ETV Bharat / health

কম বয়সতে দৃষ্টি শক্তি হ্ৰাস হোৱাটো ডায়েবেটিছৰ এটা লক্ষণ নেকি ?

অতি কম বয়সতে ডায়েবেটিছ হোৱাৰ মূল কাৰণ কি, কম বয়সতে দৃষ্টি শক্তি হ্ৰাস হোৱাটো ডায়েবেটিছৰ এটা লক্ষণ নেকি, এই সন্দৰ্ভত জনালে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে-

DIABETIC RETINOPATHY
কম বয়সতে দৃষ্টি শক্তি হ্ৰাস হোৱাটো ডায়েবেটিছৰ এটা লক্ষণ নেকি ? (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : December 16, 2025 at 5:23 PM IST

5 Min Read
Choose ETV Bharat

বৰ্তমান সময়ত ডায়েবেটিছ আক্রান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ বহুতৰে ডায়েবেটিচৰ সন্দৰ্ভত বহুত ভুল ধাৰণা থাকে আনহাতে লক্ষণ সমূহৰ সন্দৰ্ভত সঠিক ভাৱে অৱগত নোহোৱাৰ বাবে শৰীৰত ডায়েবেটিছৰ লক্ষণ দেখা দিয়াৰ পাছতো ব্যক্তিগৰাকী যে ডায়েবেটিছত আক্রান্ত সেইয়া অৱগত নহয় বা কিছুক্ষেত্ৰত আওকাণ কৰাও দেখা যায় ৷ যাৰ বাবে ডায়েবেটিছ ধৰা পৰালৈ বহু বছৰ পাৰ হৈ যায় ৷

সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক যে ডায়েবেটিছৰ প্ৰধান লক্ষণসমূহ কি কি ? অতি কম বয়সতে ডায়েবেটিছ হোৱাৰ মূল কাৰণ কি ? কম বয়সতে দৃষ্টি শক্তি হ্ৰাস হোৱাটো ডায়েবেটিছৰ এটা লক্ষণ নেকি ? তথা এই সন্দৰ্ভত কি ক’লে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে জানো আহক-

ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাস (ETV Bharat)

ডায়েবেটিছৰ প্ৰধান লক্ষণ কেইটা কি কি ?

ডায়েবেটিছৰ টাইপ ১ বা টাইপ ২ যিয়ে নহওঁক কিয় সকলোৰে লক্ষণ বোৰ একেই ৷ মূলত ডায়েবেটিছ প্ৰধান তিনিটা লক্ষণ আছে ৷ সেইকেইটা হ'ল-

১) পানী পিয়াহ বেছিকৈ লগা ৷

২) প্ৰস্ৰাৱ ঘনাই হোৱা ৷

৩) সঘনাই ভোক লগা ৷

এই তিনিটা ডায়েবেটিছৰ মূল আৰু প্ৰধান লক্ষণ ৷ সমান্তৰালভাৱে অনুসংগিক বহু কাৰণ থকিব পাৰে ৷

ইয়াৰে ভিতৰত -

• ওজন হ্ৰাস পোৱা ৷ অৱশ্যে কিছু লোকৰ ক্ষেত্ৰত ওজন বৃদ্ধি হোৱাও দেখা যায় ৷ শৰ্কৰাৰ মাত্ৰা যদি অধিক থাকে তেন্তে ওজন হ্ৰাস বা ওজন বৃদ্ধি পোৱা দেখা যায় ৷

• চকুৰে মানিব নোৱাৰা ৷ যিসকল লোকৰ অতি কম বয়সতে ডায়েবেটিছ হয় তেওঁলোকে দৃষ্টি শক্তি হ্ৰাস পোৱা পৰিলক্ষিত হয় ৷

অতি কম বয়সতে ডায়েবেটিছ হোৱাৰ মূল কাৰণ কি ?

বৰ্তমান সময়ত কম বয়সৰ ল’ৰা-ছোৱালীৰ মাজতো টাইপ ২ ডায়েবেটিছ হোৱা দেখা যায় ৷ পূৰ্বে টাইপ ২ ডায়েবেটিছ প্ৰায় ৬০ৰ উৰ্ধৰ লোক সকলৰ ক্ষেত্ৰত হোৱা দেখা গৈছিল যদিও আজিকালি অতি কম বয়সৰ লৰা-ছোৱালীৰ দেহত হোৱা দেখা যায় ৷ ইয়াৰমূল কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ অভ্যাসৰ ফলত হোৱা দেখা গৈছে , লগতে মেদবহুলতাও এটা অন্যতম কাৰণ ৷ গতিকে এই সমূহ লক্ষণ যদি কৰোৱাৰ দেহত দেখা দিয়ে তেন্তে অৱহেলা কৰাৰ পৰিবৰ্তে শৰ্কৰা যদি পৰীক্ষা কৰে তেন্তে এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব ৷

ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ কেনেধৰণৰ খাদ্য় গ্ৰহণ কৰিব ?

বিশেষজ্ঞসকলৰ মতে আপোনাৰ খাদ্যত গোটা শস্য আৰু বাজৰা যেনে বাৰ্লি, ঘেঁহু, ব্ৰাউন ৰাইচ, বাজৰা, জলপান আদি অন্তৰ্ভুক্ত কৰাটো উপকাৰী । তেওঁলোকে কয় যে এইবোৰ খাদ্য়ই শৰীৰক অনবৰতে শক্তি প্ৰদান কৰে । এনে খাদ্য়ই শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ উপৰি তেজৰ শৰ্কৰাৰ পৰিমান সুস্থিৰ কৰি ৰাখে ।

ইয়াৰ উপৰি আয়ুৰ্বেদিক চিকিৎসাৰ অংশ হিচাপে বিশেষজ্ঞসকলে তিতা আৰু তিতাজাতীয় খাদ্য যেনে তিতা, নিম, তুলসী, আমলখি, মিথি, ক’লা জলকীয়া, আদা আদি খাবলৈ পৰামৰ্শ আগবঢ়ায় । এইবোৰে তেজৰ শৰ্কৰাৰ পৰিমান নিয়ন্ত্ৰণ কৰাত সহায় কৰে । তদুপৰি ইনছুলিনৰ সংবেদনশীলতাও বৃদ্ধি কৰে বুলি কোৱা হয় ।

বিশেষজ্ঞসকলে কয় যে, কিছুমান বিশেষ ফল যেনে এপ্ৰিকোট,অমিতা আদিয়ে অগ্নাশয় শক্তিশালী কৰে । এইবোৰত থকা বিশেষ গুণে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । নেশ্যনেল লাইব্ৰেৰী অৱ মেডিচিনত উল্লেখ কৰা হৈছে যে এপ্ৰিকোটত এন্থ’চাইনিন আৰু এলাজিক এচিডৰ দৰে যৌগ উপলব্ধ ।

এই যৌগই ষ্টাৰচক শৰ্কৰালৈ ৰূপান্তৰিত হোৱাত বাধা দিয়াৰ ক্ষমতা আছে । ইয়াত ডায়েবেটিছ প্ৰতিৰোধী গুণ থকা বুলি কোৱা হয় ।

ঔষধৰ যুগত বনৌষধি :

বিশেষজ্ঞসকলে কয় যে আয়ুৰ্বেদত ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে অসংখ্য বনৌষধি আৰু চিকিৎসাৰ বিধান উপলব্ধ । মেথি, নিম, হালধি, আমলখি, ডালচেনি আদি বনৌষধিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । তদুৰপি এইবোৰে তেজৰ শৰ্কৰাৰ পৰিমান হ্ৰাস কৰাত সহায় কৰে।

জীৱনশৈলীৰ পৰিৱৰ্তন :

  • জীৱনশৈলীৰ পৰিৱৰ্তন কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ বুলি আয়ুৰ্বেদিক বিশেষজ্ঞসকলে মন্তব্য় কৰিছে । গ্ৰেডিহেল্থৰ এক অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ব্যায়ামে যেনে যোগাসন, খোজ কঢ়া, জগিং, সাঁতোৰ আদিয়ে ইনছুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে । বিশেষজ্ঞসকলে দৈনিক কমেও ৩০ মিনিট ব্যায়াম কৰাৰ পৰামৰ্শ আগবঢ়াইছে । কিয়নো এইবোৰ কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি ।
  • ইপিনে, স্লিপ ফাউণ্ডেশ্য়নে কয় যে টোপনিৰ অভাৱত ইনছুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । ফলত পাছলৈ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয় । সেয়েহে নিতৌ কমেও সাতৰ পৰা আঠ ঘণ্টা জিৰণি লোৱাৰ বাবে বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে । তদুপৰি মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰাটোও গুৰুত্বপূৰ্ণ ।
  • তদুপৰি সিজোৱা, গৰম খাদ্য সময়মতে খালে বিপাকীয় ক্ৰিয়া উন্নত হয় বুলিও বিশেষজ্ঞসকলে কয় । তেওঁলোকে চৰ্বিযুক্ত,ভজা, ঠাণ্ডা, গাখীৰ, দুগ্ধজাত সামগ্ৰী, মিঠাই, আলু, দাইল আৰু ৰিফাইন আটাৰ পৰা প্ৰস্তুত কৰা খাদ্য় পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক

  1. ডায়েবেটিছত আক্ৰান্তই ভৰিৰ যতন নল'লে হ'ব পাৰে এই বিপদ-বিশেষজ্ঞ
  2. ডায়েবেটিছ আছে ? তাতে আকৌ আলু ? ভয় নাখাব আলু খাওক, কেৱল...
  3. ডায়েবেটিছ আক্রান্তই 'ৰোজা' ৰখাৰ পূৰ্বে জানি লওক এইসমূহ কথা