উদ্ভাৱন হ'ল ৰোগীক ৩৪ সপ্তাহ বেছিকৈ জীয়াই ৰাখিব পৰা 3D কিডনী
ইজৰাইলৰ বিজ্ঞানীসকলে এনে এক কৃত্ৰিম কিডনীৰ মডেল তৈয়াৰ কৰিছে, যাৰ দ্বাৰা ৰোগীক ৩৪ সপ্তাহ বেছিকৈ জীয়াই ৰাখিব পাৰিব-

Published : October 23, 2025 at 11:37 AM IST
চিকিৎসা বিজ্ঞানৰ এক বৃহৎ সফলতা ! উদ্ভাৱন হ'ল ৰোগীক ৩৪ সপ্তাহ বেছিকৈ জীয়াই ৰাখিব পৰা 3D কিডনী ৷ ইজৰাইলৰ বিজ্ঞানীসকলে এনে এক কৃত্ৰিম কিডনীৰ মডেল তৈয়াৰ কৰিছে, যি পূৰ্বৰ যিকোনো প্ৰচেষ্টাতকৈ বেছি দিন জীয়াই আছে ৷ হয়, টেল হাশ্বোমাৰৰ শ্বেবা মেডিকেল চেণ্টাৰ আৰু টেল আভিভ বিশ্ববিদ্যালয়ৰ এটা দলে এই থ্ৰীডি অৰ্গেন’ইডটো সৃষ্টি কৰিছে, যিটো ৩৪ সপ্তাহতকৈও অধিক সময় জীয়াই আছে ৷ এই গৱেষণাই ভৱিষ্যতে কিডনীৰ ৰোগ বুজিবলৈ তথা চিকিৎসাৰ বাবে এক নতুন দিশ মুকলি কৰিব পাৰে ৷
কিয় বিশেষ এই 3D কিডনী ?
এই নতুন মডেলটো কেৱল ক্ষতিগ্ৰস্ত অংগ সলনি কৰাৰ বিকল্পই নহয়, কিডনী ৰোগৰ বিষয়ে গভীৰ অন্তৰ্দৃষ্টি লাভ কৰাৰো ই এক অন্যতম উপায় ৷ বিজ্ঞানীসকলৰ মতে, ইয়াৰ সহায়ত কিডনী ৰোগ কেনেকৈ সময়ৰ লগে লগে গঢ় লৈ উঠে আৰু কিদৰে বেয়া হয় সেই কথা বুজিব পাৰি ৷ তদুপৰি এই প্ৰযুক্তিয়ে ঔষধ পৰীক্ষাত সহায় কৰিব পাৰে আৰু পৰীক্ষাৰ বাবে জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে ৷
কি কয় চিকিৎসকে ?
শ্বেবা মেডিকেল চেণ্টাৰৰ ডাঃ বেঞ্জামিন ডেকেলে এই গৱেষণাক ঐতিহাসিক বুলি অভিহিত কৰিছে ৷ তেওঁৰ মতে, প্ৰকৃত অগ্ৰগতি অংগ প্ৰতিস্থাপনত নহয়, এই অৰ্গেন’ইডবোৰে মুক্ত কৰা জৈৱ অণুতহে নিহিত হৈ আছে ৷ এই জৈৱ অণুবোৰে ক্ষতিগ্ৰস্ত বৃক্ক মেৰামতি কৰাত সহায় কৰিব পাৰে আৰু চিকিৎসা কম আক্ৰমণাত্মক কৰি তুলিব পাৰে ৷ অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে ক্লিনিকেল স্তৰত উপনীত হ’বলৈ এতিয়াও কিছু সময় অপেক্ষা কৰিব লাগিব, কিয়নো বৰ্তমান এইটো কেৱল পৰীক্ষামূলক কৃতিত্বহে ৷
আগন্তুক প্ৰত্যাহ্বান
এই ক্ষেত্ৰত বিজ্ঞানীসকল বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ এই অৰ্গেন’ইডবোৰত কোনবোৰ কোষ সক্ৰিয়, কোনবোৰ অণু নিৰ্গত হয় আৰু প্ৰাপ্তবয়স্ক কিডনী মেৰামতিৰ ক্ষেত্ৰত ইহঁতে কি ভূমিকা পালন কৰে, সেইবোৰ নিৰ্ণয় কৰিব লাগিব ৷ গৱেষকসকলে কয় যে এই প্ৰক্ৰিয়াটো গৰ্ভাৱস্থাৰ ৩৪ সপ্তাহৰ ভিতৰত জৰায়ুত হোৱা প্ৰাকৃতিক পৰিপক্কতাৰ সৈতে নিবিড়ভাৱে মিল আছে ৷ গতিকে ইয়াক মানৱ বিকাশৰ বিষয়ে বুজিবলৈও এক গুৰুত্বপূৰ্ণ আৰ্হি বুলি ধৰিব পাৰি ৷
উল্লেখ্য যে, এই গৱেষণাই চিকিৎসা বিজ্ঞানৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ যদিও এইটো এতিয়াও প্ৰতিস্থাপনযোগ্য কিডনী নহয় ৷ ভৱিষ্যতে কিডনীৰ ৰোগৰ চিকিৎসা, নতুন ঔষধ আৱিষ্কাৰ আৰু উন্নত চিকিৎসাৰ বাবে ই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ৷
ইজৰাইলৰ বিজ্ঞানীসকলে প্ৰস্তুত কৰা এই থ্ৰীডি কিডনী মডেলে চিকিৎসা বিজ্ঞানৰ এক ঐতিহাসিক পদক্ষেপক প্ৰতিনিধিত্ব কৰে ৷ ই কেৱল বৃক্কৰ ৰোগৰ অধ্যয়ন আৰু বুজাবুজিৰ বাবে এক নতুন মাত্ৰা প্ৰদান কৰাই নহয়, ভৱিষ্যতৰ কৃত্ৰিম অংগ বিকাশ আৰু পুনৰুত্পাদনশীল চিকিৎসাৰ সম্ভাৱনাও মুকলি কৰে ৷ যদিও এই প্ৰযুক্তি এতিয়াও পৰীক্ষামূলক পৰ্যায়ত আছে, ইয়াৰ ফলাফলসমূহে ইংগিত দিয়ে যে ভৱিষ্যতে ৰোগীয়ে সুৰক্ষিত, অধিক ফলপ্ৰসূ আৰু কম আক্ৰমণাত্মক চিকিৎসা বিকল্পৰ সুবিধা লাভ কৰিব পাৰে ৷ এই গৱেষণাক এক বৃহৎ বৈজ্ঞানিক সাফল্য হিচাপে গণ্য কৰা হৈছে যিয়ে ভৱিষ্যতৰ চিকিৎসা বিজ্ঞানৰ পথ প্ৰশস্ত কৰিব ৷
উৎস
লগতে পঢ়ক

