ETV Bharat / health

আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত জানিবলগীয়া কিছু তথ্য

আফ্ৰিকান ছোৱাইন ফিভাৰৰ ফলত অসমত গাহৰিৰ ব্যাপক মৃত্যু, এনে সময়ত গাহৰি প্ৰেমীয়ে গাহৰি মাংস খোৱাটো উচিত নে অনুচিত জানক বিশেষজ্ঞৰ পৰাই-

African Swine Fever Outbreak in Assam: Expert Advice on Prevention and Control
আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত জানিবলগীয়া কিছু তথ্য (ETV Bharat)
author img

By ETV Bharat Health Team

Published : November 5, 2025 at 3:41 PM IST

5 Min Read
Choose ETV Bharat

শেহতীয়াকৈ আফ্ৰিকান ছোৱাইন ফিভাৰে (ASF) পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰাত লক্ষাধিক গাহৰি পালকৰ বৃহৎ ক্ষতি সাধন হোৱাৰ ফলত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন নাগৰিকে আৰু এই সংক্ৰামণ ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ আৰু পশুপালন বিভাগক কঠোৰ সমালোচনাও কৰা পৰিলক্ষিত হৈছে ৷ ‎শেহতীয়া তথ্য অনুসৰি, ২০২৫ বৰ্ষত এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যখনৰ কমেও ৩০ খন ‎জিলাতে মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ উফলত ২,২০০ত কৈ অধিক গাহৰিৰ মৃত্যু ঘটিছে ৷ ‎সংক্ৰমণ ৰোধ কৰিবলৈ পশু চিকিৎসা বিভাগে বৰ্তমানলৈকে প্ৰায় ৭,০০০ গাহৰি নিধন কৰিবলৈ বাধ্য ‎হৈছে ৷ যাৰ ফলত ৰাজ্যখনৰ থলুৱা গাহৰি পালকসকলে এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে ৷

চৰকাৰী তথ্য মতে, সংক্ৰমিত পোৱালি গাহৰি আৰু প্ৰাপ্তবয়স্ক গাহৰি পৰীক্ষা নকৰাকৈ বেচা-‎কিনা কৰাটো এই ৰোগ দ্ৰুতগতিত বিয়পাৰ অন্যতম প্ৰধান কাৰণ ৷

কোনবোৰ অঞ্চলক সংক্ৰমিত বুলি গণ্য কৰা হ’ব ?

এই নিৰ্দেশনা অনুসৰি দপানীবৰিৰ এক কিলোমিটাৰ দূৰত্বৰ ভিতৰৰ গাঁওসমূহক ‘সংক্ৰমিত এলেকা’ বুলি গণ্য কৰা হ’ব, আনহাতে ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাঁওসমূহক ‘Monitoring Area’ হিচাপে ঘোষণা কৰা হ’ব ৷ আক্ৰান্ত অঞ্চলত জাৰি কৰা নিষেধাজ্ঞাৰ ভিতৰত সংক্ৰমিত অঞ্চলৰ ভিতৰত বা বাহিৰলৈ জীয়া গাহৰি, গাহৰিৰ খাদ্য, গাহৰিৰ মাংস বা গাহৰিৰ মাংসজাত সামগ্ৰী পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ পৰিবহণ নিষিদ্ধ

ইয়াত উল্লেখ কৰা হৈছে যে, আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হোৱাৰ সন্দেহযুক্ত গাহৰি আক্ৰান্ত অঞ্চলৰ বাহিৰলৈ লৈ যাব নোৱাৰিব আৰু কোনো ব্যক্তিয়ে সংক্ৰমিত বা সংক্ৰমিত সন্দেহযুক্ত গাহৰিৰ সংস্পৰ্শলৈ অহা গাহৰি, গাহৰিৰ সামগ্ৰী বা দূষিত সামগ্ৰী পৰিবহণ বা পৰিবহণৰ চেষ্টা কৰিব নোৱাৰে ৷

আফ্ৰিকান ছোৱাইন ফিভাৰ দৰাচলতে হয় কি ?

আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF) হৈছে এক অতি মাৰাত্মক ভাইৰাছজনিত ৰোগ ৷ ছোৱাইন ফ্লুৰ পৰা আফ্ৰিকান ছোৱাইন ফিভাৰ সম্পূৰ্ণ পৃথক এটি ৰোগ ৷ ইয়াৰ দ্বাৰা আক্ৰান্ত গাহৰিৰ অতি সোনকালে মৃত্যু হ’ব পাৰে ৷ এই বিপজ্জনক ভাইৰাছৰ কোনো ভেকচিন বা চিকিৎসা বৰ্তমানলৈকে উপলব্ধ হোৱা নাই ৷ কিন্তু এই ভাইৰাছ মানুহৰ বাবে ক্ষতিকাৰক নহয় ৷ এতিয়া এই ভাইৰাছ কেনেকৈ বিয়পে, আচলতে এই ভাইৰাছ দূষিত খাদ্য, পানী, গাহৰিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে বিয়পে ৷ ১৯২০ চনত আফ্ৰিকাত ইয়াক প্ৰথম পোৱা গৈছিল ৷

আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত কিছু তথ্য

  • ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ পৰা এই ৰোগ সংক্ৰমিত হয় ৷
  • এই ৰোগৰ মৃত্যুৰ হাৰ ১০০% অৰ্থাৎ ইয়াৰ দ্বাৰা আক্ৰান্ত হ’লে কোনো গাহৰি জীয়াই নাথাকে ৷
  • এই ৰোগৰ একমাত্ৰ চিকিৎসা হ’ল আক্ৰান্ত জীৱ-জন্তুবোৰক মাৰি পেলোৱা যাতে ই আন জীৱ-জন্তুলৈ বিয়পিব নোৱাৰে ৷
  • ই এটা প্ৰাণীৰ পৰা আন এটা প্ৰাণীলৈ স্পৰ্শ বা শৰীৰৰ তৰল পদাৰ্থৰ দ্বাৰা বিয়পে ৷
  • গাহৰিক কেঁচা খাদ্য খুৱালেও এই ভাইৰাছৰ সংক্ৰমণ বিয়পিব পাৰে ৷
  • আফ্ৰিকান ছোৱাইন ফিভাৰে মানুহক কোনো ধৰণে প্ৰভাৱিত নকৰে ৷
  • ১৯২০ চনত আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ইয়াক পোৱা গৈছিল ৷
  • ভাৰতত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ আৰু অসমত ২০২০ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত এই ৰোগ ধৰা পৰিছিল ৷

হাওঁফাওঁ ৰোগ বিশেষজ্ঞ ডাঃ আনন্দ জয়ছৱালে কয় যে, মানুহৰ স্বাস্থ্যৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে ৷ যদিও তেওঁলোকে কোনো আক্ৰান্ত গাহৰিৰ সংস্পৰ্শলৈ আহে বা গাহৰিৰ মাংসৰ সামগ্ৰী খায় ৷ কিন্তু এই জ্বৰত আক্ৰান্ত হ’লে শৰীৰত কিছু সমস্যা হ’ব পাৰে লগতে তলত উল্লেখিত এই লক্ষণবোৰো দেখা দিব পাৰে যেনে-

লক্ষণ

  • উচ্চ জ্বৰ
  • ভোক কমি যোৱা
  • দুৰ্বলতা
  • ছালত ৰঙা পৰা
  • ডায়েৰিয়া
  • বমি হোৱা
  • কাহ আৰু উশাহ লোৱাত কষ্ট

প্ৰশ্নৰ উত্থাপন হৈছে যে, ‎ৰাজ্যৰ গাহৰি কিনা-বেচা কৰা বজাৰখন কিয় নিয়ন্ত্ৰণ কৰা নাছিল পশু চিকিৎসা বিভাগ তথা প্ৰশাসনে ? ‎ৰাজ্যত এটা বিয়াগোম পশু চিকিৎসা বিভাগ থকাৰ পিছতো এই ৰোগ ইমান বেছি বিয়পিবলৈ কেনেকৈ ‎পালে ?‎

উল্লেখ্য যে, ৰাজ্যত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা সময়তে বিভিন্ন ধাৰ-ঋণ লৈ গাহৰি পালন ‎কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছিল বহু শিক্ষিত নিৱনুৱা যুৱক-যুৱতী ৷ তেওঁলোকৰ জীৱন সংগ্ৰাম ‎আৰু সপোন জড়িত হৈ আছিল গাহৰি ফাৰ্মসমূহৰ লগত ৷ লাখ লাখ টকাৰ ঋণ লৈ গাহৰি ফাৰ্ম খোলা এই ‎সকল গাহৰি পালকৰ ফাৰ্ম এতিয়া শূন্য হৈ পৰিছে ৷ যাৰ ফলত তেওঁলোকৰ জীয়াই থকাৰ সকলো পথ বন্ধ ‎হৈ পৰা উপক্ৰম হৈছে ৷ ‎ডি ৱাই এফ আই-ৰ অসম ৰাজ‍্যিক কমিটিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক তীঘ্ৰেই এই সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে লোকচানৰ ‎সন্মুখীন হোৱা দুৰ্ভগীয়া গাহৰি পালকসকলক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ সংস্থাপন দিবলৈ ‎দাবী জনাইছে ৷

উৎস

https://pubmed.ncbi.nlm.nih.gov/40340396/

লগতে পঢ়ক

  1. ক্লাছিকেল ছোৱাইন ফিভাৰ-আফ্ৰিকান ছোৱাইন ফিভাৰ তথা ছোৱাইন ফ্লুৰ সন্দৰ্ভত নজনা কিছু কথা
  2. অসমৰ এইখন গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ, জানো আহক কিমান বিপজ্জনক এই ৰোগ
  3. আফ্রিকান ছোৱাইন ফিভাৰৰ মহামাৰী ৰূপ: গাহৰি পালকৰ হাহাকাৰ