ভেণ্টিলেটৰত প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ: জানক বয়স বৃদ্ধিৰ লগে লগে কিয় দেখা দিয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যা
দীৰ্ঘদিন ধৰি প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই উশাহ-নিশাহৰ সমস্যাত ভোগাৰ ফলত চিকিৎসালয়ত ভৰ্তি আছে, জানো আহক যে, বয়স বৃদ্ধিৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত সমস্যাই কিয় দেখা দিয়ে-

Published : November 11, 2025 at 10:30 AM IST
হিন্দী চিনেমাৰ হি-মেন ধৰ্মেন্দ্ৰৰ বিগত কিছুদিন ধৰি তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছে । তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছে । পুত্ৰ ছানী আৰু ববি দেওলকে ধৰি সমগ্ৰ পৰিয়ালটোৱে চিকিৎসালয়খনত ধৰ্মেন্দ্ৰৰ সাক্ষাৎ কৰিছে । খবৰ অনুসৰি প্ৰায় এসপ্তাহ ধৰি ধৰ্মেন্দ্ৰই উশাহ-নিশাহৰ সমস্যাত ভুগি আছে, যাৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত(Breach Candy Hospita) ভৰ্তি কৰোৱা হৈছিল । ধৰ্মেন্দ্ৰ কেৱল এগৰাকী সুদক্ষ অভিনেতাই নহয় বৰঞ্চ তেওঁ আজিৰ যুগৰ যুৱক-যুৱতীসকলৰ বাবেও প্ৰেৰণাৰ এক উৎস । তেওঁ হি-মেন হিচাপে আৰু নিজৰ বহু ভূমিকাৰ জৰিয়তে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । আজিও প্ৰতিটো শিশুৱে "য়েহ হাত মুঝে দে দে ঠাকুৰ" শাৰীটো শুনি তাক আওৰাবলৈ চেষ্টা কৰে । এনে পৰিস্থিতিত ধৰ্মেন্দ্ৰৰ এনে অৱস্থাই কেৱল বলীউডৰ কলা-কুশলীৰ বাবেই নহয়, তেওঁৰ প্ৰতিজন ভাৰতীয়ৰ অনুৰাগীৰ বাবেও যন্ত্ৰণাদায়ক ।
ভেন্টিলেটৰত আছিল ধৰ্মেন্দ্ৰ
মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ধৰ্মেন্দ্ৰৰ অৱস্থা অধিক বেয়া হৈ পৰে, য’ত সোমবাৰে তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হয় । তেওঁৰ অনুৰাগী আৰু পৰিয়ালে তেওঁৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে । ইফালে ইনষ্টাগ্ৰাম হেণ্ডেলত ঈশা দেওলে লিখিছে, "দেখা গৈছে যে সংবাদ মাধ্যম যেন অনিয়ন্ত্ৰিত হৈ আছে আৰু ভুৱা বাতৰি বিয়পাইছে । মোৰ দেউতা সুস্থিৰ আৰু সুস্থ হৈ উঠিছে । মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ এপ্ৰিল মাহত ধৰ্মেন্দ্ৰৰ চকুৰ গ্ৰাফ্ট অস্ত্ৰোপচাৰ কৰা হৈছিল । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি প্ৰবীণ অভিনেতাগৰাকীয়ে উশাহ-নিশাহৰ সমস্যাত ভুগি আছে সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে বিশেষজ্ঞৰ পৰাই জানো আহক যে, বয়স বৃদ্ধিৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ কাৰণ কি-
বয়স বৃদ্ধিৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ কাৰণ
গুৰুগ্ৰামৰ পৰস স্বাস্থ্যৰ আভ্যন্তৰীণ চিকিৎসা বিভাগৰ এইচ অ’ ডি ডাঃ আৰ আৰ দত্তৰ পৰা আজি বাৰ্ধক্যৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ কাৰণসমূহৰ কিয় দেখা দিয়ে এই বিষয়ে জানো আহক-
- বয়স বৃদ্ধিৰ লগে লগে শৰীৰত বহু পৰিৱৰ্তন ঘটে, যাৰ ফলত ব্যক্তিৰ হাওঁফাওঁৰ কাম-কাজতো প্ৰভাৱ পৰে, যাৰ ফলত বৃদ্ধসকলৰ উশাহ-নিশাহ লওতে কষ্ট হোৱাৰ নতুবা উশাহ-নিশাহৰ সৈতে জড়িত অন্যান্য সমস্যাই দেখা দিয়ে ।
- বহু বয়সস্থ লোকৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা আৰু হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগে হাওঁফাওঁত অধিক চাপ পেলাব পাৰে, যাৰ ফলত উশাহ-নিশাহত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- দীৰ্ঘদিন ধৰি ধূমপান কৰি থকা লোকৰ ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (chronic obstructive pulmonary disease)হ’ব পাৰে ।
- বতৰৰ পৰিৱৰ্তনৰ লগে লগে বৃদ্ধসকলৰ উশাহ লোৱাত কষ্ট পোৱাৰ সমস্যা বাঢ়িব পাৰে ।
- মেদবহুলতাৰ বাবেও বহু বয়সীয়াল লোকৰ উশাহ-নিশাহৰ ক্ষেত্ৰত কষ্ট হয়, কিয়নো পেটৰ অতিৰিক্ত চৰ্বিয়ে হাওঁফাওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰে ।
- কিছুমান বৃদ্ধ লোকৰ ৰক্তহীনতাৰ ফলত শৰীৰত অক্সিজেনৰ অভাৱ হ’ব পাৰে, যাৰ ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয় ।
শেষবাৰৰ বাবে এই ছবিত দেখা যাব ধৰ্মেন্দ্ৰক
পেছাদাৰী ক্ষেত্ৰত ধৰ্মেন্দ্ৰক শেষবাৰৰ বাবে ২০২৪ চনত ‘তেৰী বাতো মে এইছা উলঝা জিয়া’ ছবিত দেখা গৈছিল । চিনেমাখনত অভিনয় কৰিছিল শ্বাহিদ কাপুৰ আৰু কৃতি ছেনন । ইয়াৰ পিছত অভিনেতাগৰাকীক শ্ৰীৰাম ৰাঘৱনৰ পৰিচালনাৰে নিৰ্মিত ‘ইক্কিছ’ চিনেমাত অভিনয় কৰা দেখিবলৈ পোৱা যাব । চিনেমাখনত অভিনয় কৰিছে অগস্ত্য নন্দা আৰু ছিমাৰ ভাটিয়াই । পৰমবীৰ চক্ৰ লাভ কৰা কনিষ্ঠতম ব্যক্তি অৰুণ খেতাৰপালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন । জয়দীপ আহলাৱত আৰু ছিকন্দৰ খেৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা ছবিখন 25 ডিচেম্বৰ মাহত মুক্তি লাভ কৰাৰ কথা ৷
উৎস
https://pmc.ncbi.nlm.nih.gov/articles/PMC4719155/
https://pmc.ncbi.nlm.nih.gov/articles/PMC10961796/
লগতে পঢ়ক

