ETV Bharat / health

চৰ্বীযুক্ত যকৃত কেৱল হৃদযন্ত্ৰৰ বাবেই নহয়, শৰীৰৰ আন আন অংগসমূহৰ বাবেও বিপদজনক ! বিশেষজ্ঞসকলে কি কয়…

প্ৰতি চাৰিগৰাকী লোকৰ ভিতৰত এজন লোক চৰ্বীযুক্ত যকৃতত আক্ৰান্ত ৷ ই শৰীৰৰ অন্যান্য অংশকো প্ৰভাৱিত কৰে ৷

fatty liver
প্ৰতিনিধিত্বমূলক ছবি (GETTY IMAGES)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 12:02 AM IST

4 Min Read
Choose ETV Bharat

চৰ্বীযুক্ত যকৃতৰ ৰোগ আজিকালি একপ্ৰকাৰ সাধাৰণ কথাত পৰিণত হৈ পৰিছে । বিশেষজ্ঞসকলে কয় যে বৰ্তমান প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন লোক এই ৰোগত আক্ৰান্ত আৰু ইয়াৰ আশংকা দিনক দিনে বৃদ্ধি পাইছে । সুস্থ জীৱনশৈলী, সঠিক খাদ্যাভ্যাসৰ অভাৱ, অত্যধিক সুৰাপান, মেদবহুলতা, ডায়েবেটিছ আদিক চৰ্বীযুক্ত যকৃতৰ ৰোগৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয় ।

আনহাতে, নন-এলকহলিক ফেটি লিভাৰ ডিজিজ(NAFLD)ক এনে এক অৱস্থা বুলি গণ্য কৰা হয়, যিয়ে নীৰৱে স্বাস্থ্যৰ ক্ষতি কৰে । এই ৰোগৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে জানো আহক ।

বিশেষজ্ঞসকলে চৰ্বীযুক্ত যকৃতক, যকৃতত অত্যধিক চৰ্বী জমা হোৱাৰ কাৰণ হিচাপে বৰ্ণনা কৰিছে । যকৃতত সামান্য পৰিমাণৰ চৰ্বীৰ অৱস্থিতি স্বাভাৱিক বুলি গণ্য কৰা হয় ৷ যেতিয়া চৰ্বীৰ পৰিমাণ যকৃতৰ মুঠ ওজনৰ ৫-১০ শতাংশতকৈ অধিক হৈ পৰে, তেতিয়া এই অৱস্থাক চৰ্বীযুক্ত যকৃত বুলি শ্ৰেণীভুক্ত কৰা হয় । মন কৰিবলগীয়া যে, এই বিষয়টো কেৱল যকৃততে সীমাবদ্ধ নহয় ৷ ই মানৱ শৰীৰৰ অন্যান্য গুৰুত্বপূৰ্ণ অংগসমূহতো বিৰূপ প্ৰভাৱ পেলায় ৷ যাৰ ফলত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

হৃদৰোগ

বিশেষজ্ঞসকলে কয় যে ফেটি লিভাৰ ৰোগত আক্ৰান্ত লোকৰ হৃদৰোগ, হাৰ্ট এটেক, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি । তেওঁলোকে কয় যে এই অৱস্থাৰ বিপদজনক কাৰকসমূহ হৈছে ক্ৰমে - মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টৰেলৰ দৰে ৰোগসমূহ ।

আমেৰিকান হাৰ্ট এছ’চিয়েশ্বনৰ এক অধ্যয়নত দেখা গৈছে যে সুৰাপানৰ পৰিৱৰ্তে যকৃতত অস্বাভাৱিক চৰ্বী জমা হোৱাৰ বাবেই হৃদযন্ত্ৰৰ বিকলতাৰ আশংকাই দেখা দিয়ে ৷ নেশ্বনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে, নন-এলকহ’লিক চৰ্বীযুক্ত যকৃতৰ ৰোগ ইনচুলিন প্ৰতিৰোধ ক্ষমতা, মেদবহুলতা আৰু ডায়েবেটিছৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৷ এই সকলোবোৰে হৃদযন্ত্ৰৰ ৰোগ(CVD)ৰ সম্ভাৱনা বৃদ্ধি কৰে ।

মগজু সম্পৰ্কীয় ৰোগ

বিশেষজ্ঞসকলে কয় যে যেতিয়া চৰ্বীযুক্ত যকৃতৰ ৰোগে চিৰ’ছিছৰ পৰ্যায় পায়, তেতিয়া যকৃতে তেজৰ পৰা বিষাক্ত পদাৰ্থ নিয়মীয়াকৈ ফিল্টাৰ কৰাত ব্যৰ্থ হয় । এই বিষাক্ত পদাৰ্থবোৰে মগজুত গৈ হেপাটিক এনকেফেল’পেথী সৃষ্টি কৰিব পাৰে, যাৰ ফলত বিভ্ৰান্তি, স্মৃতিশক্তিৰ সমস্যা, স্পষ্টকৈ কথা কোৱাত পোৱা অসুবিধা আদিৰ দৰে সমস্যাসমূহৰ সৃষ্টি হয় ।

পেট ফুলা আৰু বিষ

এই অৱস্থাৰ ফলত পেটত তৰল পদাৰ্থ জমা হয় । যকৃতৰ ৰক্তবাহী নলীত ফুলি উঠা আৰু চাপ বৃদ্ধিৰ দৰে জটিলতাসমূহ হ’ব পাৰে । বিশেষজ্ঞসকলে সকীয়াই দিছে যে ৰক্তবাহী নলীৰ পৰা তৰল পদাৰ্থ নিৰ্গত হৈ পেটৰ গহ্বৰত জমা হৈ ফুলি উঠাৰ লগতে আৰু বিষৰ সৃষ্টি কৰিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে ৷

টাইপ ২ ডায়েবেটিছ

বিশেষজ্ঞসকলে কয় যে নন এলকহ’লিক চৰ্বীযুক্ত যকৃতৰ ৰোগ ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত । যকৃতত চৰ্বী জমা হোৱাৰ ফলত কোষবোৰে ইনচুলিনৰ প্ৰতি সঠিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত বাধা দিয়ে, যাৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায় । নেশ্বনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি টাইপ ২ ডায়েবেটিছ হৈছে ফেটি লিভাৰ ৰোগৰ সৈতে জড়িত অন্যতম অৱস্থা ।

ভৰি ফুলা

এই অৱস্থাত ৰোগাক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত ভৰি ফুলাটো এটা ডাঙৰ সমস্যা বুলি বিশেষজ্ঞসকলে কয় । যেতিয়া ৰোগটোৱে উন্নত পৰ্যায় পায় বা আন আন স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থাকে, তেতিয়া ভৰি ফুলা, অজ্ঞানতা, বিষ, ঘা আদি লক্ষণসমূহে দেখা দিব পাৰে ।

যদি যকৃতত ৩০ শতাংশ চৰ্বী থাকে

বিশেষজ্ঞসকলে কয় যে যদি আল্ট্ৰাছাউণ্ডত চৰ্বীযুক্ত যকৃতৰ ৰোগ ধৰা পৰে, তেন্তে ইয়াৰ অৰ্থ হ’ল যকৃতটো ৩০ শতাংশ জমা চৰ্বীৰে গঠিত । এই চৰ্বী জমা হোৱাৰ ফলত যকৃতৰ কাৰ্যক্ষমতা লেহেমীয়া হৈ পৰে আৰু বিপাকীয় ক্ৰিয়া সম্পৰ্কীয় অন্যান্য সমস্যাৰ সৃষ্টি হয় । বিশেষজ্ঞসকলে এইটোও সকীয়াই দিছে যে যকৃতত থকা চৰ্বীৰ ফলত ধমনীতো চৰ্বী জমা হয় ৷ যাৰ ফলত আওপকীয়াকৈ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

(অস্বীকাৰ: ইয়াত দিয়া সকলো তথ্য আৰু পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ বাবেহে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন আৰু চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। এই পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।)

লগতে পঢ়ক: মাহেকীয়া পিছুৱাবলৈ সঘনাই টেবলেট সেৱন কৰে নেকি ? যদিহে কৰে, তেন্তে হ’ব পাৰে গুৰুতৰ বিপদ

প্ৰজনন স্বাস্থ্য সজাগতা: পৰিয়াল পৰিকল্পনাৰ সিদ্ধান্তত কেনেদৰে সহায় কৰে ?