এতিয়া বেক্টেৰিয়াৰ দ্বাৰা কৰা হ’ব কেন্সাৰ টিউমাৰৰ চিকিৎসা-গৱেষণা
বেক্টেৰিয়াই নিজে কেন্সাৰ টিউমাৰৰ সন্ধান কৰি কিদৰে চিকিৎসা কৰিব পাৰে গৱেষণাৰ পৰাই জানো আহক-

Published : November 13, 2025 at 4:13 PM IST
কৰ্কট ৰোগৰ চিকিৎসা এতিয়া কেৱল কেমোথেৰাপি বা ৰেডিয়’থেৰাপিতে সীমাবদ্ধ নহয় ৷ বৰ্তমান বিজ্ঞানীসকলে এনে বেক্টেৰিয়া সৃষ্টি কৰিছে যিয়ে শৰীৰৰ টিউমাৰ স্বয়ংক্ৰিয়ভাৱে নিৰ্ণয় কৰিব পাৰে ৷ এই বেক্টেৰিয়াবোৰে টিউমাৰত উপনীত হৈ ঔষধটো এৰি দিয়ে আৰু নিজৰ কাম সম্পূৰ্ণ কৰাৰ পিছত কোনো ধৰণৰ দাগ নৰখাকৈ নিজে নিজে শেষ হৈ যায় ৷ বৰ্তমানৰ চিকিৎসাৰ প্ৰতিৰোধী টিউমাৰৰ বাবে এই কৌশল বিশেষভাৱে ফলপ্ৰসূ বুলি গণ্য কৰা হয় ৷ গতিকে আজি জানো আহক যে, বেক্টেৰিয়াই নিজে কেন্সাৰ টিউমাৰৰ সন্ধান কৰি কিদৰে চিকিৎসা কৰিব পাৰে আৰু ইয়াৰ ফলত কিদৰে মানুহৰ কোনো ক্ষতি নোহোৱাকৈ এই কাম সমাধা কৰিব পাৰে সেই বিষয়ে আজি জানো আহক-
টিউমাৰৰ চিনাক্ত কৰি বেক্টেৰিয়াই কিদৰে চিকিৎসা কৰিব পাৰে ?
অষ্ট্ৰেলিয়াস্থিত দক্ষিণ অষ্ট্ৰেলিয়ান হেল্থ এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ বিজ্ঞানীসকলে কেন্সাৰ চিকিৎসাৰ এই ক্ষেত্ৰত ৭০টাতকৈও অধিক ক্লিনিকেল ট্ৰায়েল কৰিছে ৷ এই গৱেষণাৰ ওপৰত ৫০০ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে ৷ কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত পৰীক্ষা চলাই থকা বিজ্ঞানীসকলে কয় যে, যদি এই ঔষধৰ সৈতে বেক্টেৰিয়াৰ সৈতে মিহলাই প্ৰয়োগ কৰা হয় তেন্তে ই টিউমাৰটোত প্ৰৱেশ কৰি ধ্বংস কৰিব পাৰে ৷ ইয়াৰ বাবে বেক্টেৰিয়াৰ আচৰণক জিনীয়ভাৱে নিয়ন্ত্ৰিত কৰা হয় ৷ বিজ্ঞানীসকলে টিউমাৰৰ আশে-পাশে থকা সংকেত চিনাক্ত কৰি সক্ৰিয় কৰি কৰ্কট ৰোগৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা বেক্টেৰিয়া উদ্ভাৱন কৰি আছে ৷
দৈ আৰু ভিনেগাৰত থকা বেক্টেৰিয়াৰ দ্বাৰাও চিকিৎসাৰ প্ৰস্তুতি
বিজ্ঞানীসকলৰ মতে, পাচনত সহায় কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা ই কলাই নিছল, লেক্ট’বেচিলাছ, বিফিড’বেক্টেৰিয়াম আদি প্ৰ’বায়’টিক বেক্টেৰিয়াও কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে উদ্ভাৱন কৰা হৈছে ৷ এই বেক্টেৰিয়াই টিউমাৰৰ আশে-পাশে থকা পৰিৱেশ সলনি কৰিব পাৰে বা কেন্সাৰ কোষক হত্যা কৰা অণু উৎপন্ন কৰিব পাৰে ৷ বিজ্ঞানীসকলৰ মতে অনাগত বছৰবোৰত বেক্টেৰিয়া ভিত্তিক কেন্সাৰ চিকিৎসা কেন্সাৰ চিকিৎসাৰ এক সাধাৰণ পদ্ধতিত পৰিণত হ’ব পাৰে ৷ এই গৱেষণাৰ লগত জড়িত গৱেষকসকলৰ মতে বেক্টেৰিয়াৰ সুস্থ কলাৰ কোনো ক্ষতি নকৰাকৈ পোনপটীয়াকৈ কঠিন টিউমাৰত উপনীত হোৱাৰ অনন্য ক্ষমতা আছে ৷ টাৰ্গেটেড থেৰাপীত কুৰিয়ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷
বেক্টেৰিয়াই মানুহৰ ক্ষতি কেনেকৈ নকৰে ?
বিজ্ঞানীসকলৰ মতে কিছুমান বেক্টেৰিয়া কেৱল টিউমাৰতহে বৃদ্ধি পায় আৰু সুস্থ কোষৰ কোনো ক্ষতি নকৰে ৷ ইহঁতে মৃত কোষৰ পৰা পুষ্টি আহৰণ কৰে আৰু কম অক্সিজেন থকা পৰিৱেশতো জীয়াই থাকিব পাৰে ৷ ইয়াৰ কাৰণে ইয়াক শৰীৰৰ বাবে নিৰাপদ বুলি গণ্য কৰা হয় ৷ কিন্তু কিছুমান ৰোগীয়ে মৃদু প্ৰতিক্ৰিয়া, যেনে সংক্ৰমণ বা ফুলা অনুভৱ কৰিব পাৰে, যিবোৰৰ ওপৰত বিজ্ঞানীসকলে অহৰহ গৱেষণা কৰি আছে ৷
লগতে পঢ়ক

