জুবিন গাৰ্গৰ ছমহীয়া তিথি : মৰমৰ গ’ল্ডিয়ে ভালপোৱা খাদ্যৰে এসাঁজ আগবঢ়ালে পত্নী গৰিমাই
জুবিন গাৰ্গবিহীন ছমাহ ! জুবিন ক্ষেত্ৰৰ প্ৰতি চৰকাৰৰ অৱহেলা ৷ "অসম অসম" কৰিয়েই জীৱনটো পাৰ কৰিলে জুবিনে, উপযুক্ত ন্যায় পালেনে ? গৰিমাৰ প্ৰশ্ন ৷

By ETV Bharat Entertainment Team
Published : March 16, 2026 at 6:11 PM IST
|Updated : March 16, 2026 at 6:18 PM IST
গুৱাহাটী : অসমৰ জনপ্ৰিয় শিল্পী, ‘হাৰ্টথ্ৰৱ’ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি ছমাহ হ’ল । এই উপলক্ষে শিল্পীগৰাকীৰ কাহিলিপাৰাস্থিত বাসগৃহত পৰিয়ালৰ উদ্যোগত আধ্যাত্মিক পৰিৱেশত তেওঁৰ ছমহীয়া তিথি পালন কৰা হয় ।
অৰুণ গাৰ্গ আৰু ঋতুপ্ৰয়াগ গাৰ্গে বৈদিক ৰীতি-নীতিৰে ধৰ্মীয় কাৰ্যসূচী সম্পন্ন কৰে । এই বিশেষ দিনটোত পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ প্ৰিয় খাদ্যসমূহ নিজ হাতে ৰান্ধি ‘সপিণ্ডন’ হিচাপে এসাঁজ ভাত আগবঢ়ায় ।
প্ৰয়াত স্বামীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে কয় যে পুৱাৰ ভাগত বৈদিক শ্ৰাদ্ধৰ কাম-কাজসমূহ সঠিকভাৱে সম্পন্ন কৰা হৈছে । তেওঁ লগতে উল্লেখ কৰে যে, প্ৰতি মাহৰ দৰেই আজিও ভক্তিৰে শিল্পীগৰাকীৰ উদ্দেশ্যে এই বিশেষ আহাৰ আগবঢ়োৱা হৈছে ।
জুবিন ক্ষেত্ৰৰ দুৰৱস্থা দেখি দুখ প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ
ইফালে, জুবিন ক্ষেত্ৰৰ প্ৰতি চৰকাৰে দেখুওৱা অৱহেলাৰ বাবে গৰিমা শইকীয়া গাৰ্গে গভীৰ দুখ প্ৰকাশ কৰে । তেওঁ কয়, "পৰহি বৰষুণৰ মাজত জুবিন ক্ষেত্ৰৰ অৱস্থাটো দেখি মোৰ মনটো বৰকৈ ভাঙি পৰিছিল । কোনো এজন মানুহে নিবিচাৰে যে তেওঁৰ আপোনজন তেনে এটা পৰিৱেশত থাকক । তেওঁ কায়িকভাৱে আমাৰ মাজত নাই যদিও আমাৰ বাবে তেওঁ সদায় জীয়াই আছে । গতিকে তেওঁ তেনেদৰে বৰষুণত তিতি থকাটো আমি কোনেও বিচৰা নাছিলো ।"
তেওঁ লগতে উল্লেখ কৰে যে, সেই সময়ত চৰকাৰী সহায়ৰ বাবে অপেক্ষা নকৰি নিজাববীয়াকৈ কিছু পদক্ষেপ লৈছিল । গৰিমা শইকীয়া গাৰ্গে কয়, "মোৰ হাতত সেই সময়ত অন্য উপায় নাছিল, সেয়েহে মই নিজেই কেইখনমান ত্ৰিপাল লৈ 'জুবিন ফেন ক্লাব'ৰ সদস্যসকলৰ সৈতে জুবিন ক্ষেত্ৰলৈ গৈছিলোঁ ।"
জুবিন ক্ষেত্ৰৰ লেহেমীয়া কামৰ প্ৰতি গৰিমা শইকীয়া গাৰ্গৰ ক্ষোভ
জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে, চৰকাৰে নিৰ্মাণৰ কথা কৈ আহিছে যদিও কামবোৰ অতি লেহেমীয়া গতিত চলিছে । বৰ্তমান কেৱল চৌহদৰ দেৱাল (ৱাল) নিৰ্মাণৰ কামহে আৰম্ভ হৈছে । তেওঁ কয়, “নিৰ্বাচনৰ ব্যস্ততাৰ বাবেই চৰকাৰে জুবিন ক্ষেত্ৰৰ কামত অৱহেলা কৰিছে । আমি কেৱল দেৱাল আৰু গেটখনৰ কামৰ কথাহে জানো, তাৰ বাহিৰে চৰকাৰে কি পৰিকল্পনা কৰিছে সেই বিষয়ে আমাক একো জনোৱা নাই ।”
শিল্পীগৰাকীৰ প্ৰতি থকা অনুৰাগীৰ আৱেগৰ কথা সোঁৱৰাই তেওঁ আৰু কয় যে জুবিন গাৰ্গে সমগ্ৰ জীৱনটো কেৱল ‘অসম অসম’ বুলিয়েই পাৰ কৰিলে । অসমৰ প্ৰতি তেওঁৰ যিমান অনুৰাগ আছিল, সেই অনুপাতে তেওঁ প্ৰাপ্য সন্মান আৰু ন্যায় পাব লাগে বুলি গৰিমা শইকীয়াই মন্তব্য কৰে । তেওঁ আক্ষেপ কৰি কয় যে এনে এগৰাকী মহান শিল্পীয়ে যি সন্মান পাব লাগিছিল, সেইখিনি এতিয়াও পোৱা নাই আৰু বৰ্তমান সকলো কাম স্থবিৰ হৈ পৰিছে ।
একেদৰে, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰ সহযোগী পাৰ্থ গোস্বামীয়েও জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা অৱহেলাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ।
লগতে পঢ়ক : বতাহ-বৰষুণৰ পৰা গ'ল্ডিক সুৰক্ষা দিবলৈ ত্ৰিপাল তৰিলে পত্নী গৰিমা গাৰ্গে

