ইব’লাৰ প্ৰাদুৰ্ভাৱ: প্ৰয়োজন নহ’লে কংগো-উগাণ্ডা-দক্ষিণ ছুডান ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ ভাৰতীয়ক
বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নিয়ম ২০০৫ৰ অধীনত এই পৰিস্থিতিক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে ।

Published : May 24, 2026 at 12:40 PM IST
নতুন দিল্লী: আফ্ৰিকাৰ কংগোৰ লগতে উগাণ্ডা আৰু দক্ষিণ ছুডানত ইব'লাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিচতেই সতৰ্ক হৈছে ভাৰত । সেয়েহে এই তিনিওখন ৰাষ্ট্ৰ ভ্ৰমণৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে ।
বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নিয়ম (আইএইচআৰ), ২০০৫ৰ অধীনত যোৱা ১৭ মে’ত এই পৰিস্থিতিটোক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (পিএইচইআই) হিচাপে ঘোষণা কৰাৰ পিচতেই ভাৰতে নিজৰ নাগৰিকসকলক কংগো, উগাণ্ডা আৰু দক্ষিণ ছুডানলৈ অপ্ৰয়োজনীয়ভাৱে যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা অনুসৰি ইব’লাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰতে নাগৰিকসকলৰ সুৰক্ষাৰ বাবে এই পৰামৰ্শ আগবঢ়াইছে । মন্ত্ৰণালয়ে এক বিবৃতিত কয় , “কংগো (ডিআৰচি) আৰু উগাণ্ডাত ইব’লা ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিচতে বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নিয়ম, ২০০৫ৰ অধীনত এই পৰিস্থিতিটোক আন্তঃৰাষ্ট্ৰীয় উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (পিএইচইআই) বুলি ঘোষণা কৰিছে ।’’
WHO Declares #Ebola Outbreak a Public Health Emergency of International Concern; Africa CDC Declares Public Health Emergency of Continental Security
— PIB India (@PIB_India) May 24, 2026
Government of India Advises Citizens to Avoid Non-Essential Travel to Democratic Republic of the Congo, Uganda and South Sudan…
বৰ্তমান কংগো, উগাণ্ডা আৰু দক্ষিণ ছুডানত বাস কৰা বা ভ্ৰমণ কৰা ভাৰতীয়সকলক স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জনস্বাস্থ্যৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আৰু অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰাদুৰ্ভাৱক আন্তৰ্জাতিক উদ্বেগজনক জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা (PHEIC) বুলি ঘোষণা কৰাৰ পিছতে এই পৰামৰ্শ আগবঢ়োৱা হৈছে ।
বৰ্তমান এই দেশসমূহত বাস কৰা বা ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকসকলক স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জনস্বাস্থ্যৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ, অধিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে সাৱধানতা অৱলম্বন, লক্ষণযুক্ত ব্যক্তিৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ আৰু জ্বৰ বা আনুষংগিক লক্ষণৰ ক্ষেত্ৰত তৎকালীন চিকিৎসাৰ বাবে আহ্বান জনোৱা হৈছে ।
ইপিনে, আফ্ৰিকা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনেও (আফ্ৰিকা চিডিচি) ডিআৰচি আৰু উগাণ্ডাক প্ৰভাৱিত কৰা এই প্ৰাদুৰ্ভাৱক মহাদেশীয় নিৰাপত্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে অভিহিত কৰিছে । অৱেশ্য়ে ভাৰতত এতিয়ালৈকে বুণ্ডিবুগ্য’ ষ্ট্ৰেইনৰ সৈতে জড়িত কোনো ইব’লা ৰোগী ধৰা পৰা নাই । চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি আক্ৰান্ত দেশসমূহৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিৰীক্ষণ কৰি আছে ।
বিশ্ব স্বাস্থ্য় সংস্থাৰ আইএইচআৰ জৰুৰীকালীন সমিতিয়ে যোৱা ২২ মে’ত অস্থায়ী পৰামৰ্শ জাৰি কৰিছিল যাতে নথিভুক্ত বুণ্ডিবুগ্য' ভাইৰাছ ধৰা পৰা অঞ্চলৰ পৰা অহা লোকৰ ধৰা নপৰা ৰোগ হ'লে সাৱধানতা অৱলম্বন কৰে । তদুপৰি এই অঞ্চললৈ পৰাপক্ষত নাযাবলৈও পৰামৰ্শ দিয়ে ।
লগতে পঢ়ক:মধ্য আফ্ৰিকাত ইব'লাৰ পৰিস্থিতি, ভাৰতত স্বাস্থ্য মন্ত্ৰণালয়ে কি কয়?
আফ্ৰিকাত ইব'লাৰ প্ৰাদুৰ্ভাৱ; আন্তৰ্জাতিক স্বাস্থ্য জৰুৰীকালীন অৱস্থা ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ

