ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি এইসমূহ ৰোগতো লাভদায়ক চজিনা... জনালে বিশেষজ্ঞই
চজিনাক আয়ুৰ্বেদত এবিধ অতি লাগতিয়াল উদ্ভিদ বুলি কোৱা হয়, জানো আহক এই পাতবিধৰ কিছুমান স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে-

Published : December 9, 2025 at 11:42 AM IST
প্ৰকৃতিয়ে আমাক বহুতো উদ্ভিদ আশীৰ্বাদস্বৰূপ আগবঢ়াইছে যি আমাৰ স্বাস্থ্যৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়(Moringa Leaves Benefits) ৷ ইয়াৰে এটা হ’ল চজিনা, যাক ড্ৰামষ্টিক বুলিও কোৱা হয় ৷ চজিনাৰ পাতক "চমৎকাৰী পাত" বুলি ক'লেও ভুল নহ'ব চাগৈ ৷ আয়ুৰ্বেদতো এনে বহুতো লাগতিয়াল উদ্ভিদৰ কথা উল্লেখ আছে, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ তেনে এবিধ ঔষধি উদ্ভিদেই হৈছে চজিনা ৷
এই ক্ষুদ্ৰ পাতবোৰ পুষ্টিকৰ উপাদানৰ ভঁৰাল আৰু যুগ যুগ ধৰি পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহাৰ কৰি আহিছে ৷ এই পাতবোৰৰ নিয়মিত ব্যৱহাৰে অসংখ্য স্বাস্থ্য উপকাৰিতা প্ৰদান কৰিব পাৰে ৷ চজিনাৰ পাত কেনেকৈ স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে সেই বিষয়ে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
- পুষ্টিৰ ভঁৰাল
ডাঃ সোনী ব্যাসৰ মতে, চজিনাৰ পাতত ভিটামিন এ, ভিটামিন চি, কেলচিয়াম, পটাছিয়াম, আইৰণ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ তদুপৰি ইয়াত সকলো এমিনো এচিডো থাকে, যাৰ বাবে ইহঁত প্ৰটিনৰ এক উৎকৃষ্ট উৎস ৷ সেয়েহে চজিনা পাতে শৰীৰৰ পুষ্টিৰ অভাৱ পূৰণ কৰাত সহায় কৰিব পাৰে ৷
- ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
চজিনাৰ পাতত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে সাধাৰণ চৰ্দি আৰু ফ্লুৰ দৰে সাধাৰণ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷
- শৰ্কৰা নিয়ন্ত্ৰণ
চজিনাৰ পাতত থকা যৌগবোৰে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰি ডায়েবেটিছ নিয়ন্ত্ৰণতো সহায় কৰে ৷
- প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে
এই পাতবোৰত প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে গাঁঠিৰ বিষ আৰু ফুলা দূৰ কৰাত সহায় কৰিব পাৰে ৷
- পাচন স্বাস্থ্য
চজিনাৰ পাত পাচনতন্ত্ৰৰ বাবেও উপকাৰী ৷ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে সঠিক হজম শক্তি বজাই ৰখাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে ৷
- শক্তিৰ মাত্ৰা বৃদ্ধি কৰে
প্ৰচুৰ পৰিমাণে আইৰণ থকা এই পাতবোৰে ৰক্তহীনতা প্ৰতিৰোধ কৰে আৰু শৰীৰৰ শক্তিৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷
- ছাল আৰু চুলিৰ বাবে উপকাৰী
ভিটামিন আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ চজিনা পাতে ছাল আৰু চুলিৰ বৃদ্ধি সুস্থ কৰি তোলে ৷
- ঘাঁ ভাল হোৱাত সহায়ক
আয়ুৰ্বেদৰ মতে, চজিনা পাতক বেক্টেৰিয়া প্ৰতিৰোধী বুলি গণ্য কৰা হয় ৷ ইয়াৰ পাত ঘাঁ নিৰাময়ৰ বাবে অতি ফলপ্ৰসূ ৷ ইয়াৰ বাবে ইয়াৰ কোমল পাতৰ ৰস ঘাঁত লগাব পাৰে ৷ ইয়াৰ ফলত ঘাঁটো সোনকালে ভাল হোৱাই নহয়, ইয়াৰ দ্বাৰা দাগবোৰো কম কৰিব পৰা যায়৷
- হাঁপানী ৰোগত ফলপ্ৰসূ
চজিনা পাত সেউজীয়া পাত হওক বা শুকান পাতেই সেৱন কৰিব লাগিব ৷ এই পাতবোৰ চোবাই খালে হাঁপানীৰ ফলত হোৱা সমস্যাবোৰ কমাব পৰা যায় ৷ ব্ৰংকিয়লৰ সংকোচন কমোৱাতো এই পাতবোৰ ফলপ্ৰসূ বুলি ধৰা হয় ৷ এই পাতবোৰ নিয়মিতভাৱে সেৱন কৰিলে হাওঁফাওঁত থকা মলিবোৰ আঁতৰি যায়, যাৰ ফলত উশাহ-নিশাহৰ সমস্যা কম হয় ৷
- ৰক্তচাপ নিয়ন্ত্ৰণ
চজিনাৰ ওপৰত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে ই বেয়া কলেষ্টেৰল (LDL) কমোৱাত সহায় কৰিব পাৰে আৰু ভাল কলেষ্টেৰল (HDL) বৃদ্ধি কৰিব পাৰে । চজিনা কোমল পাতত উচ্চ ৰক্তচাপৰ লগত জড়িত সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ অলৌকিক গুণ আছে ৷ আপোনালোকক জনাই দিও যে, চজিনা পাতত নিয়াজিমিনিন আৰু আইছ’থাইঅ’চাইনেটৰ দৰে যৌগ থাকে, যাৰ ফলত ধমনীত ৰক্ত সঞ্চালন উন্নত হয় ৷ ইহঁতৰ নিয়মীয়া সেৱনে উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাত সহায় কৰে ৷
- চকুযুৰিক সুস্থ কৰি ৰাখে
চকু সুস্থ কৰি ৰাখিবলৈও চজিনা পাত খাব পাৰি ৷ এই পাতত পোৱা এন্টিঅক্সিডেন্ট গুণে চকুৰ লগত জড়িত সমস্যা কম কৰে ৷ ইয়াৰ উপৰিও ই কোষৰ আৱৰণ ঘন কৰাৰ লগতে ৰেটিনাৰ ক্ষতি ৰোধ কৰে ৷
কেনেকৈ কৰিব ব্যৱহাৰ ?
চজিনাৰ পাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি:
- সতেজ পাত - শাক-পাচলি বা মচুৰ দাইলৰ লগত মিহলি কৰা
- শুকান পাতৰ গুড়ি - স্মুদি, চূপ, বা দৈৰ সৈতে মিহলি কৰা
- চাহ - শুকান পাতৰ পৰা তৈয়াৰী চাহ
- কেপচুল - পৰিপূৰক হিচাপে উপলব্ধ
মনত ৰাখিব এইবোৰ কথা
গৰ্ভৱতী মহিলাই চজিনা পাত ব্যৱহাৰ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷ তদুপৰি এই পাতবোৰ প্ৰচুৰ পৰিমাণে সেৱন কৰিলে পেটৰ বিষ হ’ব পাৰে ৷
মূল তথ্য আৰু উৎস
- বিশ্ব স্বাস্থ্য সংস্থাই চজিনাক পুষ্টিহীনতা প্ৰতিৰোধী উদ্ভিদ বুলি গণ্য কৰে ।
- এন আই এইচৰ মতে চজিনা ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ।
- ইউএছডিএই চজিনাক ছুপাৰফুড হিচাপে তালিকাভুক্ত কৰিছে ।
- এফ এ অ’ই চজিনাক গ্ল’বেল ফুড ছিকিউৰিটি প্ৰগ্ৰেমত অন্তৰ্ভুক্ত কৰিছে ।
উৎস
লগতে পঢ়ক

