কেতিয়াবা বিৰক্ত হোৱাটো কিয় জৰুৰী ? জানি লওক কিয় বিশেষজ্ঞসকলে ইয়াক মগজুৰ বাবে নতুন আৰম্ভণি বুলি কয়
আমি সদায় বিৰক্তিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰোঁ আৰু তেনে কৰিবলৈ বিভিন্ন কাম ট্ৰাই কৰোঁ । কিন্তু এনে অনুভৱ কৰাৰ উপকাৰিতা কিমান আপুনি জানেনে ?

Published : December 9, 2025 at 5:23 PM IST
আমি সকলোৱে নিজৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই নিজকে জিৰণি দিব বিচাৰো, কেতিয়াবা চিনেমা চাই, কেতিয়াবা কিতাপ পঢ়ি, কেতিয়াবা ৰন্ধা-বঢ়া বা বন্ধু-বান্ধৱীক লগ কৰি ৷ কিন্তু সঁচা কথা ক’বলৈ গ’লে কোনোৱেই 'একো নকৰা' বা 'কেৱল বিৰক্ত' হ’বলৈ সময় লোৱাটো প্ৰায়েই কমকৈ শুনা যায় ৷ আজিৰ দ্ৰুতগতিত চলি থকা জীৱনশৈলীত আমাৰ মনটো অহৰহ কিবা নহয় কিবা এটাত ব্যস্ত হৈ থাকে আৰু ইয়াৰ বাবে ছ’চিয়েল মিডিয়া ডাঙৰ অৰিহণা যোগায় ৷ আমি শেষত আমাৰ হাতত থকা অলপ আজৰি সময়তো ৱেব চিৰিজ স্ক্ৰল কৰোঁ বা চাই থাকোঁ ৷
কিন্তু বিশেষজ্ঞসকলৰ মতে, যদি আপুনি সঁচাকৈয়ে আপোনাৰ মন আৰু স্বাস্থ্যৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰে তেন্তে অলপ বিৰক্তিও লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷ নতুন দিল্লীৰ ডিপাছৰ জ্যেষ্ঠ ফেলো আৰু মনোবিজ্ঞানী ডাঃ জ্যোৎস্না বক্ষীয়ে কয় যে, আমি কেতিয়াবা নিজকে কিয় বিৰক্ত হ’বলৈ দিব লাগে আৰু ইয়াৰ ফলত মগজুত কেনেধৰণৰ ইতিবাচক প্ৰভাৱ পৰিব পাৰে সেয়া হয়তো আমি বহুতেই নাজানো ৷ ডাঃ যোশীৰ মতে, স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ অহৰহ ব্যৱহাৰে আমাৰ মানসিক স্বাস্থ্যৰ ক্ষতি কৰিছে, মানসিক চাপ বৃদ্ধি কৰিছে, মনোযোগ বিচলিত কৰিছে, সৃষ্টিশীলতা হ্ৰাস কৰিছে, ক্ৰমান্বয়ে এয়া এক নিচালৈ পৰিণত হৈছে ৷
যদি কিছু সময় বন্ধু-বান্ধৱ, দায়িত্ব আৰু ফোন আদিৰ পৰা আঁতৰি থাকি নিজকে কিছু সময় দিয়ে, তেন্তে ই আপোনাৰ মেজাজ উন্নত কৰে, আপোনাৰ মনটো অধিক সৃষ্টিশীল হৈ পৰে আৰু আপোনাৰ মানসিক চাপো হ্ৰাস পায় ৷
এয়া হৈছে বিৰক্ত হোৱাৰ উপকাৰিতাসমূহ-
- টেক এডিকচনৰ পৰা মুক্তি
স্মাৰ্টফোনৰ নিচাই আপোনাক অস্থিৰ কৰি তুলিব পাৰে, কেতিয়াবা আনকি আপোনাৰ ফোনটো কোনো কাৰণ নোহোৱাকৈ বাজি থকাৰ ভ্ৰমো অনুভৱ কৰিব পাৰে ৷ অত্যধিক স্ক্ৰীণ টাইমৰ বাবে হতাশা, উদ্বেগ, অনিদ্ৰাৰ সমস্যা তথা শৈক্ষিক প্ৰদৰ্শন বেয়া হ’ব পাৰে ৷ অলপ বিৰক্ত হ’লে নিউৰ’প্লাষ্টিচিটি বৃদ্ধি পায়, যিটো শিশু আৰু কিশোৰ-কিশোৰীসকলৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ গতিকে, যদি আপোনাৰ হাতত আনকি পাঁচ মিনিট সময়ো আছে, তেন্তে আপোনাৰ ফোনটো থৈ পুৰণি ধৰণৰ কিবা এটা চেষ্টা কৰক যেনে ছবি আঁকক, লিখক, কল্পনা কৰক বা কেৱল কিছু সংগীতৰ সৈতে নিজকে জিৰণি দিয়ক ৷
- সৃষ্টিশীলতা বৃদ্ধি পায়
বিৰক্তিক সময়ৰ অপচয় বুলি নাভাবিব ৷ ই মনটোক শিথিল কৰি দিয়ে আৰু নতুন ধাৰণাবোৰৰ বাবে ঠাই দিয়ে ৷ যেতিয়া আপুনি আপোনাৰ গেজেটৰ পৰা বিৰতি লয়, তেতিয়া আপোনাৰ মনটো শিক্ষণ আৰু চিন্তাৰ প্ৰতি অধিক মুকলি হৈ পৰে, যাৰ ফলত সৃষ্টিশীলতা বৃদ্ধি পায় ৷
- নতুন চখ আৰু আগ্ৰহৰ সন্ধান কৰাৰ সুযোগ
বিৰক্তিয়ে আপোনাক নতুন আগ্ৰহৰ প্ৰতিফলন আৰু আৱিষ্কাৰ কৰিবলৈ সময় দিয়ে ৷ "মি টাইম"ৰ সময়ত যেতিয়া আপুনি কেৱল নিজৰ মাজতে থাকে, তেতিয়া বহুতো নতুন চখ আৰু প্ৰতিভাৰ উন্মেষ ঘটে যিবোৰ অন্যথা দৈনন্দিন জীৱনৰ হুলস্থুলত আপুনি হেৰুৱাব পাৰে ৷
- মন শান্ত আৰু সচেতন হৈ পৰে
একো নকৰাটোৱেই আচলতে শান্তি আৰু মননশীলতাৰ আৰম্ভণি ৷ বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰিলে টোপনি ভাল হয়, আৱেগৰ ভাৰসাম্য ৰক্ষা হয় আৰু আপোনাৰ ইতিবাচকতা বৃদ্ধি পায় ৷ ওজন কমাবলৈ কৰা প্ৰচেষ্টাতো ই সহায়ক হ’ব পাৰে ৷
- মানসিক চাপ কম হয়
বিৰক্ত হোৱাৰ বাবে মগজুৱে ৰিছেট কৰাৰ সুযোগ পায় ৷ যেতিয়া আপুনি নিজৰ ৰুটিনৰ পৰা কিছু সময়ৰ বাবে আঁতৰি যায় তেতিয়া মানসিক ভাগৰ কমি যায় আৰু চিন্তাধাৰা সতেজ হয় ৷ ইয়াৰ ফলত দীৰ্ঘকালীনভাৱে সুখ, সফলতা আৰু মানসিক স্বাস্থ্যৰ উন্নতি ঘটিব পাৰে ৷
উৎস
https://hbr.org/2025/08/you-need-to-be-bored-heres-why
লগতে পঢ়ক

