৩৯ শতাংশ ভাৰতীয় প্ৰাপ্তবয়স্ক ফেটি লিভাৰত আক্ৰান্ত; স্বাস্থ্য বিশেষজ্ঞৰ সকীয়নি
মেদবহুল শিশুৰ ৩৫-৪৫ শতাংশই এমএএছএলডি হোৱাৰ আশংকা ।

Published : May 9, 2026 at 3:56 PM IST
|Updated : May 9, 2026 at 5:19 PM IST
গুৱাহাটী : অতি সম্প্ৰতি ভাৰতত ফেটি লিভাৰত আক্ৰান্ত লোকৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে । এইবিধ ৰোগ এতিয়া স্বাস্থ্যজনিত উদ্বেগৰ বিষয় হিচাপে বিবেচিত হৈছে । স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে এই ৰোগে লাখ লাখ লোকৰ দেহত নীৰৱে বাহ লৈছে । ইয়াৰ চিকিৎসা নকৰিলে ভয়াৱহ জটিলতাৰ সৃষ্টি হ'ব পাৰে বুলিও মন্তব্য কৰিছে স্বাস্থ্য বিশেষজ্ঞই ।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে,ভাৰতৰ প্ৰায় ৩৯ শতাংশ প্ৰাপ্তবয়স্ক লোক ফেটি লিভাৰত আক্ৰান্ত । আনকি শিশুসকলৰ মাজতো এই ৰোগ যথেষ্ট বৃদ্ধি হৈছে । যকৃতৰ ৰোগত আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধিও সম্প্ৰতি উদ্বেগৰ কাৰণ হৈছে । অস্বাস্থ্যকৰ জীৱনশৈলী,জাংক ফুড গ্ৰহণ আৰু সেৱন, শিশুৰ শাৰীৰিক কাৰ্য-কলাপৰ অভাৱ আদিয়েই ইয়াৰ মূল কাৰণ ।
বৃদ্ধি পাইছে এমএএছএলডি :
মেদান্তা গুৰুগ্ৰামৰ শিশু গেষ্ট্ৰ’এণ্টাৰ’লজী আৰু হেপাট’লজী বিভাগৰ জ্যেষ্ঠ সঞ্চালক তথা ইণ্ডিয়ান একাডেমী অৱ পেডিয়েট্ৰিক্সৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ডাঃ নীলম মোহনে কয়, "সাধাৰণতে ফেটি লিভাৰ ৰোগ বুলি জনাজাত মেটাবলিক এছ’চিয়েটেড ষ্টেট’টিক লিভাৰ ৰোগ (এমএএছএলডি)ৰ প্ৰাদুৰ্ভাৱ দেশত বৃদ্ধি পাইছে । শিশুৰ মেদবহুলতা ইয়াৰ এটা অন্য়তম কাৰণ বুলি উল্লেখ কৰি ডাঃ নীলম মোহনে লগতে কয় যে মেদবহুল শিশুৰ ৩৫-৪৫ শতাংশই এমএএছএলডি হোৱাৰ আশংকা থাকে ।"
যকৃতৰ জটিল ৰোগো হ’ব পাৰে :
ডাঃ মোহনৰ মতে, শিশুৰ যকৃতৰ অৱস্থা যেনে ফেটি লিভাৰ, পিত্ত (বিলিয়েৰী)ৰ এট্ৰেছিয়া, পেংক্ৰিয়েটাইটিছ আদিক প্ৰায়ে সাধাৰণ পাচনকেন্দ্ৰিক সমস্যা বুলি ভুলকৈ গণ্য কৰা হয়, যাৰ ফলত চিকিৎসাত বিলম্ব হয় । এই ৰোগবোৰ নীৰৱে আগুৱাই বিপদ বৃদ্ধি কৰে । আগতীয়াকৈ ধৰা নপৰিলে চিৰ’ছিছ বা শেষ পৰ্যায়ত যকৃতৰ জটিল ৰোগ হ’ব পাৰে । বৰ্তমান বেছিভাগ প্ৰাপ্তবয়ষ্ক ৰোগীয়েই মেদবহুলতা, ডায়েবেটিছ, অস্বাস্থ্যকৰ আহাৰ আৰু আৰামপূৰ্ণ জীৱনশৈলীৰ সৈতে জড়িত 'মেটাবলিক ডিছফাংচনেল-এছ'চিয়েটেড ষ্টিট'টিক লিভাৰ ডিজিজ'ত আক্ৰান্ত ।
প্ৰতিৰোধ কৰিব কেনেকৈ ?
মেদান্তা গুৰুগ্ৰামৰ গেষ্ট্ৰএণ্ট্ৰ'লজীৰ জ্যেষ্ঠ সঞ্চালক ডাঃ পৱন ৰাৱলে কয় যে চৰ্বিযুক্ত যকৃতক প্ৰায়ে নীৰৱ ৰোগ বুলি কোৱা হয় । কিয়নো ইয়াৰ লক্ষণসমূহ সাধাৰণতে প্ৰাৰম্ভিক পৰ্যায়ত দেখা নাযায় । এই ৰোগ কেৱল আল্ট্ৰাছাউণ্ড স্কেন, তেজ পৰীক্ষা বা জটিলতা আৰম্ভ হোৱাৰ পিছতহে ধৰা পৰে । ডাঃ ৰাৱলে লগতে কয় যে স্বাস্থ্যসন্মত খাদ্য, নিয়মীয়া ব্যায়াম আৰু মদ্যপানৰ লগতে ধূম্ৰপান পৰিহাৰকে ধৰি জীৱনশৈলীৰ স্থায়ী পৰিৱৰ্তনৰ জৰিয়তে এই ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে নিয়ন্ত্ৰণ কৰি যকৃতক স্বাভাৱিক অৱস্থালৈ উভতাই আনিব পাৰি ।
ইয়াৰ বাবে ৰোগীয়ে শৰ্কৰাযুক্ত পানীয়, সংসাধিত আৰু ভজা-পোৰা খাদ্য পৰিহাৰ কৰাৰ লগতে ফল-মূল, শাক-পাচলি,গোটা শস্য আৰু অ'মেগা-৩ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগিব ।
লগতে পঢ়ক:এচিডিটি-বদহজম বুলি অৱহেলা নকৰিব, ডিম্বাশয়ৰ কৰ্কটো হ'ব পাৰে !
হাণ্টা ভাইৰাছক লৈ দেশবাসী চিন্তিত হোৱাৰ প্ৰয়োজন নাই: চিকিৎসক

