ETV Bharat / entertainment

জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহ ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব: গৰিমা শইকীয়া গাৰ্গ

ঈশ্বৰপুত্ৰৰ সপোনৰ ঘৰটোতে অংকুৰিত হ'ব সৃষ্টিৰ আন এক বীজ । 'জুবিন গাৰ্গ ন্যাস'ৰ নামত খাৰঘূলিৰ বাসগৃহ ।

Kharghuli residence was dedicated in the name of 'Zubeen Garg Trust'
'জুবিন গাৰ্গ ন্যাস'ৰ নামত খাৰঘূলিৰ বাসগৃহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 9:44 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস' । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব । এই কথা শুকুৰবাৰে কাহিলিপাৰাস্থিত বাসগৃহত সংবাদমেলযোগে সদৰি কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে ।

জুবিন পত্নীয়ে সংবাদমেলখন সম্বোধন কৰি কয়, ‘‘সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল । তেওঁৰ এই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে জুবিন গাৰ্গৰ নামত এটি ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ । পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শৰে আমি এই নতুন পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ ।’’

গৰিমা শইকীয়া গাৰ্গৰ সংবাদমেল (ETV Bharat Assam)

এই ঘোষণা কৰি আবেগিক হৈ পৰা গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘এই ট্রাষ্টৰ যোগেদি জুবিন গাৰ্গৰ আদর্শেৰেই তেখেতৰ প্রিয় প্রকৃতি, মানুহ, সমাজ, সংস্কৃতি আৰু নতুন পুৰুষৰ বাবে আমি কাম কৰি যাম । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে আমি আমাৰ খাৰঘূলিৰ যিটো সম্পত্তি সেইটো এই উদ্দেশ্যৰ বাবে আগবঢ়াই দিব বিচাৰিছোঁ । আমাৰ আশা - জুবিন গাৰ্গৰ সপোনৰ ঘৰটোৰ পৰাই তেখেতৰ আদর্শ আৰু দর্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক ।’’

তেওঁ পুনৰ কয়, ‘‘জুবিন গার্গে কৰি যোৱাৰ দৰেই এই ট্রাষ্টে 'কলাগুক আর্টিষ্ট ফাউণ্ডেশ্যন'ৰ যোগেদি বিভিন্ন সামাজিক-সাংস্কৃতিক দিশত কাম কৰি যাব । শিল্পীগৰাকীয়ে তেখেতৰ ভগ্নীৰ নামত প্রতিষ্ঠা কৰি থৈ যোৱা 'অভিনয়া: জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্র'ৰ যোগেদি নতুন প্রজন্মৰ বাবে বিভিন্ন সাংস্কৃতিক পদক্ষেপ আমি গ্রহণ কৰি যাম । তাৰ লগতে, জুবিন গাৰ্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ বা intellectual property, সেইবোৰৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসম্মত ব্যৱস্থা গ্রহণ কৰা হ'ব ।’’

Kharghuli residence was dedicated in the name of 'Zubeen Garg Trust'
গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰ, মনোজ বৰঠাকুৰৰ সংবাদমেল (ETV Bharat Assam)

আন দিশ উত্থাপন কৰি তেওঁ উল্লেখ কৰে, ‘‘জুবিন গাৰ্গৰ জীৱন আৰু কর্ম, তেখেতৰ কৃতি-কৃতিত্ব আৰু সাংস্কৃতিক-সামাজিক অবদান সম্পর্কে বিদ্যায়তনিক আৰু প্ৰণালীবদ্ধভাৱে চর্চা কৰাৰ উদ্দেশ্যেৰে এটি বিশেষ গৱেষণা গোট বা dedicated research wing গঠন কৰা হ'ব, যিয়ে নিয়মীয়াকৈ শিল্পীগৰাকীক লৈ বৌদ্ধিক অন্বেষণ কৰি যাব ।’’

এই যাত্ৰাত কোন কোন আছে সেই সন্দৰ্ভত কয় এইদৰে, ‘‘জুবিন গাৰ্গৰ স্কুলীয়া জীৱনৰ কেইবাগৰাকীও বন্ধু-বান্ধৱ, যি নিজ নিজ ক্ষেত্রত বিশেষভাৱে প্রতিষ্ঠিত ৷ তেওঁলোকৰ লগতে ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, প্রশাসনিক তথা সংবাদ জগতৰ বহুকেইগৰাকী অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহযোগিতাৰে আমি এই পদক্ষেপ হাতত লৈছোঁ । জুবিন গার্গে তেওঁৰ সেনাবাহিনী বুলি অভিহিত কৰা 'জুবিন ফেন ক্লাব' এই পৰিকল্পনাৰ সহযাত্রী হৈছে ।’’

Kharghuli residence was dedicated in the name of 'Zubeen Garg Trust'
সংবাদমেলত আবেগিক গৰিমা শইকীয়া গাৰ্গ (ETV Bharat Assam)

গৰিমা গাৰ্গে লগতে কয়, ‘‘বহু দুখৰ বোজা লৈ, গধুৰ মন লৈ আগবাঢ়িছোঁ । কৰণীয় আৰু সহযোগিতাৰে ন্যায় প্ৰতিষ্ঠা হ'ব । ন্যায় প্ৰক্ৰিয়াত আমি সততাৰে কৰি গ’লে আমি বিচৰা ধৰণে প্ৰক্ৰিয়াটো সম্পন্ন হ'ব । 'মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামক মনত ৰাখিলে বেছি ভাল পাম' বুলি কৈছিল জুবিনে । জীৱনৰ ধুমুহাবোৰত অতি সাহসেৰে ঠিয় হৈছিল জুবিন ।’’

ৰৈ ৰৈ বিনালে আৰু চৰকাৰৰ পদক্ষেপক ধন্যবাদ জনাই তেওঁ কয়, ‘‘জুবিনৰ শেহতীয়া ছবিখনৰ ৰাজ্যিক কৰ ২ কোটি ৯০ লাখ কলাগুৰুলৈ হস্তান্তৰ কৰে ৰাজ্য চৰকাৰে । লগতে জুবিনৰ ন্যায় প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ বাবে আৰু ক্ষিপ্ৰ অগ্ৰগতিৰ বাবে চৰকাৰী অধিবক্তা নিয়োগ তথা বিশেষ আদালতৰ বাবে উচ্চ ন্যায়ালয়ক আবেদনৰ কৰিব বুলি নৱবৰ্ষৰ পহিলা দিনটোতে মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছে তাৰ বাবে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জনাইছোঁ ।’’

সংবাদমেলত জুবিনৰ ভগ্নী পামী বৰঠাকুৰো উপস্থিত থাকি জুবিন গাৰ্গৰ ট্ৰাষ্ট সন্দৰ্ভত মন্তব্য কৰে । উল্লেখ্য যে জুবিন গাৰ্গ ন্যাসখন পৰিচালনা কৰিব খুড়াক মনোজ বৰঠাকুৰে । পৰিচালনাত সহযোগ কৰিব গৌতম শৰ্মা আৰু পাৰ্থসাৰথি মহন্তই । ইয়াৰ উপৰি ন্যাসখনত কোন কোন থাকিব, সেয়া পৰৱৰ্তী সময়ত জনাব বুলি সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক: সত্ৰীয়া সংস্কৃতিৰ মাজত আপোন পাহৰা হ'ল ইজৰাইলৰ সুন্দৰী

ৰৈ ৰৈ বিনালেৰ পৰা লাভ কৰা কৰ জুবিনে প্ৰতিষ্ঠা কৰা কলাগুৰু ফাউণ্ডেশ্যনলৈ যাব : মুখ্যমন্ত্ৰী