ETV Bharat / health

বেছি চৰ্বি-শৰ্কৰা-নিমখযুক্ত খাদ্য় বিক্ৰী কৰা কোম্পানীয়ে লিখিব লাগিব সতৰ্কবাণী

সংসাধিত খাদ্য-পানীয়ৰ পেকেটত লিখিব লাগিব সতৰ্কতামূলক লেবেল, FSSAIৰ নতুন নিৰ্দেশৱলী

RED WARNING ON PACKAGED FOOD
বেছি চৰ্বি-শৰ্কৰা-নিমখযুক্ত খাদ্য় বিক্ৰী কৰোতে লিখিব লাগিব সতৰ্কবাণী (Getty Images)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 6:09 PM IST

3 Min Read
Choose ETV Bharat

অধিক শৰ্কৰা, নিমখ বা চৰ্বিযুক্ত সংসাধিত খাদ্য সামগ্ৰী আৰু পানীয়ৰ পেকেটৰ ওপৰত এই বিষয়ে স্পষ্টভাৱে সতৰ্কবাণীৰ লেবেল ব্য়ৱহাৰ কৰাৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষ (এফএছএছএআই)ই শেহতীয়াকৈ প্ৰস্তাৱ আগবঢ়াইছে । গ্ৰাহকে যাতে এইবোৰৰ বিষয়ে জ্ঞাত হোৱাৰ পিচত নিজৰ পচন্দ অনুসৰি বাচনি কৰিব পাৰে সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়েই এই প্ৰস্তাৱ আগবঢ়াইছে ।

এফএছএছএআইৰ এই প্ৰস্তাৱ অনুসৰি সতৰ্কবাণী লেবেলে প্ৰযোজ্য ঘোষণা যেনে 'বেছি চৰ্বি','বেছি শৰ্কৰা ','বেছি নিমখ' আৰু/বা 'বেছি মিঠা পানীয়' আদিৰ বিষয়ে উল্লেখ কৰিব লাগিব । গ্ৰাহকে যাতে নিৰ্দিষ্ট পুষ্টিকৰ উপাদানত উচ্চ পৰিমাণৰ সামগ্ৰী সহজে চিনাক্ত কৰিব পাৰে তাৰবাবে এফএছএছএআইয়ে উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতিৰে এই কথা উল্লেখ কৰিছে ।

স্বাস্থ্য কৰ্মীসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰা সময়তে উচ্চতম ন্যায়ালয়ত পশ্চিমীয়া দেশসমূহৰ দৰে সতৰ্কতামূলক লেবেল (বা জাননী) ব্যৱহাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছে । উচ্চতম ন্যায়ালয়ে চলিত মাহৰ আৰম্ভণিতে এফএছএছএ আইক শুনানিত এই লেবেলসমূহৰ প্ৰৱৰ্তন ক্ষিপ্ৰতাৰে কৰিবলৈ কৈছিল ।

অৱেশ্য়ে নেচলে, পেপচিকো, কোকাকোলাৰ দৰে বৃহৎ ফুড কোম্পানীয়ে এই পদক্ষেপৰ বিৰোধিতা কৰি আহিছে । কিয়নো এনে কৰিলে ইয়াৰ বিক্ৰীত প্ৰভাৱ পৰিব বুলি আশংকা প্ৰকাশ কৰিছে ।

উল্লেখ্য় যে উচ্চতম ন্যায়ালয়ে পেকেটত থকা সামগ্ৰীৰ সতৰ্কতামূলক লেবেল কাৰ্যকৰী কৰাত বেছি পলম হোৱা বাবে বিগত শুনানিত এফএছএছএ আইক তিৰস্কাৰ কৰিছিল । জনস্বাৰ্থৰ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে গুৰুত্ব আৰোপ কৰে যে নাগৰিকক বিশেষকৈ সৰু ল’ৰা-ছোৱালীক মেদবহুলতাৰ দৰে ৰোগৰ আশংকাৰ পৰা ৰক্ষা কৰিবলৈ স্বচ্ছ পুষ্টিৰ প্ৰকাশ অতিকৈ গুৰুত্বপূৰ্ণ ।

ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু কে বিনোদ চন্দ্ৰনৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে বিধিগত নিয়ন্ত্ৰকৰ লেহেমীয়া গতিত গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে । ন্যায়াধীশসকলে প্ৰশ্ন উত্থাপন কৰে যে নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰকৃততে ভাৰতীয় জনসাধাৰণৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে নে ? সেয়েহে আদালতে সতৰ্ক কৰি দিছিল যে যদিহে কাৰ্যপালিকা শাখাই স্বতন্ত্ৰভাৱে কাম কৰাত ব্যৰ্থ হয়, তেন্তে ন্যায়িক আদেশ জাৰী কৰা হ'ব ।

ইপিনে, পেকেটজাত খাদ্যৰ সন্মুখত লিখা সতৰ্কতামূলক লেবেলে পাৰম্পৰিক ভাৰতীয় জলপানসমূহক অতিকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে আগবঢ়োৱা যুক্তি উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে । বিচাৰপীঠখনে কয় যে বাণিজ্যিক স্বাৰ্থই জনস্বাস্থ্যৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰিব নোৱাৰে

নিয়ন্ত্ৰণকাৰী সংস্থাক এক নিৰ্দিষ্ট নিয়মাৱলী প্ৰস্তুত কৰিবলৈ কঠোৰভাৱে দুসপ্তাহৰ সময়সীমা বান্ধি দিছে । বিচাৰকসকলে কয় যে যুৱ গ্ৰাহকসকলে সংসাধিত খাদ্য় সামগ্ৰীৰ ক্ষেত্ৰত আক্ৰমণাত্মক বিপণনৰ সন্মুখীন হয় । পেকেটত স্পষ্ট দৃশ্যমান সতৰ্কবাণী নথাকিলে, গ্ৰাহকসকলে পুষ্টিগত বিপদাশংকা সহজে মূল্যায়ন কৰিব নোৱাৰে বুলিও বিচাৰকে স্পষ্টকৈ উল্লেখ কৰে ।

লগতে পঢ়ক:প্লাষ্টিক খাদ্য়ঃ বাণিজ্য়িকভাৱে উপলব্ধ শিশুৰ খাদ্যত শীতল পানীয়ৰ সমানেই থাকে শৰ্কৰা !

এই সময়ত বৃদ্ধি পাইছে H1N1 ভাইৰাছৰ আক্ৰমণ, জীৱনৰ বাবে সংশয় নেকি ?

বিশ্ব মহ দিৱস ২০২৬ :গোলকীয় প্ৰভাৱৰ বাবে মহৰ দ্বাৰা বিয়পা ৰোগ বৃদ্ধি