ETV Bharat / entertainment

'ৰৈ ৰৈ বিনালে' চাই অনুৰাগীৰ বিননি; চকুলোৰে মালা গাঁথি প্ৰিয় শিল্পীক স্মৰণ

সেমেকা চকুৰে অনুৰাগীয়ে চাইছে জুবিন গাৰ্গৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে' । নগাঁৱত ছবিখন চাই আবেগিক দৰ্শক । অপেৰা ছবিগৃহত জুবিনৰ বাবে সংৰক্ষিত আসন ।

Roi Roi Binale
নগাঁৱত 'ৰৈ ৰৈ বিনালে' চাই অনুৰাগীৰ বিননি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 31, 2025 at 4:29 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও: বুকুত বিষাদ লৈয়েই সেমেকা চকুৰে অনুৰাগী আহিছে সকলোৰে প্রিয় শিল্পী জুবিন গাৰ্গৰ অন্তিমখন তথা সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' চাবলৈ । নগাঁও চহৰৰ পৰা ৭-৮ কিলোমিটাৰ নিলগৰ বৰঘাট বাইপাছত থকা অপেৰা ছবিগৃহতো পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা প্ৰথম দৰ্শনী চাই বিনালে জুবিন অনুৰাগীয়ে । চকুলো টুকি টুকি প্ৰথম দৰ্শনী চাই ওলাই আহে অনুৰাগী ।

ছবিখন উপভোগ কৰি প্ৰতিগৰাকী দৰ্শক আৱেগিক হৈ পৰে । ছবিগৃহৰ ভিতৰতে হিয়া ঢাকুৰি কান্দিলে অনুৰাগীয়ে । কণমানি কেঁচুৱা কোলাত লৈয়ো প্ৰথম দৰ্শনীত ৰৈ ৰৈ বিনালে চালে জুবিন অনুৰাগীয়ে । ছবিগৃহৰ ভিতৰত কেৱল দৰ্শকৰ বিননি ।

নগাঁৱত 'ৰৈ ৰৈ বিনালে' চাই অনুৰাগীৰ বিননি (ETV Bharat Assam)

আনহাতে, ছবিখন চাই সকলো আৱেগিক হৈ পৰে, ভাষাহীন হৈ পৰে । বিশিষ্ট ছবি নিৰ্মাতা পাৰ্থজিৎ বৰুৱাও ভাষাহীন হৈ পৰে । নগাঁও চহৰৰ একমাত্ৰ ছবিগৃহ দিব্যজ্যোতিত জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে চাবলৈ উপস্থিত হয় গোলাঘাটৰ এটা পৰিয়াল । নগাঁৱৰ আত্মীয়ৰ ঘৰলৈ আহি ৰৈ ৰৈ বিনালে ছবিখন চাবলৈ অনলাইনত টিকট বুকিং কৰাৰ সুযোগ লাভ কৰিছে পৰিয়ালটোৱে । সেমেকা দুচকুৰে ছবিখন চাবলৈ ছবিগৃহত প্ৰৱেশ কৰিয়েই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় সোনকালে লাগে বুলিও দাবী কৰে পৰিয়ালটোৱে ।

Roi Roi Binale
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৰ্শকৰ (ETV Bharat Assam)

নগাঁও চহৰৰ দিব্যজ্যোতি ছবিগৃহৰ সন্মুখত কৰ্তৃপক্ষই ব্যৱস্থা কৰিছে প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা । ছবিগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰতিগৰাকী দৰ্শকেই প্ৰথমে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰৈ ৰৈ বিনালে চাবলৈ প্ৰৱেশ কৰে প্ৰতিগৰাকী দৰ্শক ।

ছবিখন চাবলৈ দিব্যজ্যোতি ছবিগৃহত প্ৰৱেশ কৰা প্ৰতিগৰাকী দর্শকেও বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় ।

Roi Roi Binale
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দৰ্শকৰ (ETV Bharat Assam)

২৪০ খন আসনৰ ব্যৱস্থা থকা দিব্যজ্যোতি ছবিগৃহ কৰ্তৃপক্ষই প্ৰতিদিনে চাৰিটাকৈ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে । ছবিখন চাবলৈ অহা প্ৰতিগৰাকী দৰ্শকক দিব্যজ্যোতি ছবিগৃহ কৰ্তৃপক্ষই বিনম্ৰভাৱে জনালে এটাই অনুৰোধ । কোনো দৰ্শকে যাতে মোবাইলত ছবিখন কোনো কাৰণত ৰেকৰ্ডিং নকৰে তাৰ বাবে প্ৰতিগৰাকী দৰ্শকক অনুৰোধ জনালে ছবিগৃহ কৰ্তৃপক্ষই ।

Roi Roi Binale
নগাঁৱৰ ছবিগৃহত দৰ্শকৰ ভিৰ (ETV Bharat Assam)

প্ৰথমদিনাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন চাই কোনো এজন দৰ্শকে চকুলো নমচাকৈ ওলাব পৰা নাই ছবিগৃহৰ ভিতৰৰ পৰা । অশ্ৰুসিক্ত নয়নেৰে দৰ্শকে কয়, "বহুত দুখ লাগিছে । জুবিন গাৰ্গৰ অনুপস্থিতিত আমি ভাষাহীন হৈ পৰিছোঁ । ইমান সুন্দৰ এখন ছবি । মনত বহুত দুখ লাগিছে । চকুলো ৰাখিব পৰা নাই । তেওঁৰ জীৱনৰ লগত ইমান সুন্দৰকৈ সকলো মিলি গৈছে । বহুত আৱেগিক । আমি জুবিনৰ ন্যায় দাবী কৰিছোঁ । সোনকালে ন্যায় লাগে ।"

লগতে পঢ়ক :এনে দৃশ্য অসমত কোনেও কেতিয়াও দেখা নাছিল... পুৱতি নিশাৰে পৰা হিলদল ভাঙি ওলাই আহিল দৰ্শক
লগতে পঢ়ক :দুটা টিকট কাটিলে, কাষৰ আসনত বহুৱাই ল'লে প্ৰাণৰ শিল্পীক