হতাশাত ভূগি থকা লোকৰ হ’ব পাৰে নেকি মধুমেহ ?
মেডিকেল নিউট্ৰিচন থেৰাপী কি ? মধুমেহ ৰোগীৰ খাদ্য আৰু হতাশাৰ সম্পৰ্ক কি ? ডায়েবেট’ল’জিষ্ট ডাঃ নাছিমুৰ ৰিয়াজে এই সন্দৰ্ভত কি কয় জানক আমাৰ প্ৰতিবেদনত ৷

Published : March 18, 2026 at 7:21 PM IST
গুৱাহাটী: বৰ্তমান সময়ত মধুমেহত আক্রান্ত ৰোগীৰ সংখ্যা দিনকদিনে দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । সাধাৰণতে মধুমেহত আক্ৰান্ত হোৱাৰ পিছত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে ।
এই ৰোগত আক্ৰান্ত ৰোগীৰ আন সমস্যাৰ লগতে ডিপ্ৰেছন বা হতাশা হোৱাৰ আশংকা আনতকৈ ৫০ শতাংশ বেছি । এইখিনিতে উল্লেখ কৰিব লাগিব যে বিষণ্ণতাই যেনেকৈ মধুমেহৰ সৃষ্টি কৰিব পাৰে, তেনেদৰে মধুমেহ বা ডায়েবেটিছেও হতাশাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই বেছি ।

দীৰ্ঘদিন ধৰি কোনো কাম কৰিবলৈ প্ৰেৰণাহীন অৱস্থাৰ সৃষ্টি হোৱা, কোনো কথাত মনত সুস্থ অনুভৱ নকৰাৰ লগতে শক্তিৰ অভাৱ, এলাহ, দৈনন্দিন আনন্দদায়ক কামৰ পৰা নিজকে আঁতৰাই ৰখা আদি হৈছে হতাশাৰ অন্যতম লক্ষণ । বহুতে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো গুৰুত্ব প্ৰদান কৰিব নোখোজে । যেতিয়া সমস্যাই জটিল ৰূপ ধাৰণ কৰে, তেতিয়াহে ৰোগীগৰাকীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাৰ অনুভৱ কৰে ।
এই সন্দৰ্ভত চিকিৎসক নাছিমুৰ ৰিয়াজে জনায়, ‘‘সাধাৰণতে আমাক যদি কোনো খাদ্য খাবলৈ মানা কৰা হয়, তেতিয়া কেইদিনমান নাখাই যদিও পিছত খাদ্যবিধ খাবলৈ মন যায় । তদুপৰি যদি নিজৰ প্ৰিয় খাদ্যবিধ খাবলৈ কোনোবাই মানা কৰে, তেতিয়া সেয়া লুকাই চুৰকৈ খোৱাৰ প্ৰৱণতা জাগি উঠে ৷ কিন্তু যদি আপুনি মধুমেহত আক্ৰান্ত, তেন্তে আপোনাৰ খাদ্য আৰু জীৱনশৈলী নিয়ন্ত্ৰণ কৰিবই লাগিব । মধুমেহত আক্ৰান্তই ডায়েট মানি চলাটো অতি আৱশ্যক । এই খাদ্যাভ্যাস এজন খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নিৰ্ধাৰণ কৰা হয় । যদি খাদ্য খোৱাৰ নিয়মানুৱৰ্তিতা নাথাকে, তেন্তে তাৰ পৰাই মেদবহুলতা হোৱাৰ আশংকা থাকে । এই দুয়োটাই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে ।’’
লগতে তেওঁ কয়, ‘‘ডায়েবেটিছ ৰোগীয়ে বুজিব লাগিব যে তেওঁলোকৰ বাবে কি ধৰণৰ খাদ্য উপযুক্ত । ইতিবাচক পৰামৰ্শৰ দ্বাৰা তেওঁৰ বাবে কোনবোৰ খাদ্যাভ্যাস উপযোগী নহয় আৰু কোনবোৰ খাদ্যাভ্যাসৰ লগত খাপ খাব লাগে সেই বিষয়ে জ্ঞান গঢ়ি তুলিব পাৰি । কাউন্সেলিঙৰ উদ্দেশ্য হৈছে ৰোগীয়ে উপযুক্ত খাদ্যাভ্যাসৰ গুৰুত্ব বুজি পোৱা । এবাৰ বুজি পালে কথাটো আৰু জেদী নহয় । তেতিয়া ৰোগীয়ে নিজাববীয়াকৈ অনিয়মিত খাদ্য বা জাংক ফুড খোৱাৰ প্ৰতি আগ্ৰহী নহ’ব । এই সমগ্ৰ পদ্ধতিটোক কোৱা হয় 'মেডিকেল নিউট্ৰিচন থেৰাপী’ ।
লগতে পঢ়ক: বেছিকৈ চকলেট খালে শিশুটিৰ দাঁতত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে ?

