ETV Bharat / health

নন-এলক'হলিক ফেটি লিভাৰ প্ৰতিহত কৰে ডালিম-আঙুৰ-বাদামে

অষ্ট্ৰেলিয়াত প্ৰতি তিনিজনৰ ভিতৰত এজন এনএএফএলডিত আক্ৰান্ত ।

Pomegranate grape almond prevents non alcoholic fatty liver
নন-এলক'হলিক ফেটি লিভাৰ প্ৰতিহত কৰে ডালিম-আঙুৰ-বাদামে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 12:11 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: যকৃত বা লিভাৰৰ ৰোগসমূহৰ ভিতৰত অন্য়তম হৈছে নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (এনএএফএলডি)। এনে ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্য়াও কম নহয় । এই ৰোগীসকলৰ বাবে গৱেষকসকলে কঢ়িয়াই আনিছে এক আশাৰ বতৰা । এই সন্দৰ্ভত এডিথ কোৱান বিশ্ববিদ্যালয়ৰ (ইচিইউ)ৰ গৱেষণাত প্ৰকাশ পাইছে নতুন তথ্য় ।

কিছুমান বিশেষ ফল-মূল আৰু বাদামে খালে নন-এলকহলিক ফেটি লিভাৰ ডিজিজ (এনএএফএলডি)ৰ পৰা ৰক্ষা পোৱাত সহায়ক হ’ব পাৰে বুলি গৱেষকসকলে মন্তব্য় কৰিছে । অৱেশ্য়ে আঁহৰ পৰিপূৰকে এই অৱস্থা জটিল কৰি তুলিব পাৰে বুলি এই প্ৰকাশ কৰিছে ।

অষ্ট্ৰেলিয়াত প্ৰতি তিনিজনৰ ভিতৰত প্ৰায় এজন এনএএফএলডিত আক্ৰান্ত । এনএএফএলডিত আক্ৰান্ত হ'লে যকৃত বিকল হোৱা বা যকৃতৰ কেন্সাৰৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ।মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে কাৰকৰ ফলত হোৱা এই ৰোগ বিশ্বজুৰি আটাইতকৈ প্ৰচলিত যকৃতৰ ৰোগত পৰিণত হৈছে । এই ৰোগত প্ৰায় ৩৮ শতাংশ লোক আক্ৰান্ত হৈ আছে । এই ৰোগবিধৰ চিকিৎসাৰ বিকল্প নাই ।

গৱেষকসকলে কৰা অধ্য়য়নৰ সময়ত প্ৰত্য়ক্ষ কৰিছে যে কিছুমান ফল আৰু বাদামত থকা উপাদানে এনএএফএলডি প্ৰতিৰোধ কৰিব পাৰে । তদুপৰি আক্ৰান্ত লোকসকলেও উপশম লাভ কৰিব পাৰে বুলিও গৱেষকৰ দলটোৱে উল্লেখ কৰিছে ।

ইচিইউৰ চেণ্টাৰ ফৰ প্ৰিচিজন হেল্থৰ সহযোগী অধ্যাপক লয়ছ বালমাৰে কয়," আমি দেখিলো যে ডালিম,আঙুৰ আৰু কাঠবাদামৰ দৰে বিভিন্ন খাদ্যত পোৱা এলাজিক এচিডে (ইএ) যকৃতক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ।" এলাজিক এচিড হৈছে এবিধ প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট । এইবিধ এণ্টিঅক্সিডেণ্টে প্ৰদাহ নিবাৰণ কৰাৰ লগতে দীৰ্ঘদিনীয়া ৰোগৰ চিকিৎসাত যথেষ্ট ফলপ্ৰসূ বুলি কোৱা হয় ।

এন্দুৰৰ ওপৰত কৰা এই অধ্যয়নত এইটোও সকীয়াই দিয়া হৈছে যে ফাৰ্মাচী, স্বাস্থ্য বিপণি আৰু অনলাইনত সহজে উপলব্ধ সাধাৰণতে ব্যৱহৃত আঁহৰ পৰিপূৰক ই এ অবিহনে নিজাববীয়াকৈ গ্ৰহণ কৰিলে এনএএফএলডি জটিল হোৱাৰো আশংকা থাকে ।

ইনুলিন হৈছে আন্ত্ৰিক স্বাস্থ্য উন্নত কৰিবলৈ প্ৰায়ে প্ৰিবায়'টিক হিচাপে ব্যৱহাৰ কৰা এবিধ দ্ৰৱণীয় আঁহ । অৱেশ্য়ে গৱেষণাত দেখা গৈছে যে ইয়াৰ ফলত শৰীৰৰ ওজন আৰু তেজৰ গ্লুক’জৰ মাত্ৰা অভাৱনীয়ভাৱে বৃদ্ধি পায় আৰু যকৃতৰ ক্ষতি হোৱাৰ আশংকা থাকে ।

সাধাৰণতে আমি কি খাও সেইটো ডাঙৰ কথা নহয়; কিন্তু শৰীৰত বিভিন্ন পুষ্টিকৰ পদাৰ্থই কেনেকৈ পাৰস্পৰিক ক্ৰিয়া কৰে সেইটোও গুৰুত্বপূৰ্ণ । সহযোগী অধ্যাপক বালমাৰে কয় যে উক্ত গৱেষণাই এই ধাৰণাটোক আৰু অধিক শক্তিশালী কৰি তুলিছে ।

লগতে পঢ়ক:সহজে নিৰ্ণয় কৰিব পাৰিব অণ্ডকোষৰ কৰ্কট ৰোগ

বিশ্ব উচ্চ ৰক্তচাপ দিৱস: নীৰৱ ঘাতকক প্ৰতিৰোধ কৰিব কেনেকৈ ?

চৰণ মন্দিৰ-চৰণ স্পৰ্শ: ডায়েবেটিছৰ বিৰুদ্ধে এগৰাকী চিকিৎসকৰ নীৰৱ অভিযান