গৰ্ভধাৰণৰ পিচত পেটৰ তলৰ অংশত বিষ-ৰক্তস্ৰাৱ হৈছে নেকি? কোনো ৰোগৰ লক্ষণ নেকি?
জৰায়ুৰ বাহিৰত গৰ্ভাৱস্থাৰ সৃষ্টি হোৱা অৱস্থাটোক কোৱা হয় 'এক্ট'পিক প্ৰেগনেন্সি'।

Published : June 28, 2026 at 7:44 AM IST
গুৱাহাটী : গৰ্ভধাৰণৰ পিচত পেটৰ তলৰ অংশত বিষ অনুভৱ, ৰক্তস্ৰাৱ হোৱা আদিৰ সমস্য়াই গা কৰি উঠাৰ পিচতো গুৰুত্ব প্ৰদান কৰা নাই নেকি ? সাৱধান ! এনে লক্ষণে দেখা দিলেই পলম নকৰি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । কাৰণ গৰ্ভধাৰণৰ পিচতেই হ'ব পাৰে এক্ট'পিক প্ৰেগনেন্সি বা গৰ্ভাৱস্থা ।
কেতিয়াবা এই সমস্য়াৰ সৃষ্টি হোৱাৰ পিচতো বহুতে তেনেই সাধাৰণ পেটৰ বিষ বুলি ভাৱে । পিছে এই অৱস্থাত যদি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰে তেতিয়াহ'লে বিপদ হোৱাৰ আশংকা ঘণীভূত হয় ।
যেতিয়া জৰায়ুৰ বাহিৰত গৰ্ভাৱস্থাৰ সৃষ্টি হয় তেতিয়াই এই অৱস্থাটোক কোৱা হয় 'এক্ট'পিক গৰ্ভাৱস্থা' । এই সমস্য়াৰ সৃষ্টি হ'লে কেনে লক্ষণে দেখা দিয়ে, জটিলতা, কেনেদৰে চিনাক্ত কৰা হয় তথা কৰিবলগীয়া পৰীক্ষা-নিৰীক্ষা, সন্দৰ্ভত ইটিভি ভাৰতৰ আগত সবিশেষ ব্য়াখ্য়া কৰিলে জয়পুৰৰ মহাত্মা গান্ধী চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বিজয় নাহাতাই...
এক্ট'পিক গৰ্ভাৱস্থা কি ?
এই সমস্য়াৰ বিষয়ে ব্য়াখ্য়া কৰি ডাঃ বিজয় নাহাতাই কয়, "জৰায়ুৰ বাহিৰত গৰ্ভ স্থাপন হোৱাকে এক্ট'পিক গৰ্ভাৱস্থা বুলি কোৱা হয় । অৰ্থাৎ কোনো এগৰাকী নাৰী যেতিয়া গৰ্ভৱতী হয় তেতিয়া জৰায়ুৰ ভিতৰতে গৰ্ভ স্থাপন হয়; কিন্তু কেতিয়াবা কেতবোৰ কাৰণৰ বাবে ডিম্বাণুটো জৰায়ুৰ ভিতৰত সংলগ্ন হোৱাৰ সলনি জৰায়ুৰ বাহিৰত সংলগ্ন হৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰে । চিকিৎসা বিজ্ঞানৰ ভাষাত এই অৱস্থাটোকেই এক্ট'পিক গৰ্ভাৱস্থা বুলি কোৱা হয় ।"
জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে পুনৰ কয় যে এই গৰ্ভ স্থাপন বিশেষকৈ টিউবৰ ভিতৰতে হয় যদিও কেতিয়াবা ডিম্বাশয়, জৰায়ুৰ মুখ বা পেটৰ গহ্বৰতো হ'ব পাৰে । এই গৰ্ভাৱস্থা স্বাভাৱিক গৰ্ভৱস্থাৰ দৰে যিহেতু নহয়, যাৰ ফলত মাতৃৰ জীৱনৰ প্ৰতি সংশয় আহিব পাৰে । সময়মতে চিনাক্ত কৰি চিকিৎসা নকৰিলে ফেলোপিয়ান টিউব ফাটি অভ্যন্তৰীণ ৰক্তস্ৰাৱো হ'ব পাৰে । ডিম্বাণু আৰু শুক্ৰাণু মিলনৰ এটি গুৰুত্বপূৰ্ণ পথ হৈছে ফেলোপিয়ান টিউব ।
কেনেদৰে নিৰ্ণয় কৰিব পাৰি ?
সাধাৰণতে গৰ্ভধাৰণ কৰাৰ পিচত পেটৰ তলৰ অংশত বিষ অনুভৱ হোৱাৰ লগতে ৰক্তস্ৰাৱ আদিৰ সমস্য়াই গা কৰি উঠিলে মহিলাগৰাকীক আল্ট্ৰাছাউণ্ড কৰা হয় । আল্ট্ৰাছাউণ্ড কৰি জৰায়ুৰ ভিতৰত গৰ্ভ আছে নে জৰায়ুৰ বাহিৰত গৰ্ভ স্থাপন হৈছে সেয়া নিশ্চিত কৰা হয় । গৰ্ভধাৰণৰ পৰীক্ষাত পজিটিভ অহাৰ পাছতো এক্ট'পিক গৰ্ভাৱস্থা হ'ব পাৰে ।
চিকিৎসা কি ?
এই অৱস্থাত কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন সেই বিষয়ে ব্য়াখ্য়া কৰি জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে কয়, "এক্ট'পিক গৰ্ভাৱস্থাৰ চিকিৎসা ৰোগীৰ অৱস্থা, গৰ্ভৰ আকাৰ আৰু স্থান আৰু ভ্ৰূণ ফাটি গৈছে নে নাই এইবোৰৰ ওপৰত নিৰ্ভৰ কৰে । এক্ট'পিক গৰ্ভাৱস্থাক স্বাভাৱিক গৰ্ভাৱস্থালৈ ৰূপান্তৰ কৰিব নোৱাৰি । সেইবাবে মাতৃৰ জীৱন সুৰক্ষিত ৰাখিবলৈ সময়মতে গৰ্ভপাত কৰাটো প্ৰয়োজনীয় । মূলতঃ এই গৰ্ভপাত লেপাৰ'স্কপিৰ দ্বাৰা কৰা হয় । যদি আৰম্ভণিতে ধৰা পৰে আৰু গৰ্ভটো সৰু হয় তেন্তে চিকিৎসকে এবিধ ঔষধেৰে চিকিৎসা কৰিব পাৰে ।"
তেওঁ পুনৰ কয় যে এই চিকিৎসা সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে চিকিৎসকৰ সিদ্ধান্তৰ ওপৰত ।
কিহৰ বাবে এক্ট'পিক গৰ্ভাৱস্থা হয় ?
ফেলোপিয়ান টিউব যদি বেয়া থাকে বা টিউবটোত সংক্ৰমণ হ'লে এক্ট'পিক গৰ্ভাৱস্থা হ'ব পাৰে । ফেলোপিয়ান টিউব ফাটিলে বিষ আৰু ৰক্তক্ষৰণ যথেষ্ট গুৰুতৰ হ’ব পাৰে তদুপৰি পেটৰ ভিতৰত কিবা সংক্ৰমণ হ'লেও এক্ট'পিক গৰ্ভাৱস্থা হ'ব পাৰে । মূলত সংক্ৰমণ এক্ট'পিক গৰ্ভাৱস্থাৰ এটা মূল কাৰণ বুলি কয় জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে ।
এক্ট'পিক গৰ্ভাৱস্থাত মাহেকীয়া বন্ধ নহ'বও পাৰে :
কেতিয়াবা এক্ট'পিক গৰ্ভধাৰণ কৰিলে মাহেকীয়া নিৰ্দিষ্ট দিনৰ তিনি-চাৰি দিন পাছত হোৱাৰ সম্ভাৱনা থাকে । এনে হ'লে অলপ অলপ ৰক্তস্ৰাৱ হ'ব পাৰে । সেয়ে যদিহে এই সময়চোৱাত তীব্ৰ বিষ অনুভৱ হয় তেন্তে গৰ্ভধাৰণৰ পৰীক্ষা কৰিব লাগে । সেয়ে লক্ষণ দেখা মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় ।
কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
গৰ্ভধাৰণ কৰাৰ সময়ত প্ৰতিগৰাকী মহিলাই কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত বুলি উল্লেখ কৰি ডাঃ বিজয় নাহাতাই এইদৰে পৰামৰ্শ আগবঢ়ায়-
- সংক্ৰমণ নহ'বলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ ।
- যৌন সম্পৰ্কৰ দ্বাৰা সংক্ৰমিত ৰোগ প্ৰতিৰোধৰ বাবে গৰ্ভ নিৰোধক ব্য়ৱহাৰ কৰিব লাগে ।
- গৰ্ভধাৰণৰ বাবে ইচ্ছা নাথাকিলে গৰ্ভ নিৰোধক উপায় অৱলম্বন কৰিব লাগে ।
লগতে পঢ়ক:দিনত অত্যধিক টোপনি ! সাৱধান, এয়া হ'ব পাৰে ৰোগৰ লক্ষণ
সুস্থ জীৱনশৈলী-ঔষধৰে নিয়ন্ত্ৰণ হোৱা নাই নেকি ৰক্তচাপ? হ'ব পাৰে এইকেইটা কাৰণ

