ছিংগাপুৰত জুবিন গাৰ্গৰ দুৰ্ঘটনাবশতঃ মৃত্যু: জাহাজ পৰিচালকৰ দায়বদ্ধতাৰ ওপৰত চৰ্চা
ছিংগাপুৰ আদালতৰ ৰায়: জুবিন গাৰ্গৰ মৃত্যু এক আকস্মিক দুৰ্ঘটনা, কোনো ষড়যন্ত্ৰৰ প্ৰমাণ নাই ৷

By ETV Bharat Entertainment Team
Published : May 2, 2026 at 1:23 PM IST
হায়দৰাবাদ: ছিংগাপুৰত জুবিন গাৰ্গৰ সলিল সমাধিৰ ঘটনাই জাহাজ বা নাও চালকসকলৰ দায়িত্ব আৰু সুৰক্ষা বিধিৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে, য’ত বিশেষজ্ঞসকলে নিচাসক্ত যাত্ৰীক জাহাজত উঠাত বাধা দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছে । জাহাজৰ কেপ্টেইন বা পৰিচালকসকলে মেৰিটাইম এণ্ড প’ৰ্ট অথ'ৰিটি অফ ছিংগাপুৰৰ নিয়ম অনুসৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আইনগতভাৱে দায়বদ্ধ ।
ছিংগাপুৰৰ এখন আইন ফাৰ্মৰ পৰিচালন সঞ্চালক লী-ৰ মতে, এখন জাহাজ বা নাওৰ মালিকে এনে কোনো ব্যক্তিক জাহাজত উঠিবলৈ অনুমতি দিব নালাগে যিজন ব্যক্তি অত্যধিক মদ্যপান বা ড্ৰাগছ সেৱনৰ ফলত নিচাসক্ত হৈ আছে । বিশেষকৈ যদিহে তেনে ব্যক্তিৰ উপস্থিতিয়ে জাহাজখনৰ সুৰক্ষা অথবা জাহাজত থকা আন যাত্ৰী বা কৰ্মীসকলৰ জীৱন বিপদাপন্ন কৰাৰ সম্ভাৱনা থাকে । 'ষ্ট্ৰেইটছ টাইমছ'ত প্ৰকাশ পোৱা অনুসৰি লী-য়ে লগতে কয় যে, অসামৰিক দায়বদ্ধতাৰ (civil liability) ক্ষেত্ৰত এজন জাহাজৰ কেপ্টেইনক দোষী সাব্যস্ত কৰিব পাৰি । কাৰণ, সাধাৰণ অৱহেলাৰ নীতি অনুসৰি জাহাজত থকা অতিথি বা যাত্ৰীসকলৰ যতন লোৱা আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো কেপ্টেইনজনৰ প্ৰাথমিক দায়িত্ব ।
তুলনামূলকভাৱে ক’বলৈ গ’লে, বৰ্তমানৰ মদ্যপান কৰি গাড়ী চলোৱাৰ অনুমোদিত সীমা হৈছে প্ৰতি ১০০ মিলিলিটাৰ তেজত ৮০ মিলিগ্ৰাম সুৰা । জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এক আদালতৰ তদন্তত (coroner’s inquiry) জাহাজখনৰ কেপ্টেইনজনে সাক্ষ্য দিছিল যে জাহাজত উঠাৰ আগতেই তেওঁ কণ্ঠশিল্পীগৰাকী আৰু আন কেইবাজনকো মদ্যপান কৰি থকা দেখিছিল । দলটোৱে জাহাজখনলৈও সুৰা লৈ আহিছিল আৰু যাত্ৰাৰ সময়তো মদ্যপান কৰি আছিল । কেপ্টেইনজনৰ মতে, জাহাজত উঠাৰ সময়ত কণ্ঠশিল্পীগৰাকী ইমানেই থৰকবৰক হৈ আছিল যে বন্ধুসকলে তেওঁক হাতত ধৰি উঠাব লগা হৈছিল । আনকি জাহাজত থকা অৱস্থাতো তেওঁ খোজ কাঢ়িবলৈ অসুবিধা পাইছিল আৰু ইফালে-সিফালে যাবলৈ আনৰ সহায়ৰ প্ৰয়োজন হৈছিল ।
জুবিন গাৰ্গৰ এই ঘটনাটোৰ উদ্ধৃতি দি অধিবক্তা লী-য়ে কয় যে, পৰিস্থিতিটো অতি গুৰুতৰ আছিল, কাৰণ জাহাজৰ চালক বা কৰ্তৃপক্ষই জানিছিল যে যাত্ৰীজন অতিমাত্ৰা নিচাসক্ত হৈ আছে । তেওঁ লগতে কয় যে, যাত্ৰীসকলৰ বাবে দিয়া সুৰক্ষা নিৰ্দেশনাসমূহ (safety briefing) হয়তো কণ্ঠশিল্পীগৰাকীয়ে সেই সময়ত বুজি পোৱা নাছিল বা গ্ৰহণ কৰিব পৰা অৱস্থাত নাছিল ।
অধিবক্তা লী-য়ে মন্তব্য কৰে যে, এনে পৰিস্থিতিত কেৱল সাধাৰণ সুৰক্ষা নিৰ্দেশনা দিলেই দায়িত্ব শেষ নহয় । যদি কোনো ব্যক্তিৰ নিচা ইমান বেছি হয় যে তাৰ ফলত জাহাজ বা আন যাত্ৰীৰ সুৰক্ষা বিঘ্নিত হোৱাৰ সম্ভাৱনা থাকে, তেন্তে দায়িত্বত থকা ব্যক্তিয়ে তেওঁক জাহাজত উঠিবলৈ অনুমতি দিবই নালাগে । লী-ৰ মতে, জাহাজ কৰ্তৃপক্ষই বিশেষভাৱে এজন কৰ্মীক সেই ব্যক্তিজনক তদাৰক কৰিবলৈ নিয়োগ কৰিব পাৰিলেহেঁতেন অথবা তেওঁ বুজি পাব পৰা অৱস্থাত থকা সময়ত এজন-এজনকৈ সুৰক্ষাৰ নিয়মবোৰ বুজাই দিব পাৰিলেহেঁতেন । অৱশ্যে তেওঁ এয়াও উল্লেখ কৰে যে, যদি জাহাজৰ মালিক বা কৰ্তৃপক্ষই সকলো ধৰণৰ সাৱধানতা অবলম্বন কৰাৰ পিছতো কোনো যাত্ৰীয়ে নীতি-নিৰ্দেশনা উলংঘা কৰি বিপদজনক আচৰণ কৰে অথবা নিজেই পানীত নামে, তেন্তে তাৰ বাবে সেই যাত্ৰীজনো সমানেই দায়ী হ'ব ।
‘ক্লিফৰ্ড ল’ এলএলপি’ (Clifford Law LLP) ৰ ভানেছা সন্ধুৱে কয় যে, এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল— জাহাজৰ কেপ্টেইন বা পৰিচালকজন যাত্ৰীজনৰ সুৰক্ষাৰ বাবে দায়বদ্ধ আছিলনে ? আৰু যদি আছিল, তেন্তে সেই দায়িত্ব পালনত হোৱা গাফিলতিৰ বাবেই মৃত্যুৰ ঘটনাটো ঘটিল নেকি ? দৈনিক বাতৰি কাকতখনৰ আগত সন্ধুৱে কয়, “সাধাৰণতে এখন জাহাজৰ কেপ্টেইন আৰু পৰিচালক যাত্ৰীসকল জাহাজত থকা সময়ছোৱাত তেওঁলোকৰ সুৰক্ষাৰ বাবে দায়বদ্ধ । আনকি পানীত সাঁতোৰা বা আন জলক্ৰীড়াৰ সময়তো যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰাটো তেওঁলোকৰ কৰ্তব্য । ইয়াৰ ভিতৰত যাত্ৰীক সুৰক্ষা সঁজুলি যোগান ধৰা আৰু সঠিক নিৰ্দেশনা দিয়াটোও অন্তৰ্ভুক্ত ।”
অৱশ্যে তেওঁ লগতে কয়, “সুৰক্ষাৰ এই মানদণ্ডটো বস্তুনিষ্ঠ (objective); অৰ্থাৎ তেনে পৰিস্থিতিত এজন দায়িত্বশীল কেপ্টেইন বা পৰিচালকে যি কৰিলেহেঁতেন, তাৰ ওপৰতহে গুৰুত্ব দিয়া হয় । সকলো ধৰণৰ বিপদ বা দুৰ্ঘটনা প্ৰতিৰোধ কৰাটো তেওঁলোকৰ বাবে সদায় এক বাধ্যতামূলক বা চৰম দায়িত্ব নহ’বও পাৰে ।”
তদন্তৰ সময়ত জাহাজখনৰ চালকসকলে জনাই যে কণ্ঠশিল্পীগৰাকীক কোনোৱে জোৰ কৰি মদ্যপান কৰোৱা নাছিল বা পানীত নামিবলৈ বাধ্য কৰা নাছিল । আনকি পানীত নামিবলৈ যোৱাৰ আগতে তেওঁক আৰু তেওঁৰ সহযোগীসকলক 'লাইফ জেকেট' পিন্ধাটো যে অপৰিহাৰ্য, সেই বিষয়ে অৱগত কৰা হৈছিল । দ্বীপটোৰ ওচৰ পোৱাৰ পিছত, জুবিন গাৰ্গে প্ৰথমতে লাইফ জেকেট পিন্ধি জাহাজৰ পৰা সাগৰত জপিয়াইছিল । কিন্তু পানীত থকা অৱস্থাত তেওঁ জেকেটটো খুলি পেলাইছিল কাৰণ তেওঁৰ মতে সেইটো জোখতকৈ ডাঙৰ আছিল । যেতিয়া তেওঁ পুনৰ জাহাজখনলৈ উভতি আহিছিল, তেতিয়া তেওঁক সহায়ৰ প্ৰয়োজন হৈছিল কাৰণ তেওঁ যথেষ্ট জোৰেৰে উশাহ লৈ আছিল । ইয়াৰ পিছত শিল্পীগৰাকী আকৌ পানীত নামিছিল, কিন্তু এইবাৰ তেওঁক এটা সৰু জোখৰ লাইফ জেকেট দিয়া হৈছিল তেওঁ সেয়া ল’বলৈ অস্বীকাৰ কৰে আৰু কোনো সুৰক্ষা নোহোৱাকৈয়ে সাঁতুৰি থাকে । অধিবক্তা সন্ধুৱে উল্লেখ কৰে যে, কেৱল এজন যাত্ৰী সুৰাসক্ত হোৱাৰ বাবেই জাহাজৰ মালিক বা পৰিচালকক স্বয়ংক্ৰিয়ভাৱে জগৰীয়া কৰিব নোৱাৰি ।
অধিবক্তাগৰাকীয়ে যুক্তি দিয়ে যে, আইনী দায়বদ্ধতা নিৰ্ভৰ কৰে পৰিস্থিতি অনুযায়ী ল’বলগীয়া প্ৰয়োজনীয় সাৱধানতাসমূহ লোৱা হৈছিল নে নাই তাৰ ওপৰত । এইক্ষেত্ৰত প্ৰতিটো ঘটনাই সুকীয়া হ'ব পাৰে । উদাহৰণস্বৰূপে, সুৰাখিনি জাহাজ কৰ্তৃপক্ষই যোগান ধৰিছিল নে নাই, সেইটোও এক গুৰুত্বপূৰ্ণ দিশ হ'ব পাৰে । সন্ধুৱে কয় যে, যদি এজন যাত্ৰী সুৰাসক্ত হৈ আছে আৰু সেই কথা কেপ্টেইন বা কৰ্মীসকলে জানে, তেন্তে বিপদ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায় । এনে অৱস্থাত জাহাজ কৰ্তৃপক্ষৰ দায়িত্ব অধিক বৃদ্ধি পাই আৰু তেওঁলোকে যাত্ৰীজনৰ সুৰক্ষাত অধিক হস্তক্ষেপ কৰাৰ প্ৰয়োজন হ’ব পাৰে । কিছুমান বিশেষ পৰিস্থিতিত এজন দায়িত্বশীল জাহাজ চালকে পানীত কৰা কাম-কাজবোৰ পলমকৈ আৰম্ভ কৰিব পাৰে ।
অধিবক্তা সন্ধুৱে উল্লেখ কৰে যে বাতৰি অনুসৰি যিহেতু যাত্ৰীসকলক সুৰক্ষা সম্পৰ্কীয় নিৰ্দেশনা (safety briefing) দিয়া হৈছিল, সেয়েহে জাহাজ পৰিচালকে নিজৰ কৰ্তব্যত গাফিলতি কৰা বুলি প্ৰমাণ কৰাটো কঠিন হ’ব পাৰে । এই দিশটোৱে জাহাজ কৰ্তৃপক্ষৰ পক্ষতহে যুক্তি দাঙি ধৰিব । ২৫ মাৰ্চত অনুষ্ঠিত হোৱা আদালতৰ তদন্তত (coroner’s inquiry) জুবিন গাৰ্গৰ মৃত্যুক এক 'আকস্মিক দুৰ্ঘটনামূলক মৃত্যু' (accidental drowning) বুলি ৰায় দিয়া হয় । ১ এপ্ৰিলত আৰক্ষীয়ে এক বিবৃতিযোগে জনাই যে এই মৃত্যুৰ তদন্ত সমাপ্ত কৰা হৈছে আৰু ইয়াত কোনো ধৰণৰ ষড়যন্ত্ৰ বা অস্বাভাৱিক কাৰণ (no evidence of foul play) বিচাৰি পোৱা নগ’ল ।
লগতে পঢ়ক : চেষ্টা ব্যৰ্থ হ'ল, কাৰাগাৰেই ঠিকনা: শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ

