ETV Bharat / health

আপোনাৰ মৃগীৰোগ হৈছে নে নাই কেনেকৈ জানিব ? এই সন্দৰ্ভত কি কয় চিকিৎসকে

৭০ শতাংশতকৈও অধিক মৃগীৰোগক নিয়ন্ত্ৰণত ৰাখিব পৰা যায়, প্ৰাৰম্ভিক অৱস্থাত ৰোগ নিৰ্ণয় আৰু সঠিক সময়ত উপযুক্ত যতন লোৱাৰ বাবে ৰাইজলৈ আহ্বান জিএনআৰচি হাস্পতালৰ-

SEIZURE TREATMENT ASSAM
আপোনাৰ মৃগীৰোগ হৈছে নে নাই কেনেকৈ জানিব ? এই সন্দৰ্ভত কি কয় চিকিৎসকে (ETV Bharat)
author img

By ETV Bharat Health Team

Published : November 22, 2025 at 5:13 PM IST

4 Min Read
Choose ETV Bharat

নলবাৰী: মাথোঁ অসমতেই ৩ লক্ষাধিক মৃগীৰোগত আক্রান্ত ব্যক্তি আছে । কেৱল নলবাৰী জিলাতে মৃগীৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ১০ হাজাৰৰো অধিক । ইয়াৰে ৭০০০ জন মৃগীৰোগী জিএনআৰচি হাস্পতালত চিকিৎসাধীন । বিশেষজ্ঞসকলৰ মতে মৃগীৰোগৰ অধিকাংশই ধৰা নপৰাকৈ আৰু চিকিৎসা নকৰাকৈ থাকি যায় । আমি সচৰাচৰ দেখা পোৱা লক্ষণৰ বাহিৰেও মৃগীৰোগত চল্লিছ টাতকৈও অধিক লক্ষণ আছে ৷ এই লক্ষণসমূহ সকলোৱে নজনাৰ বাবে বহু লোকৰ সময় মতে চিকিৎসা সম্ভৱ হৈ নুঠে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্য্যায়ত ৰোগ চিনাক্ত কৰি উপযুক্ত চিকিৎসা আৰম্ভ কৰিলে ইয়াক যে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বিষয়ে ৰাইজক সজাগ কৰিবলৈ আজি নলবাৰী জিলাৰ প্ৰেছ ক্লাবত জিএনআৰচি হাস্পতালৰ দ্বাৰা এখনি সংবাদ মেলৰ আয়োজন কৰা হয় ৷ মৃগীৰোগৰ সজাগতা সংবাদমেলৰ লগত সংগতি ৰাখি এটি কাৰ-ৰেলীৰো শুভাৰম্ভ কৰা হয় ৷

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ আলফবিদ শ্বাহিদ আলিয়ে সাংবাদিকসকলক সম্বোধি জনায় যে, বিশ্বত ৫ কোটিতকৈ অধিক ব্যক্তি মৃগীৰোগত আক্রান্ত, আনহাতে, ভাৰতত ১ কোটিতকৈ অধিক লোক মৃগীৰোগত আক্রান্ত ৷ সমীক্ষা মতে, উত্তৰ পূৰ্বাঞ্চলত ৭ লাখ আৰু অকল অসমতে ৩ লক্ষাধিক লোক মৃগীৰোগত আক্ৰান্ত হৈছে ৷ জিএনআৰচি হাস্পতালত আজিলৈকে ৩১ হাজৰৰো অধিক মৃগীৰোগীক চিকিৎসা কৰা হৈছে ৷ ইয়াৰে ভিতৰত কেৱল নলবাৰী জিলাৰেই ৭০০০ জন ব্যক্তিয়ে জিএনআৰচি হাস্পতালত চিকিৎসা গ্রহণ কৰিছে ৷ যিকোনো বয়সৰ ব্যক্তিয়ে মৃগীৰোগত আক্রান্ত হ'ব পাৰে ৷

জিএনআৰচি হাস্পতালৰ দিছপুৰ শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ আলফবিদ শ্বাহিদ আৰু ডাঃ সুমিতা কলিতা (ETV Bharat)

প্ৰতিটো বয়সৰ বাবে ইয়াৰ লক্ষণ আৰু চিকিৎসাও বেলেগ বেলেগ ৷ আমাৰ প্ৰায় অধিকাংশ লোকেই মৃগীৰোগ বুলিলে কেৱল ফিট হোৱাটোকে বুজে আৰু মৃগীৰোগীয়ে পানী আৰু জুইৰ পৰা আঁতৰত থাকিব লাগে বুলিয়ে সচৰাচৰ ভাবে ৷ মৃগীৰোগৰ ৪০ টাতকৈও অধিক লক্ষণ আছে ৷ এই লক্ষণসমূহৰ ভিতৰত ৰোগী হঠাতে সংজ্ঞাহীন হৈ পৰে, চকু থৰ হৈ কেই চেকেণ্ডমানৰ বাবে সংজ্ঞাহীন হৈ পৰে, মুখেৰে গেঙনি বাহিৰ হয়, লেলাৱতি ওলায়, স্বাস-প্রশ্বাস অস্বাভাৱিক হয়, ৰক্তচাপৰ লগতে হৃদগতি বাঢ়ে, জিভা কামোৰ খাব পাৰে, হাত-ভৰি আচাৰি কেইমিনিট মানৰ বাবে সংজ্ঞাহীন হৈ পৰি থাকে, হঠাতে গাটো জিকাৰ খা

সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ ছয় মাইল শাখাৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সুমিতা কলিতাই কয় যে, পৃথিৱীৰ বিভিন্ন গুণী মানি ব্যক্তি যেনে নেপোলিয়ন বোনাপার্ট, আলেকজেণ্ডাৰ, ছাৰ আইজাক নিউটন, জুলিয়াচ চিজাৰ, লেনিন, জান্টি ৰডছ, 'ডংগল' ছবিৰ নায়িকা ফাটিমা ছানা শ্বেখ, আমাৰ আটাইৰে হিয়াৰ আমঠু জুবিন গাৰ্গো মৃগীৰোগত আক্রান্ত হৈছিল ৷ বেছিভাগ ক্ষেত্রতে দেখা যায় যে মৃগী ৰোগত আক্রান্ত ৰোগীৰ পাৰদৰ্শিতা আৰু প্রতিভা অন্য লোকতকৈ বেছি সক্রিয় আৰু তেওঁলোক প্রতিটো দায়িত্বৰ প্ৰতি অতি দায়বদ্ধ ৷

মৃগীৰোগৰ ওপৰত থকা সমাজৰ ভ্ৰান্ত ধাৰণাসমূহ নাইকিয়া কৰি পৰিয়াল, আত্মীয় স্বজন তথা বন্ধু-বান্ধৱীয়ে ইতিবাচক চিন্তা-ধাৰাৰে ৰোগীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে চিকিৎসকে প্ৰদান কৰা ঔষধসমূহ যাতে ৰোগীয়ে নিয়মিতভাৱে সেৱন কৰে আৰু চিকিৎসকসকলৰ লগত নিয়মিত পৰীক্ষা নিৰীক্ষা কৰাত ৰোগীগৰাকীক উৎসাহিত কৰিব লাগে ৷ লগতে ৰোগীগৰাকীয়েও যাতে আনৰ নেতিবাচক মতামতলৈ গুৰুত্ব নিদি নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিবেশ কৰে সেইটোৰ প্ৰতিও পৰিয়ালে লক্ষ্য ৰখা উচিত ৷ চিকিৎসকৰ পৰা ৰোগীগৰাকীয়ে নিয়মিত পৰামৰ্শ লৈ থাকিলে মৃগীৰোগ নিয়ন্ত্ৰণত থকাৰ লগতে মনোবল বৃদ্ধি হোৱাত যথেষ্ট অৰিহণা যোগায় ৷

লগতে পঢ়ক

  1. আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস: মৃগীৰোগ হ’লে প্ৰথমে দেখা দিয়া লক্ষণসমূহ কি কি জানেনে ?
  2. ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস: কিয় প্ৰতি বছৰে পালন কৰা হয় এই দিৱস ? জানো আহক ইয়াৰ ইতিহাস তথা তাৎপৰ্য
  3. মৃগীৰোগীসকলৰ বাবে এক ডাঙৰ সকাহ! ঔষধে কাম নকৰিলে VNS থেৰাপীয়ে কৰিব সহায়