ETV Bharat / entertainment

গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত বাতিল মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান

দ্বীপান্বিতা ডেকা আৰু জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত আয়োজক কমিটীৰ ৷

Marmita Mitra
বিহু আয়োজক কমিটীৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 9:59 PM IST

2 Min Read
Choose ETV Bharat

গোলাঘাট: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃতকৰণ ৷ বংগ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই বিহুমঞ্চত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ পিছত শিল্পীগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে অসমৰ প্ৰতিজন জুবিন অনুৰাগীয়ে । ইয়াৰ ব্যতিক্ৰম নহয় গোলাঘাট ।

জিলাখনৰ জুবিন অনুৰাগীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাক লৈ ক্ষোভিত হৈ পৰিছে । অকল ইমানেই নহয়, গোলাঘাট সমন্বয় ক্ষেত্ৰত ২৮, ২৯ আৰু ৩০ এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ৩০ এপ্ৰিলৰ নিশা গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল শিল্পী মৰ্মিতা মিত্ৰক । কিন্তু শেহতীয়াকৈ জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ বাবে শিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় বিহু উদযাপন সমিতিয়ে ।

মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান বাতিল (ETV Bharat Assam)

এই সম্পৰ্কে শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি উদযাপন সমিতিৰ সভাপতি ড৹ দেৱজিৎ ফুকনে কয়, ‘‘২৮,২৯ আৰু ৩০ এপ্ৰিল তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ'ব । প্ৰথম সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে । শেষৰ দিনা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উক্ত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ শিল্পী মৰ্মিতা মিত্ৰৰ সৈতে বুজাপৰা চুক্তি সম্পাদন কৰিছিল । কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ সকলোৰে বুকুৰ আপোন জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ বাবে আজি কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আগন্তুক ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী মৰ্মিতা মিত্ৰক বাতিল কৰিছোঁ আৰু তাৰ পৰিৱৰ্তে দ্বীপান্বিতা ডেকা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । আচলতে গোলাঘাটৰ কিছুসংখ্যক যুৱক-যুৱতী মৰ্মিতা মিত্ৰৰ সংগীত অনুষ্ঠান উপভোগ কৰিব বিচাৰিছিল আৰু তেওঁলোকৰ আবেগৰ প্ৰতি সন্মান জনাই মৰ্মিতা মিত্ৰক নিমন্ত্ৰণ কৰিছিলো ৷ কিন্তু শেহতীয়া জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিবেশন কৰাৰ বাবে আমি অসন্তুষ্ট হৈছোঁ আৰু সেই বাবেই তেখেতৰ অনুষ্ঠান বাতিল কৰিছোঁ ।’’

লগতে পঢ়ক: জুবিনৰ গীতক বিকৃত কৰাৰ মৰসাহ নকৰিবলৈ মৰ্মিতা মিত্রক আছুৰ সকীয়নি