মোবাইলৰ মোহত হেৰাইছে সোণালী শৈশৱ ! বিপদত নৱ-প্ৰজন্ম
সামাজিক মাধ্যম এতিয়া নতুন প্ৰজন্মৰ বাবে হৈ পৰিছে সৰ্বনাশী !

Published : June 30, 2026 at 7:20 PM IST
গুৱাহাটী: আধুনিক জীৱনশৈলীত প্ৰতিগৰাকী লোকৰ বাবে মোবাইল ফোনটো এক অপৰিহাৰ্য অংশ হৈ পৰিছে । কেৱল বয়স্কসকলেই নহয়, শিশুৰো মোবাইলৰ প্ৰতি দিনক দিনে আকৰ্ষণ বৃদ্ধি পাইছে। ব্যস্ততাপূৰ্ণ জীৱন বা অন্যান্য কিছু কামৰ বাবে অভিভাৱকসকলে শিশুটিক ব্যস্ত কৰি ৰাখিবলৈ হাতত তুলি দিয়ে মোবাইল ফোনটো ।
পুৱা সাৰ পোৱাৰ পৰা আৰম্ভ কৰি নিশা টোপনি যোৱালৈ ঘণ্টাৰ পিছত ঘণ্টা ৰীলছ বা ভিডিঅ' স্ক্ৰ'লিং, মোবাইলত গেম খেলা এয়া এতিয়া কেৱল এটা পৰিয়ালৰ ছবি নহয়, দেশৰ লাখ লাখ শিশু আৰু কিশোৰ-কিশোৰীৰ এক উদ্বেগজনক দৈনন্দিন অভ্যাসত পৰিণত হৈছে । এসময়ত মনোৰঞ্জন আৰু তথ্য লাভৰ সহজ মাধ্যম হিচাপে গণ্য কৰা সামাজিক মাধ্যম এতিয়া নতুন প্ৰজন্মক এনে এক গভীৰ আসক্তিৰ ফালে ঠেলি নিছে,য'ৰ পৰা উভতি অহাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ।
প্ৰতিবছৰে ৩০ জুনত পালন কৰা হয় 'বিশ্ব সামাজিক মাধ্যম দিৱস' । এই দিৱসৰ দিনটো আমাৰ শিশু তথা নৱপ্ৰজন্মক মোবাইল ফোনটোয়ে কেনে এক ভয়াৱহ ভৱিষ্যতৰ দিশে ঠেলি দিছে সেই সন্দৰ্ভত ব্য়াখ্য়া কৰিলে মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাস আৰু শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে ।
শিশুৰ স্বাস্থ্যত মোবাইল ফোনৰ প্ৰভাৱ :
এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞ ডাঃ জয়ন্ত দাসে কয়,"সমাজিক মাধ্যমৰ প্ৰভাৱ আৰম্ভ হৈছে ২০১০ চনৰ পৰা । এই সমাজিক মাধ্যমৰ ভিন্ন ধৰণৰ প্লেটফৰ্মসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰে নৱ প্ৰজন্মক এক বেলেগ ধৰণে আকৃষ্ট কৰিবলৈ ধৰিলে । স্মাৰ্ট ফোনৰ ব্যৱহাৰে যে এটা সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাব সেইটো কথা প্ৰথম অৱস্থাত কোনো উপলব্ধি কৰা নাছিল;কিন্তু পাছলৈ ই সাংঘাতিক ধৰণৰ নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে । বিশেষকৈ শিশুসকলৰ হাতত মোবাইল ফোনটো তুলি দিয়াৰ ফলত তেওঁলোকৰ জীৱনত বহুখিনিয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে । বিশেষকৈ শিশুসকলৰ মনোযোগৰ অভাৱত হ'বলৈ ধৰাৰ লগতে 'ডিজিটেল আসক্তি' বৃদ্ধি হ'বলৈ ধৰিলে ।"

ডাঃ জয়ন্ত দাসে পুনৰ কয়, "আসক্তি বুলি ক'লে আমি যিটো বুজো অৰ্থাৎ নিচাজাতীয় বস্তুৰ প্ৰতি আসক্তিক বুজো; কিন্তু ডিজিটেল মাধ্যমৰ প্ৰতি যিটো আসক্তি সেইটো নিচাজাতীয় সামগ্ৰী আসক্তিতকৈও ভয়াবহ । মোবাইল ফোন বা ডিজিটেল মাধ্যম ব্যৱহাৰৰ ফলত শিশুসকলৰ মাজত নানা ধৰণৰ স্বাস্থ্যজনীত সমস্যা যেনে-মানসিক উদ্বেগ, মানসিক বিষাদগ্ৰস্ততা, একাগ্ৰতা আৰু মনোযোগ হ্ৰাস পোৱা, অন্যমনস্ক হোৱা আদি সমস্যা গা কৰি উঠে ।"
"প্ৰথমে অভিভাৱকসকলে শিশুটিক ব্যস্ত ৰাখিবলৈ বা একে ঠাইতে থাকিবলৈ হাতত মোবাইল ফোনটো তুলি দিয়ে । যেতিয়া শিশুটিৰ লাহে লাহে মোবাইল ফোনটোৰ প্ৰতি আসক্ত হৈ পৰে তেতিয়া তাৰ পৰা আঁতৰাবলৈ শিশুটিক গালি পৰা আদি দেখা যায় । যিটোয়ে ভাল হোৱাৰ পৰিবৰ্তে শিশুটিৰ মনত বেয়াহে প্ৰভাৱ পেলাই । এনে কৰাৰ ফলত মাক-দেউতাকৰ লগত ল'ৰা-ছোৱালীৰ যিটো সম্পৰ্ক হ'ব লাগে সেইটোৰ পৰা ক্ৰমান্বয়ে আঁতৰি যায় শিশুটি ভিতৰি ভিতৰি বিদ্ৰোহী হৈ পৰে । সমান্তৰাল ভাৱে কৃত্ৰিম বুদ্ধিমত্তাৰ ফলটো ক্ৰমান্বয়ে এক ভয়াবহ পৰিস্থিতি হ'বলৈ গৈ আছে । কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত শিশুসকলৰ উপৰত এই ভয়াবহ ধৰণে প্ৰভাৱ পেলাব ।" ডাঃ দাসে কয় ৷

শিশুৰ হাতত মোবাইল তুলি দিয়াৰ আগতে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত । এই সন্দৰ্ভত শিশুৰোগ বিশেষজ্ঞ ডাঃ ৰীতেশ জৈনে কয়, "শিশুসকলৰ হাতত মোবাইল ফোনটো তুলি দিলেও অভিভাৱকসকল লগত থকা উচিত আৰু তেওঁলোকে কি চাইছে সেইটো পৰ্যবেক্ষণ কৰা উচিত । শিশুসকলৰ হাতত মোবাইল ফোনটো তুলি দিয়াৰ পূৰ্বে অভিভাৱকসকলে কেইটামান কথা মন কৰিব লাগে । সেইসমূহ কোন বয়সৰ পৰা শিশুটিৰ হাতত মোবাইল ফোনটো তুলি দিব আৰু কিমান সময় তুলি দিব তাৰ ওপৰত নিৰ্ভৰ কৰিব । সমান্তৰালভাৱে মোবাইল ফোনটোৰ ফলত শিশুৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে ।"
ডাঃ জৈনে এইবোৰ বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে -
- ২পৰা ৫ বছৰৰ শিশুসকলে দৈনিক ১ ঘণ্টাকৈ মোবাইল বা টিভি ব্যৱহাৰ কৰিব পাৰে
- ৫-১২ বছৰলৈ দৈনিক ২ ঘণ্টাকৈ মোবাইল বা টিভি ব্যৱহাৰ কৰিব পাৰে;কিন্তু একেলগে ১ ঘণ্টা বা ২ ঘণ্টা ব্যৱহাৰ কৰিব দিব নালাগে
- দিনটোৰ তিনিটা ভাগত সময়টো ভগাই লৈ অৰ্থাৎ ১ ঘণ্টা চালে দিনটোৰ তিনিটা ভাগত ২০ মিনিটকৈ ভাগাই লৈ চাব দিব লাগে
সমাজিক মাধ্যমত ভাল আৰু বেয়া দুয়োটা দিশে আছে ৷ শিশুসকলে যিহেতু বুজি নাপায় আৰু আৰু বেয়া কোনটো সেয়ে অভিভাৱক সকলৰ নিৰীক্ষণত তেওঁলোকক চাবলৈ দিব লাগে বুলি কয় বিশেষজ্ঞগৰাকীয়ে ।
শিশুৰ স্বাস্থ্যত পৰিব পৰা প্ৰভাৱ :
- মোবাইল ফোন ব্যৱহাৰৰ ফলত শিশুটিৰ চকুত বিভিন্ন সমস্যা হ'ব পৰে
- মোবাইলৰ লগতে হেডফোনৰ ব্যৱহাৰ কৰিলে কাণৰ সমস্যা হ'ব পাৰে
- মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে
- নিদ্ৰাহীনতাৰ সমস্যা দেখা দিব পাৰে
- অটিজিম আদিৰ সমস্যা হ'ব পাৰে
- বৰ্তমান সময়ত শিশুসকলে খেলা ধূলাৰ পৰিবৰ্তে মোবাইল ফোন বা টিভি চাইয়ে সময় অতিবাহিত কৰাৰ ফলত কম বয়সতে মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থায়ৰয়ড আদিৰ সমস্যাই গা কৰি উঠে ।
লগতে পঢ়ক:গৰ্ভধাৰণৰ পিচত পেটৰ তলৰ অংশত বিষ-ৰক্তস্ৰাৱ হৈছে নেকি? কোনো ৰোগৰ লক্ষণ নেকি?
বিশ্ব ছিকল চেল দিৱস : জানক ৰক্ত বিসংগতিজনিত এই ৰোগৰ কাৰণ-লক্ষণ-প্ৰতিৰোধৰ উপায়

