ETV Bharat / health

শীতকালত এইসমূহ শাক খোৱাৰ উপকাৰিতা জানি হৈ পৰিব আচৰিত!

শীতকালত সুস্থ হৈ থাকিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা এনে কেইবিধমান সেউজীয়া শাকৰ বিষয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Amazing Winter Benefits of Powerful Assamese Green Herbs and Leafy Greens
শীতকালত এইসমূহ শাক খোৱাৰ উপকাৰিতা জানি হৈ পৰিব আচৰিত! (GETTY IMAGES)
author img

By ETV Bharat Health Team

Published : January 5, 2026 at 11:54 AM IST

5 Min Read
Choose ETV Bharat

শীতকালৰ আগমনৰ লগে লগে শৰীৰৰ অতিৰিক্ত যত্নৰ প্ৰয়োজন হয় । চৰ্দি, দুৰ্বলতা, কাহ আদি তেনেই সাধাৰণ কথা হৈ পৰে । সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন ৷ গতিকে আমাৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ । এই শাক-পাচলিবোৰে আমাৰ ৰুচি বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰটোকো ভিতৰৰ পৰা শক্তিশালী, উষ্ণ আৰু সুস্থ কৰি ৰখাত সহায় কৰে বিশেষকৈ শীতকালত অসমত উপলব্ধ কিছুমান সেউজীয়া শাকে আমাৰ শৰীৰৰ বাবে পুষ্টিকৰ হোৱাই নহয় বৰঞ্চ আমাৰ শৰীৰত শক্তি বৃদ্ধি কৰে বুলি কোৱা হয় ।

আমাৰ জ্যেষ্ঠজনে সততে দেহৰ উপকাৰিতা লাভৰ বাবে শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে ৷ শীতকাল আগমনৰ লগে লগে এতিয়া বজাৰত সেউজীয়া শাক-পাচলি সহজলভ্য হৈ পৰিছে ৷ বহুলোকে হয়তো নিজাকৈ বাৰীতে ভিন্ন শাক-পাচলিৰ খেতি কৰিছে ৷ জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো অৱশ্যে বহুলোকে শাক-পাচলি খাবলৈ মন নকৰা দেখা যায় ৷ কিন্তু এই শাক-পাচলিসমূহৰ উপকাৰিতাৰ বিষয়ে ভালদৰে জানিলে এনে ভুল কেতিয়াও নকৰে ৷ গতিকে, এই শীতকালত সুস্থ হৈ থাকিবলৈ আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা এনে কেইবিধমান সেউজীয়া শাকৰ বিষয়ে জানো আহক-

আমি সকলোৱে জানো যে আমাৰ অসমত এনে বহু শাক আছে যি আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী ৷ মৌমাখিয়ে যিদৰে ৰং বিৰঙী বিভিন্ন ফুলৰ পৰা আদি কৰি নানা উৎসৰ পৰা ৰস আহৰণ কৰি 'অমৃতসম' মৌ বা মধু তৈয়াৰ কৰে ঠিক সেইদৰে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এইসমূহ শাকৰ আঞ্জা আমাৰ শৰীৰৰ বাবে অমৃততুল্য ৷

বৰ্তমান বজাৰত পালেং, লাই শাক, জিলমিল, মেথি, মৰিচা, দোৰোণ আদি শাক উপলব্ধ ৷ এই শাককেইবিধ হয়তো বহুলোকৰে প্ৰিয় নহয় ৷ কিন্তু এই শাকসমূহ অনন্য মাত্ৰাৰ পুষ্টিকৰ গুণেৰে ভৰপূৰ ৷ এই সেউজীয়া শাককেইবিধ স্বাস্থ্যৰ বাবে মহৌষধিতকৈ কোনোগুণেই কম নহয় ৷

আইৰণ আৰু ভিটামিনৰ পৰা আৰম্ভ কৰি এণ্টিঅক্সিডেণ্টলৈকে বহু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে এই শাককেইবিধত ৷ এইদৰে এইকেইবিধ শাকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি চুলি আৰু ছালৰ স্বাস্থ্যলৈ, সকলো দিশতে ছুপাৰফুড হিচাপে পৰিগণিত হয় ৷ এই বিষয়ে বিতংকৈ জানো আহক-

হেল্থলাইনৰ প্ৰতিবেদন মতে পালেঙত কেলৰি, প্ৰটিন, কাৰ্ব, চেনি, ফাইবাৰ, চৰ্বি, ফলিক এচিড, কেলচিয়াম আদি থাকে ৷ ইয়াৰ উপৰিও ই আইৰণৰ এক উৎকৃষ্ট উৎস ৷ পালেঙত ভিটামিন চি, কে আদি বহুপ্ৰকাৰৰ ভিটামিন থাকে ৷ পালেঙত উপলব্ধ এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ চাপ হ্ৰাস কৰে ৷ ইয়াত উপলব্ধ জিএক্সান্থিন আৰু লুটিন চকুৰ বাবে উপকাৰী ৷ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায়ক হয় পালেং ৷

ASSAMESE HERBS
পালেং শাক (GETTY IMAGES)

মেথি শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে ৷ ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, বি ৬, কে, খনিজ পদাৰ্থ, আইৰণ, পটাছিয়াম, কেলচিয়াম থাকে ৷ এইদৰে মেথি শাকে তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে ৷ মেথিত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে হজম শক্তি উন্নত হয় ৷ একেদৰে মেথিত থকা আইৰণৰ পৰিমাণ হিম’গ্লবিন বৃদ্ধিত সহায়ক ৷ ইয়াৰ উপৰিও ইয়াত গেলেক্টাগ’গ থাকে, যি মহিলাৰ স্তনৰ গাখীৰ উৎপাদনত সহায় কৰে ৷ এনেধৰণৰ অন্য এবিধ শাক হৈছে মেথি- আপুনি যদি কোষ্ঠকাঠিন্য বা হজমৰ সমস্যাত ভূগি আছে তেন্তে মেথি শাক আপোনাৰ বাবে উপকাৰী ৷ গাঁঠিৰ বিষৰ সমস্যাত মেথি খোৱাটো অতি উপকাৰী ৷ মেথিত আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ আৰু মেগনেছিয়াম ইত্যাদি ভৰপূৰ পৰিমাণে পোৱা যায় ৷

ASSAMESE HERBS
মেথি শাক (GETTY IMAGES)

জিলমিল শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট থাকে ৷ এইদৰে জিলমিল শাকে হাড় শক্তিশালী কৰে, ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে ৷ জিলমিল শাকত আইৰণৰ পৰিমাণ অধিক হোৱাৰ বাবে তেজ বিশুদ্ধ কৰাতো সহায় কৰে ৷

ASSAMESE HERBS
জিলমিল শাক (GETTY IMAGES) (GETTY IMAGES)

লাই শাকত ভিটামিন এ, চি, ই, কে, কেলচিয়াম, আইৰণ, ফাইবাৰ আদি পুষ্টিকৰ উপাদান থাকে (lai xaak) ৷ এইদৰে লাই শাকে হজম শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু হৃদৰোগ স্বাস্থ্যৰ বাবেও উপকাৰী বিবেচিত হয় (mustard greens)৷

ASSAMESE HERBS
লাই শাক (GETTY IMAGES)

মৰিচাত যথেষ্ট পৰিমাণৰ ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফাইবাৰ আৰু প্ৰটিন থাকে ৷ মৰিচা খালে চকুৰ স্বাস্থ্য উন্নত হয় ৷ ই হাড় মজবুত কৰে, হজম শক্তি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে ৷ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো মৰিচা যথেষ্ট সহায়ক ৷

ASSAMESE HERBS
মৰিচা শাক (GETTY IMAGES)

দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা, তুলসী আৰু অমৰ লতাতকৈ কোনো গুণে কম নহয় বুলিব পাৰি ৷ ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই ৷ গতিকে সৰু ডাঙৰ সকলো লোকে নিশ্চিন্ত মনে খাব পাৰে ৷ উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও দোৰোণ অতি ক্ষতিকাৰক নহয় ৷ যিসকলে ইয়াৰ গোন্ধটো বেয়া পায়, তেওঁলোকে নিজে ভাল পোৱা সুগন্ধি শাক যেনে -পদিনা /মছন্দৰী(mosondori)/পনৌনৱা/মধুসোলেং(modhuxuleng)/ঢেকীয়া শাক(dhekia xaak) আদি জাতীয় শাকৰ লগত মিহলাই খাব পাৰে ৷ দোৰোণৰ বিশিষ্ট গুণ সমূহ হৈছে এইবিধ বিষ হাৰক, জ্বৰ নাশক, এণ্টিফাংগেল (ভেকুঁৰ প্ৰতিৰোধী), এণ্টি বেক্টেৰিয়েল (বেক্টেৰিয়া প্ৰতিৰোধী), এণ্টি অক্সিডেন্ট(ৰোগ প্ৰতিৰোধক), কৃমি নাশক ৷ লিভাৰ, কাহ আৰু ডায়েবেটিছৰ বাবেও দোৰোণ অতি উপকাৰী ৷

ASSAMESE HERBS
দোৰোণ শাক (GETTY IMAGES)

লগতে পঢ়ক

  1. পালেং শাক খালে কি কি উপকাৰিতা সাধন হয় জানি লওক
  2. অসমত উপলব্ধ এইসমূহ শাকৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে ?
  3. সাতবিহুত খোৱা ১০১ বিধ শাকনো কি, আপুনি জানেনে ?