৰা এনিমিয়াৰ সৃষ্টি কৰিব পাৰে ।

২০২৩ চনত চৌদি আৰবত এজনী ১০ বছৰীয়া ছোৱালীক মূৰ্চা যোৱা আৰু এনিমিয়াৰ কাৰণে হাস্পতালত ভৰ্তি কৰাবলগা হয় । পৰীক্ষাৰ পিছত জানিব পৰা যায় যে তেওঁৰ ৰক্তত হিমোগ্লবিন হ্ৰাস হৈ মাত্ৰ ৪ গ্ৰাম প্ৰতি ডেচিলিটাৰ হৈছিল । ইয়াৰ কাৰণ মূৰত অতিমাত্ৰা ওকণি হোৱা বুলি জনাইছিল । একেদৰে ২০২০ চনত আমেৰিকাৰ জৰ্জিয়াত এজনী ১২ বছৰীয়া ছোৱালীৰ একে কাৰণতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল ।

এই ঘটনাবোৰে আমাক মনত পেলাই দিয়ে যে মূৰৰ ওকণি কেৱল এক স্বাস্থ্য সমস্যায়ে নহয়, ই এক জৰুৰীকালীন চিকিৎসা অৱস্থাও । এই ঘটনাই এই দিশটোকো সোঁৱৰাই দিয়ে যে আমাৰ মূৰত ওকণি হ'লে কোনো কাৰণতে ইয়াক উপেক্ষা কৰিব নালাগে ।

(ঘোষণা : ইয়াত উল্লেখ কৰা স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য আৰু পৰামৰ্শ কেৱল এক তথ্যগতহে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন আৰু মেডিকেল আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে । এই পৰামৰ্শবোৰ গ্ৰহণ কৰাৰ পূৰ্বে নিজৰ চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাটো উত্তম ।)

লগতে পঢ়ক :নিপাহ ভাইৰাছৰ সংক্ৰমণ, চিকিৎসাধীন অৱস্থাতে নাৰ্ছৰ মৃত্যু
লগতে পঢ়ক :ভিটামিন বি১২-ৰ অভাৱৰ ফলত হ'ব পাৰে এইবোৰ গুৰুতৰ সমস্যা...