চৰণ মন্দিৰ-চৰণ স্পৰ্শ: ডায়েবেটিছৰ বিৰুদ্ধে এগৰাকী চিকিৎসকৰ নীৰৱ অভিযান
২৫ বছৰ পূৰ্বে ডাঃ সুধীৰ জৈনে আৰম্ভ কৰিছিল ভৰিৰ সংক্রমণৰ চিকিৎসা । আঢ়ৈ দশকত কমেও এক লাখ ৰোগীৰ ভৰি স্পৰ্শ ।

Published : May 16, 2026 at 2:42 PM IST
নয়ন কুমাৰ শৰ্মা
মানুহৰ ভৰি দুখনেই গতিশীল আৰু কৰ্ম সক্ষমতাৰ প্ৰধান সম্বল । সংক্ৰমিত ভৰিৰ শল্য চিকিৎসাৰ পিছত ভৰিখন দেখাত কুৰূপ হ'লেও যদি কাৰ্যক্ষম হৈ থাকে তেতিয়া ৰোগীগৰাকী কোনো কাৰণতে নিৰাশ হ'ব নালাগে । বৰং সংক্রমণহীন হৈ বাচি থকা ভৰিখনক যথেষ্ট সুখী আৰু ভাল তত্বাৱধানত ৰাখিব লাগে যাতে স্বাভাৱিক জীৱন যাপন কৰিব পাৰি ।
আচৰিত হ'বলগীয়া কথাটো হ'ল বিশ্বত ক'ৰবাত নহয় ক'ৰবাত ডায়েবেটিছৰ দ্বাৰা উৎপন্ন হোৱা সংক্ৰমণৰ বাবে প্ৰতি ৩০ ছেকেণ্ডত একো একোখন ভৰি কাটিব লগাত পৰে । ডায়েবেটিছত আক্রান্ত ৰোগীসকলৰ প্রায় ১৫ শতাংশ ৰোগীয়েই নিজৰ জীৱনকালত ভৰিৰ সংক্ৰমণত আক্রান্ত হয় । ইয়াৰে প্রায় ১৫-২০ শতাংশ লোকৰ ভৰি কাটিবলগীয়া হয় । এজন ৰোগী বা তেওঁৰ পৰিয়ালৰ প্ৰায় ৪০ শতাংশ উপার্জন এই চিকিৎসাত ব্যয় কৰিব লগাত পৰে । ইয়াৰ পৰিৱৰ্তে সঠিক তথ্য তথা চিকিৎসাৰ দ্বাৰা প্ৰায় ৮৫ শতাংশ ভৰি কটাৰ পৰা ৰক্ষা কৰিব পাৰি ।
এক লাখ ৰোগীৰ ভৰি স্পৰ্শ কৰা ডাঃ সুধীৰ জৈন :

এনে সমস্য়াৰ পৰা ৰোগীক সকাহ তথা অভয় দিয়াৰ উদ্দেশ্য় আগত ৰাখিয়েই আজিৰ পৰা ২৫ বছৰ পূৰ্বে ডাঃ সুধীৰ জৈনে আৰম্ভ কৰিছিল ডায়েবেটিছ বা মধুমেহ ৰোগীৰ ভৰিৰ ঘা বা সংক্রমণৰ চিকিৎসা । বিগত আঢ়ৈ দশকত কমেও এক লাখ ৰোগীৰ ভৰি স্পৰ্শ কৰিছে এইগৰাকী চিকিৎসকে । ডাঃ জৈনে ৰোগীৰ মুখতকৈ ভৰি দুখনহে বেছি ভালকৈ চিনি পায় । ৰোগীক মৰণকাতৰ যন্ত্ৰণাৰ পৰা মুক্তি দিয়াৰ মহান উদ্দেশ্য় আগত ৰাখিয়ে এইগৰাকী চিকিৎসকে উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে ডায়েবেটিছ ৰোগীৰ ভৰিত ঘা বা সংক্রমণৰ চিকিৎসা আৰম্ভ কৰিছিল ।
২০১৮ চনৰ ২৩ এপ্রিলত ডায়েবেটিছ সংক্রান্তত ডাঃ জৈনে দুটা স্মৰণীয় কাৰ্যৰ শুভাৰম্ভ কৰে-ডায়েবেটিক ফুট ডে আৰু চৰণ স্পর্শ প্ৰকল্প । ৰোগীৰ ভৰি দুখনৰ বিষয়ে সকলোকে সজাগ কৰিবলৈ তেওঁৰ অস্ত্ৰোপচাৰ কক্ষৰ সন্মুখত স্থাপন কৰিলে 'চৰণ মন্দিৰ'। এই দুয়োটা কার্যই মানুহৰ বাবে কল্যাণকাৰক হোৱাৰ লগতে মানৱ সেৱাৰ ক্ষেত্ৰত অতুলনীয় উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া গৌৰৱৰ বিষয় ।
চৰণ মন্দিৰৰ ধাৰণা মনলৈ কেনেকৈ আহিল ?
"ডাক্তৰ মোৰ ভৰিত কোনো বিষ বেদনা নাই, মই খোজ কাঢ়িব পাৰোঁ মোৰ ভৰিত কেনেকৈ চেপটিক হ'ব পাৰে ?"এনেকুৱা প্ৰশ্নৰ মুখামুখি প্রায় হ'ব লগা হয় বুলি উল্লেখ কৰি ডাঃ সুধীৰ জৈনে কয়," আচলতে স্নায়ু দুর্বল হোৱাৰ কাৰণে এজন মধুমেহ ৰোগীয়ে ভৰিত ঘা বা সংক্রমণ হ'লেও বিষ অনুভৱ নকৰিব পাৰে । ইয়াৰ কাৰণে চিকিৎসা লোৱাত পলম হয় আৰু পৰিস্থিতি জটিল হৈ পৰে । বিষ হোৱালৈকে অপেক্ষা নকৰি নকৰি আগতেই চিকিৎসা কৰা উচিত ।"

চৰণ মন্দিৰৰ ধাৰণা সন্দৰ্ভত উল্লেখ কৰি ডাঃ জৈনে কয়, "আজিৰ পৰা দহ বছৰ আগতে মোৰ মনলৈ 'চৰণ মন্দিৰ' স্থাপন কৰাৰ চিন্তা আহিছিল । ধার্মিকতাৰে পৰিপূৰ্ণ মানৱজাতিক জাগ্রত কৰিবলৈ মোৰ এই চিন্তা সফল প্রমাণিত হ'ল । এটি মন্দিৰ সজাই তাত মানুহৰ ভৰি এখনৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল । মন্দিৰৰ সিংহাসনত লিখা হ'ল "আমি ভৰিৰ পুজা কৰো, আপোনালোকে কৰে নে ?” যিজনে এই অদ্ভুত মন্দিৰটো দেখে তেওঁৱেই বশীভূত হৈ নিজৰ ভৰিখনৰ পূজা-অর্চনা কৰিবলৈ প্ৰেৰণা লাভ কৰে । ভৰিৰ প্ৰতি অদ্ভূত আকর্ষণ সৃষ্টি কৰিবলৈ তথা প্ৰেম জগাই তুলিবলৈ এই পদ্ধতিটো যথেষ্ট ফলদায়ক বুলি প্রমাণিত হ'ল । এই মন্দিৰটোলৈ চোৱাৰ পিছত মানুহৰ মনত ভৰি দুখনৰ সম্পৰ্কে বহুতো জিজ্ঞাসা জাগৃত হয় আৰু ইয়াৰ সমাধান কৰাৰ উদ্দেশ্যে ভৰি দুখন ভালদৰে প্ৰতিপালন কৰাৰ চিন্তা মানুহৰ মনত জন্ম হয় ।"
বর্তমান এই চৰণ মন্দিৰ অস্ত্রোপচাৰ কক্ষৰ সন্মুখত স্থাপন কৰা বুলি উল্লেখ কৰি ডাঃ জৈনে কয়,"জনসাধাৰণৰ মনত কৌতুহলে তথা ভৰি দুখনৰ প্ৰতি দায়িত্ববোধ সৃষ্টি হ'ব লাগিব । ভবিষ্যতে এই মন্দিৰটোক বৃহৎ আকাৰ প্ৰদান কৰাৰ চিন্তা-চর্চা চলি আছে ।"
বিশিষ্ট চিকিৎসকগৰাকীয়ে কয় যে ভৰিদুখন মানৱজাতিলৈ ভগৱানৰ অনুপম অৱদান । ভৰি দুখনৰ বাবেই মানৱজাতি উন্নতিৰ শিখৰলৈ আজি ধাৱমান হ'ব পাৰিছে;কিন্তু দুখৰ কথাটো হ'ল আমাৰ এই ভৰি দুখনৰ মহত্ব আমি বহুতেই সঠিকভাবে বুজি নাপাও । সেয়েহে ভৰি দুখনৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ মনোভাবেই নিজৰ ভৰিত নিজে কুঠাৰ মৰা সদৃশ হয় । সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত ভৰিখন যেতিয়া কাটি পেলোৱা হয় তেতিয়াহে আমি ভৰিৰ মহত্ব বুজিবলৈ সমর্থ হও ।
চৰণ সেৱা বাচি লোৱাৰ আঁৰৰ কাহিনী:
চৰণ সেৱা বাচি লোৱাৰ আঁৰৰ কাহিনী ব্যাখ্য়া কৰি চিকিৎসকগৰাকীয়ে কয়," প্রায় ২৫ বছৰ মই অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত কাম কৰি থকাৰ পিছতো বহু ক্ষেত্ৰত মোৰ অন্তৰখনে চটফটাই আছিল । ইয়াৰ কাৰণ হ'ল মানৱ সেৱাৰ এটি গুৰুত্বপূর্ণ কার্যত (চৰণ সেৱা)মই সম্পূর্ণ ইচ্ছাৰে জড়িত হ'ব পৰা নাছিলো । মই শৈল্য় চিকিৎসাৰ স্নাতকোত্তৰ ডিগ্রী সমাপ্ত কৰি চিকিৎসা মহাবিদ্যালয়ত চাকৰি জীৱনৰ পাতনি মেলিছিলো, তেতিয়া দৈনিক মোৰ চকুৰ সন্মুখত ঘটা কিছুমান ঘটনাই মোৰ অন্তৰ আত্মাক বাৰুকৈয়ে মর্মাহত কৰি তুলিছিল । মই লক্ষ্য কৰিছিলো যে সংক্রমিত ঘাৰ দ্বাৰা আক্ৰান্ত, বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ ভৰিখন ৰক্ষা কৰিবলৈ বহুতো আশা লৈ চিকিৎসা গ্রহণ কৰিব আহে;কিন্তু বিভিন্ন কাৰণত তেওঁলোকক সমুচিত চিকিৎসা প্রদান কৰিব পৰাতো সম্ভৱ হৈ নুঠে। তেওঁলোকে ইটো বিভাগৰ পৰা সিটো বিভাগলৈ ঘুৰি ফুৰিবলগীয়া অৱস্থা এটিৰ সৃষ্টি হয়,কাৰণ ডায়েবেটিছ ৰোগী এজনৰ শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগত বেলেগ বেলেগ সমস্যাৰ সৃষ্টি হয় ।

"কোনো এটি বিভাগে তেনে ৰোগীক চিকিৎসালয়ত ভর্তি কৰি সম্পূৰ্ণ চিকিৎসা প্রদান কৰিবলৈ ইচ্ছা প্রকাশ নকৰে । চিকিৎসকসকলে পেট সম্বন্ধীয় বিভিন্ন ৰোগৰ শৈল্য় চিকিৎসা কৰাৰ বাবে বেছিকৈ জানিবলৈ বা সেইবোৰ শৈল্য় চিকিৎসা কৰিবলৈ বেছি আগ্রহী । ইয়াৰ কাৰণবোৰ আছিল সেইবোৰ ক্ষেত্ৰত গ্লেমাৰ, ধন তথা সন্মান অতি সহজে লাভ কৰিবলৈ সমৰ্থ হৈছিল।ইয়াৰ বিপৰীতে দুর্গন্ধযুক্ত, লেতেৰা সংক্রমিত ঘাঁযুক্ত ভৰিৰ ক্ষেত্ৰত অনিশ্চয়তা আছিল । এইবোৰ কামত বেছি মুৰ ঘমাব লগীয়া হৈছিল । ধন ঘটাৰ সুবিধা কম আছিল, সন্মান পোৱাৰ কথাটো দূৰৰে কথা আছিল ।"তেওঁ এইদৰে কয় ।
চিকিৎসকগৰাকীয়ে কয়,"চিকিৎসালয়সমূহো মাৰপিট বা দূর্ঘটনাত আঘাতপ্রাপ্ত ৰোগীৰ দ্বাৰা ভৰি আছিল । বহু ক্ষেত্ৰত চেপ্টিকত আক্রান্ত দুখীয়া ৰোগীসকলক বহিঃবিভাগৰ বাৰণ্ডা (লবি) বা চিকিৎসালয়ৰ বাহিৰৰ ৰাস্তাত পৰি থাকোতেই চোৱা চিতা কৰিবলগীয়া হৈছিল । ভুলতো যদি কোনো বিশেষজ্ঞই বা ব্যক্তিখণ্ডৰ চিকিৎসকে যদি এই ৰোগীসকলক নিৰীক্ষণ কৰিছিল, তেওঁলোকে এইটো কথাই মানিব তথা বুজিছিল যে ডায়েবেটিছৰ ঘা দুৰাৰোগ্য ৰোগ, ইয়াক কেতিয়াও ভাল কৰিব নোৱাৰি । আজীবন ড্রেচিং কৰা আৰু দৰৱ খোৱাই ইয়াৰ চিকিৎসা । ইয়াৰ ফলস্বৰূপে ৰোগীসকলে নিজৰ স্বাধীন জীৱন গৌৰৱৰে পুনৰ অতিবাহিত কৰাৰ অধিকাৰ প্রায় কাঢ়ি লোৱা হৈছিল । এইসকল ৰোগীৰ সঠিক চিকিৎসা যাতে বিজ্ঞানসন্মতভাবে, কম খৰচত তথা ত্বৰিৎ গতিত হয়, সেই বিষয়ে মই প্রায়ে ভবাচিন্তা কৰিছিলো ।"
"মই ভাবিছিলো যে ভগবানে মোক এক বিশেষ উদ্দেশ্যেৰে এই পৃথিবীলৈ পঠাইছে আৰু সেই বিশেষ ক্ষেত্ৰখনত মই নিজকে নিযোজিত কৰা উচিত। এই ভাৱনাৰ জোৰতে মই ২০১৭ চনত মোৰ প্ৰতিষ্ঠিত চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ লৈ এই সেৱাত ব্ৰতী হৈছো ।"তেওঁ এইদৰে কয় ।
ডায়েবেটিছ ৰোগীৰ ভৰিৰ সংক্ৰমণ সন্দৰ্ভত তেওঁ কয়," আটাইতকৈ চিন্তিত হ'বলগীয়া কাৰণটো হ'ল বেছিভাগ ভৰিৰ সংক্ৰমণ বা ঘা সৰু সৰু ভুলৰ বাবে হোৱা দেখা যায় । সঠিক তথ্য তথা সঠিক সময়ত প্রদান কৰা চিকিৎসাই এই ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে । আমি সংক্রমিত ভৰিক কটাৰ পৰা ৰক্ষা কৰিব লাগে; কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটি হ'ল আমি ভৰিখন সংক্রমিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। এই ক্ষেত্রত প্রতিজন দায়িত্বশীল ব্যক্তিয়েই মহত্বপূর্ণ যোগদান আগবাঢ়াব পাৰে ।"
মুখমণ্ডলখনৰ সৌন্দৰ্যক বেছি গুৰুত্ব দিয়ে :
ভৰিদুখনৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্য়া কৰি ডাঃ জৈনে কয়," আজি মানৱ সমাজ সভ্যতা তথা আধুনিকতাৰ শিখৰত উপনীত হৈছে আৰু এই ক্ষেত্ৰত মানুহৰ নিজৰ ভৰি দুখনৰ অৱদান অতুলনীয়। জীৱনত এবাৰ মাত্ৰ নিজৰ জীৱনটো ভৰি দুখনৰ অবিহনে ভাবিলে আমাৰ ভৰি দুখনৰ প্ৰয়োজনীয়তা তথা মহত্ব বুজি উঠিবলৈ বেছি দেৰি নালাগিব। দুখৰ কথা এয়াই যে ভৰি দুখনৰ প্ৰতি আমাৰ দৃষ্টি সদায় অৱহেলাপূর্ণ । মুখমণ্ডলখনৰ সৌন্দৰ্যক প্রাথমিকতা প্ৰদান কৰা সমাজখনত ভৰি দুখনৰ দুৰ্গতি হোৱা কোনো অসাধাৰণ কথা নহয় । শুকান, ফটা,লেতেৰা ভৰি সাধাৰণ কথা; কিন্তু ডায়েবেটিছৰ দৰে ৰোগৰ বাবে স্নায়ু দুৰ্বলতা হৈ ভৰি দুখনৰ অৱস্থা আৰু বেছি বেয়াৰ পিনে ঢাল খাব পাৰে । "
আঘাতপ্রাপ্ত ভৰিত জটিলতা সৃষ্টি হ'ব পাৰে :
তেওঁ পুনৰ কয়,"স্নায়ু দুৰ্বলতাৰ বাবে সংবেদনহীনতাত ভোগা বাবে চোকা বস্তুৱে বিন্ধিলে, পুৰিলে, জোতাই কাটিলে, জন্তু যেনে নিগনি, পইতাচৰা আদিয়ে কামুৰিলে অনুভৱ নকৰিবও পাৰে । ভৰিত শালচকুৰা ওলাব পাৰে আৰু ইয়াৰ পৰা ঘাঁৰ সৃষ্টি হোৱা প্ৰায়ে দেখা যায় । নখৰ মাংসৰ ভিতৰত সোমাই যোৱা নখবোৰ কাটোতে বা ভোটা হৈ যোৱা নখবোৰ কাটোতে আঙুলি আঘাতপ্রাপ্ত হ'ব পাৰে । এনেধৰে আঘাতপ্রাপ্ত আঙুলিত বিষ অনুভৱ নহয় । ৰোগীজনে নিজে আৰু বহুক্ষেত্ৰত চিকিৎসকে ভৰি দুখন অৱহেলা কৰা দেখা যায়। ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ ভৰিত ৰক্তপ্ৰৱাহ হ্রাস পোৱা বাবে আঘাতপ্রাপ্ত ভৰিত জটিলতা সৃষ্টি হ'ব পাৰে বা গেংগ্ৰীনৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে। এটি সৰু ঘটনাই দুৰাৰোগ্য জটিল ৰোগৰ জন্ম দিব পাৰে ।"
৮০ শতাংশ ভৰি ৰক্ষা কৰিব পাৰি :
তেওঁ কয়,"আজিকালি প্রতি ৩০ ছেকেণ্ডত ডায়েবেটিছৰ দ্বাৰা সংক্রামিত ভৰি কাটিবলগীয়া হয়,সেই ক্ষেত্ৰত সঠিক চিকিৎসাৰ দ্বাৰা প্ৰায় ৮০ শতাংশ ভৰি ৰক্ষা কৰিব পাৰি । প্ৰয়োজন মাথো আমাৰ ব্যস্ততাপূর্ণ জীৱনৰ পৰা আমাৰ ভৰিদুখনৰ বাবে কিছুসময় উলিওৱা । আজিকালিৰ সমাজত মুখমণ্ডলৰ সৌন্দৰ্যতাৰ লগতে ভৰিদুখনৰ সুস্বাস্থ্য আৰু সুন্দৰতাৰ বিষয়েও কিছু চর্চা হোৱা উচিত। শৈশৱৰ পৰাই ল'ৰা-ছোৱালীক ভৰিদুখনৰ প্ৰতি সজাগ হ'বলৈ শিকোৱা উচিত । মধুমেহ ৰোগী আৰু চিকিৎসক দুয়োজনৰে ভৰিৰ ৰোগ তথা সেইবোৰৰ চিকিৎসা সম্বন্ধীয় বিষয়সমূহৰ সম্পৰ্কে সঠিক তথ্য জনা উচিত ।"
ডায়েবেটিছ ৰোগী আৰু চৰণ স্পৰ্শ প্রকল্প :
ডায়েবেটিছ ৰোগীৰ ভৰিৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰণ স্পর্শৰ সম্পৰ্ক কি আছে সেই বিষয়ে ব্য়াখ্য়া কৰি ডাঃ জৈনে কয়,"ভাৰতীয় সংস্কৃতিত বয়োজোষ্ঠ্যসকলৰ চৰণ স্পৰ্শ কৰি আর্শিবাদ লোৱাৰ প্ৰথা আছে । এই প্রথাটোকে বৃহৎ পৰিসৰত ব্যৱহাৰ কৰি নিজৰ মূল্যৱান ভবিদুখন সযতনে ৰাখিব পাৰো । এইক্ষেত্ৰত আমি কেৱল এটাই কাম কৰিব লাগিব,সেয়া হ'ল আমি নিজৰ আৰু আনৰ ভৰি দুখন স্পৰ্শ কৰাৰ অভ্যাস কৰিব লাগিব । মধুমেহ ৰোগৰ ক্ষেত্ৰত ভৰি দুখন সংবেদনহীনতাত ভুগিলেও হাত দুখন সংবেদনশীল হৈ থাকে আৰু ভৰিদুখনত হ'ব পৰা যিকোনো সংক্রমণ ততালিকে ধৰা পেলাব পাৰে । ইয়াৰ ফলত ৰোগীজনে সচেতন হয় আৰু সময় থাকোতে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰি নিৰোগী হ'ব পাৰে । আমি যদি নিতৌ ৩০ ছেকেণ্ড সময় ভৰি দুখন ভালদৰে পৰীক্ষা কৰো তেতিয়া সংক্ৰম প্ৰতিৰোধ কৰিব পাৰো ।"
চৰণ স্পৰ্শ কৰা প্ৰথাই আজি যেনেকৈ সমাজখনক সজাগ কৰিব ঠিক তেনেকৈ মানৱজাতিক ভৰি দুখনৰ মহত্বৰ বিষয়েও জ্ঞান প্রদান কৰিব লাগে বুলি উল্লেখ কৰি কয়,"পাঁচ প্ৰকাৰৰ পদ্ধতিৰে সম্পন্ন কৰা ভৰি স্পৰ্শ কৰাৰ যি চিকিৎসা বিধি,সেয়া সকলোৱে অতি সহজ পদ্ধতিৰে বুজিব পাৰিব । ইয়াৰ দ্বাৰা কিছু ক্ষণৰ ভিতৰতে নিজৰ বা অন্যৰ ভৰিৰ সকলো অংশৰ পৰীক্ষা কৰিব পৰা যাব । এই প্ৰকল্পটোৰ দ্বাৰা কম সময়ৰ তথা প্ৰাৰম্ভিক অৱস্থাতে ৰোগ নিৰ্ণয় কৰিব পৰা যাব বা প্রয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যাব ।"
সময়ৰ অহ্বান এয়াই যে আমি কেৱল সংক্ৰমিত ভৰিখন ৰোগমুক্ত কৰি ৰক্ষা কৰাই নহয়, গোটেই ভৰিখনক সংক্ৰমণৰ পৰাই ৰক্ষা কৰিব লাগিব। যদিও আমি আপোনাৰ মূল্যৱান ভৰি দুখনৰ প্ৰতিটো মিলিমিটাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰো,তথাপি মনত ৰাখিব আপোনাৰ জীৱন ভৰি দুখনতকৈ বেছি মূল্যবান আৰু ভৰি দুখন আপোনাৰ ভৰিৰ আঙুলিতকৈ বেছি মূল্যবান ।
আক্রান্ত ভৰিৰ চিকিৎসা:
আক্রান্ত ভৰিৰ চিকিৎসা প্ৰসংগত ডাঃ জৈনে এইদৰে আগবঢ়ায় পৰামৰ্শ-
প্রাথমিক ব্যবস্থা বা সংক্রমণৰ আগত কি কৰিব ?
- নিতৌ ভৰি দুখনৰ প্ৰতি মনোযোগ দিয়ক। সময় থাকোতেই ভৰিৰ গোৰোহাৰ ফাঁট, শুকান ছাল আদিৰ চিকিৎসা কৰাওক । আঙুলিৰ মাজৰ ফাঁকবোৰৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত । সেইবোৰত ভেঁকুৰ লাগিলে তাৎক্ষণিকভাবে চিকিৎসা কৰিব লাগে ।
- ভৰিৰ গোৰোহা ফাঁট মেলা সমস্যাৰ পৰা হাত সাৰিবলৈ ভৰি দুখন কুহুমীয়া গৰম পানীত ১০ মিমিট সময় তিয়াই ৰাখক। পানীৰ উষ্ণতাৰ পৰিমাণ হাতেৰে চুই নিৰ্ধাৰণ কৰক। টান হৈ পৰা ছাল লাহে লাহে ঘহি নৰম কৰক আৰু তাৰ পিছত চাবোন ব্যৱহাৰ কৰি ধুব লাগে ।পানীখিনি শুকোৱাৰ পিছত মলম লগাওক যাতে ছালবোৰ সোনকালে শুকায় নাযায় আৰু নাফাটে।
- অত্যাধিক উষ্ণতা বা ঠাণ্ডাৰ পৰা ভৰি দুখনক সুৰক্ষা প্ৰদান কৰিব লাগে ।
- যদি ভৰি দুখন ৰাতি ঠাণ্ডা হৈ পৰে, তেনেক্ষেত্ৰত কপাহী মোজা ব্যৱহাৰ কৰক।
- ভৰিত সঠিক জোখৰ কপাহী মোজা পৰিধান কৰক । আৰামদায়ক, আগপিনে বহল তথা কম উচ্চতাৰ গোৰাহাৰ জোতা, চেণ্ডেল ব্যৱহাৰ কৰক । জোতা বা মোজা পিন্ধাৰ আগত ভালদৰে পৰীক্ষা কৰি ল'ব লাগে যাতে তাত কোনোধৰণৰ ব্যাহ্যিক বস্তু সোমাই নাথাকে । সদায় জোতা খোলাৰ পিছত ভৰি দুখন ভালদৰে পৰীক্ষা কৰিব লাগে ।
- বহিবৰ সময়ত এখন ভৰিৰ ওপৰত আনখন ভৰি তুলি নবহিব । এনে অভ্যাসৰ বাবে ৰক্ত পৰিবাহী ধমনীবোৰত হেঁচা পৰে।
- ভৰিত কোনো প্ৰকাৰৰ পৰিৱৰ্তন, বিষ, অগতানুগতিক লক্ষণৰ অনুভৱ কৰিলে যেনে ভৰি জিনজিনোৱা, বিন্ধা-বিন্ধি কৰা চিকিৎসকৰ উপদেশ গ্রহণ কৰক।
- আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মতে মধুমেহৰ উচিত নিয়ন্ত্ৰণ কৰক।
কি কি নকৰিব ?
- খালী ভৰিৰে কেতিয়াও খোজ নাকাঢ়িব (আনকি ঘৰৰ ভিতৰতো)
- টানকৈ আট খাই পৰা নাইবা নিমিলা জোখৰ জোতা নিপিন্ধিব।
- তিতি থকা জোতা তথা মোজা নিপিন্ধিব, কাৰণ এইবোৰৰ বাবে সংক্রমণ হ'ব পাৰে ।
- ভৰিত দেখা দিয়া কর্ণ তথা কাঠ আচিনাই নিজে নিজে এৰুৱাই নিদিব । এইবোৰ কাম বিশেষজ্ঞৰ দ্বাৰা কৰিবলৈ দিয়ক। কৰ্ণকেপ ব্যৱহাৰ নকৰিব।
- ঘা বা পানীজোলাবোৰ নিজে নিজে এৰুৱাই নিদিব।
- আঙুলিবোৰৰ মাজত মলম বা ক্রীম নলগাব । সেমেকা ভাৱ দূৰ কৰিবলৈ পাউডাৰ ব্যৱহাৰ কৰক।
- আপোনাৰ ভৰি দুখনত গৰম পানীৰ বটল, গৰমপানীৰ বেগ নাইবা গৰম কাপোৰৰ বান্ধ ব্যৱহাৰ নকৰিব।
- ধূমপানে ভৰিৰ ৰক্তপ্রবাহ হ্রাস কৰে । কোনো প্রকাৰৰ ধঁপাত ব্যৱহাৰ নকৰিব।
- কেচি, ব্লেড নাইবা চুৰিৰে নিজে নিজে ভৰিৰ নখ নাকাটিব।
- ভৰিৰ আঙুলিৰ নখবোৰ অতি চুটিকৈ আৰু একেবাৰে ছালৰ ওচৰৰ পৰা নাকাটিব।
সংক্ৰমণৰ চিকিৎসা :
যদি ভৰিদুখনত ঘা হয় বা সংক্রমণ হয় তেতিয়া সেই ৰোগৰ চিকিৎসা বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দলৰ দ্বাৰা কৰাব লাগে । এই দলটোত শৈল্য় চিকিৎসক, মধুমেহ ৰোগৰ বিশেষজ্ঞ, স্নায়ুৰোগ বিশেষজ্ঞ, হৃদয় বা হাওঁফাওঁ ৰোগৰ বিশেষজ্ঞ,খাদ্য বিশেষজ্ঞ আদি সকলো বিশেষজ্ঞৰ সামূহিক যোগদান থাকিব । এই সকলো সদস্যৰ মাজত পৰস্পৰ সমন্বয় থকাটো অত্যান্ত জৰুৰী ।
লগতে পঢ়ক:কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজাৰ অমোঘ অস্ত্ৰ মানসিক শক্তি আৰু আত্মবিশ্বাস

