ETV Bharat / health

EXERCISE: মানসিক কামৰ সময়ত ব্যায়ামে মস্তিষ্কত প্ৰভাৱ পেলাই প্ৰতিৰোধ কৰে ডিমেনচিয়া !

এৰোবিক ব্যায়ামৰ মস্তিষ্কত প্ৰভাৱ সন্দৰ্ভত জাপান-আমেৰিকাৰ গৱেষণা ।

Exercise Changes How The Brain Works During Mental Tasks, Possibly Protecting Against Dementia
ব্যায়ামে মানসিক কামৰ সময়ত মস্তিষ্কত প্ৰভাৱ পেলায় প্ৰতিৰোধ কৰে ডিমেনচিয়া ! (Getty Images)
author img

By ETV Bharat Assamese Team

Published : September 2, 2026 at 6:26 PM IST

4 Min Read
Choose ETV Bharat

স্বাস্থ্য ভালে ৰাখিবলৈ খাদ্য়ৰ লগতে ব্য়ায়ামৰো সমানেই প্ৰয়োজন । কাৰণ ব্যায়াম কৰিলে হৃদস্পন্দন বৃদ্ধি পোৱাৰ লগতে শৰীৰটো ফিট হৈ থাকে । নিয়মীয়াকৈ খোজ কঢ়া, জ'গিং কৰা, চাইকেল চলোৱাৰ ফলত শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য ৰক্ষা হয় । এইবোৰৰ সৈতে মস্তিষ্কৰ কিবা সম্পৰ্কে আছে নে ?

এই বিষয়টো জানিবলৈ জাপানৰ নেশ্ব'নেল ইনষ্টিটিউট অৱ এডভান্সড ইণ্ডাষ্ট্ৰিয়েল চাইন্স এণ্ড টেকন’লজিৰ গৱেষকসকলে আমেৰিকাৰ ইউনিভাৰ্চিটি অৱ টেক্সাছ ছাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ সৈতে অংশীদাৰিত্বৰে গৱেষণা চলাইছে । এই অধ্যয়নৰ সময়ত গৱেষকসকলে প্ৰত্য়ক্ষ কৰে যে চিন্তা বা মগজুৱে কাম কৰি থকাৰ সময়ত এৰোবিক ব্যায়ামে মস্তিষ্কৰ কাৰ্যকলাপৰ ধৰণ সলনি কৰিব পাৰে ।

একেটা মানসিক কাম বাৰে বাৰে কৰি থাকিলে মস্তিষ্কই অধিক কাৰ্যক্ষমভাৱে কাম কৰাত সহায় কৰিব পাৰে বুলিও অধ্য়নয়ৰ সময়ত গৱেষকসকলে সংকেত লাভ কৰে ।

পূৰ্বৰ গৱেষণাই প্ৰায়ে ব্যায়ামৰ প্ৰভাৱক কেৱল এটা কাম বাৰে বাৰে কৰাৰ প্ৰভাৱৰ পৰা পৃথক কৰাত সমস্য়াৰ সন্মুখীন হৈছিল । খোজ কঢ়া বা জ'গিঙৰ দৰে এৰোবিক ব্যায়ামৰ সৈতে চিন্তা বা মগজুৰ কাম কৰি থকা সময়ত প্ৰদৰ্শন উন্নত হোৱাৰ সম্পৰ্ক আছে আৰু এই কাৰ্যই মানুহক জ্ঞানশক্তিৰ অৱনতি আৰু ডিমেনচিয়াৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে । অৱেশ্য়ে ব্যায়ামৰ পিছত মস্তিষ্কত কি হয় সেই বিষয়ে সঠিকভাৱে জুখিবলৈ শুনাতকৈও অধিক জটিল বুলি গৱেষকৰ দলটোৱে কয় ।

দ্বিতীয়বাৰ ব্যায়াম কৰা বাবে বা কামটোৰ অভ্যাস গঢ়ি তোলাৰ কাৰণে মগজুৱে বেলেগ ধৰণে আচৰণ কৰে নে নকৰে সেইবিষয়ে জানিবলৈ গৱেষকসকলে এই দুটা প্ৰভাৱক পৃথক কৰিবলৈ এটা অধ্যয়ন আৰম্ভ কৰে ।

মগজুৰ স্কেনে পাৰ্থক্য কৰিবলৈ সহায় কৰে

এআইএছটিৰ অত্যাধুনিক নিউৰ’ইমেজিং সুবিধা ব্যৱহাৰ কৰি গৱেষণা দলটোৱে বাৰে বাৰে ফাংচনেল মেগনেটিক ৰেজোনেন্স ইমেজিং (এফএমআৰআই) ব্যৱহাৰ কৰি মগজুৰ কাৰ্যকলাপ নিৰ্ণয় কৰিছিল ।

সুস্থ যুৱ আৰু বয়সস্থ প্ৰাপ্তবয়স্কসকলে তীব্ৰ এৰোবিক ব্যায়ামৰ পূৰ্বে আৰু পিছত মানসিকভাৱে কাম কৰিছিল । এই পৰীক্ষাটোত গৱেষকসকলে ব্যায়ামৰ সৈতে নিজেই জড়িত পৰিৱৰ্তনক চিন্তা বা মগজুৰ কাম কৰি থকাৰ সময়ত কামটো বাৰে বাৰে সম্পন্ন কৰাৰ বাবে হোৱা পৰিৱৰ্তনৰ পৰা পৃথক কৰিবলৈ সক্ষম হৈছিল ।

চিন্তা কৰি থকা সময়ত এৰোবিক ব্যায়ামে মস্তিষ্কৰ কাৰ্যকলাপৰ আঞ্চলিক আৰ্হি সলনি কৰে । একে সময়তে কামটো পুনৰাবৃত্তি কৰাৰ কাৰ্যই মগজুৱে সেই কামটো যি দক্ষতাৰে সম্পন্ন কৰিছিল তাৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাইছিল ।

গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে এৰোবিক ব্যায়াম কৰিলে চিন্তা বা মস্তিষ্কৰ কাম কৰি থকাৰ সময়ত আমাৰ মগজুৰ ভিতৰৰ বিভিন্ন অংশই কাম কৰাৰ ধৰণটো সলনি হৈ পৰে ।

অধিক আকৰ্ষণীয় তথ্য লাভ কৰিছিল বয়সস্থ অংশগ্ৰহণকাৰীসকলৰ পৰা । বিজ্ঞানীসকলে কামৰ পৰিৱেশন আৰু কামটো পুনৰাবৃত্তি কৰাৰ ফলত হোৱা মস্তিষ্কৰ কাৰ্য্য হ্ৰাস পোৱাৰ মাজত এক ইতিবাচক সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল । তাৰ পৰা অনুমান কৰিব পাৰি যে যেতিয়া কোনো ব্যক্তিয়ে কোনো কামত অধিক অভ্যাস কৰাৰ লগে লগে মগজুৰ বিশেষ কাৰ্য্যকলাপ হ্ৰাস পায়, তেতিয়া ই মগজুৰ দুৰ্বল কাৰ্যক্ষমতাৰ পৰিৱৰ্তে অধিক কাৰ্যক্ষম প্ৰক্ৰিয়াকৰণ প্ৰতিফলিত কৰিব পাৰে । প্ৰথমবাৰ ক’ৰবালৈ গ’লে প্ৰতিটো পাক ভালদৰে চাব লগীয়া হয় । অৱেশ্য়ে কেইবাৰমান ভ্ৰমণৰ পিছত প্ৰতিটো খোজৰ কথা সচেতনভাৱে চিন্তা কৰিবলগীয়া নহয় ।

গৱেষকসকলৰ মতে, মগজুৰ কাৰ্যকলাপৰ পৰিৱৰ্তন কল্পনা কৰাৰ ক্ষমতাই ব্যায়ামৰ প্ৰভাৱ সহজে বুজিব পাৰে । হয়তো মানুহক শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিবলৈ উৎসাহিত কৰিব পাৰে।

ব্যায়ামে মগজুৰ তথ্য প্ৰক্ৰিয়াকৰণত প্ৰভাৱ পেলাব পাৰে; কিন্তু এইটোও সম্ভৱ যে কেৱল জ্ঞানমূলক কামবোৰ বাৰে বাৰে সম্পূৰ্ণ কৰিলে মগজুৰ অধিক কাৰ্যকলাপ কাৰ্যক্ষম হয় । অৱেশ্য়ে এই তথ্যই এবাৰ ব্যায়াম কৰিলে ডিমেনচিয়া ৰোধ কৰিব পাৰে নে জ্ঞানশক্তিৰ অৱনতিৰ পৰা ৰক্ষা কৰে সেইবিষয়ে স্পষ্টভাৱে দেখুৱাবলৈ সক্ষম হোৱা নাই ।

উত্‍স:

https://onlinelibrary.wiley.com/doi/10.1002/jmri.70329

(অস্বীকাৰ: ইয়াত দিয়া সকলো তথ্য আৰু পৰামৰ্শ কেৱল সাধাৰণ তথ্যৰ বাবেহে । এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন আৰু চিকিৎসা আৰু স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। এই পৰামৰ্শসমূহ গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই উত্তম।)

লগতে পঢ়ক:Biopsy: বায়’প্সি অবিহনে নিৰ্ণয় কৰিব পাৰি হাওঁফাওঁৰ কৰ্কট

এচিডিটিৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ ? এইকেইটা বিষয়ত দিয়ক গুৰুত্ব

দক্ষিণ এছিয়াৰ জনসংখ্যাৰ আন্ত্ৰিক অণুজীৱ একে নেকি ? গৱেষণাই দিলে নতুন সংকেত