ETV Bharat / health

ইনছুলিন প্ৰতিৰোধ ক্ষমতা কেতিয়া গঢ়ি উঠে ?

খোজকাঢ়িলে ইনছুলিন নিঃসৰণ হয় নেকি ? ইনছুলিন কেনেদৰে সংৰক্ষণ কৰিব ? জানিবলৈ পঢ়ক....

Are you Diabetic Patient, Know When does insulin resistance develop
ইনছুলিন প্ৰতিৰোধ ক্ষমতা কেতিয়া গঢ়ি উঠে ? (Getty Images and ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 3:03 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : আধুনিক জীৱন যাপনত ইনছুলিন শব্দটোৰ লগত সকলোৱে পৰিচিত বুলি ক'লেও বঢ়াই কোৱা নহ'ব । বিশেষকৈ ডায়েবেটিছ বা মধুমেহত আক্ৰান্তসকলৰ বাবে তেনেই চিনাকি শব্দটোৱে হৈছে ইনছুলিন । পেনক্ৰিয়াছ বা অগ্নাশয় নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰম’ন । অগ্নাশয়ৰ বিটা কোষে এইবিধ হৰম’ন উৎপন্ন কৰে । এইবিধ হৰম'নে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

বহুত লোক জ্ঞাত নহয় যে এইবিধ হৰম'ন আমাৰ শৰীৰতে উৎপন্ন হয় । ইনছুলিনে তেজৰ পৰা গ্লুক’জ শৰীৰত প্ৰৱেশ কৰাত সহায় কৰে য’ত ইয়াক শক্তিৰ বাবে ব্যৱহাৰ কৰা হয় । এইবিধ হৰম'নে শৰীৰৰ গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে । ইনছুলিন কেতিয়া প্ৰয়োগ কৰা, সংৰক্ষণ কৰোতে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে ,ইনছুলিন প্ৰতিৰোধ ক্ষমতা আদিৰ বিষয়ে ইটিভি ভাৰতৰ আগত ব্য়াখ্য়া আগবঢ়ালে ডায়েবেটোল'জিষ্ট ডা: নাছিমুৰ ৰিয়াজে

ডায়েবেটোল'জিষ্টগৰাকীয়ে কয় যে ডায়েবেটিছ ৰোগৰ কাৰণটোৱেই হৈছে অগ্নাশয়ৰ বেছিভাগ বিটা কোষ অকামিলা হোৱা । টাইপ ২ ডায়েবেটিছত যেতিয়া আমাৰ কোষবোৰে ইনছুলিনৰ প্ৰতি প্ৰতিক্ৰিয়া কৰা বন্ধ কৰে, তেতিয়া এনে অৱস্থাত ইনছুলিনৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । যেতিয়া শৰীৰক ইনছুলিনৰ প্ৰয়োজন হয় তেতিয়া পেনক্ৰিয়াছে ইনছুলিন প্ৰেৰণ কৰিব নোৱাৰে । ইয়াৰ ফলত তেজত শৰ্কৰা মাত্ৰা অতি উচ্চ হৈ পৰে । যদি এই সমস্যা বহুদিনলৈ থাকে, তেন্তে আমাৰ স্নায়ু, চকু আৰু অন্যান্য অংগবোৰৰ ক্ষতি হ’বলৈ ধৰে ।

খোজকাঢ়িলে ইনছুলিন নিঃসৰণ হয় নেকি ?

ডায়েবেটোল'জিষ্ট ডাঃ ৰিয়াজে ডায়েবেটিছ হ’লে চিকিৎসকে ৰোগীক ইনছুলিন ব্যৱহাৰ কৰিবলৈ খোজ কাঢ়িবলৈ বা ব্যায়াম কৰিবলৈ কয় । এইদৰে কিন্তু ইনছুলিনৰ উৎপাদন বা নিঃসৰণ বৃদ্ধিৰ কোনো সম্ভাৱনা নাথাকে । শাৰীৰিক পৰিশ্ৰমৰ ফলত প্ৰাণীৰ স্বেচ্ছামূলক পেশীত উপস্থিত থকা বিশেষ ইন্দ্ৰিয় গ্ৰহণকাৰীবোৰহে ইনছুলিনৰ প্ৰতি অধিক সংবেদনশীল হৈ পৰে ।

ইনছুলিন প্ৰতিৰোধ ক্ষমতা :

ইনছুলিন প্ৰতিৰোধ ক্ষমতা (ইনছুলিন সংবেদনশীলতা হ্ৰাস) থকা লোকসকলে ইনছুলিনৰ প্ৰতি সহনশীলতা গঢ়ি উঠাৰ ফলত হৰম’ন কম ফলপ্ৰসূ হৈ পৰে । ফলত চৰ্বি আৰু পেশীৰ কোষক গ্লুক'জ গ্ৰহণ কৰিবলৈ আৰু যকৃতে ইয়াক জমা কৰি ৰাখিবলৈ অধিক ইনছুলিনৰ প্ৰয়োজন হয় ।

টাইপ ২ ডায়েবেটিছ ৰোগী এজন যিমানেই ইনছুলিন প্ৰতিৰোধী হ’ব সিমানেই ডায়েবেটিছ পৰিচালনা কৰাটো কঠিন হ’ব । কাৰণ তেজৰ লক্ষ্য নিৰ্ধাৰণ কৰা গ্লুক’জৰ মাত্ৰা লাভ কৰিবলৈ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ইনছুলিন পাবলৈ অধিক ঔষধৰ প্ৰয়োজন হয় । ইনছুলিন প্ৰতিৰোধ ক্ষমতা টাইপ ১ ডায়েবেটিছৰ কাৰণ নহয় যদিও টাইপ ১ ডায়েবেটিছ ৰোগী যিসকল ইনছুলিন প্ৰতিৰোধী তেওঁলোকৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণত ৰাখিবলৈ ইনছুলিনৰ প্ৰতি অধিক সংবেদনশীল লোকতকৈ বেছি ইনছুলিনৰ মাত্ৰাৰ প্ৰয়োজন ।

ইনছুলিন কেনেদৰে সংৰক্ষণ কৰিব ?

  • ইনছুলিন প্ৰয়োগৰ বাবে যিটো বেজী বা যিটো পেন ব্যৱহাৰ কৰা হয় সেইটো ঠাণ্ডা বা ছাঁত মুকলিভাৱে ৰাখিব লাগে । ৰেফ্ৰিজাৰেটৰৰ দুৱাৰৰ বাহিৰত ৰখাটোরে মংগলজনক ।
  • বেছি ঠাণ্ডা অথবা গৰম ঠাইত ৰখাটো অনুচিত । ব্যৱহৃত ইনছুলিন কোঠাৰ উষ্ণতাত সংৰক্ষণ কৰাটো বাঞ্ছনীয় ।
  • ইনছুলিনৰ বেজী অথবা পেন ব্যৱহাৰৰ এমাহৰ ভিতৰত শেষ কৰিব লাগিব ।
  • যেতিয়া ইনছুলিনৰ বেজী উলিয়ায়, তেতিয়া বেজীটো যাতে ঘৰৰ তাপমাত্ৰাৰ স'তে মিলি যায়, সেই বিষয়ত গুৰুত্ব দিব লাগে ।
  • যদিহে ঠাণ্ডা অৱস্থাতেই বেজীটো ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে প্রয়োগ কৰা স্থানত বিষ আৰম্ভ হোৱাৰ আশংকা থাকে।
  • ইনছুলিনৰ বটলটো বাহিৰলৈ উলিয়াই আনাৰ সময়ত ভালদৰে মন কৰক বটলটোৰ ৰঙৰ বিশেষ পৰিৱৰ্তন হৈছে নে নাই ।

এবাৰ ল’লে সদায় ল’ব লাগে নেকি ?

ইনছুলিন এবাৰ ল’লে সদায় ল’ব লাগে নেকি বুলি প্ৰায়ভাগ ৰোগীয়ে প্ৰশ্ন কৰে বুলি উল্লেখ কৰি ডাঃ ৰিয়াজে কয় যে এইটো ভ্ৰান্ত ধাৰণা । টাইপ-২ ডায়েবেটিছৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সম্পৰ্কে সঠিকভাৱে নজনা বাবে এইদৰে ভাৱে । এইটো কথা সঁচা যে টাইপ-২ ডায়েবেটিছত আক্ৰান্ত ব্যক্তিকো বাহিৰা উৎসৰ পৰা ইনছুলিন সৰবৰাহ কৰাৰ প্ৰয়োজন হ'ব পাৰে; কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেনে ব্যক্তিৰ শৰীৰে ইনছুলিন তৈয়াৰ কৰিবলৈ বন্ধ কৰিছে । টাইপ-২ ডায়েবেটিছত হাইপাৰগ্লাইচেমিয়া বা তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ কাৰণেহে শৰীৰৰ ইনছুলিন তৈয়াৰ কৰাৰ ক্ষমতা কমি যাব পাৰে, বাহিৰা ইনছুলিনৰ বাবে নহয় ।

লগতে পঢ়ক:কিয় দ্ৰুত গতিত বৃদ্ধি পাইছে ডায়েবেটিছত আক্রান্তৰ সংখ্যা ?

খাদ্য়াভ্য়াস-পৰিৱৰ্তিত জীৱনশৈলীয়ে শিশুৰ টাইপ ২ মধুমেহ কেনেদৰে বৃদ্ধি কৰিছে ?

শৰীৰ সুস্থ ৰাখিবলৈ নিতৌ কোনবোৰ খাদ্য গ্ৰহণ কৰিব ?