খাদ্য-সম্ভাৰত বিশেষ স্থান দখল কৰা ভোট জলকীয়া আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে ?
অসমৰ ভোট জলকীয়াই নিজৰ সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে বিশেষ স্থান লাভ কৰিছে, কিন্তু আপুনি জানেনে যে সোৱাদৰ লগতে এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী-

Published : November 6, 2025 at 5:15 PM IST
ভাৰতীয় খাদ্য-সম্ভাৰত জলকীয়া বহুলভাৱে ব্যৱহৃত হয় ৷ কিন্তু অসমৰ ভোট জলকীয়াই বৰ্তমান সমাজত এক বিশেষ প্ৰাধান্য বিস্তাৰ কৰিছে ৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে Capsicum Chinense ৷ ইয়াক জলকীয়াৰ ৰজা বুলি কোৱা হয় ৷ কাৰণ অন্য জলকীয়াতকৈ ইয়াৰ আকাৰ যথেষ্ট ডাঙৰ আৰু জ্বলা বহুত বেছি ৷ এইবিধ ভোট জলকীয়াক কিং চিলি, নগা জলকীয়া, বিহ জলকীয়া, কৰ্দৈসিৰিয়া জলকীয়া আদি নামেৰেও জনা যায় ৷ ভোট জলকীয়াৰ ঔষধি গুণ থকাৰ উপৰি ই এবিধ অৰ্থকাৰী শস্য ৷ সেয়েহে বিজ্ঞানসন্মত কৃষি প্ৰণালী প্ৰয়োগৰ দ্বাৰা ভোট জলকীয়াৰ পৰা অধিক উৎপাদন পোৱাৰ উপৰি অৰ্থনৈতিকভাৱে যথেষ্ট পৰিমাণে লাভৱান হ’ব পৰা যায় ৷ ভোট জলকীয়া এবিধ গুল্মজাতীয় উদ্ভিদ ৷ ই একপ্ৰকাৰৰ আন্তঃপ্ৰজাতিৰ বৰ্ণসংকৰ জলকীয়া ৷ ভাৰতৰ অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয় ৷
ভোট জলকীয়া হৈছে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত মুখ্যতঃ উৎপন্ন হোৱা এক প্ৰকাৰৰ জলকীয়া ৷
এই জলকীয়া বৰ্তমান পৃথিৱীৰ আটাইতকৈ গৰম জলকীয়াবোৰৰ ভিতৰত এটা ৷ ভোট জলকীয়া বা ঘোষ্ট চিলি এতিয়ালৈকে ভাৰতত উৎপাদিত আটাইতকৈ বেছি চোক থকা জলকীয়া ৷ ভোট জলকীয়াক ২০০৭ চনত পৃথিৱীৰ আটাইতকৈ গৰম জলকীয়া হিচাপে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত লিপিবদ্ধ কৰা হৈছে ৷ বৰ্তমানৰ ৰেকৰ্ডধাৰক হৈছে “কেৰোলিনা ৰিপাৰ” ৷
এই বিখ্যাত ভোট জলকীয়া উত্তৰ-পূবৰ ৰাজ্যসমূহত পোৱা যায় ৷ পকা হ’লে, জলকীয়া প্ৰায় 2.5ৰ পৰা 3.5 ইঞ্চি দীঘল আৰু 1ৰ পৰা 1.5 ইঞ্চি বহল হয় ৷ ৰঙৰ প্ৰকাৰবোৰৰ ভিতৰত আছে ৰঙা, হালধীয়া আৰু কমলা ৷ আগতে কেৱল অসমতে ভোট জলকীয়াৰ খেতি কৰা হৈছিল ৷ অৱশ্যে চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰতো এতিয়া ইয়াৰ বাণিজ্যিক খেতি আৰম্ভ হৈছে ৷
ভোট জলকীয়াৰ চাহিদা শেহতীয়াকৈ কেৱল উত্তৰ-পূবতে নহয় ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিদেশী ৰাষ্ট্ৰৰ বজাৰতো বৃদ্ধি পাইছে ৷
ভোট জলকীয়াৰ ব্যৱহাৰ
ভোট জলকীয়াক ইয়াৰ তীব্ৰ তাপ আৰু গোন্ধৰ বাবে চিলি চছ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ ইয়াক শুকুৱাই আৰু পাউডাৰৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি ৷ উত্তৰ-পূবৰ স্থানীয় লোকসকলে তেওঁলোকৰ বিভিন্ন স্থানীয় ৰন্ধন প্ৰণালীত সংযোজন হিচাপে ইয়াক কেঁচাকৈ খায় ৷ ভোট জলকীয়াৰ চাটনিও ব্যৱহাৰ কৰা হয় ৷
তদুপৰি বিভিন্ন মাংস ৰান্ধোতেও ইয়াৰ ব্যৱহাৰ কৰা হয় ৷ ভোট জলকীয়াৰ আচাৰো প্ৰস্তুত কৰা হয় ৷ জৈৱিক খেতিৰ বাবে কীটনাশক ঔষধ তৈয়াৰ কৰোঁতেও ভোট জলকীয়া ব্যৱহাৰ কৰে ৷ উদাহৰণস্বৰূপে জৈৱিক চাহ বাগিচাসমূহত ভোট জলকীয়াৰ পৰা প্ৰস্তুত কৰা কীটনাশক ঔষধ ব্যৱহাৰ কৰে ৷
ভোট জলকীয়াৰ উপকাৰিতা
ই বন্ধ নাক খোলাত সহায় কৰে ৷ এণ্ডোৰ্ফিন মুকলি কৰি মেজাজ উন্নত কৰে ৷ ৰক্ত সঞ্চালন উন্নত কৰে আৰু ৰক্তচাপ হ্ৰাস কৰে ৷ ওজন হ্ৰাস কৰাত সহায় কৰে ৷ শৰীৰৰ তেজ গোট মৰাৰ ক্ষমতা বৃদ্ধি কৰে ৷ হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে ৷ হজম হোৱাত সহায় কৰে ৷ ভোট জলকীয়াক অসমৰ লোকসকলে কেৱল খাদ্য হিচাপে খোৱাই নহয়, এতিয়া ভোট জলকীয়া খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বীও হৈছে ৷ সেয়া যি কি নহওক উত্তৰ-পূবৰ বাহিৰৰ লোকে ইয়াক ভয়ৰ চকুৰে চাই যদিও প্ৰত্যেকগৰাকী উত্তৰ-পূবৰ প্ৰত্যেকগৰাকী অসমীয়াৰ প্ৰিয় জলকীয়াবিধ যদি ভাতৰ সৈতে পৰিৱেশন কৰা নহয় তেন্তে অসমীয়া খাদ্যও আধৰুৱা হৈ ৰয় ৷
উৎস
https://pmc.ncbi.nlm.nih.gov/articles/PMC6209291/
https://globalresearchonline.net/journalcontents/v24-2/15.pdf
https://japsonline.com/admin/php/uploads/4220_pdf.pdf
লগতে পঢ়ক

