এছিয়াত প্ৰথম: অংগদানৰ বাবে মৃত্যুৰ পিছত ৰক্ত সঞ্চালন পুনৰ আৰম্ভ কৰিলে দিল্লীৰ চিকিৎসকে
মৃত্যুৰ পিছত অংগ সংৰক্ষণৰ বাবে এছিয়াত প্ৰথমবাৰৰ বাবে ৰক্ত সঞ্চালন পুনৰ আৰম্ভ কৰা হৈছে ।

Published : November 9, 2025 at 9:43 PM IST
নতুন দিল্লী: দিল্লীৰ এখন চিকিৎসালয়ৰ চিকিৎসকে ৫৫ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যুৰ পিছত তেওঁৰ তেজৰ সঞ্চালন সফলতাৰে পুনৰ আৰম্ভ কৰি অংগদান সম্ভৱপৰ কৰি তুলিছে ৷ যিটো সমগ্ৰ এছিয়াতে এক অগ্ৰণী কৃতিত্ব বুলি শনিবাৰে বিষয়াসকলে জনায় ।
দ্বাৰকাৰ এইচ চি এম চি টি মণিপাল হাস্পতালত সম্পন্ন কৰা এই পদ্ধতি এছিয়াৰ ভিতৰতে প্ৰথম, য’ত মৃত্যুৰ পিছত অংগ আঁতৰাবলৈ পুনৰ তেজৰ সঞ্চালন আৰম্ভ কৰা হৈছিল ।
মটৰ নিউৰণ ৰোগৰ বাবে বিচনাত পৰি থকা আৰু পক্ষাঘাতগ্ৰস্ত গীতা চাওলাক ৫ নৱেম্বৰত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে তেওঁক লাইফ চাপ’ৰ্টত ৰখাৰ সিদ্ধান্ত লয় । ৬ নৱেম্বৰৰ নিশা ৮.৪৩ বজাত মহিলাগৰাকীৰ মৃত্যু ঘটে ।
তেওঁৰ অংগ দান কৰাৰ ইচ্ছাক সন্মান জনাই চিকিৎসকৰ দলটোৱে নৰ্মোথাৰ্মিক ৰিজিঅ’নেল পাৰ্ফিউজন (এন আৰ পি) নামেৰে জনাজাত এক বিৰল আৰু জটিল পদ্ধতি সম্পন্ন কৰে । এক্সট্ৰাকৰ্প’ৰিয়েল মেমব্ৰেন অক্সিজেনেটৰ (ই চি এম অ’) ব্যৱহাৰ কৰি চিকিৎসকে সফলতাৰে মহিলাগৰাকীৰ পেটৰ অংগসমূহত তেজৰ সঞ্চালন পুনৰ আৰম্ভ কৰে ৷ আনকি ৰোগীৰ হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ পিছত আৰু ই চি জি লাইন সমান হৈ যোৱাৰ পাঁচ মিনিটৰ পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল ৷
মণিপাল ইনষ্টিটিউট অৱ ক্ৰিটিকেল কেয়াৰ মেডিচিনৰ অধ্যক্ষ ডাঃ শ্ৰীকান্ত শ্ৰীনিবাসনে কয় যে এছিয়াত প্ৰথমবাৰৰ বাবে মৃত্যুৰ পিছত দানৰ বাবে অংগ সংৰক্ষণৰ বাবে ৰক্তসঞ্চালন পুনৰ আৰম্ভ কৰা হৈছে ।
তেওঁ লগতে কয়, ‘‘ভাৰতত অংগদান সাধাৰণতে মগজুৰ মৃত্যুৰ পিছত হয়, হৃদযন্ত্ৰই তেতিয়াও ধপধপাই থাকে । ৰক্তসঞ্চালন মৃত্যুৰ পিছত(DCD) দানত হৃদযন্ত্ৰ বন্ধ হৈ যায়, গতিকে সময় অতি গুৰুত্বপূৰ্ণ । এন আৰ পি ব্যৱহাৰ কৰি আমি যকৃত আৰু বৃক্কক নিৰাপদে উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে যথেষ্ট দিন জীয়াই ৰাখিবলৈ সক্ষম হৈছিলো ।’’
এই পদ্ধতিৰ পিছত ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিস্থাপন সংস্থাই (NOTTO) লগে লগে অংগসমূহ সংৰোপণৰ বাবে আবণ্টন দিয়ে ।
ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছায়েন্সৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ লিভাৰ সংৰোপন কৰাৰ বিপৰীতে ছাকেটৰ মেক্স হাস্পতালত ৬৩ আৰু ৫৮ বছৰীয়া আন দুজন পুৰুষক তেওঁৰ বৃক্ক প্ৰদান কৰা হয় ।
চাওলাৰ লিভাৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছায়েন্সৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ শৰীৰত প্ৰতিস্থাপন কৰাৰ বিপৰীতে ছাকেটৰ মেক্স হাস্পতালত ৬৩ আৰু ৫৮ বছৰীয়া আন দুজন পুৰুষক বৃক্ক প্ৰদান কৰা হয় । তেওঁৰ কৰ্ণিয়া আৰু ছালখনো দান কৰা হৈছিল, যাৰ ফলত বহু ৰোগী উপকৃত হৈছিল ।
মণিপাল ইনষ্টিটিউট অৱ গেষ্ট্ৰ’এণ্টেৰ’লজি এণ্ড হেপাটো-বিলিয়াৰী-পেনক্ৰিয়াটিক ছায়েন্সৰ অধ্যক্ষ আৰু মণিপাল অৰ্গেন শ্বেয়াৰিং এণ্ড ট্ৰান্সপ্লাণ্ট (এম অ’ এছ টি)ৰ দেশৰ মুৰব্বী ড৹ (কৰ্ণেল) অভনীশ শেঠ ভি এছ এমে, এই কথাত গুৰুত্ব আৰোপ কৰে যে, ‘‘২০২৪ চনত মগজুৰ মৃত্যুৰ পিছত অংগদানৰ ক্ষেত্ৰত ভাৰতে ১,১২৮ জন দাতাৰ সৈতে বিশ্বৰ ভিতৰতে অষ্টম স্থান লাভ কৰে ।’’
ডাঃ শেঠে কয়, ‘‘কিন্তু আমি ৰক্তসঞ্চালন বিকল হোৱাৰ বাবে ঘটা মৃত্যুৰ পিছত অংগদানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিব । এছিয়াত প্ৰথমবাৰৰ বাবে এন আৰ পিয়ে প্ৰমাণ কৰে যে এতিয়া ভাৰতত মৃত্যুৰ পিছত পেটৰ অংগসমূহ জীয়াই ৰখাটো সম্ভৱ হৈছে আৰু আনকি, হৃদযন্ত্ৰ আৰু হাওঁফাওঁকো ৷’’
লগতে পঢ়ক: আজিয়েই বিশেষজ্ঞৰ পৰা জানি লওক হৃদৰোগৰ পৰা নিজক কিদৰে বচাই ৰাখিব পাৰে

