‘জোন জ্বলি’ জুবিনৰ কণ্ঠৰে ‘ৰৈ ৰৈ বিনালে’ৰ তৃতীয়টো গীত
মুক্তি লাভ কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ৰ তৃতীয়টো গীত । মুক্তিৰ পাছতে শ্ৰোতাই আঁকোৱালি লৈছে ‘জোন জ্বলি’ শীৰ্ষক গীতটো ৷

By ETV Bharat Entertainment Team
Published : October 30, 2025 at 10:30 AM IST
গুৱাহাটী : শুকুৰবাৰে মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’। ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে জুবিন গাৰ্গৰ প্ৰতিগৰাকী অনুৰাগীয়ে । ইতিমধ্যে প্ৰায় এসপ্তাহলৈ ছবিখনৰ প্ৰতিটো দৰ্শনী হৈ পৰিছে হাউছফুল ।
ইফালে যুদ্ধকালীন প্ৰস্তুতিৰে চলি আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ কাম । শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ তৃতীয়টো গীত ‘জোন জ্বলি’ । গীতটিত কণ্ঠদান কৰাৰ লগতে গীতটিৰ কথা, সুৰ আৰু সংগীত জুবিন গাৰ্গৰ ।
ইয়াৰ পূর্বে মুক্তি লাভ কৰিছিল ছবিখনৰ আন দুটি গীত ‘মোৰ মন’ আৰু ‘সপোন সপোন’ । মুক্তি লাভ কৰাৰ পাছতে খুব কম সময়ৰ ভিতৰতে ৰাইজে গীত দুটিক যথেষ্ট সঁহাৰি প্ৰদান কৰা পৰিলক্ষিত হৈছে । ‘মোৰ মন’ শীৰ্ষক গীতটিৰ কথা, সুৰ আৰু সংগীত জুবিন গাৰ্গৰ । গীতটিত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে ছুইটী দাসে ।
আনহাতে ‘সপোন সপোন’ গীতটিৰো কথা, সুৰ আৰু সংগীত জুবিন গাৰ্গৰ । ‘সপোন সপোন’ গীতটিত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে মৰমী শৰ্মাই । ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ দিনা 'সপোন সপোন' শীর্ষক গীতটো জুবিনে ৰেকর্ডিং কৰিছিল । এইটো আছিল জুবিন গাৰ্গৰ শেষৰটো ৰেকডিং কৰা গীত ।
উল্লেখ্য যে, ৰৈ ৰৈ বিনালে ছবিখনত মুক্তি লাভ কৰা গীত তিনিটাৰ সৈতে মুঠ ১১ টা গীত আছে । এই সন্দৰ্ভত ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই জনোৱা অনুসৰি, “ছবিখনত টুকুৰা টুকুৰকৈ প্ৰায় ১১ টা গীত আছে যদিও মূল গীত ৫-৬ টা থাকিব । তিনিটা গীত মুক্তি দিয়া হ'ল যদিও বাকী থকা অন্য গীতসমূহ ছবিখনৰ সৈতে একেলগে মুক্তি দিয়া হ'ব । ছবিখনৰ দৈৰ্ঘ্য মুঠ দৈঘ্য ২ ঘণ্টা ২৬ মিনিট ।”
লগতে পঢ়ক : ইতিহাস সৃষ্টি কৰিব ৰৈ ৰৈ বিনালে ছবিয়ে, ৩১ অক্টোবৰত অসমীয়াই কান্দিব !

