Biopsy: বায়’প্সি অবিহনে নিৰ্ণয় কৰিব পাৰি হাওঁফাওঁৰ কৰ্কট
১৫ শতাংশ হাওঁফাওঁৰ কৰ্কট ৰোগীয়ে কেতিয়াও ধঁপাত সেৱন কৰা নাই ।

Published : September 1, 2026 at 6:57 PM IST
প্ৰতি বছৰে বিশ্বত প্ৰায় ১৬ লাখ লোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগত মৃত্য়ু হয় । যদিও ধঁপাত সেৱন ইয়াৰ প্ৰধান কাৰণ বুলি কোৱা হয়,তথাপি কেতিয়াও ধূমপান নকৰা লোকো আক্ৰান্ত হোৱা দেখা যায় । বিশেষকৈ গৱেষণাত দেখা গৈছে যে ১৫ শতাংশ হাওঁফাওঁৰ কৰ্কট ৰোগীয়ে কেতিয়াও ধঁপাত সেৱন কৰা নাই ।
যেতিয়া চিটি স্কেনত হাওঁফাওঁত টেমুনা থকাৰ সন্দেহ কৰা হয় তেতিয়া প্ৰায়ভাগ ৰোগীয়েই শংকিত হয় । কাৰণ এনে টেমুনা দেখাৰ লগে লগে ৰোগীসকলে চিকিৎসাৰ বাবে অ'পেন ছাৰ্জাৰীৰ প্ৰয়োজন হ'ব বুলি ভাবে । এতিয়া আৰু এইক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই ।
সৌভাগ্যক্ৰমে এতিয়া ন্যূনতম কৌশল ব্যৱহাৰ (মিনিমেলি ইনভেচিভ প্ৰতিউডিউৰ) কৰিয়েই ৰোগীক পৰীক্ষা কৰাটো সম্ভৱ হৈছে । চিটি স্কেনত হাওঁফাওঁত টেমুনা দেখাৰ পিচত ৰোগ নিৰ্ণয়ৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহয় । আধুনিক চিকিৎসা বিজ্ঞানে কেইবাটাও এনে পদ্ধতি আগবঢ়াইছে য'ত ডাঙৰ ছিদ্ৰৰ প্ৰয়োজন নোহোৱাকৈ টেমুনাটো বিনাইন নে কাৰ্চোজেনি সেয়া সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে ।
জয়পুৰৰ চিকে বিৰলা হাস্পতালৰ পালমোনাৰী, ক্রিটিকেল কেয়াৰ এণ্ড স্লিপ মেডিচিনৰ অতিৰিক্ত সঞ্চালক আৰু ইন্টাৰভেনচনেল পালমোন’লজিষ্ট ডাঃ ৰাকেশ গোডাৰাই এই সন্দৰ্ভত কয় যে চিটি স্কেনত দেখা পোৱা বেছিভাগ টেমুনাই কৰ্কট নহয় । বিশেষজ্ঞগৰাকীয়ে কয় যে এনে হোৱাৰ লগে লগেই বায়’প্সিৰো প্ৰয়োজন নহয় । পূৰ্বৰ সংক্ৰমণ, প্ৰদাহ, হাওঁফাওঁত দাগ পৰাৰ ফলতো এই ৰোগ হ’ব পাৰে । ডাঃ ৰাকেশ গোডাৰাই কয়,"টেমুনাৰ আকাৰ, ই দেখিবলৈ কেনেকুৱা, ইয়াৰ বৃদ্ধি, স্থান আৰু ৰোগীৰ বিপদাশংকাৰ প্ৰ'ফাইল আদি কাৰকসমূহে নিৰ্ধাৰণ কৰে এইক্ষেত্ৰত নিৰীক্ষণ কৰাটো সঠিক হ’ব নে কলাৰ নমুনা ল'ব ।"
মিনিমেলি ইনভেচিভ প্ৰতিউডিউৰ কি?
এয়া হৈছে তেনেই ক্ষুদ্ৰ ছিদ্ৰৰ জৰিয়তে কৰা অস্ত্ৰোপচাৰ । এনে চিকিৎসা কৌশলৰে ডাঙৰ ছিদ্ৰৰ পৰিৱৰ্তে শৰীৰৰ সৰু সৰু ছিদ্ৰৰ জৰিয়তে অস্ত্ৰোপচাৰ কৰিব পাৰে । এই পদ্ধতিসমূহ কৰিবলৈ বিশেষ যন্ত্ৰ আৰু কেমেৰা (এণ্ডস্কোপ)ব্যৱহাৰ কৰা হয় । সেইবাবে শৰীৰৰ ক্ষতি কম হয় আৰু শংকাৰো কাৰণ নাথাকে ।
পিইটি-চিটি স্কেন
ৰোগ সঠিকভাৱে নিৰ্ণয় কৰিবলৈ আধুনিক চিকিৎসা বিজ্ঞানত পিইটি-চিটি স্কেন এক শক্তিশালী আহিলা হিচাপে পৰিগণিত হৈছে । সাধাৰণতে চিটি স্কেন কৰিলে কেৱল অংগ আৰু শৰীৰৰ ভিতৰৰ টেমুনা অংশৰ গঠনহে দেখিবলৈ পোৱা যায় । আনহাতে এটা পিইটি স্কেনে সেইবোৰৰ মেটাবলিক এক্টিভিটি বা কাৰ্যক্ষম আচৰণক ধৰি ৰাখে; কিন্তু কেৱল পিইটি-চিটি স্কেনে কৰ্কট ৰোগ নিশ্চিত কৰিব নোৱাৰে ।
পিইটি-চিটি স্কেনৰ সুবিধা
কৰ্কট কোষবোৰ স্বাভাৱিক কোষতকৈ অধিক দ্ৰুতগতিত বৃদ্ধি পায় আৰু অধিক গ্লুক’জ ব্যৱহাৰ কৰে । স্কেনৰ আগতে ৰোগীক বিশেষ ৰেডিঅ’এক্টিভ গ্লুক’জ দিয়া হয় । শৰীৰৰ যিকোনো অংশ য’ত ৰোগ বা টিউমাৰ সক্ৰিয় হৈ থাকে, সেই অংশই এই গ্লুক’জ দ্ৰুতগতিত শোষণ কৰে আৰু স্কেনত স্পষ্টভাৱে দেখা দিয়ে । ইয়াৰ দ্বাৰা চিকিৎসকে টিউমাৰটো বিনাইন (নিৰাপদ) নে কেঞ্চাৰজনিত সেইটো নিৰ্ণয় কৰাত সহায় কৰে । ই শৰীৰৰ অন্য অংশ বা লিম্ফন’ডলৈ ৰোগৰ যিকোনো প্ৰভাৱ সহজে নিৰ্ণয় কৰিবলৈ সক্ষম হয় ।
ব্ৰংকোস্কপিক কৌশল
ব্ৰংকোস্কপিক কৌশলৰ (যেনে ইবিএছ) এটা ডাঙৰ সুবিধা হ’ল চিকিৎসকে হাওঁফাওঁৰ একক পৰীক্ষাৰ সময়ত ৰোগ নিৰ্ণয় কৰাতো সম্ভৱ । ইয়াৰ ফলত সময় ৰাহি হোৱাৰ লগতে বাৰে বাৰে পৰীক্ষা আৰু পদ্ধতিৰ প্ৰয়োজনো নাথাকে । ৰেডিয়েল-প্ৰ’ব ইবিইউএছৰ সহায়ত হাওঁফাওঁৰ বাহিৰৰ অংশত অৱস্থিত টেমুনাৰ নমুনা ল’বলৈ পাতল বা অতি পাতল ব্ৰংকোস্কোপ ব্যৱহাৰ কৰিব পাৰি ।
ব্ৰংকোস্কপি কি ?
ব্ৰংকোস্কপি হ’ল চিকিৎসা পদ্ধতি য’ত চিকিৎসকে মুখ বা নাকৰ মাজেৰে হাওঁফাওঁ আৰু উশাহ-নিশাহৰ নলীত পাতল, নমনীয় নলী সুমুৱাই ৰোগ নিৰ্ণয় কৰে । এই নলীৰ শেষত এটা সৰু কেমেৰা আৰু লাইট থকা বাবে চিকিৎসকে হাঁওফাঁওৰ ভিতৰৰ অংশ স্পষ্টকৈ চাব পাৰে ।
হাওঁফাওঁৰ কৰ্কট ৰোগৰ কাৰণ
ধূমপানৰ লগতে ৰেডন (এটা তেজস্ক্রিয় গেছ), এছবেষ্টাছ আৰু অন্যান্য কাৰ্চিনোজেনৰ সংস্পৰ্শৰ লগতে জিনীয় আৰু বায়ু প্ৰদূষণ । দীৰ্ঘদিন ধৰি প্ৰদূষিত বায়ুৰ সংস্পৰ্শলৈ আহিলে হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ আশংকা থাকে ।
লগতে পঢ়ক:শৰীৰৰচৰ্চাৰ বাবে পৰ্যাপ্ত টোপনি-জিৰণিৰ কিমান প্ৰয়োজন ?
এই সময়ত বৃদ্ধি পাইছে H1N1 ভাইৰাছৰ আক্ৰমণ, জীৱনৰ বাবে সংশয় নেকি ?
বেছি চৰ্বি-শৰ্কৰা-নিমখযুক্ত খাদ্য় বিক্ৰী কৰা কোম্পানীয়ে লিখিব লাগিব সতৰ্কবাণী
বিশ্ব মহ দিৱস ২০২৬ :গোলকীয় প্ৰভাৱৰ বাবে মহৰ দ্বাৰা বিয়পা ৰোগ বৃদ্ধি

