আপোনাৰ চকুত দেখা দিয়া এই লক্ষণ হ’ব পাৰে কিডনীত হোৱা কোনো সমস্যাৰ কাৰণ!
বহুবাৰ চকুত দেখা দিয়া এই লক্ষণসমূহক সাধাৰণ বা নিদ্ৰাৰ অভাৱৰ কাৰণে হোৱা বুলি অৱহেলা কৰা হয়, কিন্তু এয়া হ’ব পাৰে কিডনীত হোৱা কোনো সমস্যাৰ কাৰণ-

Published : November 18, 2025 at 11:25 AM IST
আমাৰ দেহৰ এক অতি গুৰুত্বপূৰ্ণ অংগ কিডনী অৰ্থাৎ বৃক্ক ৷ দেহৰ এই অংগবিধে আমাক সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখাত অন্যতম প্ৰধান ভূমিকা লয় ৷ কিডনীয়ে তেজ পৰিস্ৰাৱণ কৰি অপ্ৰয়োজনীয় আৰু বিষাক্ত পদার্থসমূহ বাহিৰ কৰি দিয়ে ৷ এই অংগবিধে ভালদৰে কাম কৰিব নোৱাৰিলে আমাৰ জীৱন অত্যন্ত কঠিনতাৰে ভৰপূৰ হৈ পৰিব পাৰে ৷ কিডনীৰ সমস্যা আজিৰ সময়ত যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে ৷ গতিকে সম্ভাৱ্য যিকোনো বিপদৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হ’লে আমি কিডনীৰ সঠিক যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷
কিডনীৰ কোনো সমস্যা হ’লে কিছুমান লক্ষণৰ দ্বাৰা ইয়াৰ সম্ভেদ পাব পাৰি ৷ এই লক্ষণসমূহ কেৱল বিষ বা আন কিছুমান পৰিৱৰ্তনৰ পৰাহে বুজিব পাৰি, এনে নহয় ৷ আপোনাৰ দুই চকুতো স্পষ্টভাৱে দেখা যায় কিডনীৰ সমস্যাৰ সংকেত ৷ বহু সময়ত চকুত দেখা দিয়া এই লক্ষণসমূহক সাধাৰণ বা নিদ্ৰাৰ অভাৱৰ কাৰণে হোৱা বুলি অৱহেলা কৰা হয় ৷
কিন্তু আমাৰ অজ্ঞাতেই ই অত্যন্ত বিপদজনক হৈ উঠিব পাৰে ৷ এই লক্ষণসমূহক আওকাণ কৰিলে কিডনী সম্পূৰ্ণৰূপে নষ্ট পৰ্যন্ত হ’ব পাৰে ৷ গতিকে চকুত দেখা দিয়া কিডনীৰ সমস্যাৰ লক্ষণসমূহৰ বিষয়ে জানো আহক–
চকু ৰঙা পৰা আৰু খজুৱতি
যদি চকুত বাৰে বাৰে খজুৱতি হয় আৰু সঘনাই চকু ৰঙা পৰি থাকে, তেতিয়া সেয়া কিডনীৰ সমস্যাৰ লক্ষণ হ’ব পাৰে ৷ কিডনী বেয়া হ’লে তেজত টক্সিন আৰু ইউৰিয়াৰ মাত্ৰা বাঢ়ি যায় ৷ দেহত বৃদ্ধি পোৱা এই ইউৰিয়া চকুৰ লগতে সমগ্ৰ শৰীৰত জমা হয় আৰু এক অসহ্যকৰ খজুৱতিৰ সৃষ্টি কৰে ৷ এই অৱস্থাকে ইউৰেমিক প্ৰুৰাইটাছ (Uremic Pruritus) বোলা হয় ৷
দৃষ্টি অস্পষ্ট হোৱা
বহুলোকৰ ক্ষেত্ৰত চকুৰে কেতিয়াবা হঠাতে স্পষ্টকৈ দেখা নোপোৱা, অৰ্থাৎ দৃষ্টি অস্পষ্ট হোৱাৰ সমস্যা হয় ৷ এই সমস্যা বহুসময়ত উচ্চ ৰক্তচাপৰ বাবে হ’ব পাৰে ৷ এই ৰক্তচাপৰ সমস্যা আকৌ কিডনীৰ সমস্যাৰ সৈতে জড়িত ৷ কিডনীৰ ৰোগে প্ৰায়ে উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে ৷ ৰক্তচাপ অধিক বৃদ্ধি পালে চকুৰ পিছফালে থকা সৰু সৰু তেজনলীবোৰক ক্ষতি কৰে, ইয়াৰ ফলত ৰেটিন’পেথি (Retinopathy) হ’ব পাৰে ৷
চকুৰ চাৰিওকাষে ফুলি উঠা
চকুৰ তলত বা ওপৰৰ পতা ফুলি উঠাটো কিডনীৰ সমস্যাৰ আটাইতকৈ সাধাৰণ আৰু গুৰুতৰ লক্ষণ ৷ সুস্থ কিডনীয়ে প্ৰ’টিন, বিশেষকৈ এলবুমিন তেজত ধৰি ৰাখে ৷ কিন্তু কিডনী বেয়া হ’লে এই প্ৰ’টিন প্ৰস্ৰাৱৰ লগত বাহিৰ হৈ যায় ৷ তেজত প্ৰ’টিন হ্ৰাস পালে তৰল পদার্থ তেজনলীৰ পৰা ওলাই গৈ কোষত জমা হ’বলৈ আৰম্ভ কৰে ৷ চকুৰ চাৰিওকাষে ছাল অতি পাতল আৰু সংবেদনশীল হোৱাৰ বাবে এই অংশতে প্ৰথমে ফুলি যোৱাৰ সমস্যা দেখা যায় ৷
চকুত তেজ ওলোৱা
চকুত তেজ ওলোৱাটো কিডনীৰ ৰোগৰ আন এক অতি গুৰুতৰ লক্ষণ ৷ কিডনী ফেইল হ’লে হোৱা উচ্চ ৰক্তচাপে চকুৰ সৰু সৰু তেজনলী ফালি পেলাব পাৰে ৷ তাৰ ফলত চকুৰ বগা অংশত ৰঙা দাগ দেখা যায় বা স্পষ্টকৈ তেজ ওলাব পাৰে ৷ এক কথাত এয়া এক অতি জৰুৰীকালীন অৱস্থা ৷
এই লক্ষণসমূহৰ যিকোনো এটাও দেখিলে কেতিয়াও সাধাৰণ বুলি আওকাণ নকৰিব ৷ এনে লক্ষণ দেখিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপিব লাগে ৷ চিকিৎসকৰ পৰামৰ্শ মতে প্ৰয়োজনীয় পৰীক্ষা তথা চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাটোৱেই হৈছে বুদ্ধিমানৰ কাম ৷ আপোনাৰ দেহৰ গুৰুতপূৰ্ণ অংগ কিডনীক সুস্থ কৰি ৰাখিলেহে আপোনাৰ সমগ্ৰ শৰীৰ সুস্থ হৈ থাকিব ৷
উৎস
https://pmc.ncbi.nlm.nih.gov/articles/PMC10538849/
https://www.sciencedirect.com/science/article/pii/S008525381556362X
লগতে পঢ়ক

