ETV Bharat / health

এচকল দিহিং ৰবাব টেঙা খাও আহক, আপুনি বিশ্বাসেই নকৰিব কিমান গুণৰ অধিকাৰী এই ৰবাব

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সুস্বাদু ৰবাব টেঙাৰ প্ৰজাতি উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ ৷ প্ৰতিৰোধ কৰে ক'লেষ্ট'ৰেল ।

pomelo variety Dihing that boosts immunity developed by AAU scientists
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সুস্বাদু ৰবাব টেঙাৰ প্ৰজাতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 2:02 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : অসমৰ গাঁও-চহৰ সকলোতেই ৰবাব টেঙাৰ জুতি লৈ ৰ’দত বহি টেঙা খোৱাৰ দৃশ্য সুলভ । ৰবাব টেঙাৰ নাম শুনিলেই বহুজনৰ মুখত পানী আহে । কেৱল ৰুচিৰ বাবেহে নহয়, ৰবাব টেঙাৰ আছে বহু স্বাস্থ্য উপকাৰিতাও । সেয়েহে ৰবাব টেঙাক অন্যান্য মাত্ৰা প্ৰদান কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ তিনিচুকীয়াস্থিত টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্ৰই ।

দিহিং ৰবাব টেঙাৰ গুণাগুণ :

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সুস্বাদু ৰবাব টেঙাৰ প্ৰজাতি (ETV Bharat Assam)

অসম কৃষি বিশ্ববিদ্যালয়ৰ তিনিচুকীয়াস্থিত টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ বিজিত কুমাৰ সাউদৰ প্ৰচেষ্টাত দহ বছৰ পূৰ্বে বৈজ্ঞানিক পদ্ধতিৰে এটা ৰবাব টেঙাৰ বৰ্ণসংকৰ প্ৰজাতি সৃষ্টি কৰা হৈছিল । এই ৰবাব টেঙাৰ জাতটোৰ নাম ৰখা হৈছিল 'দিহিং'। যোৱা বছৰৰ পৰা দিহিং নামৰ ৰবাব টেঙাটো ৰাইজৰ মাজলৈ অনা হৈছে । দিহিং ৰবাব টেঙাৰ আছে নিজা বিশেষত্ব । দিহিং ৰবাব টেঙাত সাধাৰণ ৰবাব টেঙাৰ তুলনাত অধিক ৰস থাকে । এই ৰবাব টেঙাতো সাধাৰণ ৰবাব টেঙাতকৈ অধিক সুস্বাদু ।

এই সন্দৰ্ভত তিনিচুকীয়াস্থিত টেঙা আৰু ৰোপণ শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ সাউদে কয়, "ৰবাব টেঙাৰ বহু ঔষধি গুণ আছে, যাৰ বাবে কেৱল অসম অথবা ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এই টেঙাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । সাধাৰণ ৰবাব টেঙাতকৈ এই দিহিং টেঙা অধিক ৰসাল হেতুকে ইয়াৰ ঔষধি গুণো অধিক হয় । টেঙা জাতীয় ফলসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।" বিশেষকৈ ক'ভিড মহামাৰীৰ পাছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰক হিচাপে ৰবাব টেঙাৰ জনপ্ৰিয়তা বিশ্বজুৰি বৃদ্ধি পালে বুলি সাউদে মন্তব্য কৰে ।

pomelo variety Dihing that boosts immunity developed by AAU scientists
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সুস্বাদু ৰবাব টেঙাৰ প্ৰজাতি (ETV Bharat Assam)

ক্ষতিকাৰক ক'লেষ্ট'ৰেল নোহোৱাত সহায় কৰে :

ইয়াৰ উপৰি মুখ্য বিজ্ঞানী ডঃ সাউদে কয়, "দিহিং ৰবাব টেঙাই মানৱ শৰীৰৰ জমা হৈ থকা ক্ষতিকাৰক কলেষ্ট’ৰেল নোহোৱা কৰাত সহায় কৰে, যাৰ বাবে মানুহ হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰে । তদুপৰি দিহিং ৰবাব টেঙাই মানৱ শৰীৰৰ স্নায়ুতন্ত্ৰ, ছাল ভালে ৰখাৰ সমান্তৰালকৈ পেলুৰ সমস্যাৰো সমাধান কৰে । দিহিং ৰবাব টেঙা বৰ্তমান পৰ্যন্ত বজাৰলৈ অনা হোৱা নাই ।"

মুখ্য বিজ্ঞানীগৰাকীৰ প্ৰচেষ্টাত দিহিং ৰবাব টেঙাৰ প্ৰচাৰ অসমৰ জিলাই জিলাই কৃষকসকলৰ মাজত কৰা হৈছে । ইতিমধ্য়ে কৃষকসকলৰ মাজত দিহিং ৰবাব টেঙাৰ পুলি বিতৰণ কৰা হৈছে । এই ৰবাব টেঙাৰ উৎপাদনৰ দ্বাৰা কৃষকসকল উপকৃত হ'ব বুলি আশাবাদী ডঃ বিজিত কুমাৰ সাউদ ।

pomelo variety Dihing that boosts immunity developed by AAU scientists
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সুস্বাদু ৰবাব টেঙাৰ প্ৰজাতি (ETV Bharat Assam)

কেতিয়া ব্যৱসায়িক ভিত্তিত আহিব বজাৰলৈ ?

দিহিং ৰবাব টেঙাৰ উৎপাদন প্ৰতি হেক্টৰ মাটিত ৩৭ টন পৰ্যন্ত হ'ব পাৰে । সাধাৰণ ৰবাব টেঙাতকৈ আকাৰত ডাঙৰ দিহিং ৰবাব টেঙা বিক্ৰী কৰি কৃষকসকলৰ অধিক মুনাফা অৰ্জনৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ আশা কৰিছে । অহা ৫ বছৰৰ ভিতৰত দিহিং ৰবাব টেঙা ব্যৱসায়িক ভাৱে বজাৰত সম্পূৰ্ণৰূপে উপলব্ধ হ'ব বুলিও ডঃ সাউদে কয় ।

লগতে পঢ়ক:অসমীয়াৰ বাৰীয়ে-হাবিয়ে পৰি থকা ঔ টেঙা বিদেশলৈ ওলাইছে

শীতকালত কমলা খায়নে ? তেন্তে ইয়াৰ উপকাৰিতাও জানি লওক