শৰীৰৰ এই ছটা অংগত কেন্সাৰে পোন প্ৰথমে বাহ লয়; বিশ্ব স্বাস্থ্য় সংস্থাৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন
ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে কেন্সাৰ ৰোগৰ ঘটনা । কেন্সাৰৰ কাৰণ আৰু প্ৰতিৰোধ দুয়োটাৰে ক্ষেত্ৰত জীৱনশৈলীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে ।

Published : April 17, 2026 at 3:31 PM IST
|Updated : April 18, 2026 at 4:54 PM IST
কৰ্কট ৰোগ বা কেন্সাৰ হৈছে এক মাৰাত্মক ব্যাধি । ই অনিয়ন্ত্ৰিত কোষ বিভাজনৰ পৰা আৰম্ভ হয় । ইয়াৰ অৰ্থ হৈছে কেন্সাৰ এক প্ৰাণনাশক ৰোগ, য'ত শৰীৰৰ কিছুমান কোষ বাধাহীনভাৱে বৃদ্ধি পাবলৈ ধৰে । এই কোষবোৰে লাহে লাহে ওচৰ-পাজৰৰ কলা (টিছু) আৰু অংগবোৰক ক্ষতিগ্ৰস্ত কৰে । কেন্সাৰ শৰীৰৰ যিকোনো অংগতে হ'ব পাৰে । কিন্তু কিছুমান বিশেষ অংগত কেন্সাৰ হোৱাৰ সম্ভাৱনা অধিক । এইটো এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে কোষবোৰ কিমান দ্ৰুততাৰে পৰিৱৰ্তন হয় । এই ৰোগ ধূম্ৰপান, প্ৰদূষণ, সংক্ৰমণ (যেনে HPV, HBV), বয়স আৰু পাৰিবাৰিক ইতিহাস বা বংশানুক্ৰিমক বৃত্তান্তৰ কাৰণে হ'ব পাৰে ।
কেন্সাৰৰ সাধাৰণ প্ৰকাৰ কি আৰু ই কোন অংগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ?
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৱে একত্ৰিত কৰা তথ্য অনুসৰি, স্তন, হাওঁফাওঁ, ক'ল'ৰেক্টল (অন্ত্ৰ), প্ৰ'ষ্টেট, যকৃত (লিভাৰ) আৰু পেটৰ কেন্সাৰ হৈছে বিশ্বজুৰি লাভ কৰা অধিকতম ঘটনাৰ আটাইতকৈ সাধাৰণ প্ৰকাৰৰ কেন্সাৰ । অৱশ্যে সময় আৰু স্ক্ৰিনিং আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ (ধূমপান আৰু সুৰাপানৰ পৰা বিৰত থকা) পৰা ইয়াৰ বিপদাশংকা কম কৰিব পৰা যায় আৰু যদি কেন্সাৰ ৰোগ সোনকালে ধৰা পৰে তেন্তে ইয়াৰ নিৰাময় কৰিব পৰা যায় ।
- হাওঁফাওঁৰ কেন্সাৰ আমাৰ শ্বাসনলীত হয় । যিসকল লোকে দীৰ্ঘদিন ধৰি ধঁপাতজাতীয় ধোঁৱা বা বায়ুত থকা বিষাক্ত প্ৰদূষক দ্ৰৱ্যৰ সংস্পৰ্শত থাকে তেওঁলোকৰ এইবিধ কেন্সাৰ অধিক হয় ।
- স্তন কেন্সাৰ গাখীৰ উৎপাদন হোৱা গ্ৰন্থি আৰু নিপললৈ গাখীৰ পৰিবহণ কৰা নলীকাত হয় । ইয়াত কোষবোৰে হৰ্মনজাতীয় ক্ৰিয়াকলাপৰ ওপৰত প্ৰতিক্ৰিয়া দিয়ে ।
- ক'ল'ৰেক্টল কেন্সাৰ ক'লন আৰু ৰেক্টামৰ এপিথেলিয়েল লাইনত হয়, যিটো শৰীৰৰ এনে এক অংশ য'ত নিৰন্তৰ কোষবোৰৰ নবীকৰণ ঘটি থাকে । প্ৰ'ষ্টেট কেন্সাৰ প্ৰ'ষ্টেটৰ গ্লেণ্ডুলাৰ কলাত হয় আৰু অধিকতৰ বয়সীয়াল পুৰুষৰ ক্ষেত্ৰত পোৱা যায় ।
- যকৃতৰ কেন্সাৰ যকৃত কোষত আৰম্ভ হয় আৰু সাধাৰণতে ক্ৰনিক লিভাৰ ৰোগ, ভাইৰেল সংক্ৰমণ বা দীৰ্ঘ সময় ধৰি ৰাসায়নিক দ্ৰৱ্যৰ সংস্পৰ্শত থকাৰ ফলত হয় ।
পেটৰ কেন্সাৰ পেটৰ মিউকাচেল লাইনত হয় আৰু ই খোৱা সামগ্ৰী আৰু হেলিক'বেক্টৰ পাইলাৰীত নিৰন্তৰ সংক্ৰমণৰ সৈতে জড়িত হৈ থাকে । বিশ্বজুৰি লাভ কৰা তথ্যত এই অংগবোৰৰ ঘটনা সদায় সৰ্বাধিক হোৱা দেখা গৈছে ।
কেন্সাৰৰ কাৰণ কি
কেন্সাৰ হৈছে এনে এক অৱস্থা যিটো কোষ বিভাজনক নিয়ন্ত্ৰণ কৰা কোষীয় উপাদানৰ বংশগতিক ক্ষতিসাধনৰ পৰা হয় । সেই কাৰণে কেন্সাৰ কোষৰ অনিয়ন্ত্ৰিতভাৱে বিভাজন হয় । হুৰ তথ্য অনুসৰি, এনেকুৱা কেইবাটাও কাৰক চিনাক্ত কৰা হৈছে যিয়ে পৃথক পৃথক অংগ আৰু ব্যক্তিৰ কেন্সাৰ হোৱাত অৰিহণা যোগায় । সেইবোৰ হৈছে
- জেনেটিক মিউটেচন পিতৃ-মাতৃৰ পৰা বংশগতভাৱে লাভ কৰে বা সময়ৰ লগে লগে হয়
- ক্ৰনিক সংক্ৰমণ, য'ত হেপাটাইটিছ বি আৰু চি, হিউমেন পেপিল'মাৱাৰ্ছ আৰু হেলিক'বেক্টৰ পাইলাৰী অন্তৰ্ভুক্ত থাকে
- বিড়ি-চিগাৰেটৰ ধোঁৱা, ঔদ্যোগিক চৌহদ বা বেয়া খাদ্য খোৱাৰ ফলত আৰু কেন্সাৰ উৎপাদন কৰা ৰাসায়নিক পদাৰ্থৰ সৈতে দীৰ্ঘ সময় সম্পৰ্কত থকা
- মেডিকেল ইমেজিং, পাৰিবেশিক উৎস বা কৰ্মক্ষেত্ৰৰ পৰা আয়নাইজিং ৰেডিয়েচন
- স্তন, প্ৰ'ষ্টেট আৰু যকৃতৰ দৰে কলাত প্ৰভাৱ পেলাব পৰা হৰ্মনজনিত পৰিৱৰ্তন
- সংক্ৰমণ, অট'ইমিউন ডিছঅৰ্ডাৰ বা বাৰম্বাৰ আঘাতপ্ৰাপ্ত হোৱাৰ পৰা হ'বপৰা নিৰন্তৰ ৰক্তক্ষৰণ
কি কাৰণত কেন্সাৰৰ বিপদ বাঢ়িব পাৰে
কিছুমান কাৰকৰ বাবে কেন্সাৰ হোৱাৰ বিপদ বৃদ্ধি পায় । ই প্ৰভাৱিত অংগ আৰু জনগাঁথনিগত বিশেষত্ব অনুপাতে পৃথক পৃথক হয় । যেনে
- ৫০ বছৰৰ ঊৰ্ধ্বৰ বয়স, যিয়ে মুঠ কোষীয় ক্ষতি আৰু লাহে লাহে ভাল হোৱাৰ দিশটো প্ৰদৰ্শন কৰে
- যিকোনো প্ৰকাৰৰ ধঁপাত সেৱন, যিটো হাওঁফাওঁ, মুখ আৰু অন্য কেন্সাৰৰ সৈতে বহু পৰিমাণে জড়িত
- প্ৰক্ৰিয়াজাত বা ৰঙা মাংস অত্যধিক আৰু হজমকাৰক ফাইবাৰযুক্ত খাদ্য কম খোৱা, যাৰ দ্বাৰা ক'ল'ৰেক্টল আৰু পেটৰ কেন্সাৰৰ সংকট বৃদ্ধি পায়
- দীৰ্ঘ সময় ধৰি বা অধিক পৰিমাণৰ সুৰাপান
- মেদবহুলতা আৰু কম শাৰীৰিক কাৰ্য
- মুখ্য কেন্সাৰৰ পৰিয়ালগত ইতিহাস
- পাৰিৱেশিক আৰু কামৰ সৈতে জড়িত কাৰ্ছিন'জেন্স যেনে এছবেছটছ, ৰাসায়নিক আৰু বায়ু প্ৰদূষকৰ সংস্পৰ্শলৈ অহা
- পুৰণি সংক্ৰমণ
কেন্সাৰৰ সম্ভাৱনা কেনেদৰে হ্ৰাস কৰিব
সুৰক্ষা উপায়ৰ উদ্দেশ্য হৈছে কেন্সাৰ ৰোগ হ'বপৰা কাৰকৰ সৈতে সম্পৰ্কলৈ অহাটো কম কৰা আৰু বিপদাশংকাপূৰ্ণ কাৰক কম কৰা । যেনে
- ধূমপান ত্যাগ কৰা আৰু ধোঁৱা জাতীয় পৰিৱেশৰ পৰা দূৰৈত থকা
- কেন্সাৰ সৃষ্টি কৰিব পৰা ভাইৰাছ যেনে হেপাটাইটিছ বি আৰু হিউমেন পেপিল'মাৱাৰ্ছৰ বাবে টীকাকৰণ
- খাদ্যত অধিক মাত্ৰাত সেউজীয়া পাচলি, ফল আৰু মাহজাতীয় খাদ্য গ্ৰহণ কৰা আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা দূৰৈত থকা
- নিয়মিত ব্যায়ামৰ জৰিয়তে স্বাস্থ্যকৰ ওজন অটুট ৰখা
- সুৰাপান কম কৰা
- কৰ্মৰ সৈতে জড়িত আৰু পৰিৱেশত উপস্থিত থকা কাৰ্ছিন'জেনৰ সম্পৰ্কলৈ অহাটো হ্ৰাস কৰা
- ৰাজহুৱা স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীত অংশগ্ৰহণ কৰা
(ঘোষণা : এই ৱেবছাইটত আপোনালোকক প্ৰদান কৰা স্বাস্থ্য সম্পৰ্কীয় সকলো তথ্য, চিকিৎসা পৰামৰ্শ কেৱল আপোনালোকে জানিবৰ বাবাহে । আমি এই তথ্য বৈজ্ঞানিক অনুসন্ধান, অধ্যয়ন, চিকিৎসা আৰু মেডিকেল পৰামৰ্শদাতাৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিছোঁ । কিন্তু এই ক্ষেত্ৰত এই পৰামৰ্শৰ ভিত্তিত কিবা এটা কৰাৰ পূৰ্বে নিজৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উত্তম ।)

