ETV Bharat / health

বৰবিহ ! কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ?

ফল পকাবলৈ ব্য়ৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড নিষিদ্ধ কৰাৰ পাছতো বজাৰত এইবিধ ৰাসায়নিকযুক্ত আম-কল ভৰি পৰিছে । জানক ই শৰীৰৰ কেনে ক্ষতি কৰে....

Find out how the use of calcium carbide in fruits can harm human body
কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 1:34 PM IST

15 Min Read
Choose ETV Bharat

নয়ন কুমাৰ শৰ্মা

গুৱাহাটী: আজিকালি বজাৰত ধুনীয়াকৈ সজাই থোৱা ফলবোৰ দেখিলেই সকলোৰে জিভাৰ পানী পৰিবলৈ ধৰে । সেয়া ফলৰ ৰজা পকা আমেই হওক, অথবা কল, অমিতা, লিচু যিয়েই নহওক কিয় সকলোবোৰৰ ধুনীয়া ৰং দেখিলেই খাবলৈ মন যায় । বজাৰৰ পৰা আনন্দ মনে কিনি অনা ফলবোৰ ঘৰত এদিন বা দুদিন থৈ দিলেই ইয়াৰ ৰং সলনি হৈ পৰে । এইবোৰ ফল খালেই গোন্ধ ওলায় আৰু সোৱাদ নোহোৱা হয় । আম, কল আদিৰ ৰং হালধীয়াৰ পৰিৱৰ্তে কলা হৈ পৰে । পচিবলৈ ধৰে, দুৰ্গন্ধ ওলায় । ইয়াৰ কাৰণ কি আপুনি জানেনে ?

ইয়াৰ বাবে দায়ী হৈছে এবিধ ৰাসায়নিক । এই ৰাসায়নিকবিধৰ বাবে ফল-মূল পূৰঠ নহ'লেও সময়তকৈ আগতে পকে আৰু সোনকালে নষ্ট হয় । বজাৰত চাহিদা অনুপাতে যোগান ধৰিবলৈ নিশাটোৰ ভিতৰতে ফল পকাবলৈ ব্য়ৱহাৰ কৰা এই ৰাসায়নিক বিধৰ নামেই হৈছে কেলচিয়াম কাৰ্বাইড । এই ৰাসায়নিকবিধ হৈছে গম নোপোৱাকৈয়ে একপ্ৰকাৰ শৰীৰত লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰা বৰবিহ । ভাৰতত কৃত্ৰিমভাৱে ফল পকিবলৈ কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । কাৰণ ইয়াত থকা আৰ্ছেনিক আৰু ফছফৰাছে এচিটিলিন গেছ নিৰ্গত কৰে ।

এই ৰাসায়নিকবিধ নিৰ্দিষ্ট পৰিমাণতকৈ বেছিকৈ ফল আদিত প্ৰয়োগ কৰা বাবে মানৱ শৰীৰৰ কাৰণে হৈ পৰে বিপজ্জনক । এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত সবিশেষ ব্য়াখ্য়া কৰিলে প্ৰাগজ্য়োতিষ চিকিৎসা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ তথা জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্য় , জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়ক, হৃদৰোগ আৰু থৰোচিক বিশেষজ্ঞ ডাঃ বিকাশ ৰাই দাস আৰু ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাসে

ফলত ব্যৱহাৰ কৰা কাৰ্বাইড মানৱ শৰীৰৰ বাবে অত্যন্ত অপকাৰী যদিও মুনাফা লাভৰ বাবে অসাধু ব্যৱসায়ীসকলে এই কাৰ্বাইডযুক্ত ফল বজাৰত বিক্ৰী কৰি আহিছে । আম, কল, অমিতাকে আদি কৰি বহু ফল কৃত্ৰিমভাৱে পকিবলৈ ব্য়ৱহাৰ কৰা কেলচিয়াম কাৰ্বাইডে শৰীৰৰ কিমান ক্ষতিসাধন কৰে সেয়া জানিলে আপুনিও হ'ব আচৰিত । এতিয়া এনে ফলবোৰ শৰীৰৰ বাবে উপকাৰী নে বৰবিহ হৈ পৰিছে ?

কেলচিয়াম কাৰ্বাইডৰ ক্ষতিকাৰক প্ৰভাৱ কি ?

জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কে কয় যে বহু সময়ত ফল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয় ৷ তদুপৰি শাক-পাচলি আদিও সতেজ কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰাসায়নিক ব্য়ৱহাৰ কৰা হয় । এইবোৰে একিউট আৰু ক্ৰ'ণিক ৰোগৰ সৃষ্টি কৰিব পাৰে । সাধাৰণতে এইবিধ ৰাসায়নিকে এচিটাইলিন গেছ এৰি দিয়ে । এচিটাইলিনত চিলিকন কাৰ্বাইড, কেলছিয়াম ফছফাইড, কেলছিয়াম অক্সাইড, কেলছিয়াম নাইট্ৰেট, কেলছিয়াম ছালফাইডৰ দৰে ক্ষতিকাৰক মৌল থাকে ।

এনে মৌলই শৰীৰৰ কেনে ক্ষতি কৰিব পাৰে বুলি প্ৰশ্ন কৰোতে জ্য়েষ্ঠ মেডিচিন বিশেষজ্ঞগৰাকীয়ে কয় যে এনে ৰাসায়নিকযুক্ত ফল খোৱাৰ ফলত মূৰ ঘূৰোৱা, সঘনাই পিয়াহ লগা, জ্বলা-পোৰা, দুৰ্বলতা, খাদ্য় গিলিবলৈ অসুবিধা হোৱা, বমি আৰু ছালৰ আলচাৰ, হাঁওফাঁওৰ ৰোগ, হৰ'মন ভাৰসাম্য়হীন, প্ৰদাহ, ডায়েবেটিছ আদি হোৱাৰ আশংকা থাকে । অপ্টিক নাৰ্ভৰ ওপৰতো প্ৰভাৱ পৰাৰ আশংকা থাকে । আনকি প্ৰজনন ক্ষমতাৰ সমস্য়া আদিয়ে গা কৰি উঠাৰ আশংকা থাকে । এইবোৰ ফলৰ পুষ্টিমূল্য়ও হ্ৰাস পায় ।

Find out how the use of calcium carbide in fruits can harm human body
কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ? (ETV Bharat Assam)

পেট আৰু অন্ত্ৰত প্ৰভাৱ পেলায় :

কৃত্ৰিমভাৱে পকা ফল বেছিকৈ খালে পেট আৰু অন্ত্ৰত প্ৰভাৱ পেলায় । কেলচিয়াম কাৰ্বাইডৰ পাৰ্শ্বক্ৰিয়া হ'লে পেটৰ তীব্ৰ বিষ হয় । এই বিষ প্ৰায়ে নষ্ট হোৱা ফল খোৱাৰ পিচত আৰম্ভ হয় । পেটৰ বিষৰ লগত বমিও হয় । পাচন তন্ত্ৰই স্বাভাৱিকতে বিষাক্ত পদাৰ্থবোৰ নাইকিয়া কৰিবলৈ চেষ্টা কৰে আৰু শৰীৰৰ পৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ সোনকালে আঁতৰোৱাৰ চেষ্টা কৰাৰ ফলত ডায়েৰিয়া আদি হয় বুলি কয় ডাঃ নায়কে ।

স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায় :

স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায় বুলি উল্লেখ কৰিছে প্ৰাগজ্য়োতিষ চিকিৎসা মহাবিদ্য়ালয়ৰ অধ্য়ক্ষ তথা জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞ ডাঃ বসন্ত কুমাৰ বৈশ্য়ই । কেলচিয়াম কাৰ্বাইডত থকা বিষাক্ত যৌগই স্নায়ুতন্ত্ৰক প্ৰত্য়ক্ষভাৱে আক্ৰমণ কৰে বুলি উল্লেখ কৰি জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞগৰাকীয়ে কয় যে কেলচিয়াম কাৰ্বাইডেৰ পকোৱা ফল আদি বেছিকৈ খালে হোৱা পাৰ্শ্বক্ৰিয়াৰ ভিতৰত তীব্ৰ মূৰৰ বিষ আৰু মূৰ ঘূৰোৱা হ'ব পাৰে । এই ৰাসায়নিকবিধ দীৰ্ঘদিনধৰি ব্য়ৱহাৰ কৰাৰ ফলত মস্তিষ্কত প্ৰভাৱ পেলোৱা স্নায়ুজনিত ক্ষতিৰ আশংকাও বৃদ্ধি কৰিব পাৰে । কাৰণ এইবিধ হৈছে ফল আদিৰ মাধ্য়মত শৰীৰে লাভ কৰা বৰবিহ ।

আনকি দীৰ্ঘদিনধৰি এনে ফল খোৱাৰ ফলত লাহে লাহে মস্তিষ্কৰ ক্ষয়জনিত ৰোগ আদিয়ে গা কৰি উঠিব পাৰে । স্মৃতিশক্তিৰ সমস্যাৰো সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । আৰ্ছেনিক আৰু ফছফ'ৰাছৰ অৱশিষ্টই মস্তিষ্কৰ কোষক স্বাভাৱিক কাৰ্য সম্পাদনত বাধা প্ৰদান কৰে । আগতীয়াকৈ ডিমেনচিয়া আদি হোৱাৰো আশংকা নুই কৰিব নোৱাৰি । এই সমস্য়াই জটিল ৰূপ ধাৰণ কৰাৰ ফলত লাহে লহে নিউৰোপেথীও হ'ব পাৰে । এইখিনিতে উল্লেখ কৰিব পাৰি যে স্নায়ুৰ ক্ষতি হ'লে এনে সমস্য়াৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক সময়ৰ প্ৰয়োজন হয় । কেনেবাকৈ যদি উপশম লাভ নকৰে তেতিয়া ক্ষতিও স্থায়ী হ’ব পাৰে ।

আনকি কৃত্ৰিমভাৱে পকা ফল নিয়মীয়াকৈ কালে মেজাজ বা মানসিক অৱস্থাৰ পৰিৱৰ্তন হোৱাৰো আশংকা থকা বুলি কয় জ্যেষ্ঠ স্নায়ু ৰোগ বিশেষজ্ঞগৰাকীয়ে ।

ডায়েবেটিছত আক্ৰান্তৰ বাবে সুৰক্ষিত নে ?

ডায়েবেটোল'জিষ্ট ডাঃ ৰূপম দাসে কয় যে কাৰ্বাইডৰে পকোৱা ফলৰ দীৰ্ঘদিনীয়া সেৱনৰ সৈতে ডায়েবেটিছ মেলিটাছ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ সম্পৰ্ক আছে । সেইবাবে ডায়েবেটিছত আক্ৰান্ত লোকসকলৰ বাবেও ই অতিকৈ বিপজ্জনক হৈ পৰিব পাৰে । কাৰণ এনে ৰাসায়নিকে শৰীৰৰবৃত্তিয় প্ৰক্ৰিয়াত ব্য়াঘাত জন্মায় । সময়ৰ লগে লগে এনে ৰাসায়নিক পদাৰ্থ অলপ পৰিমাণে গ্ৰহণ কৰিলে প্ৰণালীবদ্ধ প্ৰদাহ, অক্সিডেটিভ চাপ আৰু বিপাকীয় বিঘিনিৰ সৃষ্টি হয় । এই প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ত ডায়েবেটিছৰ সৃষ্টি কৰিব পাৰে ।

Find out how the use of calcium carbide in fruits can harm human body
কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল শৰীৰৰ বাবে কিমান সুৰক্ষিত ? (ETV Bharat Assam)

হৃদৰোগ আৰু হাঁওফাঁওত কেনে প্ৰভাৱ পেলায় ?

হৃদৰোগ আৰু থৰোচিক বিশেষজ্ঞ ডাঃ বিকাশ ৰাই দাসে এই ৰাসায়নিক ব্যৱহাৰ কৰি ফল পকালে স্বাস্থ্যৰ বাবে কেনে ক্ষতিকাৰক হ’ব পাৰে সেই বিষয়ে ব্যাখ্য়া কৰি কয়," এনে হ'লে বুকুৰ ধপধপনি বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি পাব পাৰে ৰক্তচাপ, বুকুত বিষ অনুভৱ হয় । " আনহাতে, হাঁওফাওঁৰ ওপৰতো প্ৰভাৱ পৰে বুলি উল্লেখ কৰি ডাঃ দাসে কয় যে কাৰ্বাইডে উৎপন্ন কৰা গেছ আদিৰ বাবে শ্বাস লোৱাত অসুবিধা হোৱাৰ লগতে বুকু জ্বলা পোৰা অনুভৱ হয় । তদুপৰি হাঁপানী বা এলাৰ্জি বৃদ্ধি তথা হাঁওফাওঁৰ দীৰ্ঘদিনীয়া ক্ষতি হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি ।"

প্ৰজনন ক্ষমতাৰ ক্ষতিৰ আশংকা :

গৱেষকসকলে জীৱ-জন্তুৰ ওপৰত কৰা অধ্যয়নত লাভ কৰা তথ্য় অনুসৰি এনেধৰণৰ ৰাসায়নিকৰ ফলত প্ৰজনন ক্ষমতা ক্ষতি হোৱাৰ আশংকা থাকে । পুৰুষৰ ক্ষেত্ৰত হৰম’নৰ ভাৰসাম্যহীনতা আৰু প্ৰজননৰ সমস্যা দেখা গৈছে ।

কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম-কল সুৰক্ষিত নে ?

বজাৰত উপলব্ধ দেখিবলৈ আকৰ্ষণীয় আম,কল আদি ক্ৰয় কৰাৰ পূৰ্বে এশবাৰ ভাবক । এই ধৰণৰ ফল কিনাৰ পূৰ্বে এটা কথা মনত ৰাখিব যে যদি কেলচিয়াম কাৰ্বাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিকৰে পকোৱা হৈছে, তেন্তে এই ৰসাল ফলবোৰে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে ৷

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই আম, কল আদি পকোৱাত এনে ধৰণৰ পদ্ধতিত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই ৰাসায়নিক পদাৰ্থবোৰে স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব পাৰে বাবে এনে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও এইবোৰলৈ কৰ্ণপাত নাই অসাধু বিক্ৰেতাৰ । গ্ৰাহকে চকমকীয়া ৰং দেখি ধৰিবই নোৱোৰে সেয়া কৃত্ৰিমভাৱে পকোৱা নে প্ৰাকৃতিকভাৱে পকা ।

বৰ্তমান বজাৰত উপলব্ধ সকলো আম, কল আদি প্ৰাকৃতিকভাৱে পকা হয় নে নহয় সেয়া গ্ৰাহকে সহজেই চিনাক্ত কৰিব নোৱাৰে বাৰে কিনি আনে যদিও অলপ সাৱধান হ'লেই চিনাক্ত কৰিব পাৰে ।

কেলচিয়াম কাৰ্বাইড কিয় ব্যৱহাৰ কৰা হয় ?

ফলৰ পৰা প্ৰাকৃতিকভাৱে ইথিলিন গেছ নিৰ্গত হয় বাবে পকা প্ৰক্ৰিয়া ত্বৰান্বিত হয়; কিন্তু পকা ফলৰ বজাৰৰ চাহিদা পূৰণ কৰিবলৈ (বতৰতেই হওক বা অকালতে হওক) কিছুমান যোগানকাৰীয়ে প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰিবলৈ কাৰ্বাইড ব্যৱহাৰ কৰে । যেতিয়া কেলচিয়াম কাৰ্বাইড আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহে তেতিয়া ই এচিটিলিন গেছ উৎপন্ন কৰে । এই গেছে ইথিলিনৰ দৰে কাম কৰি পকা প্ৰক্ৰিয়া সহজ কৰি তোলে । এই প্ৰক্ৰিয়াটো নিৰাপদ বুলি ভাবিলেও অৱশ্যে ফল পকিবলৈ ব্যৱহাৰ কৰা কেলচিয়াম কাৰ্বাইড বিশুদ্ধ আৰু নিৰাপদ নহয় । বাণিজ্যিক গ্ৰেডৰ কেলচিয়াম কাৰ্বাইডত সাধাৰণতে আৰ্ছেনিক আৰু ফছফ'ৰাছ যৌগ কম পৰিমাণে থাকে বাবে গুণাগুণ হ্ৰাস কৰে আৰু শেষত স্বাস্থ্যৰ বাবে বিপদৰ সৃষ্টি কৰে ।

প্ৰাকৃতিকভাৱে ফল পকোৱাটো কিয় গুৰুত্বপূৰ্ণ ?

আজিকালি বহুতো বিক্ৰেতাই শাক-পাচলি আদি সতেজ কৰি ৰাখিবলৈ ইথিলিনত পোনপটীয়াকৈ ফল-মূল ডুবাই ৰাখে । এফএছএছএ আইৰ নিৰ্দেশনা অনুসৰি ফল-মূল বা শাক-পাচলি ইথিলিনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহাটো অবৈধ সেয়া পাউদাৰ বা তৰল ৰূপতেই হওক । এছএছএ আইৰ মতে, ইথিলিন গেছ নিৰাপদ, কেলচিয়াম কাৰ্বাইডৰ দৰে নহয়; কিন্তু ইয়াৰ ব্যৱহাৰৰ নিয়ম অতি কঠোৰ ।

এফএছএছএআইৰ মতে, ফলৰ বজাৰ আৰু গুদামসমূহ অহৰহ নিৰীক্ষণ কৰিবলৈ আৰু কৃত্ৰিম পদ্ধতিৰ পৰিৱৰ্তে সীমিত পৰিমাণৰ প্ৰাকৃতিক বা নিৰাপদ ইথিলিন গেছৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ কৈ আহিছে । গ্ৰাহকসকলকো ফল ক্ৰয় কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ লগতে অদ্ভূত ৰং বা গোন্ধ থকা ফলৰ পৰা সাৱধান হ’বলৈ আহ্বান জনোৱা হৈছে । খাদ্য সুৰক্ষা আৰু গুণগত মানৰ নিয়ম ২০১১ৰ অধীনত ফল-মূল বিশেষকৈ আম, কল, অমিতা সংৰক্ষণৰ বাবে সাধাৰণতে ‘মছলা’ নামেৰে জনাজাত কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰ কঠোৰভাৱে নিষিদ্ধ ।

এফএছএছএআইৰ অনুমোদন :

এফএছএছএআইয়ে ফল পকাবলৈ এক সুৰক্ষিত বিকল্প হিচাপে ইথিলিন গেছ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে । ইথিলিন গেছৰ ১০০ পিপিএম লৈকে ঘনত্ব আছে ৷ ই হৈছে এক প্ৰাকৃতিক হৰম'ন আৰু এয়াই ফল পকাত সহায় কৰে । তদুপৰি কেন্দ্ৰীয় কীটনাশক পৰিষদ আৰু পঞ্জীয়ন সমিতিয়ে আম আৰু অন্যান্য ফল পকাৰ বাবে এথেফনক ৩৯ শতাংশ এছএল অনুমোদন জনাইছে । খাদ্য নিয়ন্ত্ৰক সংস্থাটোৱে কোনো ব্যক্তিয়ে নিজ ঘৰৰ চৌহদত এচিটাইলিন গেছ অৰ্থাৎ কাৰ্বাইড গেছ ৰখাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে ৷

ভাৰতত ইথেফন নিষিদ্ধ নেকি ?

ভাৰতত ইথেফন সম্পূৰ্ণৰূপে নিষিদ্ধ নহয় ৷ ইয়াক কেন্দ্ৰীয় কীটনাশক ব’ৰ্ড আৰু পঞ্জীয়ন সমিতি (চিআইবি এণ্ড আৰচি)ৰ দ্বাৰা একেধৰণৰ ফল পকিবলৈ (আম আৰু কলৰ দৰে) আৰু উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰক হিচাপে অনুমোদন জনোৱা হৈছে । অৱশ্য়ে ইয়াৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত যথেষ্ট নিয়ন্ত্ৰণ কৰা হৈছে । তদুপৰি ইয়াৰ প্ৰত্যক্ষ প্ৰয়োগ কঠোৰভাৱে নিষিদ্ধ কৰিছে ।

প্ৰাকৃতিকভাৱে নে কৃত্ৰিমভাৱে পকিছে কেনেদৰে জানিব ?

পকা ফল কেৱল মিঠাই নহয়, পুষ্টিকৰ উপাদানৰে সমৃদ্ধ । প্ৰাকৃতিকভাৱে পকিলে শৰ্কৰা, আঁহ, ভিটামিন, এণ্টিঅক্সিডেণ্টৰ পৰিমাণ বৃদ্ধি পায় । কৃত্ৰিমভাৱে পকিলে এই প্ৰক্ৰিয়া বন্ধ হৈ পৰে । কৃত্ৰিমভাৱে পকা ফলত আঁহৰ পৰিমাণ কম থাকে । ইয়াৰ ফলত ভিটামিন চি আৰু অন্যান্য অণুপুষ্টিকৰ উপাদানো কম হ’ব পাৰে ।

কোষক ক্ষতিৰ পৰা ৰক্ষা কৰা এণ্টিঅক্সিডেন্টৰ বিকাশ লেহেমীয়া হয় । এই শক্তিশালী যৌগবোৰ প্ৰাকৃতিকভাৱে গঠন হ’বলৈ সময় লাগে । কেলচিয়াম কাৰ্বাইডৰ ব্যৱহাৰে এণ্টিঅক্সিডেণ্টৰ সঠিক বিকাশত বাধা জন্মায় । কৃত্ৰিমভাৱে পকা ফলৰ আকাৰো হয় বেলেগ । প্ৰাকৃতিকভাৱে পকিলে কঠিনতা আৰু কোমলতাৰ সঠিক ভাৰসাম্য সৃষ্টি কৰে । ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা কাৰ্বাইডে প্ৰায়ে ফলৰ কিছুমান অংশ অতি কোমল কৰে । আনহাতে কিছুমান অংশ কঠিন হৈ থাকে ।

ঘৰতে কৰিব পাৰিব সহজ পৰীক্ষা :

সকলোৱে লেব বা পৰীক্ষাগাৰত ফল পৰীক্ষা কৰাটো সম্ভৱ নহয় । সেইবাবে এয়া নিৰ্ধাৰণ কৰিবলৈ ঘৰতে কিছুমান সহজ পৰীক্ষা কৰিব পাৰি । ঘৰতে কৰিব পৰা সহজ পৰীক্ষাৰ বিষয়ে জানি ল'ব পাৰিলে নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য়ও সুৰক্ষিত হৈ থাকিব ।

  • আপুনি কিনা ফলৰ ৰং বেছি চিকচিকিয়া বা একেধৰণৰ হৈছে নেকি ? যদি এনেকুৱা হৈছে তেন্তে জানিব সেয়া কৃত্ৰিমভাৱে পকোৱা হৈছে
  • ফলৰ বাকলিৰ তলত বাদামী বা ক’লা দাগ পৰিছে নেকি সেয়া ভালদৰে চাব লাগে । কাৰণ যেতিয়া ফলবিধ কাৰ্বাইডৰ সংস্পৰ্শলৈ আহে তেতিয়া সেই ঠাইত ৰাসায়নিকভাৱে জ্বলি যোৱাৰ দৰে হয় আৰু ক'লা পৰি উঠে
  • ফল প্ৰাকৃতিকভাৱে পকিলে সুগন্ধিৰ লগতে সোৱাদযুক্ত,ৰসাল আৰু মিঠা হয় । এই সুগন্ধি ফলৰ প্ৰকাৰ অনুসৰি ভিন্ন হয় । এনেদৰে পকা ফলৰ বৰণ একে নহয়,অলপ হলেও ভিন্ন হয়
  • প্ৰাকৃতিকভাৱে পকা ফল লাহে লাহে টিপিলে মৃদু চাপত ই সমানে কোমল অনুভৱ হয় । আনহাতে,কাৰ্বাইডেৰে পকোৱা ফল টিপিলে আঙুলিৰ ছাপ গভীৰ হয় বা ফলটো চেপেটা হৈ পৰে
  • প্ৰাকৃতিকভাৱে পকা ফল পানীত ডুব যায় । আনহাতে ৰাসায়নিকভাৱে পকোৱা ফল পানীত ওপঙি থাকে

ফল খোৱাৰ আগতে...

ফলবোৰ খোৱাৰ আগতে সদায় বৈ যোৱা পানীৰ তলত ভালদৰে ধুব লাগে যাতে পৃষ্ঠত থকা ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট হ্ৰাস কৰাত সহায় কৰে।

অনিয়মৰ অভিযোগ কাৰ ওচৰত কৰিব ?

যদি কোনো ব্যৱসায়ীয়ে নিৰ্ধাৰিত মান অনুসৰি আম, কল আদি পকোৱা নাই তেতিয়াহলে শীঘ্ৰে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আয়ুক্তৰ ওচৰত অভিযোগ কৰিব পাৰে ৷

কিয় জাপানে বন্ধ কৰিছে ভাৰতীয় আমৰ আমদানি ?

ভাৰতৰ পৰা বিভিন্ন প্ৰকাৰৰ সোৱাদযুক্ত আম কেইবাখনো দেশলৈ ৰপ্তানি কৰি অহা হৈছে । ইয়াৰ মাজতে শেহতীয়াভাৱে জাপানে বন্ধ কৰিছে ভাৰতীয় আমৰ আমদানি । ভাৰতীয় আমত অত্যধিক কীটনাশক ধৰা পৰাৰ পিচতেই জাপানে ভাৰতীয় আমৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে। উল্লেখ্খ্য় যে কীটনাশকক উপস্থিতি ভিএইচটি ব্যৱস্থাৰ জৰিয়তে পৰীক্ষা কৰা হয় । উত্তৰ প্ৰদেশৰ ৰেহমানপুৰত চলা পৰীক্ষাত ভাৰতীয় আমত অত্যধিক কীটনাশকৰ উপস্থিতি ধৰা পৰাৰ পিচতেই জাপানে এই নিষেধাজ্ঞা আৰোপ কৰিছে । জাপানলৈ এনফলছ', কেশৰ, লেংৰা আৰু বাগান্যপল্লিৰ দৰে আমৰ প্ৰজাতি ভাৰতৰ পৰা প্ৰতি বছৰে ৰপ্তানি হৈ আহিছিল যদিও এইবাৰ ৰপ্তানিকাৰীৰ আশাত চেঁচাপানী ঢালিলে ।

অসমত সক্ৰিয় অসাধু ব্য়ৱসায়ী ...

শেহতীয়াভাৱে বৰপেটা জিলাৰ বৰপেটাৰোডত খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰি থকাৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই অসমত অবাধে চলি থকা এই ভয়ংকৰ ছবিখন ফুটি উঠিছে । একাংশ অসাধু বেপাৰীয়ে শাক-পাচলিত মিহলাইছে শৰীৰৰ বাবে ক্ষতিকাৰক বিষাক্ত ৰাসায়নিক । সেয়েহে বজাৰৰ পৰা পাচলি ক্ৰয় কৰি খোৱাৰ আগত এশবাৰ চিন্তা কৰিবলগীয়া হৈছে । বৰপেটা জিলাৰ বৰপেটাৰোডৰ পাচলি বজাৰত অসাধু ব্যৱসায়ীয়ে সেউজীয়া পাচলিত ৰং সানি সতেজ ৰূপ দিব বিচৰা কাণ্ডৰ পাছতো খাদ্য সুৰক্ষা বিভাগৰ তৎপৰতাহীনতাক লৈ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । শাক-পাচলি আদিত কোনোধৰণৰ ৰং বা ৰাসায়নিক ব্য়ৱহাৰত ইতিমধ্য়ে খাদ্য় সুৰক্ষা আইনৰ অধীনত নিষিদ্ধ কৰা হৈছে । তথাপি এইদৰেই চলি আছে বেহা । এইদৰে প্ৰতিনিয়ত মানুহে নিজৰ অজ্ঞাতে গ্ৰহণ কৰি আছে বিভিন্ন কীটনাশকৰ উপস্থিতি থকা ফল,শাক-ফাচলি আদি ।

(সতৰ্কীকৰণ: এই ৱেবছাইটত আপোনাক প্ৰদান কৰা সকলো স্বাস্থ্য তথ্য আৰু চিকিৎসা পৰামৰ্শ কেৱল আপোনাৰ তথ্যৰ বাবে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো, কিন্তু সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে আপুনি আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ লোৱাটো মংগলজনক।)

লগতে পঢ়ক:এই সময়ত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ কি কৰিব ?

প্ৰচণ্ড গৰমত প্ৰাকৃতিক শীতল পানীয়ৰে সুস্থ কৰি ৰাখক শৰীৰ

ফ্ৰীজত বেছি সময় ৰখা খাদ্য়সম্ভাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী ?

ভিটামিন 'চি' কিয় বেছিকৈ খাব নালাগে ?