ETV Bharat / health

হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিৰুদ্ধে ডাঙৰ অগ্ৰগতি! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে টিউমাৰক ৮০ শতাংশ সংকুচিত কৰাৰ উপায়

বিজ্ঞানৰ জগতখনে কঢ়িয়াই আনিছে উল্লেখযোগ্য আৰু সান্ত্বনাদায়ক খবৰ, বিজ্ঞানীসকলে এনে এক পদ্ধতি আৱিষ্কাৰ কৰিছে যিয়ে হাওঁফাওঁৰ টিউমাৰৰ অতি দুৰ্বল স্থানক লক্ষ্য কৰি নিৰ্মূল কৰিব পাৰে-

LUNG CANCER TUMOR SHRINKAGE
হাওঁফাওঁৰ কৰ্কট ৰোগ (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : November 22, 2025 at 5:10 PM IST

4 Min Read
Choose ETV Bharat

হাওঁফাওঁৰ কৰ্কট ৰোগৰ সৈতে যুঁজি থকা লাখ লাখ লোকৰ বাবে বিজ্ঞানৰ জগতখনে কঢ়িয়াই আনিছে উল্লেখযোগ্য আৰু সান্ত্বনাদায়ক খবৰ ৷ বিজ্ঞানীসকলে এনে এক পদ্ধতি আৱিষ্কাৰ কৰিছে যিয়ে হাওঁফাওঁৰ টিউমাৰৰ অতি দুৰ্বল স্থানক লক্ষ্য কৰি নিৰ্মূল কৰিব পাৰে ৷

এই গৱেষণাৰ সময়ত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ প্ৰ’টিন চিনাক্ত কৰিছিল যিয়ে কেন্সাৰ কোষৰ মৃত্যুৰ পৰা ৰক্ষা কৰে ৷ গৱেষকসকলে কয় যে, যদি এই নিৰ্দিষ্ট প্ৰ’টিনৰ কাম-কাজত বাধাপ্ৰাপ্ত হয় তেন্তে কেন্সাৰ কোষবোৰে স্ব-ধ্বংস কৰি টিউমাৰটো সংকুচিত হ’ব পাৰে ৷

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে আটাইতকৈ ডাঙৰ দুৰ্বলতা

শেহতীয়াকৈ গৱেষকসকলে হাওঁফাওঁৰ কৰ্কট ৰোগৰ এটা মূল দুৰ্বলতা আৱিষ্কাৰ কৰিছে— যিটো প্ৰ’টিনক বাধা দিলে কৰ্কট কোষবোৰক নিজাববীয়াকৈ বিনাশ কৰে ৷ এই আৱিষ্কাৰে চিকিৎসাৰ নতুন পথ মুকলি কৰাই নহয়, বহু ৰোগীৰ বাবেও জীৱন ৰক্ষাকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, যিসকলৰ এতিয়ালৈকে সীমিত বিকল্প আছিল ৷

'আত্মধ্বংস'ৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰা কৰ্কট কোষ ৷ আমেৰিকাৰ এন ৱাই চি লেংগন হেল্থৰ বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি বুজিবলৈ চেষ্টা কৰি আহিছে যে কিছুমান কেন্সাৰ কোষে শৰীৰৰ প্ৰতিৰক্ষাক কিয় এৰাই চলি বৃদ্ধি পাই থাকে ৷ এই গৱেষণাৰ সময়ত তেওঁলোকে FSP1 নামৰ এটা নিৰ্দিষ্ট প্ৰ’টিন চিনাক্ত কৰিছিল ৷

এই প্ৰ’টিনে কেন্সাৰ কোষক ফেৰ’পট’ছিছ নামৰ এক নিৰ্দিষ্ট ধৰণৰ কোষৰ মৃত্যুৰ পৰা ৰক্ষা কৰে ৷ চৰম চাপত শৰীৰে কোষবোৰক স্ব-ধ্বংস কৰা প্ৰক্ৰিয়াক ফেৰ’প্টোছিছ বোলে ৷ এই প্ৰক্ৰিয়াটো সাধাৰণতে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ অংশ যদিও কেন্সাৰ কোষবোৰে ইয়াক এৰাই চলি বৃদ্ধি পাই থাকে ৷

FSP1 বন্ধ কৰাৰ সময়ত কি হৈছিল ?

গৱেষকসকলে FSP1 প্ৰ’টিনক বাধা দিয়া এন্দুৰৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিছিল ৷ ফলাফল ইমানেই আচৰিত আছিল যে বিজ্ঞানীসকলে ইয়াক "নাটকীয়" বুলি অভিহিত কৰিছে ৷

এন্দুৰৰ হাওঁফাওঁত থকা টিউমাৰবোৰ দ্ৰুতগতিত সৰু হ’বলৈ ধৰিলে বহুতো কেন্সাৰ কোষে নিজকে ধ্বংস কৰিবলৈ আৰম্ভ কৰে ৷ সামগ্ৰিকভাৱে টিউমাৰৰ আকাৰ প্ৰায় ৮০% হ্ৰাস পায় ৷

এই ফলাফলসমূহে প্ৰকাশ কৰে যে FSP1 নিষ্ক্ৰিয় কৰিলে কৰ্কট কোষৰ কোনো পলায়নৰ পথ নাথাকে আৰু ফেৰ’প্টোছিছ প্ৰক্ৰিয়াত আবদ্ধ হৈ মৃত্যুমুখত পৰে ৷

এই গৱেষণা কিয় গুৰুত্বপূৰ্ণ ?

হাওঁফাওঁৰ এডিন’কাৰ্চিনোমাৰ দৰে কৰ্কট ৰোগৰ চিকিৎসা কৰাটো প্ৰায়ে কঠিন কাৰণ কোষবোৰে মানক চিকিৎসাৰ প্ৰতিৰোধ কৰে ৷ কিন্তু কেন্সাৰক আত্মধ্বংস কৰিব পৰা দুৰ্বলতা বিচাৰি উলিয়ালে চিকিৎসাৰ গতি সম্পূৰ্ণৰূপে সলনি হ’ব পাৰে ৷

এই গৱেষণাৰ পৰা দেখা গৈছে যে FSP1ক লক্ষ্য কৰি লোৱা ঔষধ ভৱিষ্যতে কেন্সাৰ চিকিৎসাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ উঠিব পাৰে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদ্ধতিয়ে কেন্সাৰৰ এটা স্বাভাৱিক দুৰ্বলতাক শোষণ কৰে: শৰীৰৰ নিজৰ কোষ-ধ্বংস প্ৰক্ৰিয়া সক্ৰিয় হয় ৷

কেন্সাৰৰ বিৰুদ্ধে যুঁজখনে নতুন দিশ পাবনে ?

যদিও এই গৱেষণা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰু পৰীক্ষাসমূহ এন্দুৰৰ ওপৰত কৰা হৈছে, বিজ্ঞানীসকলৰ মতে, যদিহে একে নীতি নিৰাপদে মানুহৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, তেন্তে ই হাওঁফাওঁৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এক নতুন দিশ প্ৰদান কৰিব পাৰে ৷

গৱেষকসকলে এতিয়া বুজিবলৈ চেষ্টা কৰিছে যে এফ এছ পি ১ক বাধা দিয়া ঔষধ মানুহৰ ক্ষেত্ৰত কিমান ফলপ্ৰসূ আৰু নিৰাপদ হ’ব ৷ যদি সফল হয় তেন্তে অনাগত বছৰবোৰত কেন্সাৰ ৰোগীৰ বাবে এয়া এক বৈপ্লৱিক পদক্ষেপ হ’ব পাৰে ৷

উৎস

https://int.livhospital.com/breakthrough-treatment-that-melts-cancer/

লগতে পঢ়ক

  1. মহিলাতকৈ অধিক পুৰুষসকল ভুগিছে কৰ্কট ৰোগত-বিশেষজ্ঞ
  2. ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ পূৰ্বে দেখা দিয়ে এই লক্ষণ, মহিলাসকলে কেতিয়াও নকৰিব আওকাণ
  3. এতিয়া বেক্টেৰিয়াৰ দ্বাৰা কৰা হ’ব কেন্সাৰ টিউমাৰৰ চিকিৎসা-গৱেষণা